Tuesday, May 11, 2010

চীনদেশলৈ গৈছিলো - ১ : খাদ্যাভ্যাস

২০০৮ চনৰ জুলাই মাহত ফুৰিবলৈ আৰু 'মিতিৰ' খাবলৈ চীনদেশলৈ গৈছিলো৷ ভ্ৰমণ কাহিনী লিখিম লিখিম বুলি থাকোতে থাকোতে আজি দুবছৰ হৈ গ’ল৷ পলমকৈ হলেও তাৰ আচহুৱা অভিজ্ঞতাবোৰ লিখি থওঁ বুলি ভাবিছো৷

মোৰ খুলশালি সন্দিপ বা পাপুৱে আমেৰিকাত পঢ়ি থকোতে সহপাঠী চীনদেশৰ চইয়াং ঝাং (Shuoyang Zhang) বা 'চান্নি'ক বিয়া কৰাবলৈ মনস্থ কৰিলে৷ সেই সুত্ৰে নিমিশতে মোৰ বহুতো চীনা মিতিৰ-কুতুম হৈ গ’ল৷ ২০০৮ চনৰ জুলাই মাহত তেওঁলোকে চীনা প্ৰথাৰে পতা বিয়াত আমি দৰা ঘৰীয়া হৈ গৈছিলো৷ দৰা ঘৰীয়াত আছিলো আমি মাত্ৰ তিনিটা প্ৰাণী - আমাৰ তিনি বছৰীয়া প্ৰিতু, মোৰ পৰিবাৰ অৰ্থাৎ দৰাৰ বায়েক আৰু মই৷
যিকি নহওঁক, আবুধাবিৰ পৰা বেইজিং হৈ তেওঁলোকৰ চহৰ ঝেংঝৌ পালোগৈ৷ বিমান বন্দৰৰ পৰাই বিশেষ আদৰ সাদৰ৷ ফুলৰ বুকে আদিৰে আদৰণি৷

বাকী কথা পিছত লিখিম৷ এতিয়া তেওঁলোকৰ খোৱাৰ অভ্যাসৰ বিষয়ে লিখিবলৈ বৰ মন গৈছে৷ চীনদেশত গৈছো যেতিয়া তাৰ অদ্ভূত আহাৰ নাখোবাকৈ থাকো কেনেকৈ? তাত পোৱা সকলো খাই চালো - শামুক, কাছ, সাগৰীয় টিয়ঁহ (sea cucumber), অক্টোপাছ আদি৷

মই বিচাৰি পোৱা তেওঁলোকৰ খাদ্যাভ্যাসৰ আটাইকৈ আমোদজনক কথাটো হ’ল - তেওঁলোকে আমি খোৱাৰ দৰে বা পশ্চিমীয়াসকলে খোৱাৰ দৰে থাল বা প্লেটত নাখায়৷ সৰু সৰু বাটিত দুই তিনি গঢ়া ভাত লৈ মাছ-মাংস বা আঞ্জা অলপ লৈ মিহলি কৰি কৰি চপ-স্তিকেৰে খায়৷ টেবুলৰ মাজত থকা ঘুৰাব পৰা আন এখন ফলিত সকলোৱে লব পৰাকৈ বিভিন্ন খাদ্য সজাই থোৱা থাকে৷ যাক যি লাগে নিজৰ সৰু বাটিত অলপ অলপ লৈ লৈ খাই থাকে - একেবাৰতে এসোপা প্লেটত লৈ নাখায়৷

2 comments:

  1. Discovery Travel & Living Channel-টোত Kylie Kwong-ৰ ৰন্ধা-বঢ়াৰ অনুষ্ঠান এটা মাজে মাজে দি থাকে। তাতে আপুনি কোৱাৰ দৰে খোৱা-বোৱা কৰা প্রথম দেখিছিলো। কাছ,শামুক,সাগৰীয় টিয়ঁহ-ৰ সোৱাদৰ কথা পৰৱর্তি লেখাত পঢ়িবলে পাম বুলি আশা থাকিল।

    ReplyDelete