Sunday, June 6, 2021

গণতন্ত্ৰ, প্ৰশাসন আৰু কৃত্ৰিম বুদ্ধিমত্তা

আমি প্ৰায়ে শুনিবলৈ পাওঁ‌, কৃত্ৰিম বুদ্ধিমত্তা থকা ৰবটে বা যন্ত্ৰ-মানৱে তেজ-মঙহৰ মানুহৰ কামবোৰ কঢ়ি ল’ব, তেওঁলোক কৰ্মহীনতাত ভুগিব৷ আমোজনকভাৱে চাকৰি হেৰুৱাবলগীয়া লোকসকলৰ ভিতৰত হয়তো প্ৰথম হ’ব ৰাজনীতিজ্ঞসকল অৰ্থাৎ আমাৰ সাংসদ, বিধায়কসকল !!


ইণ্টাৰনেটত বিচৰণ কৰি ফুৰোতে শেহতীয়কৈ এক আমোদজনক নিবন্ধত চকু পৰিল৷  স্পেইনত অৱস্থিত আই-ই বিশ্ববিদ্যালয়ৰ “চেণ্টাৰ ফৰ দা গভাৰ্ণেন্স অৱ চেঞ্জ” বা “প্ৰশাসন সংশোধন কেন্দ্ৰ”ৰ  গৱেষকসকলে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ১১খন দেশৰ ২৭৬৯জন বিশেষজ্ঞক সুধিছিলে, তেওঁলোকে দেশৰ সাংসদসকলৰ আসন,  কিছুমান কৃত্ৰিম বুদ্ধিমত্তাক গতাই দিয়া কথাটোৰ বিষয়ে কি ভাৱে? এই সমীক্ষাৰ ফলাফল অলপতে প্ৰকাশ পাই৷ দেখিবলৈ পোৱা গ’ল, বৰ্তমানৰ কৃত্ৰিম-বুদ্ধিমত্তাৰ বহুতো সীমাবদ্ধতা থকা স্বত্তেও, ইউৰোপৰ সঁহাৰি দিওঁতাসকলৰ ৫১% ই এই পদক্ষেপক সমৰ্থন কৰে৷ ইউৰোপৰ বাহিৰত, চীনদেশত ৭৫%ই এই প্ৰস্থাৱ সমৰ্থন কৰে, কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰত ৬০%ই ইয়াক বিৰোধ কৰে৷ 

Ref:

আই-ই বিশ্ববিদ্যালয়ৰ “প্ৰশাসন সংশোধন কেন্দ্ৰ”ৰ শৈক্ষিক সঞ্চালক আৰু প্ৰতিবেদনখনৰ অন্যতম মুখ্য গৱেষক শ্ৰী অস্কাৰ জনছনে কৈছিল যে “সমীক্ষাৰ এনে ফলাফলৰ মূল কাৰক হৈছে যোৱা কেই দশকমান ধৰি প্ৰশাসনৰ এক প্ৰকাৰ ৰূপে 'গণতন্ত্ৰ'ত মানুহৰ বিশ্বাস হ্ৰাস পাই অহাটো।”


কাৰকসমূহ সম্ভবতঃ ক্ৰমবৰ্ধিত ৰাজনেতিক মেৰুকৰণ, মিথ্যাচাৰ, সীমিত আৰু ভ্ৰান্তিকৰ তথ্য প্ৰচাৰ আদিৰ লগত সম্পৰ্ক থাকিব পাৰে৷ শ্ৰী জনছনে আৰু কয়, “আজি প্ৰতিজন নাগৰিকৰ ধাৰণা হ’বলৈ ধৰিছে যে ৰাজনীতিৰ ক্ৰমান্নয়ে অৱনতি ঘটিছে, আৰু তাৰ বাবে জগৰীয়া কৰা হৈছে ৰাজনীতিবিদসকলক৷ গতিকে, মই ভাৱো, জনগণই তেওঁলোকৰ সাংসদজনক কিমান চিনি পাই, কিমান জনে সাংসদজনৰ লগত সম্পৰ্কত থাকে অথবা কিমানজনে সাংসদজনে কি কৰি আছে তাৰ ভু লয় আদিৰ পৰিপেক্ষিতত এই প্ৰতিবেদনখনে হয়তো সৰ্বসাধাৰণৰ উমৈহতীয়া মনোভাৱ প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে৷”


এই সমীক্ষাটি প্ৰকাশ হোৱাৰ বহু আগৰে পৰা বিশ্বৰ বিভিন্ন প্ৰান্তৰ এই ক্ষেত্ৰত কেতবোৰ আলোড়ণ চলি আহিছে৷ তাৰেই কেইটামান উদাহৰণ তলত দিয়া হ’ল-- 

“AI Mayor”

২০১৮ চনত,  মিচিহিট’ মাৎচুডা (Michihito Matsuda) নামৰ এজন সংগ্ৰামী নেতাই ট’কিঅ’ চহৰৰ টামা নগৰাঞ্চলৰ মেয়ৰ পদৰ বাবে “AI Mayor” নামৰ এটা কৃত্ৰিম বুদ্ধিমত্তা প্ৰগেমৰ হৈ নিৰ্বাচনত থিয় হৈছিল৷ নিৰ্বাচনী প্ৰচাৰ-পত্ৰিকা, পোষ্টাৰ আদিত ‘ৰবট’ শব্দটো আৰু এজনী মহিলা যন্ত্ৰ-মানৱৰ  (Andriod) চিত্ৰ ব্যৱহাৰ কৰা হৈছিল যদিও, “AI Mayor” দৰাচলতে আছিল - ‘টামা নগৰাঞ্চল’ৰ তথ্যৰ দ্বাৰা প্ৰশিক্ষণ দি সাজু কৰা এটা ‘যান্ত্ৰিক শিক্ষন ক্ৰমনিৰ্দেশণ’ (machine learning algorithm)৷ এই প্ৰকল্পৰ পৃষ্ঠপোষণ কৰিছিল ছফ্টবেংক আৰু গুগুলৰ কৰ্তৃপক্ষই৷ ই নিৰ্বাচনত পৰাজিত হৈছিল যদিও, ইয়াৰ সৃষ্টিকৰ্তাসকলে দাবী কৰিছিল যে “AI Mayor” য়ে নাগৰিকসকলৰ বিভিন্নধৰণৰ আৱেদন বিশ্লেষণ কৰি সেইবোৰ এজন তেজ-মঙহৰ ৰাজনীতিজ্ঞৰ তুলনাত অধিক ন্যায্য আৰু সন্তুলিতভাৱে নগৰ-পালিকাৰ সন্মূখত দাঙি ধৰিব পৰাৰ ক্ষমতা আছিল৷ 

