Monday, December 9, 2013

অ’ত ত’ত য-কাৰ

অসমীয়াত ইংৰাজী শব্দ কেনেকৈ লিখিব লাগে ইয়াৰ বিষয়ে বহুতো তৰ্ক-বিৰ্তক চলি আছে৷ ই এটা বিশাল বিষয়৷ সকলো ইয়াত আলোচনা কৰিব বিচৰা নাই৷ কিন্তু এটা বিশেষ দিশ ইয়াত উল্লেখ কৰিব বিচৰা হৈছে -- 'য-কাৰ'ৰ ব্যৱহাৰ৷ বাংলাত বহু ইংৰাজী শব্দ লিখোতে য-কাৰ ব্যৱহাৰ কৰা দেখা যায়৷ যেনে - দ্যা/দ্য (the), জ্যাম (jam), ব্যাংক (bank), ব্যাটিং (batting[cricket]), ন্যশ্যনেল (national),  ক্যাম্পাস (campus)  আদি৷

আজি কিছুবছৰ আগলৈকে অসমীয়া কাকত আলোচনীসমূহত এক পৃথক শৈলী অৱলম্বন কৰা দেখা গৈছিল৷
the = দা / দি
jam = জাম
bank = বেংক
batting = বেটিং
national = নেচ’নেল
campus = কেম্পাচ
আদি৷ এইটো অসমীয়া সহজ-সৰল আৰু পোন-পতিয়া উচ্চাৰণৰ লগত মিল থকা শৈলী৷ ই অসমীয়া ভাষাৰ এক নিজস্বও বহন কৰে যেন লাগে৷

কিন্তু শেহতীয়া ভাৱে অসমীয়া কাকত-আলোচনীসমূহে এই বাংলা শৈলী অনুকৰণ কৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ the শব্দটো 'দ্য' এনেকৈ লিখিবলৈ আৰম্ভ কৰা দেখা গৈছে৷ ই বাংলা শৈলীৰ অন্ধ অনুকৰণ নহয়নে? বাংলাত 'য়' আৰু 'য-কাৰ'ৰ উচ্চাৰণ w-ৰ দৰে৷ সেয়ে 'অন্য' শব্দটো তেওঁলোকে 'annwa' এনে ধৰণৰ উচ্চাৰণ কৰে৷ সেয়ে 'the' শব্দটো 'দ্য' এইধৰণে লিখিলে ইংৰাজী উচ্চাৰণটোৰ প্ৰায় ওচৰত উচ্চাৰিত হয়৷

আনহাতে অসমীয়াত 'য়' আৰু 'য-কাৰ'ৰ উচ্চাৰণ y-ৰ দৰে, সেয়ে 'অন্য' শব্দটো 'annya' এনে ধৰণে উচ্চাৰিত হয়৷ গতিকে 'দ্য' বুলি লিখিলে অসমীয়াভাষী এজনে যেন 'dya' - এনেকৈ উচ্চাৰণ কৰিব ... যি ইংৰাজী মূল শব্দটোৰ উচ্চাৰণৰ লগত কোনো মিল নাই৷ 'the' শব্দটোত 'য়'/'য' নাই, তেনে স্থলত 'য-কাৰ' ব্যৱহাৰ কৰাৰ যুক্তি বুজিবলৈ অলপ কঠিন৷ 




Tuesday, February 26, 2013

মঙ্গলযান

বিজ্ঞান, প্ৰযুক্তিয়ে মোক সদায়েই আকৰ্ষিত কৰে, উত্তেজিত কৰে৷ ভাৰতে এই বছৰৰ (২০১৩) নবেম্বৰ মাহত মঙ্গল গ্ৰহলৈ এখন মহাকাশ যান পঠিয়াব৷ নামটো 'মঙ্গলযান'৷ যোৱা বছৰ প্ৰধান মন্ত্ৰী শ্ৰীমনমোহন সিং, আৰু এইবাৰ ৰাষ্ট্ৰপতি মহোদয় প্ৰণৱ মুখাৰ্জীয়েও কথাটো ঘোষণা কৰিলে৷

মঙ্গল যাত্ৰাৰ সকলোতকৈ জটিল কাৰিকৰী প্ৰত্যাহ্বান হ’ল - ইয়াৰ ইঞ্জিনটো প্ৰায় ৩০০ দিন বন্ধ হৈ থকাৰ পিছত আকৌ পূনঃ সজীৱ কৰি তুলাটো৷ পৃথিৱীক অৱৰ্তণ কৰি অৱস্থাত এই ইঞ্জিন ৱ্যৱহাৰ হ’ব কক্ষপথৰ ব্যাস ক্ৰমান্নয়ে বৃদ্ধি কৰিবলৈ৷ তাৰ ৩০০ দিনৰ পিছত মঙ্গল গ্ৰহৰ ওচৰ চপাৰ লগে লগে এই গ্ৰহৰ মধ্যাকৰ্ষণৰ কবলত আহিবলৈ আকৌ  ইঞ্জিনটো চলাব লাগিব৷ ইমান দিন অতিপাত শীতল মহাকাশৰ মাজেৰে যোৱাৰ পিছত ইয়াক সজীৱ কৰিব পৰা যাবনে?

