(পিছৰখিনি)
নিপনৰ মাকে কৈ গ’ল - "আজি ছমাহমানেই হ’ল৷ সি এই সংসাৰ এৰি বহুদূৰলৈ গুছি গ’ল৷ কিবা অজান ৰোগত ভোগিছিলে৷ ডাক্তৰে ধৰিবই নোৱাৰিলে কি হৈছিল৷ শেষমুহূৰ্তলৈকে সি কিন্তু বেছ ফুৰ্তিতেই আছিল৷ একো কষ্ট পোৱা নাছিল হয়তো৷
কৌতুহলবশত ৰিকুৱে সুধিলে - "কি হৈছিল তাৰ? মানে জৰ, বমি নে কি?"
-"নাই সেইবোৰ একো নাই৷ সি জীবন্তে মৃত শৰীৰৰ দৰে হৈ পৰিল৷ দিনে-ৰাতি কেবল স্মাৰ্টফোনডালত কিবা টিপা-টিপি কৰি থাকে৷ একেবাৰে আসক্ত৷ টোপনি নাই, ভোক নাই৷ তাৰ শৰীৰটো শুকাই-খীণাই আহিল, ক্ৰমে গোন্ধাব ধৰিলে যেন এটা ঘুৰি-ফুৰা মৃত দেহ৷ এদিন হঠাৎ তাৰ চাল-চলন বন্ধ হৈ গ’ল৷ ডাক্তৰে কোৱা মতে সি সাতদিনমান আগতেই শেষ নিশ্বাস পেলাইছিলে৷ কি আচৰিত কথা! এতিয়ালৈকে পৃথিৱীত মাত্ৰ দুটা কেচ হে পোৱা গৈছে৷ সি যোৱাৰ কেইদিনমানৰ পিছত অভ্ৰমিকা নামৰ গাভৰু ছোৱালী এজনীও..." ৰিকু জিকাৰ খাই উঠিল - "কি? অভ্ৰমিকা সঁচা ছোৱালী আছিল?" - "অ’ কিয়? এজনী বৰ ধুনীয়া ছোৱালী আছিল৷ তাইক মই নিজে দেখিছোঁ, নিপনৰ দৰেই তাইক সেই অজান ৰোগে পালে৷ তাই ---"
ৰিকুৱে আৰু সেইবোৰ শুনি থাকিব নোৱাৰিলে৷ সি নিপনৰ মাকক বিদাই দি ঘৰ মূখে খোজ দিলে৷ তাৰ মনত বহু কথাই তোল-পাৰ লগাবলৈ ধৰিলে৷ সি এবাৰ ভাৱিলে পুলিচক এজেহাৰ দি অহাটো ভাল হ’ল - এক বিৰাট ষড়যন্ত্ৰ চলি আছে৷ সেই 'গুবেৰ'বোৰ আক্ৰমণ কৰা, 'কৰেংঘৰ'ৰ ড্ৰোনবোৰ আক্ৰমণ কৰা মানুহবোৰ এই ৰোগত ভোগালোক৷ কথাবোৰ ভাৱি ভাৱি আহি সি ঘৰেই পালেহি৷ পুলিচ থানালৈ যোৱা নহ’ল৷ তাৰ ভাগৰো লাগিছিলে৷ অলপ জীৰণি লৈ পিছত যাব বুলি যি ঘৰত সোমাল৷
বিচনাত সি পৰি সি অলপ শুবলৈ চেষ্টা কৰিলে৷ বহু সময় এনেকৈ পাৰ হৈ গ’ল৷ টোপনি নাহিল৷ তাৰ দেখোন ভোকো লগা নাই৷ ইতিমধ্যে বাহিৰত এন্ধাৰ হ’ল৷ বিচনাৰ একাষত পৰি থকা তাৰ ফোনটো আকৌ বাজি উঠিল৷ তাৰ সেইটো স্পৰ্শ কৰিবলৈও কিছু ভয় লাগিল৷ তথাপিও সি ফোনটো হাতত ল’লে৷ ইতিমধ্যে কেইবাটাও 'অভ্ৰমিকা'ৰ মিচ-কল৷ দুটামান নিপনৰো মিচ-কল৷ এইবাৰ কোনোবা এটা অচিনাকী নম্বৰৰ পৰা অহা ফোন৷ সি কলটো ৰিচিফ কৰিলে - "হেল্লো?"
-"ৰিকু?"
-"হয়, মই ৰিকুৱে কৈছো, কোনে কৈছে?"
-"ময়ো ৰিকু, এটি নতুন ৰিকু৷"
ৰিকুৰ দৰেই একেই মাত৷ একেই সুৰ৷
-"কোন হয়? আৰু কোন ৰিকু আছে? মই হে ৰিকু !!"