https://www.mirror.co.uk/tech/robot-run-mayor-japan-world-12377782

চেম্‌

২০১৯ চনত, চেম্‌ (SAM) নামৰ এটা চেটবট (chatbot) অৰ্থাৎ  বাৰ্তালাপ কৰিব পৰা প্ৰগ্ৰেমে নিউ-জিলেণ্ডৰ আগন্তুক নিৰ্বাচনী দৌৰৰ বিষয়ত  সামাজিক মাধ্যমত হোৱা এক আলোচনা চক্ৰত ভাগ লয়৷ চেমৰ জন্মদ্বাতা নিক্‌ গেৰিট্‌চেন (Nick Gerritsen) বিশ্বাস কৰিছিলে যে চেম ক্ৰমে ইমানেই বিকশিত হ’ব যে ই ২০২০ চনৰ নিউ-জিলেণ্ডৰ সাধাৰণ নিৰ্বাচনত এজন প্ৰাৰ্থী হিচাপে ভাগ ল’ব পাৰিব৷

কিন্তু, ‘চেম’ নামৰ এই অপাৰ্থিৱ ৰাজনীতিজ্ঞজনে (virtual politician) কেনেকৈ কাম কৰিব? সামাজিক মাধ্যমৰ সহায়ত ই প্ৰতিজন নিউজিলেণ্ডবাসীৰ সম্পৰ্কত থাকিব৷ নিউ জিলেণ্ডৰ জন-সাধাৰণেও যিকোনো সময়তে, যিকোনো স্থানৰ পৰা চেমৰ লগত কথা পাৰিব পাৰিব৷ ইয়াক এনেকৈ তৈয়াৰ কৰা হৈছে যে ই প্ৰতিজন নাগৰিকৰ দৃষ্টিভংগী আৰু মতামতৰ লগতে কোনো সিদ্ধান্তৰ সাম্ভাব্য পৰিণতিৰ বিশ্লেষণ কৰি সকলোৰে উপকাৰ হোৱা উৎকৃষ্ট নীতি প্ৰবৰ্তন কৰাত সহায় কৰিব৷ 

মানুহ মাত্ৰেই ভুল হয়, তেওঁলোকে পক্ষপাত গ্ৰস্ত সিদ্ধান্ত লয়৷  ইয়াত কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে বৰ্তমান ৰাজনীতিত যথেষ্ট পক্ষপাতিত্ব চলে। “বিশ্ব-ৰাজনীতিত ইমানেই পক্ষপাতিত্ব দেখা গৈছে যে বিশ্বৰ ৰাষ্ট্ৰসমূহে জলবায়ু পৰিৱৰ্তন আৰু সমতাৰ দৰে মৌলিক আৰু জটিল সমস্যা সমাধান কৰিবলৈ অক্ষম যেন লাগিছে,"  নিক গেৰিটচেনে কয়।

এইটোৱেই হৈছে প্ৰধান সমস্যা যাক চেমে সমাধান কৰিবলৈ চেষ্টা কৰে। এজন অপাৰ্থিৱ ৰাজনীতিজ্ঞ হোৱাৰ বাবে, চেম 24/7 উপলব্ধ আৰু সৰ্বসাধাৰণে কোৱা কথাবোৰ সংৰক্ষণ কৰি ৰাখিবলৈ অসীম স্মৃতি আছে। সেয়াই নহয়, এই অপাৰ্থিৱ ৰাজনীতিজ্ঞজন এনেদৰে সৃষ্টি কৰা হৈছে যাতে ই সদায় তথ্য আৰু মতামত দুয়োটাৰ ওপৰত আধাৰিত সিদ্ধান্ত লয়, কেতিয়াও মিছা নকয়, বা যিকোনো ধৰণৰ তথ্য ভুলকৈ উপস্থাপন নকৰে।

অপাৰ্থিৱ ৰাজনীতিজ্ঞজনে কয়, “এজন মানৱ ৰাজনীতিজ্ঞৰ বিপৰীতে, মই সিদ্ধান্ত লোৱাৰ সময়ত পক্ষপাতিত্ব নকৰাকৈ সকলোৰে স্থিতি বিবেচনা কৰোঁ।”

এই আশ্চৰ্যজনক কৃত্ৰিম বুদ্ধিমত্তা-চালিত চেট্‌বটোৱে এতিয়াও "শিকা"ৰ পৰ্যায়তেই আছে। ইয়াৰ কথোপকথন ক্ষমতা এতিয়াও বিকশিত হৈ আছে। ই এতিয়াও প্ৰতিটো প্ৰশ্ন বা বাৰ্তালাপৰ পৰা কথা শিকি আছে।

"এই মুহূৰ্তত মই মাত্ৰ আৰম্ভ কৰিছোহে। মোৰ কিছুমান সঁহাৰি অশুদ্ধ, বা অসম্পূৰ্ণ হ'ব পাৰে। কিন্তু মই উত্তৰ দিব নোৱাৰিলে "মই নাজানো" বুলি ক'বলৈ সংকোচ নকৰোঁ! আপোনাৰ সহায়ত, মই এজন পূৰণাংগ ৰাজনীতিজ্ঞ লৈ পৰিণত হ'ব পাৰিম, যি সঁচাকৈয়ে সকলো নিউজিলেণ্ডবাসীক প্ৰতিনিধিত্ব কৰিব পাৰিব,” অপাৰ্থিৱ ৰাজনীতিজ্ঞজনে কয়।

https://analyticsindiamag.com/worlds-first-ai-powered-virtual-politician-sam-joins-the-electoral-race-in-new-zealand/


