Wednesday, July 4, 2018

ইউনিকোড আৰু আমাৰ কৰণীয়

[ এই প্ৰবন্ধ "নিয়মীয়া বাৰ্তা"ৰ ০৩-জুলাই-২০১৮ আৰু ০৪-জুলাই-২০১৮-ত প্ৰকাশ পায়৷ স্কেন কপি ইয়াত পাব৷ প্ৰকাশৰ পিছত আন কিছু তথ্য পোৱা গ’ল আৰু তাৰ ভিত্তিত এই ব্লগত সংযোজিত/সংশোধিত কৰা হৈছে৷ এই প্ৰবন্ধটিত শ্ৰীপংকজ জ্যোতি মহন্ত, শ্ৰী দিপাংকৰ চেতিয়া, শ্ৰী গুণদ্বীপ চেতিয়া, শ্ৰী সত্যকাম দত্ত আৰু মৃণাল গোস্বামীৰ লিখনি / ফেচবুক পোষ্টৰ বহু অংশ লোৱা হৈছে। তেওঁলোকৰ সেই অংশবোৰ মই মোৰ নিজৰ বুলি কেতিয়াও দাবী কৰা নাই বা নকৰো। এই প্ৰবন্ধটোৰ বিভিন্ন অংশত প্ৰয়োজন আছে বুলি গণ্য কৰি বৃহত্বৰ স্বাৰ্থত মই সেইবোৰ একগোট কৰি compile হে কৰিছোঁ‌। শেষাংত লিঙ্কসমূহ পাব]
         ১৮জুনৰ পৰা ২২জুনলৈকৈ অনুস্থিত আন্তৰ্জাতিক মানক সন্থা (International Standardization Organization - ISO)-ৰ বৈথকত অসমৰ দুজনমান ব্যক্তিয়ে প্ৰতিনিধিত্ব কৰিছিলে৷  বৈথকত ভাগ লোৱা ড° শিখৰ শৰ্মা ডাঙৰীয়াৰ মতে ISO ই ভাৰত চৰকাৰক তিনিটা পৰামৰ্শ দিছে।
১) ইউনিক’ডৰ “BengaliCode Chart বা Range ৰ নামত (title) “Assamese” শব্দটো অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰস্তাৱ দিয়া। (অৱশ্যে, কেনেকৈ অন্তৰ্ভুক্ত কৰিব সেইটো কোৱা নাই। যেনে Bengali-Assamese থাকিবনে, Bengali(Bangla)-Assamese বা Bengali/Assamese বা Assamese-Bengali বা আন কিবা ধৰণে থাকিব সেই বিষয়ে তেওঁলোকে তেখেতক একো কোৱা নাই বুলি কৈছে)৷
২) আখৰ আৰু চিহ্নবিলাকৰ নাম Bengali ৰ লগতে Assamese টোও অন্তৰ্ভুক্ত কৰিব। খুব সম্ভৱ এনেদৰে:
09B6 BENGALI LETTER SHA= ASSAMESE LETTER TAALABYA XA (অৱশ্যে গোটেইখিনি capital letter ত থাকিবনে নাই সেইটো কোৱা নাই)
৩) এতিয়ালৈকে Code Chart ত নথকা নতুন কিবা আখৰ বা চিহ্ন থাকিলে অন্তৰ্ভুক্তিৰ বাবে প্ৰস্তাৱ দিয়া৷ সেইটো নতুন কথা নহয়। যিকোনো ক'ড চাৰ্টৰ ক্ষেত্ৰত সংৰক্ষিত স্থান কিছুমান থাকে। আপুনি বা মইও তাত নতুন আখৰ বা চিহ্নৰ অন্তৰ্ভুক্তিৰ বাবে প্ৰস্তাৱ দিব পাৰোঁ। ইউনিকডে বহুত পৰীক্ষা নিৰিক্ষা কৰি গ্ৰহণ কৰে বা অগ্ৰাহ্য কৰে। অৱশ্যে চৰকাৰে পঠিয়ালে অলপ গুৰুত্ত্ব পাব৷
       কিন্ত (১) নংটো অৰ্থাৎ নামটো ২০১৫ চন মানতেই Unicode Consortium-ৰ ৱেবচাইটৰ বেটুপাতৰ  হাইপাৰ লিংকটোত সলনি কৰা হৈছিল, যদিও ভিতৰৰ / আচল Code Chart-ত এতিয়াও ই সলনি হোৱা নাই৷  এই (১) আৰু (২) নম্বৰৰ পৰামৰ্শকেইটা মানি ভাৰত চৰকাৰে যদি প্ৰস্তাৱ দিয়ে আৰু সেই প্ৰস্তাৱ যদি ইউনিক’ড সংঘই কাৰ্যকৰী কৰে তেন্তে ইউনিক’ডত অসমীয়া লিপিৰ উল্লেখ নাই এই অভিযোগটো কিছু পৰিমাণে আঁতৰ হ’ব। অৱশ্যে বহুতে কৈ থকা অসমীয়া লিপিৰ “স্বতন্ত্ৰতা” বা “স্বাভিমান” ৰক্ষা হ’বনে নাই সেই বিষয়ে ক’ব নোৱাৰিম। ব্যক্তিগতভাৱে ইমানখিনি হ’লেই সুখী হ’ম। 

       ভাৰত চৰকাৰৰ পৰা যেতিয়া Unicode Consortiumলৈ ভাৰতীয় ভাষাসমূহ লিখা "লিপি"সমূহ পঠিওৱা হৈছিল তেতিয়া আমাৰ এই লিপিটোৰ নাম লিখি পঠোৱা হৈছিল "বাংলা লিপি" বুলি, আৰু সেই সময়ত অসমীয়া মানুহখিনিয়ে সেই কথাৰ ভূ কে পোৱা নাছিলো। আৰু এইক্ষেত্ৰত লিপিটোৰ বৰ্ণনাত লিখা হৈছিল বাংলা লিপি বাংলা ভাষাৰ উপৰিও সামান্য সালসলনিৰে অসমীয়া, বিষ্ণুপ্ৰিয়া মণিপুৰি আদি আন ভাষাটো ব্যৱহাৰ কৰা হয়। ভাৰত চৰকাৰৰ ভুল তথ্যৰ বাবেই হওক বা আন কাৰোবাৰ বাবেই হওক ইউনিক’ডে অকল "Bengali" বুলি এই কোড ৰেঞ্জৰ নামটো ৰাখি এটা ঐতিহাসিক ভুল কৰিলে। "Bengali" ৰ লগতে "Assamese" শব্দটো সমান গুৰুত্ত্ব সহকাৰে আৰম্ভনিৰেপৰা ৰখা হ’লে আজি এই বিতৰ্ক চাগৈ নহ’লহেঁতেন।


