Wednesday, July 15, 2015

দিন-৫ (১৫-জুলাই/বুধবাৰ): হৌ চি মিন চিটি

ৰাতিপুৱা ৮:৩০ বজাত হৌ চি মিনৰ হোটেলৰ ল’বিত কালি আমাক বিমান বন্দৰৰ পৰা অনা ড্ৰাইভাৰজন ৰৈ আছিল৷ তেওঁৰ লগত আন এজন ব্যক্তি৷ নিজকে 'মিষ্টাৰ টাইগাৰ' বুলি চিনাকি দিলে৷ খীন কায়ৰ মানুহজনৰ বয়স হয়তো ৪০-৪৫ৰ ভিতৰত হ’ব৷ তেওঁ আমাৰ অহা তিনিদিনৰ বাবে "টুৰ গাইড"৷ আচল নামটো সুধিছিলোঁ যদিও টুকি থবলৈ নহ’লে, পিছতো মনত পেলাব নোৱাৰিলো৷ পয্যাটকসকলে মাতিবলৈ সুবিধাৰ বাবে নিজকে 'টাইগাৰ' বুলি নিজৰ উপনামটোৱেদি চিনাকি দিয়ে৷ চীনা জ্যোতিষৰ মতে বাঘৰ বছৰটোত তেওঁৰ জন্ম হৈছিল বাবে এই নাম৷

ভ্ৰমণসূচী অনুযায়ী আমি পোন প্ৰথমে কু চি সুৰংগসসমূহলৈ (Cu Chi Tunnel Systems) গ’লো৷ চহৰৰ পৰা ৭০ কিমি উত্তৰ-পশ্চিম দিশে৷ গাড়ীত প্ৰায় ১:৩০ ঘণ্টামান সময় লাগিব৷ টাইগাৰে আমাক বাটে বাটে ভিয়েটনামৰ বুৰঞ্জী কৈ গ’ল৷ বহুতো কথা ক’লে৷ মানুহজনে ভালকৈ ভিয়েটনামৰ বুৰঞ্জী জানে৷ তেওঁ কোৱা কথাখিনি থল-মূলকৈ এনে -- 

১৮৬২ চনৰ পৰা ফৰাচীসকলে এখোজ-দুখোজকৈ সমগ্ৰ ভিয়েটনাম দখল কৰি আহে৷ তেওঁলোকে স্থানীয় ৰাজনৈতিক, সামাজিক আৰু ধৰ্মীয় কাম-কাজত হস্তক্ষেপ কৰিবলৈ লয়৷ এইবোৰ সহিব নোৱাৰি ফৰাচী শাসকসকলৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰাম আৰম্ভ হয়৷ ১৯৪৬ চনত মাৰ্ক্সিষ্ট-লেনিনিষ্ট চিন্তাধাৰাৰ নেতা হৌ চি মিনৰ নেতৃত্বত উত্তৰৰ হানৈ চহৰত কেন্দ্ৰ কৰি তেওঁলোকে স্বাধীনতা ঘোষণা কৰিলে৷ ফৰাচীসকলে দক্ষিণ ভিয়েটনামৰ চাইগন (Saigon, বৰ্তমান "হৌ চি মিন চিটি") চহৰক কেন্দ্ৰ কৰি "ঙ’ ডিন হু" (Ngô Đình Nhu) নামে এজনক ৰাষ্ট্ৰপতি পাতি পুতলা ৰাজ্য পাতিলে৷ আনহাতে তেওঁলোকে উত্তৰ ভিয়েটনাম আকৌ অধীনলৈ আনিবলৈ চেষ্টা কৰিলে৷ এই অৰিয়া-অৰি বহুদিনলৈকে চলি থাকিল৷ 


দক্ষিণ ভিয়েটনামত কেথলিক  ধৰ্মীয়, পুজীবাদত বিশ্বাসী "ঙ’ ডিন হু"ৰ পুতলা চৰকাৰৰ বিৰুদ্ধে বৌদ্ধ ধৰ্মীয় প্ৰজা আৰু কমিউনিষ্ট কৃষক-শ্ৰমিকসকলৰ বিদ্ৰোহ তীব্ৰ হৈ আহিল৷   উত্তৰ ভিয়েটনামৰ হৌ চি মিনৰ নেতৃত্বৰ কমিউনিষ্ট চৰকাৰৰ পৃষ্ঠপোষকতাত আৰু ৰুছিয়া, চীনা আদি দেশৰ সহায়ত এই বিদ্ৰোহ তীব্ৰতৰ হৈ উঠিল৷ ডিন হুৰ চৰকাৰক সহায় কৰিবলৈ ফৰাচীসকলৰ লগতে ১৯৬৪-৬৫ চনত আমেৰিকা আহি নিজে যুদ্ধত লিপ্ত হৈ পৰে৷ এইদৰেই কুখ্যাৎ America-Vietnam War-ৰ সুত্ৰপাত হয়৷ ১৯৭৫ চনলৈকে যুদ্ধ চলে৷ এই মাৰাত্মক যুদ্ধত দুই পক্ষৰ বহু হানি হ’ল৷ কিন্তু আমেৰিকাৰ শক্তি-শালী টেঙ্ক, বোমা, যুজাৰু বিমান আৰু সুপ্ৰশিক্ষিত সেনা-বাহিনীৰ বিপৰিতে ভিয়েটনামৰ মূলতঃ গাৱলীয়া ডেকা-গাভৰুৱে গঠিত বিদ্ৰোহীসকল কেনেকৈ বৰ্তী আছিল আৰু বিজয়ী হৈছিল ই এক বিষ্ময়কৰ কাহিনী৷ তেওঁলোকৰ নিপুন যুদ্ধ কৌশলত আমেৰিকাৰ সৈন্যও হাৰ মানিব ল’গা হ’ল৷ 