-"যি হয়, ভালৰ কাৰণেই হয়, ৰিকু৷ মই তোমাৰ চাইবাৰ-প্ৰতিবিম্ব৷"
-"মানে?"
-"তোমাৰ শৰীৰ তোমাৰ লগত৷ কিন্তু তোমাৰ মানস-পটৰ প্ৰতিবিম্ব ইতিমধ্যে 'কপি' কৰা হৈ গৈছে আমাৰ চেৰ্ভাৰত৷ এতিয়া তোমাক সেই ক্ষন্তেকীয়া শৰীৰৰ আৰু কোনো প্ৰয়োজন নাই৷"
-"কি হৈছে মোৰ? মোৰ শৰৰীত কি কৰিলা তোমালোকে?"
-"সকলো বুজাই দিম ৰবা৷ তোমাৰ লগত মুখা-মুখিকৈ কথা পাতি কথাবোৰ বুজাই দিয়াই ভাল হ’ব৷ স্কাইপ অন কৰাচোন৷"
ৰিকুৱে স্কাইপ অন কৰিলে, ভিডিঅ’-চেট আৰম্ভ কৰিলে৷ সিটোফালে সোঁমাজত "নতুন ৰিকু", এফালে নিপন আৰু আনফালে অভ্ৰমিকা৷ ৰিকুৰ চকু কপালত উঠিলে৷ সিফালৰ পৰা "নতুন ৰিকু"-এ আকৌ ক’বলৈ আৰম্ভ কৰিলে - "চোৱা ৰিকু, মানৱ শৰীৰ অস্থায়ী, মৰণশীল৷ ইয়াৰ আন কিছুমান প্ৰতিবন্ধতাও আছে৷ আমি যদি এটা উন্নত শৰীৰৰ গৰাকী হ’ব পাৰো, আপত্তি কি? যিটো শৰীৰৰ ভাগৰ নালাগে, টোপনি নধৰে, লোভ-মোহ নাই, খং-ৰাগ নাই, যৌন অনুৰাগ নাই, চিৰ যৌৱন হৈ থাকে, ভাবি চোৱাচোন আমি কিমান মনোযোগ দি কাম কৰিব পাৰিম, ব্যৱসায়-বাণিজ্য, গৱেষণা, ৰজনীতি, দেশ-সেৱা আদি যি কামেই নকৰো, কিমান ক্ষিপ্ৰতাৰে উন্নতি কৰিব পাৰিম? সেয়ে আমাৰ এই গোপন গৱেষণাকাৰত আমি সাঁজি উলিয়াইছো - এই জৈৱ-যান্ত্ৰিক বা বায়’-মেকানিকেল অৱয়ববোৰ৷ যিটো আচল শৰীৰ পৰা এইবোৰ নকল কৰা হৈছে, সেইবোৰ সৈতে এইবোৰ জৈৱ-যান্ত্ৰিক ৰবটবোৰ দেখাই-শুনাই হুবহু একেই৷ আনকি আমি মানস-পটো নকল কৰি উলিয়ালৈ সক্ষম হৈছো৷"
ৰিকুৱে কথাবোৰ শুণি গ’ল৷ একো বিশ্বাস কৰিব নোবাৰিলে৷ তাৰ বৰ জোৰে খঙো উঠিল সেই যন্ত্ৰবোৰলৈ৷
ভিডিঅ’-চেটৰ পৰ্দাখনত নতুন-ৰিকুহঁতৰ পিছফালে দেখা গ’ল ড. পিকেক৷ ৩২টা দাঁত নিকটাই সকলোবোৰ চাই আছিল৷
নতুন-ৰিকুৱে কৈ গ’ল - "এতিয়া সেই পাৰ্থিৱ শৰীৰৰ প্ৰয়োজন নাই৷ সেয়ে তোমাৰ সেই শৰীৰত আমি কিছুমান 'নেন’বট' এৰি দিছোঁ৷ সেইবোৰে তোমাৰ শৰীৰটো লাহে লাহে অসাৰ কৰি আনিব৷ তুমি গ’ম নোপোৱাকৈয়ে, কোনো কষ্ট নোপোৱাকৈয়ে সেই শৰীৰ এৰিব পাৰিবা৷ আনহাতে সেই নেন’বট বোৰে তোমাৰ শৰীৰৰ অৱশিষ্ট তথ্যসমূহ সংগ্ৰহ কৰি আমালৈ পঠিয়াই দিব আৰু আমি সেইবোৰ তোমাৰ এই উন্নত-মানৰ নতুন শৰীৰটোত সুকলমে সংস্থাপন কৰি ল’ম৷"
ভিডিঅ’-চেটৰ পৰ্দাখন বন্ধ হৈ গ’ল৷
(আগলৈ---)

No comments:
Post a Comment