Thursday, October 14, 2010

কপিয়াপৌ খনি দুৰ্ঘটনা

যোৱা ৫ আগষ্টত ছিলি দেশৰ কপিয়াপৌ চহৰৰ নিকতবৰ্তী "চান হ’চে" নামৰ তাম আৰু সোনৰ খনি এটাৰ সুৰংগৰ শিলাস্তৰ খহি পৰাত ৩৩জন খনিকটীয়া ভূগৰ্ভৰ তলিত আৱদ্ধ হৈ পৰে৷ ভূপৃষ্ঠৰ পৰা ৭০০ মিটাৰ তলৰ কঠিন শিলাস্তৰৰ মাজৰ পৰা তেওঁলোকক ৬৯ দিনৰ অন্তত সফলতাৰে উদ্ধাৰ কৰা হয় ১৩-অক্টোবৰৰ দিনা৷ 


"Los 33" নামেৰে প্ৰখ্যাত হৈ পৰা এই ৩৩ জন লোকৰ অসাধাৰণ সাহস, জী থকাৰ অদম্য ইচ্ছা, দৃহ আত্মবিশ্বাস, ধীৰতা আৰু নেতৃত্বৰ হৃদয়স্পৰ্শী কাহিনীয়ে সমগ্ৰ বিশ্বৰ জন-গণক আজি দুমাহ ধৰি আবেগিকবাৱে চুই গৈছে৷

দুৰ্ঘটনাটো ঘটাৰ লগে লগে তেওঁলোক বহিৰ্জগতৰ লগত সম্পূৰ্ণ সংযোগবিহীন হৈ পৰিছিল৷ লগে লগে ঘটনাটোৰ গভীৰতাৰ উমান পাইছিল অভিজ্ঞ পলীয়া-বিষয়া (shift supervisor), লুইচ এলবাৰ্ত’ উৰ্জুৱাই (Luis Alberto Urzua)৷ তেওঁ জানিছিল উদ্ধাৰ কৰিবলৈ কৰা যিকোনো প্ৰচেষ্ঠা বহু দিন লাগিব৷ সেয়ে, তেওঁ সকলোকে খনিৰ ভিৰতৰ থকা অতি মজবুত আশ্ৰয়কক্ষটোত একত্ৰিত কৰে৷ এইকোঠাটোৰ বাহিৰে তেওঁলোকৰ বাবে মুকলি হৈ আছিল খনিৰ সুৰংগটোৰ প্ৰায় দুই কিলোমিটাৰ দীঘল অংশ এটা৷ হাতত থকা সীমিত খাদ্য আৰু তেওঁলোকে ঢুকি পোৱা খনিৰ এই অংশটোত থকা আন সম্পদৰ হিচাপ লৈ তেওঁলোকে বহুদিন বৰ্তি থাকিবলৈ পৰিকল্পনা কৰে৷  তেওঁলোকৰ হতাত থকা এনে আকষ্মিকতাৰ বাবে অনা ২দিনৰ আহাৰ তেওঁলোকে ৰেচন কৰি খাবলৈ আৰম্ভ কৰে৷ প্ৰতি ৪৮ ঘণ্টাত মাত্ৰ দুচামুচ টিনৰ তুনা মাছ, এঢোক গাখীৰ আৰু এটা বিস্কুট খাই বৰ্তি থাকিবলৈ ধৰিলে৷ আশে-পাশে থকা গাড়ী আৰু খনিৰ যন্ত্ৰ-পাতিৰ ইঞ্জীনৰ ৰেডিয়েতৰত থকা পানীবোৰেই হৈছিল তেওঁলোকৰ একমাত্ৰ বিশুদ্ধ খোৱা পানীত উত্স৷ পোহৰৰ উত্স হিচাপে গাড়ীৰ বেটেৰীৰ পৰা তেওঁলোকৰ হেলমেটত থকা লাইটবোৰ চাৰ্জ কৰি লৈছিল৷

তেওঁলোকৰ দৃহ বিশ্বাস এদিন তেওঁলোকক জীৱিত উদ্ধাৰ কৰা হ’ব৷ তেওঁলোকে নিজ নিজ পত্নী-পুত্ৰৰ লগত মিলিত হবগৈ পাৰিব৷