       আনহাতে, বাতৰিত এইটোও প্ৰকাশ পাইছে যে তেওঁলোকে এই  বৈঠকত ইউনিকোডত পৃথক "অসমীয়া লিপি"ৰ স্বতন্ত্ৰ Code Chart বা Range ও দাবী কৰিছিল৷ কিন্তু আন্তৰ্জাতিক মানক সন্থাৰ প্ৰতিনিধিসকলৰ এই দাবী মানি লোৱা নাই৷ ময়ো এই কথাটো মানিবলৈ অসুবিধা পাইছো৷

       ২০০৬ চনৰ পৰাই ইউনিকোডৰ জড়িয়তেই সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ অসমীয়াভাষীলৈ xobdo.org-ই সেৱা আগবঢ়াই আহিছে৷ এই অনলাইন অসমীয়া-ইংৰাজী অভিধানখনৰ জন্মলগ্নৰ পৰা কাৰিকৰী কাম-কাজত ওতঃপ্ৰোতঃ ভাৱে হাতে-কামে লাগি থকা এজন ব্যক্তি হিচাপে যি সামান্যতম জ্ঞান আছে, তাৰ ভিত্তিত কথাবোৰ বুজিবলৈ চেষ্টা কৰিলোঁ৷
       অসমীয়া ভাষা” ইতিমধ্যেই সকলোতে স্বীকৃত৷ অসমীয়া আৰু বাংলা -  দুটা স্বতন্ত্ৰ "ভাষা" (Language)৷ ইয়াত কাৰো দ্বিমত নাই৷ আমাৰো নিশ্চয় নাই, ISO বা UNICODEৰো নাই৷ আমি ওপৰত “লিপি”ৰ কথাহে কৈছোঁ৷ "লিপি"(Script) বা "বৰ্ণমালা" (Alphabet)-ৰ সংজ্ঞা হ’ল কোনো "ভাষা"ত লিখিত ৰূপত ভাৱ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা কেতবোৰ "আখৰ"(Letter) আৰু "চিহ্ন" (Symbol) ৰ সমষ্টি৷
       "ভাষা" আৰু "লিপি"-ৰ পাৰ্থক্যটো সুস্পষ্ট হোৱাটো এই মুহূৰ্তত অতি প্ৰয়োজন৷ কাৰণ বহুতে কথাবোৰ সাল-মিহলি কৰি কৈ থকা দেখা যায়৷ তলৰ উদাহৰণেৰে ইয়াক স্পষ্ট কৰিবলৈ যত্ন কৰা হ’ল৷
  • moi bhat khau - এইটো "ৰোমান লিপি"ত লিখা "অসমীয়া ভাষা"ৰ বাক্য৷ আনহাতে
  • আই ইট ৰাইচ্‌ -  এইটো "অসমীয়া লিপি"ত লিখা "ইংৰাজী ভাষা"ৰ বাক্য৷
  • I eat rice. এইটো "ৰোমান লিপি"ত লিখা "ইংৰাজী ভাষা"ৰ বাক্য
  • মই ভাত খাওঁ৷ এইটো "অসমীয়া লিপি"ত লিখা "অসমীয়া ভাষা"ৰ বাক্য৷
       "অসমীয়া" আৰু "বাংলা" - এই দুই শব্দৰ লগত “লিপি” আৰু “ভাষা”ৰ বাহিৰেও জড়িত হৈ আছে আন এটা ধাৰণা৷ "জাতি" (Nation/Tribe/Race)-ৰ নামো৷ "অসমীয়া কোন?" বুলি সুধিলে এই জাতিৰ কথাহে সুধা হয়৷ অসমীয়া গামোছা, বিহু, মেখেলা-চাদৰ আদিৰ লগতে অসমীয়া "ভাষা"ও এই জাতিৰ চিনাকি৷

       আজিৰ দিনত বাতৰি-কাকত, বৈদ্যুতিন মাধ্যম আদিত হৈ থকা আলোচনা, তৰ্ক, বাতৰি উপস্থাপন; তথা বিভিন্ন সামাজিক-মাধ্যমসমূহৰ ভিন ভিন জনৰ মতামতত "লিপি", "ভাষা", "জাতি" এই তিনি সতন্ত্ৰ বিষয়বস্তুৰ সান-মিহলি হোৱা পৰিলক্ষিত হৈছে৷ সকলোৰে মাজত যেন এক সাংঘাটিক বিভ্ৰান্তি৷

