Monday, December 9, 2013

অ’ত ত’ত য-কাৰ

অসমীয়াত ইংৰাজী শব্দ কেনেকৈ লিখিব লাগে ইয়াৰ বিষয়ে বহুতো তৰ্ক-বিৰ্তক চলি আছে৷ ই এটা বিশাল বিষয়৷ সকলো ইয়াত আলোচনা কৰিব বিচৰা নাই৷ কিন্তু এটা বিশেষ দিশ ইয়াত উল্লেখ কৰিব বিচৰা হৈছে -- 'য-কাৰ'ৰ ব্যৱহাৰ৷ বাংলাত বহু ইংৰাজী শব্দ লিখোতে য-কাৰ ব্যৱহাৰ কৰা দেখা যায়৷ যেনে - দ্যা/দ্য (the), জ্যাম (jam), ব্যাংক (bank), ব্যাটিং (batting[cricket]), ন্যশ্যনেল (national),  ক্যাম্পাস (campus)  আদি৷

আজি কিছুবছৰ আগলৈকে অসমীয়া কাকত আলোচনীসমূহত এক পৃথক শৈলী অৱলম্বন কৰা দেখা গৈছিল৷
the = দা / দি
jam = জাম
bank = বেংক
batting = বেটিং
national = নেচ’নেল
campus = কেম্পাচ
আদি৷ এইটো অসমীয়া সহজ-সৰল আৰু পোন-পতিয়া উচ্চাৰণৰ লগত মিল থকা শৈলী৷ ই অসমীয়া ভাষাৰ এক নিজস্বও বহন কৰে যেন লাগে৷

কিন্তু শেহতীয়া ভাৱে অসমীয়া কাকত-আলোচনীসমূহে এই বাংলা শৈলী অনুকৰণ কৰা পৰিলক্ষিত হৈছে৷ বিশেষকৈ the শব্দটো 'দ্য' এনেকৈ লিখিবলৈ আৰম্ভ কৰা দেখা গৈছে৷ ই বাংলা শৈলীৰ অন্ধ অনুকৰণ নহয়নে? বাংলাত 'য়' আৰু 'য-কাৰ'ৰ উচ্চাৰণ w-ৰ দৰে৷ সেয়ে 'অন্য' শব্দটো তেওঁলোকে 'annwa' এনে ধৰণৰ উচ্চাৰণ কৰে৷ সেয়ে 'the' শব্দটো 'দ্য' এইধৰণে লিখিলে ইংৰাজী উচ্চাৰণটোৰ প্ৰায় ওচৰত উচ্চাৰিত হয়৷

আনহাতে অসমীয়াত 'য়' আৰু 'য-কাৰ'ৰ উচ্চাৰণ y-ৰ দৰে, সেয়ে 'অন্য' শব্দটো 'annya' এনে ধৰণে উচ্চাৰিত হয়৷ গতিকে 'দ্য' বুলি লিখিলে অসমীয়াভাষী এজনে যেন 'dya' - এনেকৈ উচ্চাৰণ কৰিব ... যি ইংৰাজী মূল শব্দটোৰ উচ্চাৰণৰ লগত কোনো মিল নাই৷ 'the' শব্দটোত 'য়'/'য' নাই, তেনে স্থলত 'য-কাৰ' ব্যৱহাৰ কৰাৰ যুক্তি বুজিবলৈ অলপ কঠিন৷ 




2 comments:

  1. আপুনি কোৱা কথাখিনিৰ লগত মই একমত। কিন্তু আজি কেইইবছৰমানৰ পৰা অসম সাহিত্য সভা আৰু অসমীয়া ভাষাৰ পণ্ডিতৰ দাবীদাৰ কিছুমান লোকে অতিৰঞ্জিত সৰলীকৰণ কৰি অসমীয়া ভাষাটো বিকৃত কৰিবলৈ লাগিছে।

    উদাহৰণ স্বৰূপে আপুনি লিখা য-কাৰটো হে য-কাৰ হৈ থকা নাই। তেওঁলোকৰ মতে এইটো য়-কাৰ বুলি ক’ব লাগে। ঠিক তেনেকৈ দ্ব = দ+ৱ হে হেনো। একমত, ঐক্যমত নহয় ঐকমত্য হে লিখিব লাগে। আৰু বহুতো আছে...

    ReplyDelete
  2. 'য' কাৰ নহয়। 'য়' কাৰ। ধন্যবাদ। বাকি ভাল লাগিল।

    ReplyDelete