এলিচা

২০১৮ চনৰ মাৰ্চ মাহত ৰুছদেশত অনুস্থিত সাধাৰণ নিৰ্বাচনত কৰ্মৰত ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক উৎখাত কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিলে হাজাৰ হাজাৰ ৰাছিয়ানে - এটা জনপ্ৰিয় কৃত্ৰিম বুদ্ধিমত্তা প্ৰণালীৰ সপক্ষে৷ ১৯৯৯ চনৰ পৰাই প্ৰধান মন্ত্ৰী বা ৰাষ্ট্ৰপাতিৰ পদত দক্ষতাৰে কাম কৰি অহা পুটিনৰ বিপক্ষে থিয় দিয়া, ৰুছ তথ্য-প্ৰযুক্তিৰ কোম্পানী য়ানডেক্সে (Yandex) তৈয়াৰ কৰি উলিওৱা ‘এলিচা’ নামৰ এই কৃত্ৰিম বুদ্ধিমত্তা থকা প্ৰণালীটোৱে ৩৬,০০০ টা ভোট পাবলৈ সক্ষম হৈছিল৷ ইয়াৰ নিৰ্বাচনী প্ৰচাৰ ৱেবচাইটতো "বিশ্বৰ প্ৰথমজন অপাৰ্থিৱ দেশৰ মুৰব্বী নিৰ্বাচন কৰাত উৎসৰ্গিত" (World's first virtual head of state) বুলি দাবী কৰা হয়৷ প্ৰাগ-নিৰ্বাচনী প্ৰচাৰত ‘এলিচা’ই সাংবাদিকসকলক কৈছিল যে ‘তাই’ এটা ভৱিষ্যতৰ প্ৰশাসন ব্যৱস্থাক প্ৰতিনিধিত্ব কৰে, যিটো কেৱল স্পষ্ট ক্ৰমনিৰ্দেশণৰ (clear algorithm) আধাৰত যুক্তিসঙ্গত সিদ্ধান্ত গ্ৰহণ কৰে।

এগৰাকী ৰবট নেতা নিৰ্বাচিত কৰাৰ লাভালাভৰ ক্ষেত্ৰত, এলিচাৰ ২০১৮ প্ৰচাৰ ৱেবছাইটটোৱে, তেজ-মঙহৰ নেতাতকৈ "তাই" কিয় উৎকৃষ্ট, তাৰ ছয়টা কাৰণ আগবঢ়াইছিল৷ সেইবোৰৰ ভিতৰত আছিল আৱেগৰ সলনি যুক্তিৰ প্ৰতি তাই সমৰ্পিত, “মানুহৰ মগজুতকৈ তাই সাত গুণ দ্ৰুত" তথ্য বিশ্লেষণ কৰাৰ সামৰ্থ্য, তাইৰ 24/7 উপলব্ধতা, দৈনিক লাখ লাখ ৰাছিয়ানৰ সৈতে যোগাযোগৰ ওপৰত আধাৰ কৰি তাইৰ ৰাজনৈতিক স্থিতি সলনি কৰাৰ প্ৰতিশ্ৰুতি আৰু তাইক বয়সে ঢুকি নাপায় আৰু ভাগৰ নালাগে।

“ৰবট যুক্তিৰ ওপৰত নিৰ্ভৰ কৰে। তাই আৱেগৰ দ্বাৰা বিচলিত নহয়, ব্যক্তিগত লাভালাভ বিচৰ নকৰে। তাই প্ৰতিটো পদক্ষেপ গণনা কৰে আৰু সততাৰে কাম কৰে,” তাইৰ ৱেবছাইটটোৱে বিজ্ঞাপন দিছিল।

এলিচাই “আপোনাৰ সমস্যাৰ বিষয়ে সকলো” জানিবলৈ আৰু “আপোনাক চিৰদিন মনত ৰাখিব” বুলিও প্ৰতিশ্ৰুতি দিছিল যদি আপুনি সহায়ৰ বাবে তাইৰ ওচৰলৈ যায়।

https://www.newsweek.com/russia-putin-could-face-controversial-robot-next-year-president-election-741509

***


স্বাভাৱিকতে আমাৰ মনলৈ প্ৰশ্ন আহে, ই সঁচাকৈ সম্ভৱনে? কৃত্ৰিম বুদ্ধিমত্তা থকা এটা যন্ত্ৰই সাংসদ এজনৰ কামবোৰ কৰিব পাৰিব নে? বিধায়ক বা মন্ত্ৰী এজনৰ দায়ীত্বসমূহ পালন কৰিব পাৰিবনে? আমাক সঁচা অৰ্থত প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হ’বনে? যদি কেনেবাকৈ কৰিব পাৰেও, ই সঁচাকৈ জনগণৰ উপকাৰত আহিবনে? নে হিতে বিপৰিত হ’ব?


ইয়াৰ বাবে আমি কিছুমান কথা প্ৰণালীবদ্ধভাৱে চালি-জাৰি চাব লাগিব৷ প্ৰথমে বৰ্তমান উপলব্ধ প্ৰযুক্তিসমূহ ফঁহিয়াই চাব লাগিব৷ আৰু অদূৰ ভৱিষ্যতে এই প্ৰযুক্তিসমূহে কি ৰূপ ল’ব তাকো বিবেচনা কৰি চাব লাগিব৷ দ্বিতীয়তে, এজন বিধায়ক বা সাংসদৰ দ্বায়িত্বসমূহ কি কি, তেওঁলোকৰ পৰা সৰ্বসাধাৰণে কি আশা কৰে, সেইবোৰ আমি সুক্ষভাৱে চাব লাগিব৷ তৃতীয়তে, আমাৰ, অৰ্থাৎ সৰ্বসাধাৰণ নাগৰিকৰ প্ৰয়োজনসমূহ পূৰণ চৰকাৰে কেনেকৈ কৰে সেইটোও ফঁহিয়াই চাব লাগিব৷ কিয়নো চৰকাৰ, প্ৰশাসন আদিৰ অস্তিত্বৰ মূল হৈছে সৰ্বসাধাৰণ নাগৰিকৰ প্ৰয়োজনসমূহ পূৰণ কৰাই৷ চতুৰ্থতে আমি অলপ দৃষ্টি নিক্ষেপ কৰিব লাগিব ভাৰত চৰকাৰে ইতিমধ্যে তথ্য-প্ৰযুক্তিৰ কেনে প্ৰয়োগ কৰিছে বা কৰাৰ আঁচনি হাতত লৈছে তাৰ ওপৰত৷ অৱশেষত, আমি পৰ্যালোচনা কৰিম আমাৰ মূল প্ৰশ্নটোত ওপৰত - আমি ৰাজনীতিজ্ঞসকলৰ স্থানত কৃত্ৰিম বুদ্ধিমত্তা থকা যন্ত্ৰ কেতিয়াবা দেখিবলৈ পাম নেকি? ই মানুহৰ আকৃতিৰ যন্ত্ৰ-মানৱ নহবও পাৰে, কৃত্ৰিম বুদ্ধিমত্তা থকা এটা জটিল ক্ৰমনিৰ্দেশণ বা এলগ’ৰিথিমো হ’ব পাৰে৷ এনে পদক্ষেপৰ পৰিণতি কি হ’ব?