এইখিনিতে আৰু কেইটামান সংজ্ঞা স্পষ্ট কৰি থোৱা ভাল হ’ব৷
  • "বৰ্ণ" (Character) : একোটা ক্ষুদ্ৰতম চিহ্ন, যাক আৰু ভাঙি সৰু কৰিব নোৱাৰি৷ এটা "আখৰ" নিজেই এটা বৰ্ণ হ’ব পাৰে বা একাধিক বৰ্ণৰ সমষ্টি হ’ব পাৰে৷ যেনে - যুক্তাক্ষৰসমূহ৷ '', '' আদি বৰ্ণ, কিন্তু (শ+উ =) 'শু' এটা আখৰ৷
  • ইউনিকোড (UNICODE) : পৃথিৱীৰ প্ৰায় সকলো লিখন পদ্ধতিৰ বেমেজালি নলগাকৈ উপস্থাপন কৰিবলৈ ব্যৱহাৰ হোৱা কম্পিউটাৰ উদ্যোগৰ এক মানক সংকেতকৰণ ব্যৱস্থা (standardized encoding system)৷ ইয়াক Unicode Consortiumএ নিয়ন্ত্ৰণ কৰে৷ ইয়াত বৰ্তমান ১৪৬টা আধুনিক আৰু পুৰণি “লিপি”ৰ ১৩৭,৪৩৯ টা বৰ্ণ সন্নিবিষ্ট কৰা হৈছে৷
  • ইউনিকোড ৰেঞ্জ (UNICODE Range/Code Chart): নিয়াৰিকৈ ৰাখিবলৈ এক ধৰণৰ “বৰ্ণ”ৰ সমষ্টি বা “লিপি”ক সংকেতৰণৰ বাবে এক গোট সংকতৰ সমষ্টি (group of codes) নিৰ্ধাৰণ কৰি দিয়া হয়৷ ইয়াকে “ইউনিকোড ৰেঞ্জ” বোলে৷
  • "ফণ্ট" (Font): কোনো "আখৰ"ৰ চক্ষুক আকাৰ-প্ৰকাৰ আদি৷ ই যুক্তাক্ষৰসমূহৰ চক্ষুক আকাৰ-প্ৰকাৰ নিৰ্ণয় কৰে৷
      এতিয়া মূল কথালৈ আহো৷ "বাংলা লিপি" আৰু "অসমীয়া লিপি" বুলি দুটা পৃথক “লিপি” বা “বৰ্ণমালা” আছে বুলি মানি ল’বলৈ অসুবিধা হয়৷  বঙালী বিন্দু থকা '', অসমীয়া পেট কটা '', অসমীয়া '' - এনে দুটা আখৰৰ বাহিৰে বাকী তথাকথিত দুই  বৰ্ণমালাত পাৰ্থক্য নাই৷ 'ক্ষ' আখৰটো অসমীয়াত সতন্ত্ৰ আখৰ বুলি গণ্য কৰা হয়, বাংলাত ক+ষ ৰ যুকাক্ষৰ বুলি ধৰা হয়৷ এনে কিছুমান সৰু-সুৰা পাৰ্থক্যৰ বাহিৰে এই দুই ভাষাত ব্যৱহৃত "বৰ্ণমালা"ৰ চক্ষুক পাৰ্থক্য নাই৷ ভাষা অনুসৰি আখৰবোৰৰ উচ্চাৰণৰ পাৰ্থক্য থাকিব পাৰে, কিন্তু লিখিত ৰূপত ৯৮%-ৰ কোনো পাৰ্থক্য নাই৷ এই লিপিৰে অসমীয়া আৰু বাংলাৰ বাহিৰেও,  সংস্কৃত, বিষ্ণুপ্ৰিয়া মণিপুৰি, চিলেটি, মৈঠিলি, চাকমা, হাজং, মিছিং, বড়ো, কৰ্বি, খাছী, মেইতেই, কক-বৰক, লুছাই, ডিমাছা, গাড়ো, টাই-আহোম আদি বহুতো ভাষা কম বেছি পৰিমাণে লিখা হৈছিল বা এতিয়াও লিখা হয়৷ বৰ্তমান অৱশ্যে এই ভাষাসমূহৰ বহুকেইটা লেটিন, দেৱনগৰী বা নিজা লিপিৰে লিখা হয়৷  এই গোটেই অঞ্চলটোৰ বিভিন্ন স্থানত এই বৰ্ণমালাৰ ক্ৰমবিকাশৰ বিভিন্ন স্তৰৰ শিলালিপি, মুদ্ৰা, সাঁচিপাতৰ পুথি আদি উদ্ধাৰ হৈছে৷ মুঠতে ই বৰ্তমান নেপালৰ পৰা আৰম্ভ কৰি, বিহাৰ, পূব-পশ্চিম দুয়ো বংগ, অসমক সামৰি লৈ মণিপুৰ, মিজুৰামলৈকে এক বৃহৎ অঞ্চলত প্ৰচলিত হৈ আহিছে৷ এই ভাষাবোৰ লিখিবলৈ যি উমৈহতীয়া বৰ্ণমালা ব্যৱহাৰ কৰা হয় তাক বহুতে "বাংলা লিপি" বুলি কয়৷ আমাৰ ককাদেউতাহঁতেও ইয়াক "বঙালী লিপি" বুলি কৈছিলহেনু৷ ইউনিকোডতো তেনেকৈয়ে অন্তৰ্ভুক্ত হৈছে৷ এই কথাটোৰ নিশ্চয় বিৰোধিতা হোৱা উচিত বা শুধৰণীৰ দাবী হোৱা উচিত৷ লণ্ডনৰ বৈঠকতেই হওক বা তাৰ আগৰ কেই বছৰমানৰ পৰা এই শুধৰণিবোৰ হৈ অহা দেখা গৈছে৷

       এই উমৈহতীয়া লিপিৰ আঞ্চলিক আৰু সময়ৰ বিস্তাৰ আৰু জনপ্ৰিয়তালৈ লক্ষ্য ৰাখি  "মহান লিপি" বা "মহালিপি" বুলি উল্লেখ কৰিলো৷ কেবল এই আলোচনাটিৰ বাবে৷ ইয়াৰ দ্বাৰা এই গদ্য যি লিপিৰে লিখিছো তাকেই বুজাইছোঁ৷ এই "মহালিপি"ত পেট কটা '', অন্তস্থ '', বঙালী বিন্দু থকা '', মিছিং ভাষাত ব্যৱহাৰ হোৱা '' আদি বহুতো চিহ্ন সন্নিবিষ্ট হৈ আছে৷