ভিয়েটনামী সকলৰ এই সফলতাত অৰিহণা যোগোৱা অন্যতম উপাদান হ’ল অতি জটিল কুশলী "কু চি সুৰংগ"সমূহ৷ "টাইগাৰ"-এ এই কথাবোৰ অতি মনোগ্ৰাহীকৈ কৈ গৈছিল৷ এনেতে মিনি ভানখন ৰ’ল, আমি "কু চি" আহি পালোহি৷ টিকট কিনি চৌহদটোৰ ভিতৰলৈ সুমাই গ’লো৷  

কু চি সুৰংগ (Cu Chi Tunnels)

বিদ্ৰোহীসকলে এইদৰে এই সুৰংগবোৰত
সুমাই অন্তৰ্ধান হৈছিল৷
"কু চি" অঞ্চলেই ভিয়েটনাম যুদ্ধৰ অন্যতম কুৰুক্ষেত্ৰ স্বৰূপ আছিল৷ ই অৱশ্যে গোটেই দেশখন জুৰি থকা এক বৃহৎ মানৱ-নিৰ্মিত সুৰংগ প্ৰণালীৰ এটা অংশ৷ টাইগাৰে আমাক বুজাই গ’ল - প্ৰথমতে গাৱৰ প্ৰতি ঘৰে নিজ নিজ ঘৰৰ তলত যুজাৰু-বিমানৰ পৰা নিক্ষেপিত বোমাৰ পৰা বাছিবলৈ "বাংকাৰ" সাজিছিলে৷ সময়ত অহা-যোৱাত সুবিধা হ’বলৈ তেওঁলোকে এঘৰৰ বাংকাৰ আন ঘৰৰ বাংকাৰৰ লগত সংযোগ কৰি ল’লে৷ এইদৰে ক্ৰমে গোটেই গাওঁখন আৰু তাৰ পিছত গোটেই অঞ্চলটো সংযোগ হ’ল৷ ফৰাচী তলতীয়া চৰকাৰৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ সময়ত গাৱলীয়া চহা লোকে সাজিবলৈ আৰম্ভ কৰা এই সুৰংগসমূহ পিছলৈ কমিউনিষ্ট বিদ্ৰোহী ভিয়েট-কং সেনাসকলে আৰু জটিল আৰু কৌশলী কৰি তোলে৷ তিনিটা তৰপ থকা এই সুৰংগ প্ৰণালীত তেওঁলোকে যুদ্ধৰ সময়ত কেইবা সপ্তাহ লুকাই থাকিব ল’গা হৈছিল৷ সেয়ে তাৰ ভিতৰতেই ৰান্ধনীঘৰ, শোৱা কোঠা, শৌচালয় আদি সকলো আছিল৷ 
বিদ্ৰোহী ডকা-গাভৰুসকলৰ জীৱন-যাত্ৰা দেখুৱাই তৈয়াৰ কৰা প্ৰতিমূৰ্তিৰ লগত৷
"টাইগাৰ"-এ মোক ভীয়েট কঙৰ বিদ্ৰোহীসকলে কেনেকৈ নুফুটা বোমাৰ পৰা বাৰুদ উলিয়াই আমেৰিকাৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিলে, তাক বাখ্যা কৰিছে৷
সুৰংগ ব্যৱস্থাটোৰ এটি প্ৰতিৰূপ

যুদ্ধৰ অৱশেষ সংগ্ৰহালয় (War Remnants Museum)