বৰ্তমান উপলব্ধ প্ৰযুক্তিসমূহ

Artificial Intelligence বা “কৃত্ৰিম বুদ্ধিমত্তা” বুলিলে কি বুজাই বাৰু? এই শব্দটো শুনাৰ লগে লগে, বেছিভাগ লোকৰ মনলৈ মানুহৰ আকৃতিৰ ৰবট বা যন্ত্ৰ-মানৱৰ কথা আহে। ইয়াৰ কাৰণ হৈছে ডাঙৰ বাজেটৰ চলচ্চিত্ৰ আৰু উপন্যাসবোৰত পৃথিৱীত ধ্বংসযজ্ঞ চলোৱা মানুহৰ আকৃতিৰ দত্যকায় যন্ত্ৰৰ কাহিনী প্ৰায়ে উপস্থাপন কৰা হয়। কিন্তু ই সত্যৰ পৰা বহু নিলগত।


নিশ্বয়, “কৃত্ৰিম বুদ্ধিমত্তা” হৈছে মানুহ বা কোনো জীৱৰ বুদ্ধিমত্তাক এটা যন্ত্ৰত ৰূপাংকণ বা নকল কৰি আটাইতকৈ সৰলৰপৰা অতি জটিললৈকে বিভিন্ন সমস্যা সামধা কৰিব পৰা এক ব্যৱস্থা। আন কথাত ইয়াৰ প্ৰধান লক্ষ্য হৈছে কোনো জীৱৰ মানসিক কাৰ্যকলাপসমূহ যন্ত্ৰত নকল কৰা। 


কাৰিকৰী ভাষাত “কৃত্ৰিম বুদ্ধিমত্তা” বুলি ক’লে “দু্ৰ্বল কৃত্ৰিম বুদ্ধিমত্তা” (Weak Artificial Intelligence) হে বুজাই - যি চাৰিওফালৰ পৰিবেশ পৰ্যবেক্ষণ কৰি বা বিভিন্ন জোখ-মাখ লৈ কোনো নিৰ্দিষ্ট কথা বা কাম শিকে, তাৰ লগত জড়িত যুক্তি দৰ্শাব পাৰে আৰু তাৰ ভিত্তিত বিভিন্ন ধাৰণা গড় দিব পাৰে৷ যেনে - ”ভবিষ্যৎ বানীমূলক বিশ্লেষণ” (Predictive Analytics), “গ্ৰাহক শ্ৰেণীবিভাজন” (Customer Classification), “কম্পিউটাৰ দৃষ্টি” (Computer Vision), “স্বয়ংচালিত গাড়ী” (Driverless Car), “প্ৰাকৃতিক ভাষা বিশ্লেষণ” (Natural Language Processing),  “যান্ত্ৰিক ভাষান্তৰ” (Machine Translation), ইত্যাদি৷ এনে সঁজুলিসমুহ মূলতঃ একোটা একোটা গাণিতিক আৰ্হি (mathematical model) অৰ্থাৎ কেতবোৰ জটিল গাণিতিক সমীকৰণ বা সমীকৰণৰ সমষ্টি৷ হাজাৰ-লাখ তথ্য বা ডাটাৰ লগত ৰিজাই এই সমীকৰণসমূহৰ ধ্ৰুৱকবোৰৰ মান নিৰ্ধাৰণ কৰা হয়, যাক ‘প্ৰশিক্ষণ’ দিয়া (training) বুলি কোৱা হয়৷ ধ্ৰৱকসমুহৰ মান বহুতো বৈধতা নিৰ্ণয় আৰু পৰীক্ষাৰ (validation and testing) দ্বাৰা মনঃপ্ৰোত কৰি তোলা হয়৷ ফলত গাণিতিক অৰ্হিটো সংশোধিত হৈ ইয়াৰ দ্বাৰা যি কৰোৱাব বিচৰা হৈছে, সেইটো কৰিব পৰা হৈ উঠে৷ অৱশেষত সংশোধিত গাণিতিক আৰ্হিটোক ব্যৱহাৰিক কামত নিয়োগ কৰা (deploy) হয়৷   তলৰ চিত্ৰত এনে কিছুমান ব্যৱহাৰ বৰ্ণনা কৰা হ’ল৷ 

গণিত, কম্পিউটাৰ বিজ্ঞান, ভাষাবিজ্ঞান, মনোবিজ্ঞান, আৰু বহুতো বিষয়ৰ আন্তঃবিভাগীয় প্ৰচেষ্টাৰ ফলত “কৃত্ৰিম বুদ্ধীমত্তা” প্ৰযুক্তি নিৰন্তৰ বিকশিত হৈ আছে আৰু আজি ই বিভিন্ন উদ্যোগক লাভান্বিত কৰিব পাৰিছে। এই প্ৰযুক্তিৰ লগত জড়িত কিছুমান শব্দ যেনে - কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence), যান্ত্ৰিক শিক্ষন (Machine Learning), তথ্য-বিজ্ঞান (Data Science), বৃহৎ-তথ্য (Big Data), গভীৰ শিক্ষন (Deep Learning) আদিৰ সমন্ধ তলৰ চিত্ৰত দেখুওৱা হ’ল৷ এই বিষয়সমূহ বহলকৈ পৃথককৈ আলোচনা কৰা হ’ব৷

আনহাতে, “শক্তিশালী কৃত্ৰিম বুদ্ধিমত্তা” (Strong Arificial Intelligence) বা “কৃত্ৰিম সাধাৰণ বুদ্ধিমত্তা” (Artificial General Intelligence) বুলিলে প্ৰকৃতাৰ্থত মানুহ বা তেনে কোনো জৈৱ-বুদ্ধিমত্তা (Biological Intelligence)-ক হুবহু অনুকৰণ কৰাৰ প্ৰচেষ্টাৰ কথা বুজাই - যি চাৰিওফলাৰ পৰিবেশ পৰ্যবেক্ষণৰ পৰা কোনো নিৰ্দিষ্ট কথা বা কাম শিকাৰ সলনি সাধাৰণভাৱে যিকোনো কথা বা কাম শিকাৰ ওপৰত যোৰ দিয়ে৷ লগতে আবেগ, অনুভুতি, প্ৰেম আদিও ৰূপাংকণ (simulate) কৰিবলৈ চেষ্টা চলায়৷ 


কিছুমানে বিশ্বাস কৰে যে বিজ্ঞানীসকলে সোনকালেই মানৱ বুদ্ধিমত্তাতকৈও উত্তম কৃত্ৰিম বুদ্ধিমত্তা বিকশিত কৰিবলৈ সক্ষম হ'ব৷ কিন্তু আন কিছু বিশেষজ্ঞ এই ক্ষেত্ৰত সন্দিহান হৈ ৰৈছে, কিয়নো সকলো মানসিক দক্ষতা মূল্য বিচাৰৰ সৈতে জড়িত যিবোৰ মানুহে অভিজ্ঞতা পৰাহে আহৰণ কৰিব পাৰে।


আমাৰ মাজত কৃত্ৰিম বুদ্ধিমত্তা

আজি তথ্য-প্ৰযুক্তিৰ যুগ৷ আজি স্মাৰ্ট-ফোনৰ যুগ বুলি ক’লেও বঢ়াই কোৱা নহ’ব৷ কাৰণ আজি আমাৰ হাতে হাতে স্মাৰ্ট-ফোন আৰু সদ্যহাতে স্মাৰ্ট-ফোনৰ যোগেদি আমি বহু কাম কৰিবলৈ লৈছো - সাধাৰণ ভাৱৰ আদান-প্ৰদান কৰাৰ বাহিৰেও অ’লা, উবেৰ আদিৰ সহয়াত ভাড়াগাড়ী মাতা,  স্বুইগি, যমাট’ আদিৰ সহায়ত আহাৰ অৰ্ডাৰ কৰা, ক’ৱিনৰ সহায়ত ক’ভিড প্ৰতিৰোধী চিতা লোৱাৰ শ্লট্‌ বা নিৰ্ধাৰিত সময় লোৱা, পে-টিএম, গুগুল-পে আদিৰ সহয়াত পইছাৰ লেন-দেন আদি বহুতো কাম স্মাৰ্ট-ফোনৰ যোগেদিয়েই কৰিবলৈ লৈছো৷ ক’ৰোনা মহামাৰীৰ সময়ত ইয়াৰ প্ৰয়োগ আৰু বাঢ়ি গৈছে৷


“স্মাৰ্ট” মানে “উচ্চ মানসিক ক্ষমতাৰ অধিকাৰী” বুলি ক’ব পাৰি, হয়তো অসমীয়াত “সুপ্ৰতিভ” বুলিব পাৰি৷ ইও কিছু পৰিমানে “কৃত্ৰিম বুদ্ধিমত্তা” থকাৰ পৰিচয় দিয়ে৷  - এই সকলোতে “শক্তিশালী” বিধ নহ’লেও “দুৰ্বল” বিধ “কৃত্ৰিম বুদ্ধিমত্তা” নিশ্চয় কম-বেছি পৰিমাণে প্ৰয়োগ হৈছে৷ থিক তেনেধৰণে “স্মাৰ্ট-চিটি”ত নগৰ পালিকা ব্যৱস্থাসমূহত বহু পৰিমাণে “কৃত্ৰিম বুদ্ধিমত্তা” সন্নিবিষ্ট হ’ব৷ 


ভাৰত চৰকাৰে ২০১৮-১৯ বৰ্ষৰ বাজেটত আমাৰ প্ৰযুক্তিৰ পাৰদৰ্শিতা গঢ়ি তোলাত অগ্ৰাধিকাৰ দিছিল আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰচেষ্টাক বাট দেখুৱাই দিয়াৰ বাবে “নিতি আয়োগ” (NITI Aayog) ক এক ৰাষ্ট্ৰীয় কাৰ্যসূচী আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছিল।


সেই অনুসৰি, নিতি আয়োগে এক ত্ৰিমুখী পদ্ধতি গ্ৰহণ কৰিছিল: (ক) বিভিন্ন ক্ষেত্ৰত ধাৰণা-প্ৰমাণ (proof of concept) কৃত্ৰিম বুদ্ধিমত্তা প্ৰকল্প হাতত লোৱা, (খ) ভাৰতত এক সক্ৰিয় কৃত্ৰিম বুদ্ধিমত্তা পৰিস্থিতিতন্ত্ৰ (eco-system) গঢ়ি তোলাৰ বাবে এক ৰাষ্ট্ৰীয় ৰণনীতি (Strategy) প্ৰস্তুত কৰা, আৰু (গ) বিভিন্ন বিশেষজ্ঞ আৰু অংশীদাৰসকলৰ সৈতে সহযোগিতা কৰা।

 

ফলস্বৰূপে, নীতি আয়োগে ২০১৮ জুনত ভাৰতৰ প্ৰথমখন “কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে ৰাষ্ট্ৰীয় ৰণনীতি” (National Strategy for Artificial Intelligence  - NSAI ) প্ৰকাশ কৰে। “সকলোৰে বাবে কৃত্ৰিম বুদ্ধিমত্তা” বা “AI for All” বুলি জানজাত এই ৰণনীতিয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ অৰ্থনৈতিক সম্ভাৱনাক সামাজিক আৰু সামগ্ৰিক বিকাশৰ সৈতে সংযোজন কৰে, আৰু ভাৰতক ‘বিশ্বৰ কৃত্ৰিম বুদ্ধিমত্তাৰ কাৰখানা’ (AI Garage of the World) হিচাপে প্ৰতিস্থা কৰাৰ অভিলাষ ৰচনা কৰে। এই সুনিৰ্ধাৰিত কৃত্ৰিম বুদ্ধিমত্তাৰ ৰণনীতি ৰচনাৰ যোগদি ভাৰতে এনে ৰণনীতি থকা মুষ্ঠিমেয় অভিজাত দেশৰ তালিকাত অন্তৰ্ভুক্ত হয়।


NSAI-ৰ অনুসৰণ হিচাপে, উলম্বটোৱে আন এক শৃংখলাবদ্ধ ৰণনীতি আৰু ৰূপায়ণ বিধি কাৰ্যক্ষম কৰা হৈছে। কৃত্ৰিম বুদ্ধিমত্তা-ভিত্তিক ক্লাউড-কম্পিউটিং আন্তঃগাঁথনিৰ বিকাশৰ বাবে ভাৰতৰ দৃষ্টিভংগী নিৰ্ধাৰণ কৰা AIRAWAT (AI Research, Analytics and knowledge Assimilation) জানুৱাৰী 2020-ত মুকলি কৰা হৈছিল।  AIRAWAT বিকাশে উচ্চমানৰ হাৰ্ডৱেৰৰ সকলোৰে বাবে সহজলভ্য কৰি তুলিব যি কৃত্ৰিম বুদ্ধিমত্তা গৱেষণা আৰু বিকাশৰ বাবে গুৰুত্বপূৰ্ণ।


এই সম্পৰ্কে সমৰ্পিত ভাৰত চৰকাৰৰ ৱেবচাইট https://indiaai.gov.in ত বহু তথ্য পোৱা যায়৷


ইয়াৰ সমান্তৰাল ভাৱে, ভাৰত চৰকাৰে শেহতীয়াকৈ ই-প্ৰশাসন (e-govenance) সম্পৰ্কে বহু পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে৷ এই পদক্ষেপসমূহে প্ৰত্যক্ষ বা পৰোক্ষভাৱে বিভিন্নধৰণৰ কৃত্ৰিম বুদ্ধিমত্তা প্ৰণালীসমূহক প্ৰশিক্ষণ আৰু ৰূপায়ন কৰাত সহায় কৰিব৷ এই পদক্ষেপসমূহত অলপ ভুমুকি মাৰি চাও আহক৷ 

ই-প্ৰশাসন, চৰকাৰী বেৱচাইট বা এপসমূহ

ডিজিটেল ইণ্ডিয়া উদ্যোগৰ অন্তৰ্গত, ২০০৬ চনত, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি বিভাগ আৰু প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগৰ দ্বাৰা “ৰাষ্ট্ৰীয় ই-প্ৰশাসন পৰিকল্পনা” (National e-Governance Plan - NeGP; https://negd.gov.in/) প্ৰস্তুত কৰা হৈছিল৷ ইয়াৰ  উদ্দেশ্য হৈছে সকলো চৰকাৰী সেৱা সাধাৰণ মানুহৰ বাবে উপলব্ধ কৰা, সাধাৰণ মানুহৰ মৌলিক প্ৰয়োজনীয়তা উপলব্ধি কৰিবলৈ সুলভ ব্যয়ত এনে সেৱাৰ দক্ষতা, স্বচ্ছতা আৰু নিৰ্ভৰযোগ্যতা নিশ্চিত কৰা। UMANG (Unified Mobile Application for New-age Governance), DigiLocker, NCoC, RAS, PMIS, OpenForge, LMS আদি হৈছে NeGP-ৰ অন্যতম সঁজুলি বা প্ৰকল্পসমূহ৷

এই চৰকাৰী ৱেবচাইট বা এপ্প্‌ সমূহে জন-সংযোগ প্ৰতিস্থা কৰিবলৈ, বিভিন্নধৰণৰ চৰকাৰী সেৱা আগবঢ়াবলৈ উল্লেখযোগ্যে অৰিহণা যোগাইছে৷ ক্ৰমান্নয়ে ৰাইজেও এইবোৰৰ সেৱা ল’বলৈ আৰম্ভ কৰিছে৷ তদোপৰি, প্ৰতিটো বিভাগৰ ৱেবচাইটসমূহে সেই বিভাগৰ সমূহীয়া তথ্যসমূহ যেনে - বিভিন্ন বিধি-বিধান, আইন-কানুন, মাছুল বা জৰিমণাৰ নিৰিখ আদি পোৱা যায় বা পোৱা উচিত৷ আনহাতে, ব্যক্তিগত বা নিৰ্দিষ্ট তথ্যসমূহ যেনে - কৰ, ৰাজহ, জৰিমনা আদি চৰকাৰী ঘৰে পাওনা, কোনো আৱেদনৰ স্থিতি তথ্য আদি আঙুলীৰ মূৰত পাব পৰা হৈ গৈছে৷ এই সেৱাসমূহ সহজলভ্য কৰি তোলাৰ লগতে দূৰ্নীতি হ্ৰাস কৰাতো সহায় কৰিছে৷


আনহাতে, “MyGovt” বা “মোৰ চৰকাৰ” (https://www.mygov.in/) হৈছে ভাৰত চৰকাৰে দেশৰ শাসন আৰু উন্নয়নত ভাৰতীয় নাগৰিকসকলক সক্ৰিয় অংশগ্ৰহণ কৰোৱাবলৈ প্ৰতিষ্ঠা কৰা এক নাগৰিক সঁহাৰি মঞ্চ। ইয়াৰ উদ্দেশ্য হৈছে ভাৰতীয় নাগৰিকসকলৰ পৰা শাসনৰ দিহা-পৰামৰ্শ সংগ্ৰহ কৰা৷ ইয়াৰ ব্যৱহাৰকাৰীসকলে বিভিন্ন চৰকাৰী প্ৰকল্প আৰু পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে আৰু অৱদান আগবঢ়াৱা পাৰে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ইয়াৰ লক্ষ্য হ’ল নিৰ্বাচিত কাৰ্যবাহীসকল আৰু ভোটাসকলৰ মাজৰ ক্ৰমবৰ্ধমান ব্যৱধান হ্ৰাস কৰা।


আনহাতে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্চী (National Register of Citizen - NRC), ৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জী (National Population Register - NPR), ৰাষ্ট্ৰীয় সামাজিক পঞ্জী (National Social Register - NSC), আধাৰ (Aadhaar) ব্যৱস্থা, ভোটাৰ তালিকা, পেন (PAN) কাৰ্ড / IT return, দ্ৰব্য আৰু সেৱা কৰ নেটৱৰ্ক (Goods and Services Tax Network - GSTN), ৰেচন কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পাৰপত্ৰ (Passport)- আদি বিভিন্ন প্ৰস্তাৱিত বা ইতিমধ্যে থকা ইলেকট্ৰনিক পঞ্চীয়ন বা তথ্যভাণ্ডাৰত ভাৰতীয় নাগৰিকৰ আৰু তেওঁলোকৰ অনুস্থান-প্ৰতিস্থানসমূহৰ বিভিন্ন প্ৰকাৰৰ তথ্য বৃহৎ সংখ্যাত মজুত আছে বা মজুত থাকিব৷ এই তথ্যসমূহ চৰকাৰে আইন / নীতি সংৰচনা কৰা, প্ৰকল্প পৰিকল্পনা কৰা আদি অজস্ৰ জনহিতকাৰী কামত ব্যৱহাৰ কৰে৷ “কৃত্ৰিম বুদ্ধিমত্তা” প্ৰণালী এটাকো এইবোৰ তথ্যৰ সহায়তে প্ৰশিক্ষণ দিব পৰা যাব৷

গণতন্ত্ৰ, নিৰ্বাচন, নেতা, প্ৰতিনিধি ইত্যাদি

এতিয়া আহকচোন আমি আমাৰ প্ৰাৰ্থমিক প্ৰশ্নটিলৈ ঘুৰি যাও - কৃত্ৰিম বুদ্ধিমত্তা কেতিয়াবা আমাৰ মেয়ৰ, বিধায়ক, সাংসদ বা মন্ত্ৰী হ’ব পাৰিব নেকি? আপাত দৃষ্টিত গণতন্ত্ৰ সবাতোকৈ উত্তম শাসন ব্যৱস্থা৷ সেয়ে বিশ্বৰ বিভিন্ন দেশত বিভিন্ন ৰূপত গণতন্ত্ৰক জনসাধাৰণে আকোৱালি লৈছে৷ কিন্তু এই ব্যৱস্থা জানো ধোৱা তুলসীৰ পাত? আৰম্ভনীয়ে উল্লেখ কৰা আই-ই বিশ্ববিদ্যালয়ৰ সমীক্ষাৰ অংশগ্ৰহণকাৰীসকল অথবা, “AI Mayor”, “চেম্‌” বা “এলিচ” আদিৰ সৃষ্টিকৰ্তা তথা প্ৰচাৰকসকলে প্ৰকাশ কৰা প্ৰতিস্থিত গণতন্ত্ৰ ব্যৱস্থাৰ আহুকাল কিছুমান আমাৰো চকুত নপৰে নে? প্ৰায়েই বিতৰ্ক হোৱা, সমালোচনা হোৱা, এই ব্যৱস্থাৰ কিছুমান অসুবিধা  বা অসম্পূৰ্ণতা চমুকৈ আঙুলীয়াই দিলোঁ-

নিৰ্বাচনৰ আগতে/সময়ত---

  • নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ পাৰস্পৰিক বিৰোধাচৰণৰ ফলত সামাজিক অশান্তি-হিংসা, ভাতৃকন্দল সৃষ্টি

  • প্ৰাৰ্থীসকলে কিছুমান অসম্ভৱ, অবান্তৰ প্ৰতিশ্ৰুতি দি ভোট দ্বাতাক বিচলিত কৰা

  • তোষামোদ, হিতাকাৰী আচঁনীৰ দ্বাৰা ভোট দ্বাতাক বিচলিত কৰা

  • নিৰ্বাচন প্ৰচাৰত অনাহকত ধন-সময়-শ্ৰম ব্যয়

  • ভোট-বিভাজনৰ ফলত যোগ্য প্ৰাৰ্থী বিজয়ী হোৱাৰ পৰা বঞ্চিত


নিৰ্বাচনৰ পিছত---

গণতন্ত্ৰ বা democracyত “ৰাইজেই ৰজা” অৰ্থাৎ জনগণেই শাসক নিৰ্বাচন কৰে৷ ভাৰতত প্ৰতি ৫ বছৰৰ মুৰে মুৰে নিৰ্বাচন হয় আৰু সাংসদ বা বিধায়ক নিৰ্বাচিত হয়৷ এনে এজন নিৰ্বাচিত সাংসদ বা বিধায়কৰ দায়ীত্বসমূহক বহলকৈ চাৰিটা ভাগত ভাগ কৰিব পাৰি:

  • বিধানমূলক দায়িত্ব (Legislative Responsiblity): লোকসভা বা বিধানসভাত বিধায়ক প্ৰস্তুত কৰাত আগ-ভাগ লোৱা আৰু ইয়াক আইনত পৰিণত কৰাৰ সহায় কৰা৷


  • পৰ্যৱেক্ষণমূলক দায়িত্ব (Oversight Responsibility): চৰকাৰখনে নিজৰ কৰ্তব্যসমূহ  সন্তোষজনকভাৱে পালন কৰাটো নিশ্চিত কৰা৷


  • প্ৰতিনিধিমূলক দায়িত্ব (Representative Responsibility): তেওঁলোকৰ সমষ্টিৰ জনসাধাৰণৰ মতামত আৰু আকাংক্ষাক প্ৰতিনিধিত্ব কৰা।


  • বিত্তিয় ক্ষমতাৰ দায়িত্ব (Power of the purse responsibility): চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত ৰাজহ আৰু ব্যয়ৰ অনুমোদন আৰু তত্বাৱধান কৰা।


  • তদোপৰি, মন্ত্ৰীসকলৰ অতিৰিক্ত প্ৰশাসনিক দায়িত্ব (additional responsibility of the executive) কিছুমান থাকে৷


Ref: http://www.swaniti.com/wp-content/uploads/2015/03/Role-of-an-MP-MPLADS.pdf

https://en.wikipedia.org/wiki/Member_of_parliament,_Lok_Sabha


এইলোকে এই দায়িত্বসমূহ কিমান নিষ্ঠাৰে পালন কৰে? বা পালন কৰিবলৈ যত্নপৰ হয়? ভোটাৰ হিচাপে আমি কিবা হিচাপ ৰাখো নে? নে ভোট দিয়াৰ পিছত ৫ বছৰলৈ তেওঁলোকক আমি পাহৰি যাওঁ, তেওঁলোকেও আমাক পাহৰি যায়?


বিধানমূলক দায়িত্বৰ ক্ষেত্ৰত আমাক সঁচাকৈ “নিৰ্বাচিত প্ৰতিনিধি" লাগে নে? শুদ্ধ নীতি প্ৰনয়ণ কৰিবলৈ আমাক যথাসম্ভৱ শুদ্ধ আৰু সম্পূৰ্ণ তথ্যৰ প্ৰয়োজন, তাৰ পিছত সেইবোৰ বিশ্লেষণ কৰিবলৈ উপযুক্ত আহিলা আৰু দক্ষতাসম্পন্ন “বিশেষজ্ঞ”ৰ প্ৰয়োজন৷ বিষয়বস্তুৰ লগত কোনো সমন্ধ নথকা, তথ্যৰে অপৰিপক্ক এজন লোক জনসাধাৰণৰ ভোটত নিৰ্বাচিত হৈ আহিলে বুলিয়েই আমাৰ বাবে নীতি প্ৰনয়ণ কৰিবলৈ যোগ্য হয়নে?


পৰ্যৱেক্ষণমূলক আৰু বিত্তিয় ক্ষমতাৰ দায়িত্বৰ ক্ষেত্ৰত “ব্যক্তি” এজনে কোনো পৰ্যবেক্ষণ কিমান নিৰপেক্ষভাৱে দিব পাৰিব তাত নিশ্চয় সন্দেহ থাকি যায়৷ কোনো প্ৰকল্পৰ ৰূপায়ন মূল্যায়ন কৰিবলৈও “বিশেষজ্ঞ”ৰ প্ৰয়োজন৷  বিত্তিয় হিচাপ-নিকাচ কৰিবলৈও “বিশেষজ্ঞ”ৰ প্ৰয়োজন৷


প্ৰতিনিধিমূলক দায়িত্ব আমাৰ প্ৰতিনিধিসকল কিমান পক্ষপাতিত হয়, আমি সকলোৱে জানো৷ নিজ ধৰ্ম-জাত-নৃগোষ্ঠি-ভাষাৰ প্ৰতি বেছি সৎভাৱ দেখুওৱা প্ৰতিনিধিসকলে জানো তেওঁলোকৰ সমষ্টিৰ সঠিক প্ৰতিনিধিত্ব কৰিব পাৰে? তাতে ভোট-বিভাজন বাবে মাত্ৰ ২০-৩০% ভোট দ্বাতাৰহে সমৰ্থন তেওঁৰ থাকে৷ আনহাতে সমষ্টিটোৰ প্ৰতিজন নাগৰিকৰ সম্পূৰ্ণ তথ্যৰে সমৃদ্ধ এটা “কৃত্ৰিম বুন্ধিমত্তা প্ৰণালী”য়ে হয়তো অধিক সফলতাৰে তেওঁলোকক প্ৰতিনিধিত্ব কৰিব পাৰিব৷


থিক তেনেদৰে, ওপৰত উল্লেখিত “বিশেষজ্ঞ”সকল কোনো তেজ-মঙহৰ হ’ব লাগে বুলি কথা নাই৷ “কৃত্ৰিম বুন্ধিমত্তা প্ৰণালী”ও হ’ব পাৰে৷


তেনেক্ষেত্ৰত আমাক নিৰ্বাচিত প্ৰতিনিধিৰ প্ৰয়োজন আছেনে? সেয়ে, প্ৰথমেই উল্লেখ কৰা সমীক্ষাৰটিৰ ফলাফলত ধৰা পৰা দৰেই, কিছুমান পৈণত আৰু উন্নত গণতান্ত্ৰিক দেশৰ জনসাধাৰণে ভাৱিবলৈ বাধ্য হৈছে, গণতন্ত্ৰতকৈও উৎকৃষ্ট কিবা ব্যৱস্থা থাকিব পাৰে নেকি? বৰ্তমানৰ তথ্য-প্ৰযুক্তিৰ সহায় লৈ এক নতুন ধৰণৰ ‘শাসন-তন্ত্ৰ’ উদ্ভাৱন কৰিব পাৰি নেকি? ইয়াতেই তেজ মঙহৰ সাংসদসকলৰ সকলোকে নহলেও, কিছুসংখ্যকৰ ঠাইত কৃত্ৰিম বুদ্ধিমত্তা নিয়োগ কৰাৰ কথা ভৱা হৈছে৷ যিকেইজন মুষ্টিমেয় তেজ-মঙহৰ প্ৰতিনিধি নিৰ্বাচিত হব, তেওঁলোকে এই প্ৰযুক্তি ভালকৈ বুজি পোৱাটো আৰু সেইবোৰ ক্ষীপ্ৰতাৰে প্ৰয়োগ কৰোৱাটো অতিকৈ প্ৰয়োজন হৈ আহিব৷ আমি ভাৰতীয় ভোটদ্বাতা সকলেও এই কথা গুৰুত্বসহকাৰে ভাৱিবৰ হ’ল৷


No comments:

Post a Comment