Saturday, November 14, 2015

কেতিয়াবা কিছুমান কথা কবলৈ মন যায় ....

কেতিয়াবা কিছুমান কথা কবলৈ মন যায়... কিন্তু কোনোবাই বেয়া পাব বুলি নকওঁ৷ মনত দোষ পাব বুলি নকওঁ৷ গতিকে এই জালপঞ্জীতে লিখি থওঁ বুলি ভাৱিলোঁ৷

মোৰ সৰুৰে পৰা ইছলাম ধৰ্মীয় বন্ধু-বান্ধবৰ লগত ঘনিষ্ঠতা আছে৷ কিছুমান বাল্য-বন্ধু, কিছুমান স্কুল-কলেজৰ বন্ধু, কিছুমান সহকৰ্মী, আন কিছুমান চুবুৰীয়া৷ বাল্য-বন্ধু সকলৰ লগত একেলগে মাৰ্বল খেলা, ফুটবল খেলা আদি কেতিয়াও পাহৰিব নোৱাৰোঁ৷ ঈদত তেওঁলোকৰ ঘৰৰ পোলাও-মাংস আৰু চেৱৈও মই পাহৰিব নোৱাৰোঁ৷ থিক তেনেকৈ, স্কুল-কলেজৰ বন্ধুসকলৰ লগত একেলগে পঢ়া-শুণা কৰা, সহকৰ্মীসকলৰ লগত একেলগে কাম কৰা বা চুবুৰীয়াসকলৰ ঘৰলৈ আহ-যা কৰা আদি সদায় হৈ আহিছে, হয়েই থাকিব - কোনো অসুবিধা নোহোৱাকৈ৷ কোনো ভিন্নতাৰ অনুভৱ নকৰোঁ৷ মোৰ জীৱনলৈ অহা বা মোৰ সম্পৰ্শলৈ অহা ইছলামধৰ্মী লোকসকল বিভিন্ন পটভূমিৰ - অসমীয়া খীলঞ্জীয়া গৰীয়া-মৰীয়াৰ পৰা আৰম্ভ কৰি, ভাৰতৰ আন প্ৰদেশৰ, অসমৰে বংগমূলীয়, প্ৰকৃত বাংলাদেশী, পাকিস্তানী, আৰৱ (এমিৰেটি, ছৌদি, ওমানি, পেলেষ্টাইনী, ইৰাকী), আফ্ৰিকাৰ বিভিন্নদেশৰ (মিচৰ বা ইজিপ্ত, লিবিয়া, চুডান আদি) ইৰানী, মালায়, ইন্দোনেচীয়া আদি প্ৰায় প্ৰতিটো প্ৰান্তৰে ইছলামধৰ্মী লোক মই লগ পাইছো৷ তেওঁলোকৰ লগত একেলগে কাম কৰিছো, খাইছো, বহিছো, উঠিছো৷ প্ৰতিজনকেই একোজন ভদ্ৰ সুনাগৰিক হিচাপেই পাইছোঁ৷ গতিকে মোৰ মনত সদায়েই তেওঁলোকৰ প্ৰতি এটা ভাল মনোভাৱেই আছে৷ তেওঁলোক সময়ৰ ৰাজআলিত মোৰ জীৱনযাত্ৰাৰ 'সহযাত্ৰী'৷

এইবোৰৰ মাজতে আমাৰ পৰা বহু নিলগত, বিশ্বৰ আন কিছুমান প্ৰান্তত ঘটি থকা কিছুমান খবৰে সকলোৰে মনত আলোড়ল তুলি গৈ আছে৷ পেলেষ্টাইন-ইজৰাইলৰ নিৰবিচিন্ন সমস্যা, ৯/১১, ইৰাকৰ যুদ্ধ, ২০০৮-ৰ মোম্বাইৰ আক্ৰমণ আদি৷ শেহতীয়াকৈ চিৰিয়াৰ গৃহযুদ্ধ, তথাকথিত ইৰাক আৰু চিৰিয়াৰ ইচলামীক সাম্ৰাজ্যৰ নোমহৰ্ষক অত্যাচাৰবোৰ আৰু আজি ৰাতিপুৱাৰ পেৰিচৰ সন্ত্ৰাসদাবাদী আক্ৰমণ৷ মুঠতে এখন অন্তহীন তালিকা৷

