Thursday, July 16, 2015

দিন-৪ (১৪-জুলাই/মঙলবাৰ): হা-লং উপসাগৰ

ৰাতিপুৱা ৬:০০ বজাতেই ব্যায়ামৰ কাৰ্যসূচী আছিল৷ পূব এচিয়াত প্ৰসিদ্ধ "টাই চি" (Tai Chi) নামৰ ব্যায়াম শৈলী অনুশীলন কৰাৰ কথা আছিল - আমাৰ জাহাজৰ ওপৰৰ চান ডেকত৷ কিন্তু আমি নগ’লো - ভাগৰ লাগিছিল শুই থাকিলোঁ৷

৭:০০ বজাত ৰাতিপুৱাৰ জলপানৰ বাবে আমাক মাতি দিলে৷ জলপান খাই আঠমান বজাত মই আৰু বৰ পুত্ৰ প্ৰিতু কায়াকিং (kayaking) কৰিবলৈ ওলালো৷ আমাক আকৌ সৰু মটৰ চালিত নাৱত মূল জাহাজৰ পৰা কিছু দূৰৈৰ দ্বীপ এটালৈ লৈ গ’ল৷ দ্বীপটোত ঘাট (jetty) এটা আছে৷ আমাক তাতে নমাই দিলে৷ তাত আমি কায়াক ভাড়াত ল’লো৷ এজন বা দুজন বহিব পৰা সৰু সৰু কায়াক নাৱত উঠি আমি আন সহযাত্ৰীসকলৰ লগত ফুৰিবলৈ গ’লো৷ দ্বীপটোৰ আকৃতি শূন্য "০" আখৰটোৰ দৰে - মানে মাজডোখৰ এটা হ্ৰদৰ দৰে৷ ভিতৰৰ অংশলৈ যাবলৈ এটা সুৰংগ কাটি থৈছে৷ আমি সেইফালেদি কায়াকিং কৰি ফুৰিবলৈ গ’লো৷ পানীৰ মাজৰ পৰা ওলাই অহা শিলৰ ওখ ওখ টিলাবোৰ চাই, সেইবোৰৰ নিচেই কাষলৈ গৈ এক অদ্ভূত আনন্দ অনুভৱ কৰিলোঁ৷ বঠা বাই বাই প্ৰিতু আৰু মই দুয়ো একেবাৰে ভাগৰি পৰিলোঁ৷


কায়াকিং শেষ কৰি মূল জাহাজত গা-পা ধুই ঘুৰি যাবলৈ সাজু হ’লো৷ সেই সময়ত জাহাজখন জাহাজঘাটৰ পৰা প্ৰায় ১৫ কি মি দূৰত আছিল৷ ১০মান বজাত জাহাজখনে হা-লং উপসাগৰৰ টিলাবোৰৰ মাজে মাজে নৌকা-বিহাৰ কৰোৱাই মূল জাহাজ-ঘাটৰ ফালে গতি কৰিলে৷ ১১বজাত দুপৰীয়াৰ আহাৰ পৰিবেশন কৰিলে৷ ইতিমধ্যে আমি ঘাট পালোহি৷ ১২:৩০ মান বজাত সৰু মটৰ-চালিত নাওখনেৰে আমাক বয়-বস্তুৰে সৈতে ঘাটত এৰি দিলে৷ তাত আমাৰ চিনাকী ড্ৰাইভাৰ "ডন" ইতিমধ্যে আহি ৰখি আছিল৷ মিচিককৈ হাঁহি এটা মাৰি আমাৰ বয়-বস্তুবোৰ মিনিভানখনলৈ গ’ল৷  

ভানত উঠি হানৈ চহৰলৈ ওভতিলোঁ৷ পোনে পোনে আমাক বিমান-বন্দৰলৈ লৈ গ’ল৷ ড্ৰাইভাৰ ডনক বকচিচ এটা দি বিমান-বন্দৰত বিদায় দিলোঁ৷ গধুলি ৫ বজাৰ ভিয়েটনাম এয়াৰ-লাইঞ্চৰ "হৌ চি মিন" (Ho Chi Minh City) মহানগৰলৈ যোৱা বিমানখন ধৰিলোঁহি৷  

সাত বজাত হৌ-চি-মিনত বিমানখনে অৱতৰণ কৰিলে৷ আমাৰ বাবে বাহিৰত ৰৈ আছিল আন এজন ড্ৰাইভাৰ৷ একেইটা ট্ৰেবেল এজেঞ্চিৰ৷ তেওঁ আমাক একেধৰণৰ ভানগাড়ী এখনত উঠাই হোটেললৈ লৈ গ’ল৷ ৰাতি আঠমান বজাত হোটেল পালোহি৷ ভাগৰ লাগিছিলে৷ হোটেলতে কিবা এটা খাই শুই থাকিলো৷ কালিলৈ আকৌ এটা অতি ব্যস্ত দিন যাব৷




No comments:

Post a Comment