       আনহাতে "অসমীয়া লিপি” - দুই সহস্ৰাধিক বছৰৰ মাজেদি স্বতন্ত্ৰভাৱে ক্ৰমবিকাশ হৈ আধুনিক অৱস্থা পাইছেহি বুলি কিছুলোকে যুক্তি দিয়ে৷ "অসমীয়া" শব্দটোৱেই স্বৰগদেউ চুকাফাই এই পবিত্ৰ অসমভূমিত ইংৰাজী ১২২৮ চন মানত ভৰি দিয়াৰ পিছত উৎভৱ হোৱা, তেনে স্থলত "অসমীয়া লিপি" কেনেকৈ দুই সহস্ৰাধিক বছৰৰ আগৰ পৰা ক্ৰমবিকাশ হ’বলৈ পালে? যিটো ক্ৰমবিকাশ হ’ল সি সেই উমৈহতীয়া "মহালিপি"৷ ইয়াৰ লগত অতি সংকীৰ্ণ মানসিকতাৰে অসমীয়া "জাতি"ৰ স্বাভিমানৰ লগত সনা-পিটিকা নকৰাই ভাল৷ নাগৰিকত্ব আইন, অসম চুক্তিৰ “অসমীয়া”ৰ সংজ্ঞা আদি বৰ্তমানৰ ষ্পৰ্শকাতৰ বিষয়ৰ পৰা ইউনিকোডৰ দৰে এটা কাৰিকৰী বিষয় পৃথক কৰি ৰখাই শ্ৰেয়৷  ISO / Unicode Consortium আদিয়েও সংকীৰ্ণ ৰাজনৈতিক দূৰবীণৰ সলনি কাৰিকৰী দৃষ্টিভঙ্গীৰে কথাবোৰ বিশ্লেষণ কৰে৷
       কোনো কোনোৱে বাংলা লিপি আৰু অসমীয়া লিপি দুটা পৃথক বুলি যুক্তি দিবলৈ গৈ ইহঁতৰ ক্ৰমবিকাশৰ ইতিহাসো ভিন্ন বুলি দাবী কৰে৷ (সত্যকাম দত্ত / মৃণাল জ্যেতি গোস্বামীৰ প্ৰবন্ধৰ তথ্য আৰু বুলজিৎ বুঢ়াগোহাঞ আৰু শ্ৰীসুশান্ত কৰে যোধান দিয়া তথ্যৰ ভিত্তিত)
       তেওঁলোকৰ মতে  ব্ৰাহ্মী লিপিৰ পৰা গুপ্ত লিপি আৰু তাৰ পৰা কুটিল বা সূক্ষ্মকোণী বা সিদ্ধমাতৃকা লিপি হৈ পুৰণি বাংলা লিপি হৈ বৰ্তমানৰ বাংলা লিপিৰ বিকাশ হৈছে৷ আনহাতে,  ব্ৰাহ্মী লিপিৰ পৰা  প্ৰাচীন কামৰূপীয় লিপিহৈ (নগাজৰী-খনিকৰ গাঁওৰ শিলালিপিৰ ভিত্তিত) পুৰণি অসমীয়া লিপি আৰু তাৰ পৰা বৰ্তমানৰ অসমীয়া লিপিৰ উৎপত্তি হৈছে৷
       কিন্তু দ কৈ ভাৱি চালে দেখা যায়, এই দুই তত্বই দুই ভিন্ন বৰ্ণমালাৰ কথা কোৱা নাই, সেই একেই "মহালিপি"ৰ উৎপত্তিৰ কথাহে কৈছে৷ প্ৰথমটো তত্ব ড° ৰাখালদাস  বন্দ্যোপাধ্যায়ৰ, ডি এন চক্ৰৱৰ্টি ইত্যাদি বাংলা পণ্ডিতসকলে পোষন কৰিছিলে৷ এই মত সৰ্বেশ্বৰ কটকী, ° মহেশ্বৰ নেওগ, ° সুনীতি কুমাৰ চেটাৰ্জী, টি পি বাৰ্মা আদিয়েও সমৰ্থন কৰে৷ আনহাতে দ্বিতীয়টো তত্ব অসমীয়া পণ্ডিতবৃন্দ ডিম্বেশ্বৰ নেওগ, ° উপেন্দ্ৰনাথ গোস্বামী, নাৰায়ণ দাস ইত্যাদিয়ে প্ৰস্তাৱ আগবঢ়াইছিলে৷ কিন্তু তেওঁলোক সকলোৱে এইটি বৰ্ণমালাৰ কথাই কৈছে৷
       এইখিনিতে এটা গুৰুত্বপূৰ্ণ তথ্য  উল্লেখ কৰা ভাল হ’ব যে ছপাশাল প্ৰযুক্তিৰ আগৰ কিছু বাংলা গদ্য পোৱা যায় য’ত ৰ/ৱ আদি চিহ্নৰ ব্যৱহাৰ আছে (তলৰ চিত্ৰসমূহ চাওক)৷ 
১৮৩৩ চনতে প্ৰকাশ পোৱা 'Dictionary Bengali and Sanskrit Explained in English and Adapted for Students of Either Language"-ত পেট কঠা 'ৰ' ব্যৱহাৰ হোৱা দেখা যায়৷



অসমীয়া গদ্যতো বিন্দু থকা '' দেখা যায়৷ কেতিয়াবা অকল ''রে, কেতিয়াবা সোঁফালে ফুট দি-ও '' লিখা হৈছিল। '' কেৱল দক্ষিণ পশ্চিম বাংলাত ১৬-১৭ শতিকাত অলপ ব্যৱহাৰ হৈছিল। পিছে অসমীয়াত ৱ লিখিবলৈ র-ৰ ব্যৱহাৰ আছিল। আনফালে উনৈশ শতিকাত দুয়োটা ভাষাত ড়, , , ৎ এইবোৰৰ আমদানি হৈছিল। প্রথমে বাংলাত, পাছত অসমীয়াতো। আনকি ৱ হেমচন্দ্র বৰুৱাৰ প্রচেষ্টাত অৰুনোদইত প্রথম সোমাইছিল।
       ইয়াৰ পৰা বুজা যায় সেই সময়ত এই চিহ্নবোৰৰ ৰূপ/ব্যৱহাৰ নিৰ্দিষ্ট নাছিল বা দুয়োটা ভাষাতে ব্যৱহাৰ হৈছিল৷
       আন কথাত এই 'মহালিপি' কোনো ভাষা-নিৰ্দিষ্ট (language specific) নহয়৷ ছপাশাল প্ৰযুক্তিৰ পিছৰ পৰাহে এই দুই বৰ্ণমালা ভাষা-নিৰ্দিষ্ট হৈ উঠা যেন ভাৱ হয়৷ সেয়ে এই 'মহালিপি'ক বঙালীসকলে 'বাংলা লিপি' আৰু অসমীয়াসকলে 'অসমীয়া লিপি' বুলি কৈ যুদ্ধ কৰি থকাৰ যুক্তি মই বুজি নাপাও৷ হয়, ইয়াক কেবল 'বাংলা লিপি' বোলাত নিশ্চয় আপত্তি আছে, যি দৰে অসমৰ ঢেঁকীয়াপতীয়া বাঘকেইটাক "Royal Bengal Tiger" বোলাত আপত্তি আছে৷ ইহঁত "Panthera tigris tigris" - সঠিক বৈজ্ঞানিক নাম -- ইয়াত নাই বেংগল, নাই অসম৷ 'মহালিপি'ৰ ক্ষেত্ৰতো একেই কথাই প্ৰযোজ্য৷ ইউনিকোডত থকা "Bengali" নামটো নিশ্চয় গ্ৰহণযোগ্য নাছিল৷ ২০১৫ চন মানৰ পৰা "Bengali-Assamese" বোলাত অলপ হ’লেও ভাল হৈছে৷
       এইখিনিতে আন এটা সমস্যা আহি পৰে - English /Spanish / French আদি ভাষা যেনেকৈ Latin Script ত লিখা হয়; হিন্দী, মাৰাঠী, নেপালী আদি ভাষা যেনেকৈ দেবনগৰী লিপিত লিখা হয়; ঠিক তেনেকৈ, আগতে উল্লেখ কৰা অসমীয়া, বাংলা, চিলেটি, বিষ্ণুপ্ৰিয়া মনিপুৰী আদি ভাষাও এই "মহালিপি"ত লিখা হয়, যাক ইউনিকডে ভুলকৈ "Bengali" বুলি কৈ আহিছিল আৰু এতিয়া "Bengali-Assamese" নামাকৰণ কৰা হ’ল৷  কিন্তু, এই নামত আন ভাষিক লোকসকলে আপত্তি কৰিবলৈ থল ৰৈ গ’ল৷
       গতিকে, এই "মহালিপি"ৰ নাম কি হ’ব লাগে? ইউনিকোডৰ কোড ৰেঞ্জৰ নাম মি হোৱা উচিত? মই ভাৱো মূলতঃ এনে এটা নাম লাগে য’ত কোনো ভাষাৰ আভাস নাথাকে বা যি নামে কোনো ভাষাক প্ৰাধান্য নিদিয়ে বা হেয় নকৰে৷ এই ক্ষেত্ৰত বহু লোকৰ বহু মত৷ দেৱনগৰী লিপিৰ ব্যৱহাৰ হোৱা অঞ্চলৰ পুব দিশৰ আঞ্চলসমূহত এই লিপি ব্যৱহাৰ হয় বাবে "পুৱ-নগৰী" নাম দিয়া হৈছিল৷ এবাৰ অসম সাহিত্য সভাই এই নাম গ্ৰহণো কৰিছিলে৷ তাৰ পিছত “ব্ৰাহ্মী লিপি”ৰ পৰা উদ্ভৱ হোৱা বাবে "নৱ-ব্ৰাহ্মী লিপি" (Neo-Brahmi), “কামৰূপী লিপি” গৰকি এই বৰ্তমানৰ ৰূপ লোৱাৰ বাবে "কামৰূপী লিপি" আদি বিভিন্ন নামৰো প্ৰস্তাৱ কৰা হৈছে৷ কিনতু কোনো নামেই সৰ্ব গ্ৰহণযোগ্য হোৱা নাই বা চৰকাৰীভাৱে গৃহীত হোৱা নাই৷
       এই উমৈহতীয়া “লিপি” ইউনিকোডত আছেই৷ “অসমীয়া ভাষা” কম্পিউটাৰত লিখিবলৈ প্ৰয়োজন হোৱা সকলো সুবিধা ইয়াত আছে৷ যেনে -
(১) অসমীয়া ভাষাত প্ৰয়োজন হোৱা সকলো বৰ্ণ আৰু চিহ্ন ইয়াত ইতিমধ্যে সন্নিবিষ্ট আছে৷
(২) অসমীয়া ভাষাত প্ৰয়োজন হোৱা সকলো যুক্তাক্ষৰ (ফণ্টৰ যোগেদি) উপলব্ধ আছে৷
(৩) অসমীয়া ভাষাত প্ৰয়োজন হোৱা বিশেষ বৰ্ণৰ ক্ৰম (collation)- সমাধানো ইয়াত দিয়া আছে৷
এনে স্থলত এখন সম্পূৰ্ণ পৃথক কোড ৰেঞ্জৰ প্ৰয়োজন আছেনে? যদি "অসমীয়া লিপি" বুলি এটা নতুন কোড ৰেঞ্জ দিবলৈ Unicode Consortiumক মান্তি কৰোৱা হয়, (যিটো অনুচিত, আৰু প্ৰায় অসম্ভৱ) তেতিয়া তাৰ ফলাফল কি হ’ব পাৰে চাওক (শ্ৰী দিপাংকৰ চেতিয়াৰ সৌজন্যত):

(ক) এতিয়ালৈকে এই লিপিত যি অলপ অচৰপ আমাৰ ভাষাত সমল ইণ্টাৰনেটত যেনে তেনে আছে সেইখিনি, প্ৰথম দিনাই আমি অফিছিয়েলি বাংলা ভাষাক (বৰ্তমানৰ লিপিটো যিহেতু তেতিয়া সম্পূৰ্ণ বাংলা ভাষাৰ বুলি আমি এৰি দিম) গতাই দিম। অনলাইন প্ৰণালীসমূহে সেই সকলো খিনি তেতিয়া বাংলাৰ বুলিয়েই দেখিব। আৰু সেই দিনটোত আমাৰ অসমীয়া ভাষাৰ সমল ইণ্টাৰনেটত হ’ব ০%।
(খ) এতিয়া কোনোৱে ক’ব সেইটোনো কি কথা এটা লিপি-ৰূপান্তৰক (Script Converter) সাজি অসমীয়া ৱেবচাইটসমূহ নতুন অসমীয়া লিপিলৈ ৰূপান্তৰ কৰি পেলাম।
ভুল!! ইমান সহজ নহয়। কমিউনিটি প্ৰজেক্ট এটাত ভাগ ল’বলৈ অসমীয়া এজনক সময়ত পোৱা নাযায়, (উদাহৰণ: অসমীয়া ৱিকিপিডিয়াক চাওক।) গোটেইবোৰ অসমীয়া চাইটৰ নতুন লিপিলৈ ৰূপান্তৰ কৰা? অসম্ভৱ।
(গ) এতিয়া অসমীয়া লিখিবলৈ সঁজুলিয়েই সঁজুলি, তথাপিও অকল অসমীয়াতেই ইণ্টাৰনেটত লিখা মানুহ আন ভাৰতীয় ভাষাৰ তুলনাত কম। মনত ৰাখিব নতুন লিপি আহিলেই এই সঁজুলিবোৰো সলাব লাগিব, এতিয়া বাংলা ’ক’ আৰু অসমীয়া ’ক’ দেখাত একেই হৈ থাকিব যদিও দুটা সম্পূৰ্ণ পৃথক বৰ্ণ হ’ব, আপুনি ব্যৱহাৰ কৰি থকা পুৰণি ৰ’ডালি কিবোৰ্ড খনে বাংলাত লিখিব আৰু নতুন খনে অসমীয়াত দেখাত কিন্তু একেই হ’ব।
       সাধাৰণ ভাবে টাইপ অসমীয়াত কৰিবলৈকে অশান্তি পোৱা মানুহবোৰক এইবোৰ কোনে বুজাই থাকিব। শেষত কি পাম অসমীয়া বাংলা মিহলি খিচিৰি এসোপা?
(ঘ) Unicode Consortium য়ে ২০১৫ চনতেই "Bengali-Assamese" বুলি পেটুপাতৰ হাইপাৰ-লিংকত পুণঃ নামাকৰণ কৰা লিপিটোৰ নাম এতিয়াও তৃতীয় পক্ষৰ সজুলিবোৰত, যেনে মোবাইল ফোন, কম্পিটাৰ আদিত প্ৰতিস্থা নহ’ল। "অসমীয়া লিপি" এটা পৃথক ৰেঞ্জ হ’লে তাক আকোৱালী ল’বলৈ কিমান সময় ল’ব?
       বৰ্তমানৰ লিপিটোৰ ব্যৱহাৰকাৰী ৩০কোটি, তাৰ পৰা ফাটি আহিম যেতিয়া আৰু মাত্ৰ ২কোটিৰো কম মানুহে ব্যৱহাৰ কৰিম এটা নতুন লিপি ব্যৱসায়ীক দিশৰ পৰা ডিভাইচ নিৰ্মাতাবোৰে আমাক কিমান গুৰুত্ব দিব?
(ঙ) আবেগিক হওক লগতে যুক্তিৰেও চাওক, ৩০ কোটি মানুহে ব্যৱহাৰ কৰা লিপিটোৰ নামেই যদি "বাংলা-অসমীয়া" বা আন এটা নাম কৰি পেলাও আমাৰ ক’তনো ক্ষতি? ইউনিক’ডো সেই কথা শুনিবলৈ ৰাজী। কিন্তু নতুন এটা ৰেঞ্জ? নতুন আখৰ? আকৌ শূন্যৰ পৰা? সঁচাকৈ?
       যদি কেতিয়াবা কোনো অসমীয়া ইউনিক’ড সম্পৰ্কীয় প্ৰকল্পত ভাগ লৈছে তেতিয়া বুজিব এই চালুকীয়া অৱস্থাটো পাবলৈয়েই কিমান কষ্ট কৰিব লগা হৈছে, কিমান সময় লাগিছে, সেই গোটেইবোৰ আকৌ নতুনৰ পৰা? সেইয়া ভাষা প্ৰীতি হ’ব?
       এইবোৰ দিশ চাইয়ে হয়তো, আন্তৰ্জাতিক মানক সন্থাৰ বিশেষজ্ঞসকলে আমাৰ প্ৰতিনিধিসকলৰ দাবী মানি নল’লে৷  "অসমীয়া স্বাভিমান" আদিৰ নামত এনে কিছুমান অদৰ্কাৰী নালাগিবলগীয়া কথাত লাগি থাকিলে, আচল কৰণীয় কামবোৰ কৰিবলৈ যেন কাৰো আহৰি নাই, কৰিব লাগে বুলি ধাৰণাও নাই, আবেগ-বিবেকো নাই, শক্তিও নাই আৰু উৎফুলতাও নাই৷
       এনে কৰণীয় কাম কিছুমানৰ তালিকা ইয়াত দিয়া হ’ল -
(১) ২০০৬ চনতেই আমি আৰম্ভ কৰা xobdo.org এতিয়াও 'একমাত্ৰ' অসমীয়া অনলাইন অভিধান হৈ আছে৷ চন্দ্ৰকান্ত অভিধানখন অনলাইন আছে যদিও ই সঠিক তথ্যভাণ্ডাৰ গঠন ব্যৱহাৰ কৰি নিৰ্দিষ্ট শব্দ সন্ধান কৰিব নোৱাৰে৷ দ্বিতীয়খন অনলাইন অভিধানৰ অভাৱ আজিলৈকে পুৰণ নহ’ল৷ আন একো নহলেও “অসম চৰকাৰী ভাষা প্ৰয়োগ সঞ্চালকালয়”ৰ “অসমীয়া চলন্ত অভিধান” খন সঁচা অৰ্থৎ “চলন্ত” কৰি অনলাইন কৰাৰ ব্যৱস্থা কৰিব লাগে৷
(২) অসমৰ ছপা-মাধ্যমৰ খণ্ডটোত এতিয়াও ইউনিকোডত কাম কৰিবলৈ আৰম্ভ কৰা নাই৷ বহুকেইখনো অসমীয়া বাতৰি কাকত আৰু অসম চৰকাৰৰ কেইবাটাও বিভাগৰ ৱেবচাইট আৰু এপ্প আছে যদিও,  সেইবোৰ অনা-ইউনিকোড মাধ্যমত উপস্থাপন কৰাৰ বাবে কম্পিউটাৰৰ বিভিন্ন সঁজুলিয়ে বা ভাষা-বিজ্ঞানৰ গৱেষকসকলে ব্যৱহাৰ কৰিব নোৱাৰে৷  বাতৰি কাকতবোৰ দৈনিক ছবি হিচাপে আপলোড কৰা বন্ধ কৰক, ছফ্টৱেৰসমূহে ছবি এখনত অসংখ্য আখৰ থাকিলেও সেইয়া ছবি বুলিয়েই ভাবিব, গতিকে Google/ Facebook / Yahoo আদিৰ লগতে Gauhati University, IIT-Guwahati, Tezpur University আদিৰ গৱেষক সকলে অসুবিধাত পৰি আছে৷
(৩) ইণ্টাৰনেটত বা ৱেবত অসমীয়া ভাষাত লিখা লেখাৰ সংখ্যা বহুত কম৷ (মন কৰিব, ইণ্টাৰনেট মানে ফে'চবুক নহয়৷) এই সম্পৰ্কে কেইবাজনো ব্যক্তিয়ে কেইবাবছৰৰ আগৰ পৰা কিছু সজাগতা অনাৰ কাম চলাইছে৷ ধাৰণা হয় যে এতিয়াও অনুষ্ঠান-প্ৰতিষ্ঠানবোৰে এইটোৰ গুৰুত্ব বুজা নাই৷ ইণ্টাৰনেটত কেনেধৰণৰ লেখাৰ অভাৱ হৈ আছে সেইটো বুজিলেই সমস্যাটো সমাধানৰ ইচ্ছা জাগ্ৰত হ'ব৷ তলত কেইটামান দিশ আৰু কামৰ সম্পৰ্কে কিছু কথা আগবঢ়ালোঁ (শ্ৰীপংকজজ্যোতি মহন্তৰ সৌজন্যত):
৩-ক) ধৰক হায়াৰ ছেকেণ্ডাৰীত পঢ়ি থকা ছাত্ৰ এজনে আনন্দৰাম বৰুৱাৰ বিষয়ে অধিক জানিব বিচাৰিছে৷ তাৰবাবে তেওঁ কিতাপ বিচৰাৰ সলনি চিধাই নামটো গুগলত চাৰ্চ কৰি চাব৷ কিতাপ তেওঁৰ ঘৰত নাথাকিবও পাৰে, লগৰ কাকো বিচৰাৰ ইচ্ছা নাথাকিব পাৰে, পুথিভঁৰাললৈ যাবলৈ এদিন ৰ'ব লাগিব, দোকানলৈ গৈ নাপাব৷ কিন্তু হাততে থকা মোবাইলটোৰে ইণ্টাৰনেটত সেইটো বিচৰাটো কেই ছেকেণ্ডমানৰ কাম৷ কিন্তু আনন্দৰাম বৰুৱাৰ বিষয়ে ইণ্টাৰনেটত এটাও প্ৰবন্ধ নাই৷ (ৱিকিপিডিয়া বাদ৷) লক্ষ্মীধৰ শৰ্মাৰ বিষয়ে নাই, ভৱেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে নাই৷ এনে কাৰো বিষয়েই নাই৷ আনকি শংকৰদেৱৰ বিষয়েও নাই৷ এনে অসমীয়াসকলৰ বিষয়ে অসমীয়া ভাষাত লিখা শ্ৰেষ্ঠ প্ৰবন্ধবোৰৰ অন্ততঃ দুটা বা এটাও ইণ্টাৰনেটত বিচাৰিলে পোৱা নাযায়৷ এই কামটো এজন-দুজন মানুহে কৰাটো সম্ভৱ নহয়৷ এইটো কৰিব লাগিব অসম সাহিত্য সভাৰ দৰে অনুষ্ঠানে৷ তাৰোপৰি বিশ্বকোষৰ অসমৰ লগত জড়িত খণ্ডকেইটা ৱেবত প্ৰকাশ কৰিব লাগিব৷ অসমৰ ইতিহাস, ঐতিহ্যৰ সম্পৰ্কে নিজ অসমীয়া মানুহেই ন্যূনতম জানিবলৈ পোৱাৰ এইটোৱেই আজিৰ যুগৰ উপায়৷ সাহিত্য সভাৰ পত্ৰিকাৰ বাছকবনীয়া লেখাৰে একোটা সংকলন ইণ্টাৰনেটত প্ৰকাশ কৰিব লাগিব৷ আৰু কথাটো হ', এইবোৰ পিডিএফ ক'পি এটা কৰি দি থ'লে নহ', ইউনিক'ডত কৰিব লাগিব, অনলাইন আলোচনীৰ দৰে৷