বহু বিদেশী সমালোচকে এই বছৰৰ নবেম্বৰ মাহত এই মহাকাশ যান তৈয়াৰ হৈ উঠিব পাৰিব নে নাই সন্দেহ প্ৰকাশ কৰা দেখা যায়৷ তেওঁলোকৰ মতে সময় বৰ টাকৰ - ইমান কম সময়ৰ ভিতৰত বিভিন্ন কাৰিকৰী আহিলাৰ তৈয়াৰ আৰু পৰীক্ষা হৈ উঠাটো প্ৰায় অসম্ভৱ৷ প্ৰকল্পটোৰ পৰিকল্পনাৰ ওপৰতেই ই নিৰ্ভৰ কৰিছে৷ প্ৰতিস্থানৰ কৰ্মকৰ্তাসকলে নিশ্চয় সু-পৰিকল্পিত আচঁনি লৈছে বুলি আশা কৰিছো৷

আমোদজনকভাৱে মই বাতৰি-কাকত আদিৰ বাহিৰে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিস্থানৰ কোনো চৰকাৰী জালপৃষ্ঠা বিচাৰি পোৱা নাই৷ কোনো পঢ়োৱৈয়ে পালে মোক জনালে নথৈ আনন্দিত হ’ম৷


তথ্যসূত্ৰ:

Friday, April 27, 2012

কোনো দিন এই বাটেৰে ঘৰলৈ যাব পাৰিমনে?

কোনো দিন এই বাটেৰে ঘৰলৈ যাব পাৰিমনে?
I wish, I can go home by this route some day !!





Saturday, March 10, 2012

দিঠকৰ পথৰ সপোনবোৰ...

সপোন-১: মই কলম এটা লৈ কাগজ এখনত অসমীয়াতে কবিতা এটা লিখিলো৷ ইয়াক কেমেৰাটোৰ  আগত ডাঙি ধৰাৰ লগে লগে ই সলসলীয়াকৈ আবৃত্তি কৰি দিলে৷ 
নেপথ্যত: মই এটা সাধাৰণ কলম লৈ অসমীয়াত এটা লিখা কবিতাটো কম্পিউটাৰটোৰ কেমেৰাটোৱে স্কেন কৰি 'শব্দ'লৈ পঠিয়াই দিলে৷ শব্দৰ "অপ্টিকেল কেৰেক্টাৰ ৰিকগ্নিচন" (Optical Character Recognition)-ৰ দ্বাৰা ইয়াক ইউনিকোড অসমীয়ালৈ ৰূপান্তৰ কৰা হ’ল৷  অৱশেষত টেক্স-টু-স্পিটচ্ (Text-to-Speech) প্ৰণালীৰ সহায়ত আবৃত্তি কৰি দিলে৷

সপোন-২:  মোৰ ব্যৱসায়ৰ চীনা অংশীদাৰ (Business Partner) এজনৰ লগত ভিডিঅ’-ছেটিঙৰ সহায়ত কথা পাতি আছো৷ 
নেপথ্যত:  মই কোৱা অসমীয়া কথাবোৰ 'শব্দ'ৰ ৱইচ-ৰিকগনিচন (Voice Recognition) প্ৰণালীৰ অংকীয়কৃত হ’ল৷ সেইবোৰ অসমীয়া-চীনা যান্ত্ৰিক অনুবাদনৰ সহায়ত চীনা ভাষালৈ ৰূপান্তৰ কৰা হ’ল৷ অৱশেষত সেইবোৰ চীনা টেক্স-টু-স্পিটচ্ এটাই পঢ়ি দিলে৷ আনহাতে গয়াং ঝাঙে কোৱা চীনা কথাবোৰ মই অসমীয়াত শুনিবলৈ পালো৷

সপোন-৩: মই লিখা উপন্যাসখনৰ ৩০০ পৃষ্ঠাৰ পণ্ডুলিপি ফটোকপি যন্ত্ৰটোত ভৰাই দিলো৷ মূহুৰ্ততে গোটেইখন ইংৰাজী, বঙালী, বড়ো, তামিল আদি বিভিন্ন ভাষালৈ অনুবাদ হৈ ওলাই আহিল৷

Thursday, October 20, 2011

মেইড ইন আচাম !!