ইতিমধ্যে ভুপৃষ্ঠৰ খনিৰ কৰ্মকত্তা সকলে সন্ধান অভিযান আৰম্ভ কৰি দিয়ে৷ বতাহ অহা-যোৱা কৰা বিন্ধাবোৰেদি (ventilation shafts) আবদ্ধ খনিকটীয়া কেইজনক ঢুকি পোৱাৰ প্ৰচেষ্টা চলিল৷ সকলো প্ৰচেষ্টা বিফল হ’ল - সকলো বিন্ধা শিল খহি বন্ধ হৈ গৈছে৷ সেয়ে তেওঁলোকে কেইবাটাও অনুসন্ধানকাৰী খাদ খান্ধিবলৈ আৰম্ভ কৰে৷ খনিটোৰ শেহতীয়া ত্ৰিমাত্ৰিক মানচিত্ৰ নথকাৰ বাবে এই কাম আৰু কঠিন হৈ পৰে৷ কঠিন শিলে এনে খাদবোৰৰ লক্ষপথৰ প্ৰায়ে ভ্ৰস্ত কৰি দিয়ে৷ অভিযন্তাসকলে সেইবোৰ শুধৰাই আকৌ আগবাঢ়ি যায়৷ ১৫ ছে.মি. ব্যাসৰ এনে এটা খাদ ১৯ আগষ্টৰ দিনা আৱদ্ধ খনিকটীয়া থাকিব পৰা এটা সাম্ভব্য গহ্বৰত উপস্থিত হয়৷ কিন্তু ইয়াত কোনো জী্ৱনৰ উমান নাপাই উদ্ধাৰকাৰীসকল মৰ্মাহত হৈ পৰে৷


আৱদ্ধ লুইচহতে শিল কটাৰ শব্দ শুনিবলৈ পালে৷ তেওঁলোক উত্ফুল্লিত হৈ পৰিল৷ তেওঁলোকে সৰু সৰু কাগজত বিভিন্ন বাৰ্তা লিখি উদ্ধাৰকাৰীসকললৈ ওপৰলৈ পঠিয়াৱলৈ সাজু হৈ থাকিল৷ বহু দিন ধৰি শিল কটাৰ শব্দ শুণা গ’ল, কিন্তু সেইবোৰে তেওঁলোকক ঢুকি পোৱাহি নাছিল৷ এদিন তেওঁলোকে আশ্ৰয় লোৱা আশ্ৰয়কক্ষটোৰ কাষৰ আটাল ভেদ কৰি এটা বিন্ধন যন্ত্ৰ (drilling bit) উপস্থিত হয়হি৷ তেওঁলোকে ততাতৈয়াকৈ তাত প্ৰস্তুত কৰি থোৱা কাগজৰ বাৰ্তাবোৰ আঠা লগাই দিয়ে৷

নিৰাশাগ্ৰস্থ উদ্ধাৰকাৰীসকলে এই কাজগবোৰ বিন্ধন যন্ত্ৰটোৰ আগত লাগি অহা দেখি বিৰ্চুতি খাই যায়, আৰু আনন্দত আত্মহাৰা হৈ পৰে৷ কাষৰ চিত্ৰত ছিলিৰ ৰাষ্ট্ৰপতি চেবাচতিয়ান পিঞিৰাই (Sebastián Piñera) সাংবাদিক সকলক এই কাগজৰ বাৰ্তাবোৰ দেখুৱা দেখা গৈছে৷ দিনতো আছিল ২২ আগষ্ট - দুৰ্ঘটাৰ পৰা ১৭ দিনৰ মূৰত ! লগে লাগে তেওঁলোকে ১৫ ছে.মি. ব্যাসৰ বিন্ধাটোৱেদি এটা ভিডিঅ’ কেমেৰা পঠিয়া দিয়ে৷ এইদৰে আৱদ্ধ "Los 33" হতে বাহিৰৰ পৃথিৱীৰ লগত প্ৰথম বাৰৰ বাবে সংযোগ স্থাপন কৰে৷ তেওঁলোকলৈ আৰু আহাৰ, পানী, দৰৱ আদি পঠিয়াই দিয়া হয়৷

ইয়াৰ লগে লগে তেওঁলোকক ভূ-পৃষ্ঠলৈ অনাৰ পৰিকল্পনা আৰম্ভ হয়৷ ৭০০ মিটাৰ কঠিন শিলাস্তৰ খান্দি তেওঁলোকক উদ্ধাৰ কৰিব পৰাকৈ বহল ব্যাসৰ গাত খান্দিবলৈ প্ৰায় দুমাহ সময় লাগিব বুলি অনুমান কৰা হয়৷


আৱশেষত "Strata 950" এটা প্ৰকাণ্ড ব্যধনযন্ত্ৰয়ে ৭০ ছে.মি. ব্যাসৰ গাতটো সম্পূৰ্ণ কৰে৷ সেইফালেৰে এজন এজনকৈ ৬৯দিন অন্ধকাৰ খনিটোত আৱদ্ধ হৈ থকা ৩৩জন ব্যক্তিক মুকলি বতাহৰ স্পৰ্শলৈ অনা হয়৷ ৫৪ বছৰীয়া লুইচ উৰ্জুৱাই একেবাৰে শেষত অৰ্থাৎ স্থানীয় সময় মতে ১৩-অক্টোবৰ ৰাতি ২১:৫৫ বজাত ভূপৃষ্ঠ পাইহি আৰু অতি উল্লাস-আনন্দৰে উদ্ধাৰ অভিযানৰ অন্ত পৰে৷
----

উত্স:
http://en.wikipedia.org/wiki/2010_Copiap%C3%B3_mining_accident 





No comments:

Post a Comment