৩-খ) কেৱল ৱেবছাইট সাজিলেই নহ', তাৰ নতুন কাৰিকৰী দিশবোৰ আৰু অলংকৰণত ভালকৈ মন দিব লাগিব৷ গুগল আদিত চাৰ্চ কৰিলে ৱেবছাইটোত থকা বস্তু ওলাইছেনে নাই? ৱেবছাইটটোৰ ভিতৰতো কিবা শব্দ চাৰ্চ কৰিলে উপযুক্ত লেখাটো ওলাইছে নে নাই? এইবিলাক ঠিক কৰিব লাগিব৷ আৰু mobile-friendly 'ব লাগিব৷ আমাৰ প্ৰায়ভাগ ৱেবছাইট mobile-friendly নহয়৷ যোৱা পাঁচ-ছবছৰৰ আগৰ কথা বেলেগ৷ এতিয়া সৰহভাগেই কম্পিউটাৰৰ সলনি মোবাইলতে সকলো পঢ়ে৷ বহুতে অনলাইন কিনা-বেচাও মোবাইলেৰেই কৰে৷ এতিয়া ইমান সলনি হৈছে যে, যোৱা প্ৰায় ছমাহ ধৰি ৱেবছাইটত লেখা আপলোডৰ কামো মই মোবাইলতে কৰিছোঁ৷ যেতিয়া ৱেবছাইট এটাৰ হোমপেজটো মানুহে মোবাইলত চাব, তেতিয়া কম্পিউটাৰত দেখাৰ দৰে ৫০টামান লেখা যদি মোবাইলতো ওলাই তেন্তে পাঠকজনৰ অশান্তি হয়৷ আকৌ লেখা এটা পঢ়িবলৈ যেতিয়া খুলি ল', তেতিয়া লেখাটোৰ লগতে তাৰ চাৰিগুণমান দীঘল কিবাকিবি মোবাইলত লোড হৈ থাকিলেও অশান্তি পাব৷ আখৰৰ আকৃতি জোখৰ হ'ব লাগিব যাতে মোবাইলত জুপি জুপি চাব লগা নহয়৷ বা জুম নকৰাকৈ বহলটো একেটা স্ক্ৰীণতে মনিব পৰাকৈ আহিব লাগিব৷ এনেকুৱা কথাবোৰ মন কৰিব লাগিব৷
৩-গ) কেৱল সাহিত্য সভাই নহয়, অসম বিজ্ঞান সমিতিৰো এই ক্ষেত্ৰত কাম আছে৷ বিজ্ঞান জেউতিৰ পুৰণা লেখাবোৰ, যিবোৰৰ সদায় প্ৰাসংগিকতা আছে সেইবোৰ নিৰ্বাচন কৰি তেওঁলোকে এটা অনলাইন সংকলন উলিয়াব লাগে৷ এইটো কিতাপ প্ৰকাশতকৈয়ো এটা সহজ কাম; ইয়াত বিপণনৰ কষ্টও নাথাকে৷
৩-ঘ) অনলাইন আলোচনীৰ কৰ্মী আৰু লেখকসকলে এটা কথাত সচেতন হোৱা দৰকাৰ যাতে একেটা লেখা দুটা ছাইটত নিদিয়ে৷ কাৰিকৰী দিশতো এইটো অনিষ্টকাৰক৷ নতুন মানুহ, নতুন লেখা, নতুন বা পৃথক বিষয় বিচাৰি উলিয়াব লাগিব৷ কিছুসংখ্যকে জানে এইটো কথা, কিন্তু বহুতে নাজানে৷
৩-চ) অনলাইন জগতখনৰ জৰিয়তে অসমৰ চিন্তাজগতত প্ৰভাৱশালী প্ৰবন্ধকাৰ বহুত আছে৷ কিন্তু গল্পকাৰ আৰু কবি এজনো নাই৷ নিৰ্বাচনৰ ক্ষেত্ৰতেই হওক, যিকোনো বিতৰ্কতেই হওক, বা জ্ঞানদায়ক কথাতেই হওক -- কোনো কাকত-আলোচনীলৈ নপঠিওৱাকৈ কেৱল অনলাইন মাধ্যমতে লিখি বহুত সংখ্যক মানুহক প্ৰভাৱিত কৰিব পৰা প্ৰবন্ধ ওলাইয়েই থাকে৷ কাকত-আলোচনীলৈ পঠিওৱাটো বহুতৰ বাবে গৌণ কাম হৈ পৰে৷ কিছুমান কাকতে কাকতে আজিকালি বাৰে বাৰে ঘোষণা কৰি থাকে যে লেখাবোৰ কাকতত ওলোৱা আগতে অনলাইনত নিদিব৷ কিন্তু এনে এটাও গল্প নাই আৰু এটাও কবিতা নাই, যিটো নেকি কেৱল অনলাইন মাধ্যমত প্ৰকাশ হৈছে আৰু অসমৰ সাহিত্য জগতত সি গুৰুত্বপূৰ্ণ সৃষ্টি বুলি বিবেচিত হৈছে৷ ইয়াৰ বাবে আপুনি এতিয়াও গৰিয়সী-সাতসৰী-প্ৰকাশ-প্ৰান্তিকলৈ মুখ মেলি চাবই লাগিব৷ ইয়াৰ কাৰণ হ', গল্প আৰু কবিতাৰ ক্ষেত্ৰত এখন অতি তীক্ষ্ণধী সম্পাদনা সমিতিৰে গঠিত এখনো অনলাইন আলোচনী নাই৷ অসমীয়া আনলাইন আলোচনীৰ জৰিয়তে অৰ্থ উপাৰ্জন কৰিব পৰা অৱস্থা এতিয়াও হোৱা নাই; কৰিলেও তেনেই সামান্যহে উপাৰ্জন হ'ব৷ গতিকে এনে এখন আলোচনীৰ বাবে সম্পাদক হ'ব লাগিব স্বেচ্ছাসেৱী৷ কিন্তু কামখিনি তেওঁ বৃত্তিধাৰী সম্পাদক এজনৰ সমানেই কৰিব লাগিব৷ সেয়েহে ভাবোঁ, চাকৰি জীৱনৰ পৰা অৱসৰ প্ৰাপ্ত যিসকল স্বনামধন্য সাহিত্যিক আছে, তেওঁলোকৰ দুজনমানক লৈ এখন এনে অনলাইন আলোচনী প্ৰতিষ্ঠা কৰিব পাৰে৷
(৪) এইবোৰ অভাৱৰ কাৰণেই অসমীয়াত এতিয়াও এটা সক্ষম "বানান পৰীক্ষক" (Spell-checker) হৈ উঠা নাই৷ Microsoft Word, জাহ্নবী, xobdo.org/litikai আদি কিছুমান সঁজুলি আছে৷ কিন্তু এইবোৰ এতিয়াও চালুকীয়া অৱস্থাতেই আছে৷ পৰ্যাপ্ত সমল আৰু গৱেষণাৰ অভাৱত এইবোৰে এক নিৰ্ভৰযোগ্য ফল দিব পৰা স্তৰ পোৱাগৈ নাই৷
(৫) আজি অসমীয়া ভাষাত প্ৰয়োজন হোৱা শুদ্ধ “ফণ্ট” সীমিত৷ তলৰ চিত্ৰত বিভিন্ন ফণ্টেৰে লিখা একেইটা বাক্য দেখুওৱা হৈছে৷ কেইজনমান ব্যক্তিয়ে নিজৰ সময়-অৰ্থ-কষ্ট ব্যয় কৰি এনে ফণ্ট তৈয়াৰ কৰিছে৷ কিন্তু এই দায়িত্ব AMTRON আদিৰ নাছিলনে?
(৬) আজি "সমান্তৰাল সমল" (Parallel Corpus)-ৰ অভাৱত অসমীয়া-ইংৰাজী যান্তিক-অনুবাদক তৈয়াৰ হৈ উঠা নাই৷ "ইউনিকোড ইউনোকোড" বুলি চিঞৰি থকা ৯৯.৯৯%ই নাজানে এইটো কি বস্তু৷ এটা ভাষাৰ পৰা আন এটা ভাষালৈ কোনো বাক্য বা দফা ছফ্টৱেৰৰ সহায়ত অনুবাদ কৰাৰ প্ৰণালীটোক "যান্ত্ৰিক অনুবাদ" (Machine Translation) বোলা হয়৷ ইংৰাজীৰ পৰা ফৰাছী, স্পেনিছ আদি ভাষাৰ লগতে হিন্দী, বাংলা আদি ভাষাতো ই হৈ উঠিছে৷ মানুহে কৰা অনুবাদৰ দৰে শুদ্ধ নহয় যদিও, যন্ত্ৰয়েদি কৰা অনুবাদ বহুখিনি গ্ৰহণযোগ্য হৈ উঠিছে৷ এই বিষয়ে এতিয়াও অনেক গৱেষণা চলি আছে৷ এটা সাধাৰণ অনুবাদক ছফ্টৱেৰ তৈয়াৰ কৰিবলৈ অতি কমেও এক মিলিয়নমান দুয়োটা ভাষাত অনুবাদ কৰা নমূনা খণ্ডবাক্য লাগে৷ ইয়াকেই "সমান্তৰাল সমল" (Parallel Corpus) বোলা হয়৷ অসমীয়া-ইংৰাজীৰ "সমান্তৰাল সমল" নাই বুলি ক’লেও বঢ়াই কোৱা নহ’ব৷

(৭) সেইদৰে পৰ্যাপ্ত "ধ্বনি নথি" (Sound File)- নথকাৰ বাবে Text-to-Speech (TTS) সঁজুলি হৈ উঠা নাই  এই সঁজুলিক কোনো ইউনিকোডত লিখা নথি দিলে ই তাক শব্দলৈ ৰূপান্তৰ কৰি  দিব পাৰে, আন কথাত ই লিখিতখিনি পঢ়ি দিয়াৰ দৰে হয়৷ ইয়াৰ বাবেও অনেক "ধ্বনি নথি"-ৰ প্ৰয়োজন হয়৷

(৮) আন এটা অতি গুৰুত্বপূৰ্ণ প্ৰযুক্তি হৈছে "আলোকীয় বৰ্ণ চিনাক্তকৰণ" বা Optical Character Recognition (OCR)৷ ইয়াৰ দ্বাৰা কোনো হাতে লিখা বা ছপা কৰা গদ্যৰ ফটোৰ পৰা ইউনিকোড সংকেতলৈ ৰূপান্তৰিত কৰিব পৰা যায়৷ এইক্ষত্ৰত IIT Guwahati, Google আদি বিভিন্ন অনুস্থানে অগ্ৰগতি কৰা দেখা গৈছে৷ বিশেষকৈ Google-ত প্ৰায় ৯০% শুদ্ধকৈ এই কাম কৰিব পৰা যায়৷

       তালিকাখন দীঘল৷ আৰু বহুতো কৰণীয় আছে৷ "Royal Bengal Tiger"ৰ নাম যিয়েই নিদিও, ইয়াৰ ৰক্ষণাবেক্ষণ বেছি দৰকাৰী কাম৷ ঠিক তেনেকৈ এই লিপিক যি বুলিয়েই নামাতো কিয়, পৃথক বা এক কোড ৰেঞ্জেই ব্যৱহাৰ কৰো - আচলতে উপযুক্ত ছফ্টৱেৰে সকলো সম্ভালিব পাৰিব৷ কিন্তু যিবোৰ কাম ছফ্টৱেৰে কৰিব নোৱাৰে আৰু হয়তো কোনো অনা-অসমীয়াই কৰিবলৈ সামৰ্থ বা ইচ্ছুক নহ’ব সেইবোৰ কামত আমি অসমীয়াসকলেই বা আমাৰ চৰকাৰী / বে-চৰকাৰী অনুস্থানসমূহেই কৰিব লাগিব বা আগুৱাই নিব লাগিব৷ এই ক্ষেত্ৰত আমি ইতিমধ্যে বহু পিছুৱাই আছো৷ আহক মিলি-জুলি এই কামবোৰত মনোনিবেশ কৰোঁ৷

সহায় লোৱা হৈছে---
(৪) অসমীয়া লিপিৰ এটি চমু বুৰঞ্জী –  সত্যকাম দত্ত / মৃণাল জ্যেতি গোস্বামী (www.xahitya.org)
(৫) ড. শিখৰ শৰ্মা, ড. বুলজিৎ বুঢ়াগোহাঞ আৰু শ্ৰী সুশান্ত কৰৰ পৰা সংগৃহীত তথ্য৷ 

No comments:

Post a Comment