এই নাটকখন সৃষ্টি কৰা হৈছিল ২০০৯ চনৰ মাৰ্চ-এপ্ৰিল মাহত আবু-ধাবি চহৰত থকা অসমৰ মানুহ কেইজনমানৰ যৌথ প্ৰচেষ্টাত৷ শ্ৰীমন্দ (মন্দাৱস্থা = Recession) এই নাটৰ সুত্ৰধাৰ তথা খলনায়ক৷ তেওঁৰ কথা কেৱল নৈপথ্যৰ পৰাও কৰিব পাৰি অথবা এজন অভিনেতায়েও কৰিব পাৰে৷

ইয়াক প্ৰথমবাৰৰ বাবে পৰিবেশন কৰা হয় ডুবাইৰ ২০০৯ চনৰ ৰঙালী বিহু অনুস্থানত৷
অংশ গ্ৰহণকাৰীসকল: শ্ৰী বিক্ৰম ম. বৰুৱা (ৰাজ), শ্ৰী ধৰ্মানন্দ মজুমদাৰ (শ্ৰীমন্দ), শ্ৰী বিভুতিব্ৰত শৰ্মা (জ্যেষ্ঠ ৰাজ), শ্ৰী সুমন্ত দত্ত (হাচান), শ্ৰী ধ্ৰুৰ্জ্যোতি চলিহা (ৰূপ), শ্ৰী স্থৱীৰজিৎ চলিহা (জিৎ), শ্ৰী প্ৰশান্ত মহন্ত (মিষ্টাৰ কুত্তি) আৰু শ্ৰী পদ্মনীল লহকৰ (বেংক কৰ্মচাৰী - জন)৷


দৃশ্য-১: ফোনত কথা-বতৰা

শ্ৰীমন্দ:    হা হা হা! মই শ্ৰীমন্দ, কৰো সকলো লণ্ড-ভণ্ড!! গোটেই পৃথিবী গ্ৰাস কৰি আহি আছো – এতিয়া UAE-ৰ পাল্লা, কি কৰিব পাৰো চাওঁ ৰ ইহতক৷
(ৰাজে পোছাকী কাপোৰ পিদ্ধি অফিচলৈ যাবলৈ সাজু হয়৷)

শ্ৰীমন্দ:    ইহ! ৰাজৰ ইস্তাইল চা, কোট টাই মাৰি অফিচ যাব ওলাইছে, মিদল ইস্তত কাম কৰে একেবাৰে ফুলি আছে...
 (ফোনটো বাজি উঠে)
শ্ৰীমন্দ: ৰাতিপুৱাই কাৰ ফোন আহিল?
(দেউতাকৰ (জ্যেষ্ঠ ৰাজ) লগত ফোনত কথা পাতি পাতি ---)
ৰাজ:    হেল্লো, দেউতা, গুৱাহাটিত ভালনে?
জ্যেষ্ঠ ৰাজ:    অ’ ভাল, তই ভালে আছনে? শুন! আইজনীৰ বিয়াৰ দিন ঠিক হৈ গ’ল – অহা বহাগৰ 10 তাৰিখে৷
ৰাজ:    বৰ ভাল খবৰ, বৰ ভাল খবৰ, তই যা-যোগাৰ কৰি দে… মোৰ ফালৰ পৰা যি পাৰো পইছা পঠিয়াই আছো৷
জ্যেষ্ঠ ৰাজ:    হ’ব বাৰু, আৰু শুন, ঘৰৰ বিল্ডাৰৰ পৰা নতুন demand letterখন আহিলে৷
ৰাজ:    ঠিক আছে, মই যিমান পাৰো সোনকালে তাৰ পইছাখিনিও পঠিয়াই দিম৷ বাৰু থৈছো এতিয়া৷
জ্যেষ্ঠ ৰাজ:    বাৰু থ, ভালে ভালে থাকিবি৷

Thursday, September 29, 2011

প্ৰত্যাবৰ্তন

The greatest achievement in my endeavor to write Sci-Fi stories is the publication of a story called 'Pratyahbartan' (The Return) published on 01-Oct-1999 issue of the 'Prantik', a popular magazine in Assamese. It is written in a futuristic backdrops of the 2050s when people use Robomobiles manufactured at Deka Robomobiles Limited (DRL) and Guwahatians travel by the GuMet systems that connects North Guwahati with proper Guwahati via a tunnel under the mighty Brahmaputra. In this story, scientists at GERO (Generic Engineering Research Organization) attempts to make a clone of Srimanta Sankardeva, the great saint of the 15th Century. While carrying out this ambitious project, a fellow scientist discovers something really unbelievable!

* Reproduced in "অসমীয়া কল্পবিজ্ঞান গল্প-সংকলন", compiled and edited by শ্ৰৌমান শান্তনু তামূলী, published by Sahitya Akademi, New Delhi.






পৃষ্ঠা-২



পৃষ্ঠা-৩

 পৃষ্ঠা-৪
 পৃষ্ঠা-৫


Thursday, September 1, 2011

ঘূৰ্ণাক্ষবীক্ষণ যুক্ত চলচিত্ৰ-খেল

মোৰ ৬ বছৰীয়া ল’ৰাটোক জন্মদিনৰ উপহাৰ কি দিম একো ভাবি নাপাই, তাকেই সুধিলো - কি লাগিব? সি ক’লে - "মোক 'ৱুঈ' এটা লাগিব৷"

"ৱুঈ" ??? কেতিয়াও নাম শুণা নাছিলো৷ এইটো আকৌ কি বস্তু? তাক আৰু বহলাই ক’বলৈ ক’লো৷ সি বিৰক্তিভাৱ দেখুৱাই ক’লে - "ৱঈ" আকৌ! মানে ডেব্লিউ, আই, আই ("Wii") !! তুমি মোক দোকানলৈ লৈ যাবা, মই দেখুৱাই দিম এইটো কি বস্তু৷" সি আৰু বিশেষ মোক নক’লে৷

তাক দোকানলৈ লৈ গ’লো৷ সাধাৰণ উপন্যাস এখন যিমান ডাঙৰ সিমানমান ডাঙৰ এটা বগা বাকচ সি দেখুৱাই দি ক’লে - "এইটো!" বস্তুটো দেখাৰ পিছত দোকানৰ বিক্ৰি-কৰ্মীজনৰ লগত কথা পাতিহে বস্তুটো কি বুজিলো৷

ই এটা চলচিত্ৰ-খেল মানে ভিডিঅ’ গেইমৰ আহিলা৷ ইয়াৰ দূৰনিয়ন্ত্ৰকডাল বিশেষধৰণৰ - ঘূৰ্ণাক্ষবীক্ষণ যুক্ত৷ চলচিত্ৰ-খেলৰ চৰিত্ৰটোৰ হাত-ভৰি ল’ৰে দূৰনিয়ন্ত্ৰকডাল যেনেকৈ লৰাইছো তেনেকৈ! মানে তাৰোৱাল চলোৱা চৰিত্ৰটোৰ তাৰোৱাল চলাবলৈ খলুৱৈজনে দূৰনিয়ন্ত্ৰকডাল তৰোৱাল চলোৱাৰ দৰে ঘূৰাই-পকাই শত্ৰুক মাৰিব লাগিব৷ চলচিত্ৰ-খেলৰ পিং-পং খেলা চৰিত্ৰটোৰ হাত চলাবলৈ আপুনি দূৰনিয়ন্ত্ৰকডাল লৈ সেইমতে হাত চলাব লাগিব৷

মই সাধাৰণতে চলচিত্ৰ-খেল কিনাৰ পক্ষপাতি নাছিলো - কাৰণ এইবোৰৰ পৰা শাৰীৰিক কষ্ট একো নহয়৷ কিন্তু "ৱুঈ"ৰ ক্ষেত্ৰত এনে নহয়৷ খেলিলে মানুহ একেবাৰে ঘামি যায়৷ গতিকে মই এইটো কিনিবলৈ সিদ্ধান্ত ল’লো৷ ঘৰত বাকচটো খুলি দেখো এডাল নহয়, দুডাল দূৰনিয়ন্ত্ৰক আছে৷ এতিয়া মোৰ ৬ বছৰীয়াটোৰ প্ৰতিনায়ক হ’ও মই৷ এখন তৰোৱাল তাৰ হাতত, আনখন মোৰ হাতত !!

কথাটোত মোৰ শ্ৰীমতীৰো সমৰ্থন আছে - ফেঁচাৰ নিচিনা চকুকেইটা ৰঙা আৰু ডাঙৰ কৰি মাজ-নিশালৈকে কোলাতলোৱা"জনী"ৰ লগত লীলা কৰি থকাতকৈ "ৱুঈ" খেলিলে শ্ৰীমতীয়ে বেছি ভাল পাই - অন্ততঃ বহুমুত্ৰ ৰোগ, উচ্চ ৰক্তচাপ আদিৰ সম্ভৱনা কমি থাকিব৷