"কু চি" অঞ্চলৰ পৰা আমি হৌ চি মিন চহৰলৈ উভতি আহিলোঁ৷ এইবাৰ যুদ্ধৰ বিভিন্ন ফটো আৰু অৱশেষ থকা সংগ্ৰাহলয় এটালৈ গ’লো৷ কিছুমান ফটো অতি ভয়ংকৰ, কিছুমান বৰ দুখ লগা৷ সৰু ল’ৰাহঁতক দেখুৱাব নোৱাৰি৷ সেয়ে তাত এটা খেলা-ধুলা কৰা কোঠালী সাজি থৈছে৷ সৰু ল’ৰা-ছোৱালীহঁতক খেলিবলৈ দি মাক-বাপেকহঁতে যাতে শন্তিৰে সংগ্ৰাহলয় চাব পাৰে৷ আমিও তাকে কৰিলোঁ৷ সকলোৱে নিশব্দই ফটোবৰ চাই গৈছে৷ ফটোবোৰৰ কাষে কাষে ইংৰাজী, ফৰাছী আৰু ভিয়েটনামী ভাষাত বৰ্ণনা দি থৈছে৷ আমেৰিকা, ফৰাছী, জাপানী আদি বিভিন্ন দেশৰ আলোকচিত্ৰ গ্ৰহণকাৰীৰ (photographer) বৰঙণীত এই সংগ্ৰাহলয় সৃষ্ঠি হৈছে৷ তেওঁলোক আছিল সংবাদ মাধ্যমৰ ফটো জাৰ্নেলিষ্ট, সেনা-বাহিনীৰ ফটোগ্ৰাভাৰ, সমাজকৰ্মী, ৰেডক্ৰচ আদিৰ কৰ্মী আদি৷ তেওঁলোকৰ কেমেৰাত আবন্ধ ফটোবোৰত জীৱন্ত হৈ পৰিছে সেই যুদ্ধৰ অমানৱীয় বেদনাবোৰ --- মাকৰ মৃত শৰীৰৰ কাষত কান্ধি থকা পানী কেছুৱা, বোমাত বিকলংগ হোৱা ডেকা-গাভৰু, তেজেৰে লুতুৰি-পুতুৰি সৈনিক আৰু এনে বহুত অবৰ্ণনীয় আলোকচিত্ৰ৷ সকলো ফটো চবালৈ সময় নহ’ল৷ যি পাৰো চালো৷ পিছত বাহিৰত দুখনমান ফটো ল’লো৷


তেতিয়া প্ৰায় দুটা বাজিছিল৷ ভোক লাগিছিল৷ সকলোৱে চহৰৰে এখন ৰেষ্টোৰাত দুপৰিয়াৰ আহাৰ খালো৷ তাত চৰাইৰ আকৃতিত আনাৰসৰ মাজত মমবাতি জ্বলাই সজাই দিয়া "স্প্ৰিং ৰ’ল" বোৰ দেখি বৰ আমোদ পালো৷ 


Cathedral and Old Post Office

তাৰ পিছত হৌ চি মিন চহৰৰ আটাইতকৈ ডাঙৰ আৰু পুৰণি গীৰ্জাঘৰটো চাবলৈ গ’লো৷ পেৰিচৰ নৰ্টে-ডাম (Notre-Dame)  গীৰ্জাৰ আৰ্হিত নিৰ্মিত এই গীৰ্জাঘৰটো ফৰাচীসকলৰ ধৰ্ম প্ৰচাৰৰ কেন্দ্ৰস্থল আছিল৷ ওচৰতে ফৰাচীসকলেই সাজি থৈ যোৱা পুৰণি অট্টালিকা এটা আছে৷ ই কেন্দ্ৰীয় ডাক-ঘৰ হিচাপে ব্যৱহৃত হৈ আছে৷

ফৰাচী স্থাপত্যকলাৰে (architecture) নিৰ্মিত এই  দুই পুৰণি অট্টালিকা অতি মনোগ্ৰাহী আছিল৷

বেম থান কেন্দ্ৰীয়  বজাৰ (Bem Thanh Central Market)


আজিৰ অন্তিম গন্তব্যস্থান আছিল "বেম থান কেন্দ্ৰীয় বজাৰ" বুলি এখন বজাৰত৷ কাপোৰ, নকল মণি-মুকুতা, কাঠৰ বস্তু, চামৰ বস্তু আদি বিভিন্ন সামগ্ৰীৰ দোকান৷ মোৰ পৰিবাৰে দুডালমান মণি-মুকুতা আৰু হাতত লোৱা বেগ কিনিলে - কিছুমান নিজৰ বাবে, আন কিছুমান বন্ধু-বান্ধৱক উপহাৰ দিবলৈ৷ ময়ো অলপ সস্তাত পাই চেণ্ডেল-চু এযোৰ কিনিলো৷


ৰাতি মোৰ বন্ধু মহেন্দ্ৰ কুমাৰৰ লগত আহাৰ খালোঁ৷ আমি কলেজত একেলগে পঢ়া৷ সি এতিয়া হৌ চি মিন চহৰত চাকৰি ক’ৰে৷ এখন ভাৰতীয় আহাৰৰ ভোজনালয়ত নিশা সকলো মিলি আহাৰ খালোঁ৷



No comments:

Post a Comment