সেই অমানৱীয় কাণ্ড-কাৰখানাবোৰৰ খবৰ পাই মনটো দুখ লাগি যায়৷ উস !! হিংসাৰ ওপৰত হিংসা৷ ক্ৰমে ক্ৰমে 'ইছলাম', 'কোৰান' আদি শব্দবোৰে মোৰ মানসপতত থকা সুন্দৰ ছবিখন বিকৃত কৰি যাবলৈ ধৰিলে৷ সেয়ে কেতিয়াবা শিহঁৰি উঠো - মোৰ আশে-পাশে থকা সেই মৰমীয়াল, সদায় সহায় কৰিবলৈ আগবাঢ়ি অহা ইছলামধৰ্মী বাল্য-বন্ধু, স্কুল-কলেজৰ বন্ধুবৃন্দ, সমকৰ্মী, ওচৰ-চুবুৰীয়া আদি মানে মোৰ 'সহযাত্ৰী'সকলোৱে সেই একেজন "আল্লা"ৰে শৰণত উৎসৰ্গীত -- যাৰ নাম লৈ আন কিছুমানে নিৰ্দোষীৰ ওপৰত গুলী বৰ্ষাব পাৰে৷ আচৰিত লাগে, একেখন কোৰানতে বিশ্বাসী - যাৰ উদ্ধৃতি দি কিছুমানে সাধাৰণ মানুহক অত্যাচাৰ কৰে, হত্যা কৰে৷ একেজন হজৰত মহম্মদকে আদৰ্শ পুৰুষ বুলি গণ্য কৰে - যাৰ আদৰ্শত আন কিছুমানে তিৰোতাসকলক মূৰৰ-পৰা-ভৰিলৈকে কলা কাপোৰৰ পিঞ্জৰাৰত বন্ধি কৰি থয়৷ একেইখন মক্কাৰ দিশে সদায় নামাজ পঢ়ে৷ একেইটা "কাব্বা"ৰ চাৰিওফালে সাত পাক মাৰে৷

মোৰ সহযাত্ৰীসকল তেনে নিশ্চয় নহয়৷ তেওঁলোকে পালন কৰা "ইছলাম" ভিন্ন৷ তেওঁলোক অগ্ৰণী, সুশিক্ষিত, যুক্তিবাদী৷ তেওঁলোকে সদায় কৈ আহিছে - 'ইছলাম ধৰ্ম' শান্তিৰ বাণীৰে পৰিপূৰ্ণ৷ কোৰানত থকা সকলো কথা বিশুদ্ধ৷

কোৰানখন পৌৰানিক আৰবীত লিখিত৷ আধুনিক আৰবীভাষীসকলেও কেতিয়াবা কিছুমান অংশ বুজি নাপায়৷ মোৰ ইছলামধৰ্মী সহযাত্ৰীসকল মূলতঃ অন্যভাষী, গতিকে ইয়াৰ অধিকংশ অাচলতে তেওঁলোকে বুজি নাপায়, হৃদয়ংগম কৰিব নোৱাৰে৷ তেওঁলোকে নিজৰ সুবিধা মতে, প্ৰচলিত সামাজিক নৈতিকতাৰ মাতে ইয়াক হয়তো বুজি লৈছে৷ কিন্তু ই সচাঁকৈ শান্তি প্ৰিয় হয়নে? কোৰানত হেনো স্পষ্টকৈ লিখা আছে - আল্লাক গ্ৰহণ নকৰাসকলক বা তেওঁৰ বাৰ্তাবাহকসকলক যি নামানে তাক মৃত্যুদণ্ড দিব লাগে৷ প্ৰতিটো মছজিদত পুৱা-গধুলি আজান দি সকলোৱে শুণাকৈ দৈনিক ৫ বাৰকৈ আৰবী ভাষাত ঘোষণা কৰা হয় - "আল্লা মহান, তেৰাৰ বাহিৰে আন কোনো ঈশ্বৰ নাই"৷ এইবোৰ সম্পূৰ্ণ অসহিষ্ণু বাৰ্তা নহয়নে? এইবোৰে দেখোন মোৰ সহযাত্ৰীসকলে দাৱী কৰা সহিষ্ণু ইছলামৰ আভাস বহন নকৰে৷

এইখিনিতে আমি কোৰানত থকা জাতিভেদ বিহীন সমাজ গড়াৰ দৰে মহান বাণীসমূহ নিশ্চয় উল্লেখ কৰিব লাগিব৷ এই বাণীৰ বাবেই ইছলাম ধৰ্মই তীব্ৰ জাতি-ভেদ থকা প্ৰাচীন ভাৰতত প্ৰচাৰ লাভ কৰিছিলে৷

আন কথাত মোৰ এনে লাগে যেন মোৰ সহযাত্ৰীসকলে প্ৰকৃত 'ইছলাম' ধৰ্ম পালন নকৰে, তেওঁলোকে "মিহি মিহি (মডাৰেট) ইছলাম" পালন কৰে৷ সেইটো বৰ ভাল কথা৷ কিন্তু যিটো ধৰ্মৰ গোড়া ৰূপ ইমান ভয়ংকৰ, সেইটো তেওঁলোকে একেবাৰে এৰিব নোৱাৰেনে? কিয় এনে এটা সন্ত্ৰাস, অসহিষ্ণুতাৰ বাৰ্তা থকা ধৰ্ম অনুকৰণ কৰি থাকিব লাগে - আংশিকভাৱে হ’লেও?


সহায়:
http://www.huffingtonpost.com/fathima-imra-nazeer/isis-islam-quran-literalism_b_5737388.html
https://www.youtube.com/watch?v=xZ5XuJlkE54
https://en.wikipedia.org/wiki/Muslim
https://www.facebook.com/justicekatju/posts/1051478011559411



2 comments: