Friday, October 14, 2016

প্ৰতিবাদ -৫ (এক বিজ্ঞানভিত্তিক ধাৰাবাহিক কল্প-কাহিনী)

(পিছৰখিনি) ৰিকু ঘৰ পালেহি৷ ঘৰ পায়েই আই-পি-টি-ভিটো চলালে৷ সেই অচিনাকী-অদ্ভূত মানুহবোৰে স্বয়ং-চালিত যন্ত্ৰ-পাতিবোৰক আক্ৰমণ কৰাৰ কিবা বাতৰি আছেনেকি চাবলৈ৷ 'নিতৌ-৩৬৫' চেনেলত আহি আছে ভাৰতৰ প্ৰধান মন্ত্ৰী শ্ৰীমান ৰিজিজুৱে বঙ্গোপ সাগৰৰ সোমাজত নিৰ্মাণ কৰা 'গেছ-হাইড্ৰেট এক্সট্ৰেকচন' প্ৰকল্পত ভ্ৰমণ কৰিবলৈ যোৱাৰ এক প্ৰতিবেদন৷  প্ৰতিবেদনৰ মতে বঙ্গোপ সাগৰৰ লগতে আৰৱ সাগৰ, ভাৰত মহাসাগৰ আদিৰ তলিত বহু নিযুত-কৌটি মেট্ৰিক-টন মিঠেইন গেছ আৰু পানীৰ এক জটিল মিশ্ৰ - 'গেছ-হাইড্ৰেট' জমা হৈ আছে৷ এইবোৰ নিষ্কাশন কৰি ইন্ধন হিচাপে ব্যৱহাৰ কৰিবলৈ এই প্ৰকল্প হাতত লোৱা হৈছে৷ 'জীৱন্ত-খবৰ' চেনেলত আহি আছে কাজিৰঙাত চোৰং-চিকাৰীৰ পৰা গড় ৰক্ষা কৰিবলৈ লোৱা  অত্যাধুনিক ব্যৱস্থাৰ এক প্ৰতিবেদন৷ প্ৰাপ্ত-বসস্ক গড়বোৰৰ খড়্গৰ আগটোত স্থাপন কৰা হৈছে - আত্ম-ৰক্ষক লেজাৰ-গান৷ কোনোবাই আক্ৰমণ কৰিবলৈ আহিলেই লেজাৰ ৰশ্মীৰে প্ৰত্যুত্তৰ দিয়া হয়৷ 'অসমীয়াত বা-বাতৰি' চেনেলত দেখুৱাই আছে গোলকীয় জলবায়ু সলনিৰ গুৱাহাটিত হোৱা প্ৰভাৱ৷ ক’তো একো বাতৰি নাই সি দেখি অহা কাণ্ডবোৰৰ৷ হয়তো সংবাদ-দ্বাতাসকলে খবৰ পোৱাই নাই৷

সি তাৰ পুৰণি-স্কুলীয়া বন্ধু নিপনলৈ ফোন কৰিলে৷
-"নিপন, ভালনে?"
-"অ’ আছো৷ ভালেই৷ হঠাৎ ফোন কৰিলি যে? কি হ’ল?"
-"তই অভ্ৰমিকাক চিনি পাৱ?"
-"অ, পাও৷ কিয় নাপাম, মোৰ ভাবি-নবৌক?" নিপনে অলপ জোকোৱাৰ সুৰত ক’লে৷
-"ধেত ৰ চোন৷ কথাটো অলপ চিৰিয়াচ৷ তই এতিয়া ক’ত? মই তোক লগ কৰি কথাবোৰ ক’ম৷"
-"কি চিৰিয়াচ ঔ? ফোনেতে ক না, কি হ’ল?"  নিপনৰ মাতৰ সুৰ সলনি হোৱা নাই৷ এতিয়াও যেন সি ৰিকুক জোকাই আছে৷
-"নাই, ফোনত ক’ব নোৱাৰি৷ মই আহি আছো, তোৰ ঘৰলৈ৷"
নিপনে কিবা ক’ব বিচাৰিছিলে, কিন্তু সি ফোনটো কাটি দিলে৷ নিপনে কল-বেক কৰিলে৷ ৰিকুৱে কিন্তু ফোন নুঠালে৷ সি ভাৱিলে নিপনক বহুদিন দেখাও নাই, এবাৰ লগ কৰি অহাত কি আপত্তি? তাৰ ঘৰ ৰিকুৰ ঘৰৰ পৰা খোজ কাঢ়ি যাব পৰা দূৰত্বত৷

নিপনৰ ঘৰ পাই, কলিং-বেল বজালে৷ নিপনৰ মাকে দৰ্জাখন খুলি দিলে৷
-"অ’ ৰিকু, আহা" এক গহীন মাতেৰে মাকে তাক মাতি বহিবলৈ দিলে৷ "তুমি ভালে আছানে?"-মাকে বহিব দি ৰিকুক সুধিলে৷
-"অ, মই ভালেই আছো, খুড়ী৷"
-"চাহ খাবা নে গৰমত ঠাণ্ডা চৰপত এগিলাছ দিওঁ?"
-"খুড়ী, আপুনি সেইবোৰ একো কৰিব নালাগে৷ মই নিপনৰ লগত কিবা কথা এটা পাতিবলৈহে আহিছো৷ সি ক’ত?"
নিপনৰ মাক ৰিকুৰ প্ৰশ্নত থমকি ৰ’ল৷ এক বিস্ময়ভৰা চাওনিৰে ৰিকুৰ ফালে চাই তেখেতে সুধিলে - "কি? তুমি নিপনৰ খবৰ নোপোৱা নেকি?"
-"কি খবৰ? নিপনৰ লগতটো মই প্ৰায়েই কথা...."
ৰিকুও থমকি ৰ’ল৷ সি মনেই কৰা নাছিলে - সি বহি থকা চ’ফাখনৰ সন্মূখৰ সৰু টেবুলখনত নিপনৰ ফুলৰ মালাৰে সজ্জিত এখন ফটো৷ ওচৰতে প্ৰজ্বলিত এগছি চাকি৷
(আগলৈ---)

1 comment: