Tuesday, February 28, 2017

বিৱৰ্তন (এক বিজ্ঞানভিত্তিক কল্প-কাহিনী)

A science fiction story authored by me published in famous Assamese fortnightly Prantik 1-15 March 2017. In this story, I am talking about a new species - "Homo Cyber Sapiens", a new country -"United States of South Asia" and hinting who would be the prime minister. The story revolves around the lives of two childhood buddies - Rakibul Ahmed and Nripen Sharma, who became Advanced Physics researchers and  hardcore non-believers.

গুৱাহাটী সুপ্ৰতিভ নগৰ, ২০৩৬ চনৰ এটা দেওবাৰৰ ৰাতিপুৱা৷

আজি নিৰ্বাচনৰ দিন৷ ৰিকুৱে পুৱাৰ জলপান গ্ৰহণ কৰি কৰিয়ে মতদান দি দিনটোলৈ আজৰি হৈ লওঁ বুলি ভাৱিলে৷ নিজৰ 'আধাৰ' একক চিনাকী পত্ৰ (Unique Identity Card) খনৰ সহায়ত ঘৰতে বহি বহি মতদান কৰিব পাৰি৷ নিৰ্বাচন আয়োগ আৰু ভাৰতীয় বিশিষ্ট চিনাকী প্ৰাধিকৰণৰ এই নতুন যুটীয়া প্ৰকল্পত অংশগ্ৰহণ কৰিবলৈ চাৰিওফালে বিজ্ঞাপন৷ ফেইচভোটৰ (FaceVote.Com) জালস্থানত প্ৰবেশ কৰিবলৈ বিচাৰোতে ৰিকুৰ কোলাতলোৱাটোৰ (laptop computer) পৰ্দাত বাৰ্ত্তা আহিলে - "আধাৰ ব্যৱহাৰ কৰক"৷ কোলাতলোৱাটোৰ সোঁফালে থকা অকনমানি ফাকটোত 'আধাৰ'-পত্ৰখন ভৰাই দি "হ’ব দিয়ক" বুটামটোত টিপি দিলে৷

"স্বাগতম!!" বাৰ্ত্তাৰে তাক জালস্থানৰ সুৰক্ষিত অঞ্চললৈ আদৰণি জনোৱা হ’ল৷ তাত তাৰ সমষ্টিত প্ৰতিদন্দ্বিতা কৰা প্ৰাৰ্থীকেইজনৰ সবিশেষ তালিকা এখন পোৱা গ’ল৷ প্ৰতেকৰে জীৱন বৃত্তান্ত, পাৰ্থিৱ-অপাৰ্থিৱ সম্পদৰ সবিশেষ,  অপৰাধ-(অভি)লেখ আদিৰ লগতে তেওঁলোকৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিও পোৱা গ’ল৷ কথাবোৰ ভাৱি-গমি ৰিকুৱে এজনক ভোট দিলে৷ নিৰ্দিষ্ট স্থানত টিপা মৰাৰ লগে লগে এখন নিশ্চিতকৰণ পৃষ্ঠা আহিল৷ তাতো "হ’ব দিয়ক" বুটামটোত টিপি দিলে আৰু তাৰ গোপন ভোট নথিভুক্ত হৈ গ’ল৷

ভোট দি, জলপান শেষ কৰি, গা-পা ধুই তৈয়াৰ হোৱাত লাগি গ’ল৷ আজি তাৰ দিনৰ ভোজনৰ বাবে এক বিশেষ নিমন্ত্ৰণ আছে৷ এই নিমন্ত্ৰণটোলৈ ৰিকুৱে বহু দিনৰ পৰা যেন বাট চাই আছিল৷ ভাল পোছাক এযোৰ উলিয়াই সি পিন্ধিলে৷ স্মাৰ্টফোনটোৰ সহায়ত 'গুৱাপ' এখন মাতি পঠিয়ালে৷ দুই মিনিটমানৰ ভিতৰতে তাঁহাতৰ পদুলিমুখত 'গুৱাপ' এখন আহি পালহি৷ স্বয়ংচালিত ' গুৱাপ' খনত প্ৰবেশ কৰাৰ লগে লগে ৰিকুৱে দিয়া গন্তব্য স্থানলৈ ই গতি কৰিবলৈ ধৰিলে৷ গুৱাহাটীৰ স্বয়ংচালিত ৰাজহুৱা যান বা Guwahati Autonomous Public Vehicle বা চমুকৈ ‘গুৱাপ’ (GUAPV) বিলাক বাহিৰৰ পৰা দেখাত পুৰণি যুগৰ মাৰুতি-৮০০ খনৰ দৰে হ’লেও, ইয়াৰ চালকৰ বাবে স্তেয়েৰিং হুইল, ব্ৰেইক্‌, এক্সেলেৰেটৰ আদি একো নাই৷ কেবল স্পৰ্শকাতৰ পৰ্দা এখন৷ জন-অৰণ্য, যান-অৰণ্যৰ মাজেৰে বাট নেওচি ই সুকলমে গৈ থাকিল৷ 'গুৱাপ'খনে ইয়াৰ চাৰিওফালে থকা বহুতো সংবেদনশীল কেমেৰা, চ’নাৰ আদিৰ সহায়ত মানুহতকৈও ভালকৈ 'দেখে'৷ কেইবা লাখ কিলোমিটাৰ গাড়ী চলোৱাৰ 'অভিজ্ঞতা'ৰে সমৃদ্ধ কৃত্ৰিম বুদ্ধিমত্বাটোৰ গাড়ী চলোৱাৰ অবিশ্বাস্য নিপুণতা৷ ভাৰতীয় আলি-বাটত সঘনে মুখামুখি হোৱা ৰিক্সা, চাইকেল, বাইক-স্কুটাৰ, সৰু গাড়ী, ডাঙৰ গাড়ী, গৰু-ছাগলী-হাতী-মানুহ আদি সকলো ই চিনাক্ত কৰিব পাৰে আৰু অনায়সে বাট নেওচি গৈ থাকিব পাৰে৷ ট্ৰেফিক লাইট নথকা তিনি আলি, চাৰি আলি আদিতো ই অতি সুদক্ষতাৰে পাৰ হৈ যাব পাৰে৷ প্ৰয়োজন সাপেক্ষে ই পেঁপাটিও জোৰকৈ বজাই দিয়ে৷ মুঠৰ ওপৰত মানৱ চালকতকৈ ইয়াক বেছিকৈহে ভৰষা কৰিব পাৰি৷

নিৰ্ভয়েৰে ৰিকু গৈ থাকিল৷ প্ৰথম অহাৰ ৫ বছৰৰ ভিতৰতে আজি গুৱাহাটিত প্ৰায় ৫০০০খন 'গুৱাপ' হ’লগৈ৷ ই অতি জনপ্ৰিয় হৈ আহিছে৷ মানুহে আট’, টেক্সি আদিৰ সলনি 'গুৱাপ' ব্যৱহাৰ কৰিবলৈ লৈছে৷ এইবোৰ বহু গুণে সস্তা আৰু নিৰাপদ বুলি পৰিগণিত হৈছে৷


স্মাৰ্টফোনটো তাৰ স্কুলীয়া বন্ধু বৰ্গৰ হুৱাট্‌চ-এপ গোটটোত লগৰ কেইটাৰ লগত চুপতি কৰি কৰি গৈ থাকিল৷ আজি ৩০-ৰ ডেওনাত ভৰি দিয়া বন্ধু কেইজনৰ ১৫-২০ বছৰ পুৰণি স্কুলীয়া স্মৃতিবোৰ যেন এই গোটটোৰ মাজত সজীৱ হৈ উঠে৷ সেই তেতিয়াৰ শিক্ষকসকলক দিয়া নামবোৰ, কোনে ক্লাছত কি কৰিছিলে, কি নকৰিছিলে আদি কথাবোৰেৰে গোটটো বেছ জমি থাকে৷ জোকোৱাৰ নামবোৰেদি আজিও সিঁহতি ইটোৱে-সিটোক মাতে৷ নিজ নিজ কৰ্ম ব্যস্ততাৰ মাজতো এক নস্তালজিক অনুভুতি৷  মাজে মাজে কোনোবাই কৌতুক কিছুমানো ভাগ-বতৰা কৰে৷ তাৰ ভিতৰত ৰিকুৰ প্ৰিয়তম বন্ধু তথা সহকৰ্মী নিপনৰ মন্তব্যই বেছি৷ সি দিয়া কৌতুকবোৰো বেছ সৃষ্টিশীল৷

এনেতে ৰিকুৰ ফোনটো বাজি উঠিল৷ ফোনটো কাণৰ ওচৰত লোৱাৰ লগে লাগে সিফালৰ পৰা অভ্ৰমিকাৰ মাত ভাহি আহিল - "হেল্লো, আহি আছানে?"
-“অ’ আহি আছো৷ আৰু ১৫ মিনিটমান হয়তো লাগিব৷”
-“বাৰু, আহা৷ মই আহি পালোহি৷ সোনকালে আহা৷”
-“ঠিক আছে, বাই৷”
-“বাই, লগ পাম৷”
অভ্ৰমিকা ৰিকুৰ 'ই-বান্ধৱী', মানে ফেইচবুক হুৱাট্‌চ -এপ আদিত লগ পোৱা বান্ধৱী৷ আজি দুবছৰ মানেই হ’ল সিহঁত চিনাকী হোৱা৷ কোনো দিনে বাস্তৱ জগতত লগ পোৱা নাই যাদিও, ই-মাধ্যমসমূহে সিহঁত দুয়োকে যথেষ্ট ওচৰলৈ আহিছে৷ আজি-কালি ফোনতো বহু সময় ধৰি কথা-বতৰা চলে৷ কথাবোৰ, মনবোৰ যেন মিলিব ধৰিছে৷ একেই ধৰণৰ ৰুচি, একে শিল্পীৰে সংগীত, একেই কথা-ছবি দুয়ো ভাল পায়৷  হয়তো প্ৰেমৰ এজাক বা ব'বলৈ আৰম্ভ কৰিছে সিঁহতৰ মাজত৷  বহুবাৰ ৰিকুৱে অভ্ৰমিকাক লগ পাবলৈ আগ্ৰহ প্ৰকাশ কৰিছিলে - ক’ৰবাত কফি একাপ খাবলৈ, মুখা-মুখিকৈ অন্ততঃ কথা এষাৰ পাতিবলৈ৷ অভ্ৰমিকাই সংকুচ কৰিছিলে৷ লগ কৰিব নোৱাৰিম বুলি কৈছিল, "আমি ই-বন্ধু হৈ থকাই ভাল" বুলিয়েই কৈছিল৷ বহু দিনৰ নিৰবিচিণ্ণ প্ৰচেষ্টাই আজি ফল দিলে। অৱশেষত ৰিকুৰ কথাত তাই মান্তি হ’ল৷ আজি ৰিকু গৈছে অভ্ৰমিকাক লগ ধৰিবলৈ - পোণ প্ৰথমবাৰৰ বাবে৷

ঘাইপথটিৰ মাজে মাজে ‘গুৱাপ’খন যিমানে আগ বাঢ়ি গ’ল, ৰিকুৰ মনটো সিমানেই উচ-পিচ কৰিবলৈ ধাৰিলে৷ যোৱা দুবছৰ ধৰি যিজনী ছোৱালীৰ লগত সি ইমান কথা-বতৰা পাতিলে, বিভিন্ন ভাৱৰ আদান-প্ৰদান কৰিলে আৰু বহুখিনি ওচৰ চাপি আহিলে, আজি সি তাইক লগ পাব - নিজ চকুৰে দেখিব৷ কিছু কথা পাতিব৷ হয়তো প্ৰাণৰ কথা আৰু মুকলিকৈ পাতিব৷ তাৰ মনটো ভাল লাগি আহিল৷

ফোনটো আকৌ বাজিল - "ৰিকু, ক’ত পালাহি? কিমান দূৰ আছে?"
অভ্ৰমিকাৰ ফোন৷ তায়ো উৎকণ্ঠিত হৈ উঠিছে৷
-"পালোহি আৰু, বেছি দূৰ নাই৷ মই 'কাৰেংঘৰ' পালে ফোন কৰিম৷"
-"থিক আছে৷ 'কাৰেংঘৰ'ত লগ পাম৷"

'কাৰেংঘৰ' গুৱাহাটীৰ এখন আধুনিক ৰেষ্টোৰা৷ নতুনকৈ বৰ জনপ্ৰিয় হৈছে৷ তাতেই ৰিকু আৰু অভ্ৰমিকাই প্ৰথম বাৰৰ বাবে লগ কৰিব৷ ই গুৱাহাটীৰ একমাত্ৰ যন্ত্ৰমানৱে চলোৱা ৰেষ্টোৰা৷ গ্ৰাহকে খোৱা টেবুলত থকা পৰ্দা এখনত কি খাব জনাই দিয়ে৷ তাৰ ভিত্তিত, ৰান্ধনীঘৰত কিছুমান ঔদ্যোগিক যন্ত্ৰমানৱে আহাৰ তৈয়াৰ কৰে৷ সেইবোৰ আকৌ কেইবাখনো উৰন্ত-যান বা ড্ৰোনে টেবুলত গ্ৰাহকৰ আগত সজাই দি থৈ যায়৷ ৰিকু সোমাই অহাৰ লাগে লাগে এক অপৰূপ দৃশ্য৷ শাৰী শাৰী কৈ থকা টেবুলসমূহত খাদ্য-প্ৰিয় গ্ৰাহক কিছুমানে জুতি লৈ আহাৰ গ্ৰহণ কৰি আছে৷ আন কিছুমানে অৰ্ডাৰ দি আহাৰ অহালৈ বাট চাই আছে৷ কিছুমান ৫-৬ জনীয়া সমনীয়া বন্ধু-বান্ধবৰ দল, কিছুমান বাপেক-মাক-ল’ৰা-ছোৱালী লৈ অহা পৰিয়াল৷ আন কিছুমান চকুৱে চকুৱে চাই আত্ম বিভোৰ হৈ থকা প্ৰেমিক-প্ৰেমিকা৷ তাৰ মাজে মাজে মৌ-মাখিৰ দৰে শব্দ কৰি  উৰি ফুৰিছে অসংখ্য কৃত্ৰিম বুদ্ধিমত্তা থকা ড্ৰোন৷ কিছুমানে আহাৰ লৈ আহিছে৷ কিছুমানে খোৱা শেষ কৰা প্লেট-বাটিবোৰ লৈ গৈছে৷ এক ব্যস্তময় পৰিবেশ৷ ৰিকুৱে বিষ্ময়ভৰা চাওনিৰে সেইবোৰ চাই থাকোতেই, কোনাবাই মাত লগালে - "মহাশয়, মই কিবা সহায় কৰিব পাৰো?"
"আদৰণি" বুলি লিখি থোৱা সন্মূখৰ মেজখনৰ পৰা দিপ-লিপ ছোৱালী এজনীয়ে তাক সুধিলে৷
সি অলপ ওচৰলৈ গৈ ক'লে - "অভ্ৰমিকাৰ নামৰ কোনো টেবুল বুক আছে নেকি?"
ছোৱালীজনীয়ে তপৰাই উত্তৰ দিলে - "হয়, আছে৷ কেবিন নম্বৰ ১২৷ আপুনি এইফালে যাওক, অলপ দূৰ গৈয়ে পাব৷"
ৰিকুৱে ভাৱিলে - "কেবিন বুকিং কৰি থৈছে ! ছোৱালী কম নহয়৷"
ৰিকুৱে কেবিনৰ দৰ্জাখন খুলি বিৰ্চুতি খালে – অভ্ৰমিকাই মিচিকিয়া হাঁহি এটাৰে তালৈ বাট চাই আছিল৷ দুয়ো মুখা-মুখিকৈ বহিল৷ ফটোত দেখাতকৈও তাই ধুনিয়া৷ কেই চেকেণ্ড মান সি একো নমতাকৈ বহি থাকিল – বজ্ৰপাত পৰা মানুহৰ দৰে৷
-“কি খাবা?”
-“এতিয়া কফি একাপ খাম৷”
-“ইয়াৰ প’ৰ্ক-ম’ম’ খুব ভাল৷ টেষ্ট কৰি চোৱা৷”
-“বাৰু৷”
অভ্ৰমিকাই স্পৰ্শকাতৰ পৰ্দাখনত টিপি টিপি অৰ্ডাৰটো দিলে৷ ৰিকুৱে ভেবা লাগি তাইক চায়েই থাকিল৷
-“আৰু, তোমাৰ কাম-কাজ কেনে চলিছে?” অভ্ৰমিকাই কথাৰ পাতনি পেলিলে৷ দুয়ো বহু কথা পাতিলে৷ সময়বোৰ কেনেকৈ পাৰ হৈ গ’ল সি গমকে নাপালে৷ মাজতে ড্ৰোনবোৰে উৰি উৰি তাঁহাতক চাহ-কফি, ম’ম’ আদি দি গ’ল৷ খোৱা হোৱাৰ পিছত লৈয়ো গ’ল৷ তাৰ পিছত ভাত-মাছেৰে মূল আহাৰ আনি উপস্থাপন কৰিলে৷ খোৱা হোৱাৰ পিছত ড্ৰনবোৰে সেইবোৰ লৈ গ’ল আৰু মেজখন পৰিষ্কাৰ কৰি দিলে৷

অৱশেষত বিদায় লোৱাৰ সময় আহিল৷ অভ্ৰমিকাই ক’লে – “তোমাৰ দহ মিনিট আছেনে? যোৱাৰ আগে আগে মই তোমাক কিবা এটা ক’ব বিচাৰিছোঁ৷”
-“কি কোৱা, অভ্ৰমিকা?”
-“ঠিক ক’ব, নহয়৷ জনাব বিছাৰিছোঁ বা দেখুৱাব বিছাৰিছোঁ৷”
-“বাৰু৷”
অভ্ৰমিকাই তাইৰ হাত দুখন নিজৰ মুৰৰ পিছফালে নি কিবা এটা টিপি দিলে৷ তাৰ পিছত তাই কিবা এটা যেন খুলি আনিলে৷ লগে লগে তাই মুখৰ চালখন যেন খোল খাই আহিল৷

ৰিকু বিৰ্চুতি খাই গ’ল৷ এইবোৰ কি হৈছে? সি একো বুজিব নোৱাৰিলে৷ চালখনৰ তলত, প্লাষ্টিক, ৰূপালী ৰঙৰ বিভিন্ন ধাতুৰ সুক্ষ্ম অংশ৷ তাৰ মাজে মাজে কিছুমান সেউজিয়া আৰু তাম-বৰণীয়া সৰু ইলেকট্ৰনিক চাৰ্কিট৷ তেনেকৈয়ে অভ্ৰমিকাই “হাঁহি” এটা মাৰি ক’লে – “ভয় নকৰিবা৷ এইয়াই তোমাৰ আচল 'অভ্ৰমিকা'৷

"তুমি হয়তো আচৰিত হ’বা৷ হয়তো অলপ খঙো উঠিব পাৰে৷ মই, মানে 'অভ্ৰমিকা', কোনো তেজ-মঙহৰ যুৱতী নহওঁ৷"
ৰিকুৱে মুখ মেলি তবাধ লাগি চাই থাকিল৷
"মই এজনী ‘হ’ম’ চাইবাৰ-চেপিয়েঞ্চ’ (Homo cyber-sapiens)৷ কোনো কোনোৱে আমাক ‘অতিকৈ বাস্তৱধৰ্মী মানৱ-সদৃশ জৈৱ-যান্ত্ৰিক যন্ত্ৰ’  (super-realistic humanoid bio-mechanical robot) বুলিও কয়৷"
এনেতে কেবিনটোলৈ ১০-১২ জন মান মানুহ সোমাই আহিল৷ অভ্ৰমিকাই তেওঁলোকৰ ফালে চাই ক’লে - "এওঁলোক মোৰ সৃষ্টিকৰ্তা৷"

ৰিকুৰ মুৰত যেন শৰগ ভাঙি পাৰিল৷ সি ৰঙা-কলা পৰি গ’ল৷ কি কৰিব, য’ত যাব একো বুজি নাপালে৷ সি বজ্ৰপাত পৰা মানুহৰ দৰে এক থৰে ৰৈ থাকিল৷ মনলৈ বুলেট ট্ৰেইন যোৱাৰ দৰে বহু কথা চিৰিং কৈ আহিল আৰু গ’ল৷ সেই আবৰাম খান আৰু আৰাধ্যা বচ্চনে অভিনয় কৰা ‘হানিমুন ইন জুপিটাৰ’ নামৰ ৰোমান্টিক বোলছবিখন ভাল পোৱা, ইমান সুন্দৰকৈ বৰ্ণনা কৰি তাৰ লগত কথোপ-কথন কৰি 'চেনি' খোৱা সেই 'অভ্ৰমিকা' এটি যন্ত্ৰ! হ’বই নোৱাৰে৷ সি বিশ্বাস কৰিব নোৱাৰিলে৷ সি তাৰ সন্মূখনত হাঁহি হাঁহি তাৰ পৰিস্থিতি উপভোগ কৰি থকা বৈজ্ঞানিকৰ দলটোক বৰ প্ৰহাৰ কৰিবলৈ মন গ’ল৷ কোনোমতে নিজকে নিয়ন্ত্ৰণ কৰি আহি সি লাহেকৈ সুধিলে -"অভ্ৰমিকা এটা যন্ত্ৰ!! ইমান সঁচা মানুহৰ দৰে, একেবাৰে ধৰিব নোৱাৰি৷"

দলটোৰ আটাইতকৈ বয়োজেষ্ঠ ব্যক্তিজনে উত্তৰ দিলে, "ধন্যবাদ৷ আমাৰ সৃষ্টিয়ে আজি এই স্তৰ পোৱাহি বাবে আমি অতি আনন্দিত৷ অ’, চিনাকি কৰি দিবলৈ পাহৰিছিলো, মই ড. পি. কে.৷  এই প্ৰকল্পৰ গবেষণাৰ মুৰব্বী৷ মই উত্তৰ-গুৱাহাটীৰ 'ব্ৰেইন-জ’ন'(brain-zone)-ৰ 'ইন্সটিটিউত অৱ অৰ্টিভিচিয়েল ইন্টেলিজেঞ্চ'ৰ এজন গৱেষক৷  এওঁ হিৰ’চিমা বিশ্ববিদ্যালয়ৰ ড. জে. টি.৷ আৰু এওঁলোক আমাৰ দলৰ সদস্য৷"

ড. পিকেয়ে আনকেইজনৰো চিনাকি দি গ’ল৷ ৰিকুৰ মনত ইমানবোৰ খেলি-মেলি লাগি আছিল যে সি কথাবোৰ ভালকৈ নুশুনিলে৷ কেইজনমান কম্পিউটাৰ বিজ্ঞানী, দুজনমান মনোবিজ্ঞানী আৰু সমাজ-বিজ্ঞানী৷ কৃত্ৰিম বুদ্ধিমত্তাটোৱে কি ক’ব লাগে, কেনেকৈ ক’ব লাগে আদি সকলো নিজে সিদ্ধান্ত লয়৷ ই মানুহৰ মন ইমান সুন্দৰকৈ বুজে আৰু পতাব বা মনাব পাৰে সৃষ্টিকৰ্তাসকলো তবধ মানিছে৷

***

ফিজা-শিয়ালটোৰ দৰে ৰিকু ঘৰ পালেহি৷ তাৰ দেওবাৰৰ মধ্যাহ্ন-ভোজনৰ অসাধাৰণ অভিজ্ঞতাৰ কথা ভাৱি ভাৱি সি তত নাপালে৷ সময় অতিবাহিত কৰিবলৈ সি আই-পি-টি-ভিটো চলালে৷ এই টিভিবোৰ ইণ্টাৰ্নটতে চলে৷ বেলেগ কেব’লৰ প্ৰয়োজন নাই৷ 'নিতৌ-৩৬৫' চেনেলত আহি আছে "সংযুক্ত দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহ"ৰ (United States of South Asia) প্ৰধান মন্ত্ৰী শ্ৰীমান ৰিজিজুৱে বঙ্গোপ সাগৰৰ সোঁমাজত নিৰ্মাণ কৰা 'গেছ-হাইড্ৰেট এক্সট্ৰেকচন' প্ৰকল্পত ভ্ৰমণ কৰিবলৈ যোৱাৰ এক প্ৰতিবেদন৷  প্ৰতিবেদনৰ মতে বঙ্গোপ সাগৰৰ লগতে আৰৱ সাগৰ, ভাৰত মহাসাগৰ আদিৰ তলিত বহু নিযুত-কৌটি মেট্ৰিক-টন মিঠেইন গেছ আৰু পানীৰ এক জটিল মিশ্ৰ - 'গেছ-হাইড্ৰেট' জমা হৈ আছে৷ এইবোৰ নিষ্কাশন কৰি ইন্ধন হিচাপে ব্যৱহাৰ কৰিবলৈ এই প্ৰকল্প হাতত লোৱা হৈছে৷ 'জীৱন্ত-খবৰ' চেনেলত আহি আছে কাজিৰঙাত চোৰং-চিকাৰীৰ পৰা গড় ৰক্ষা কৰিবলৈ লোৱা  অত্যাধুনিক ব্যৱস্থাৰ এক প্ৰতিবেদন৷ প্ৰাপ্ত-বসষ্ক গড়বোৰৰ খড়্গৰ আগটোত স্থাপন কৰা হৈছে - আত্ম-ৰক্ষক লেজাৰ-গান৷ কোনোবাই আক্ৰমণ কৰিবলৈ আহিলেই লেজাৰ ৰশ্মীৰে প্ৰত্যুত্তৰ দিয়া হয়৷ 'অসমীয়াত বা-বাতৰি' চেনেলত দেখুৱাই আছে 'Guwahati Greats' আৰু 'Imphal Impactors'-ৰ মাজৰ Twenty-20 IPL খেল৷ স্থান আইজল ষ্টেডিয়াম৷ গুৱাহাটী দলে এইমাত্ৰ এটা ৬ মাৰিলে৷ খোপাত কপৌ ফুল, হাতত ঘাম খাৰু আদিৰে অসমীয়া ৰিহা-মেখেলা বিন্ধা চিয়েৰলিডাৰ কেইজনীয়ে ঢোল-পেঁপাৰ উৎফুলিত তালত নাচি উঠিল৷ আকৌ ৬ কৰিবলৈ গৈ বেটচমেনজন আউত হ’ল৷ এইবাৰ ইম্ফলদলৰ চিয়েৰলিডাৰ কেইজনীয়ে মণিপুৰি নৃত্যৰে খেলুৱৈকেইজনক উৎসাহ যোগালে৷ বাকী চেনেলবোৰো ঘুৰাই-পকাই চাই গ’ল৷ ক’তো তাৰ মন নবহিল৷ বাৰে পৰি দুপৰিয়াৰ ঘটনাবোৰলৈ মনত পৰি থাকিল তাৰ৷

ৰিকু, মানে ‘ৰকিবুল আহমেদ’, এজন প্ৰগতিশীল যুক্তিবাদী যুবক৷ নিজকে 'প্ৰাক্তন-মুছলমান', 'নৈতিক-নাস্তিক' আদি আখ্যা দি ভাল পায়৷ গোমাংস, গাহৰি মাংস আদি সকলো সমানে খোৱা ৰিকুৱে খোৱাৰ ক্ষেত্ৰত প্ৰথমে জিভা, দ্বিতীয়তে পেট, তৃতীয়তে স্বাস্থ্য, চতুৰ্থতে পকেটত থকা পইছাৰ নিৰ্দেশতহে চলা উচিত বুলি সকলোকে কৈ ফুৰে৷ এবাৰ এনে 'হাৰাম' কৰাৰ বাবে তাৰ আম্মাকে খুবকৈ গালি দিছিলে৷ তেতিয়া সি উত্তৰ দিছিলে যে - গাহৰি খোৱাক নিসিদ্ধ যিটো সময়ত কৰা হৈছিলে তেতিয়া গাহৰিৰ প্ৰতি-পালন বৈজ্ঞানিক নাছিলে৷ য’ত-ত’ত অখাদ্য খাই বাবে তাৰ পৰা ফিটা পেলু আদি হোৱাৰ সম্ভাৱনা বেছি আছিল৷ কিন্তু আজিৰ যুগত স্বাস্থ্যৱান পামত বৈজ্ঞানিক পদ্ধতিৰে প্ৰিত-পালন পালন গাহৰি খালে এনে কোনো বেমাৰ নহয়৷  

ৰিকুৰ বাল্য-বন্ধু তথা বৰ্তমানৰ সহকৰ্মী নিপনো, মানে 'নিপন শৰ্মা' এটা মস্ত নাস্তিক - 'নৈতিক নাস্তিক'৷ তাৰ পুৰ্বজ, পবিত্ৰ কামাখ্যা মন্দিৰৰ পূজাৰী বা পাণ্ডাসকলৰ নামত সি এটা কলঙ্ক৷ ৰিকুৰ লগত সমানে বহি গোমংস, গাহৰি মাংস খোৱা নিপনৰো একেই যুক্তি - সকলো জন্তু জন্তুৱেই৷ ছাগলী কি, ম’হ কি, গৰুও সেয়েই অন্ততঃ মাংসৰ ক্ষেত্ৰত৷ ছাগলি, ম’হ খাব পাৰি যদি গৰু কিয় নোৱাৰো? তাৰ মতে পবিত্ৰতা এটা মানসিক স্থিতি৷ তাক কোনো বিশেষ জন্তুৰ লগত সংলগ্ন কৰি আন একেই ধৰণৰ জন্তুবোৰক বলি দিয়াৰ যুক্তি সি বিচাৰি নাপায়৷

হয়তো, ৰিকু-নিপনৰ এনে চিন্তাধাৰা সিহঁতৰ শিক্ষা-অধ্যয়ন আদিৰ ভেটিত গড় লৈ উঠিছে৷ দুয়ো পদাৰ্থ-বিজ্ঞানৰ ডক্টৰেট৷ দুয়ো কোৱাণ্টাম-মেকানিক্সৰ গৱেষক৷ সিহঁতৰ যুতীয়া গৱেষণা-পত্ৰসমূহে ইতিমধ্যে বিশ্বত যথেষ্ট সমাদৰ লাভ কৰিছে৷ তেওঁ ‘সৃষ্টি’ৰ মূল ৰহস্য পোহৰলৈ আনিবলৈ কৰা গৱেষণাবোৰে বৌদ্ধিক জগতত এক আলোড়ণৰ সৃষ্টি কৰিছে৷ 'ধৰ্ম'ই দেখুওৱা পথতকৈ যেন পদাৰ্থ-বিজ্ঞানে পোহৰলৈ অনা তথ্যসমূহে সিঁহতক সৃষ্টিৰ বৈছি ওচৰলৈ লৈ যাব পাৰিছে৷ সেয়ে সিহঁত নাস্তিক৷



দিনৰ কথাবোৰ ৰিকুৰ কোনোবাক বৰকৈ মন গ’ল৷ সি নিপনলৈ ফোন কৰিলে -"নিপন, ভালনে?"
-"অ’ আছো৷ ভালেই৷ হঠাৎ ফোন কৰিলি যে? কি হ’ল?"
-"তই অভ্ৰমিকাক চিনি পাৱ?"
-"অ, পাও৷ কিয় নাপাম, মোৰ ভাবি-নবৌক?" নিপনে অলপ জোকোৱাৰ সুৰত ক’লে৷
-"ধেত ৰ চোন৷ কথাটো অলপ চিৰিয়াচ৷ তই এতিয়া ক’ত? মই তোক লগ কৰি কথাবোৰ ক’ম৷"
-"কি চিৰিয়াচ ঔ? ফোনেতে ক না, কি হ’ল?"  নিপনৰ মাতৰ সুৰ সলনি হোৱা নাই৷ এতিয়াও যেন সি ৰিকুক জোকাই আছে৷
-"নাই, ফোনত ক’ব নোৱাৰি৷ মই আহি আছো, তোৰ ঘৰলৈ৷"
নিপনে কিবা ক’ব বিচাৰিছিলে, কিন্তু সি ফোনটো কাটি দিলে৷ নিপনে কল-বেক কৰিলে৷ ৰিকুৱে কিন্তু ফোন নুঠালে৷ সি ভাৱিলে নিপনক বহুদিন দেখাও নাই, এবাৰ লগ কৰি অহাত কি আপত্তি? তাৰ ঘৰ ৰিকুৰ ঘৰৰ পৰা খোজ কাঢ়ি যাব পৰা দূৰত্বত৷


নিপনৰ ঘৰ পাই, কলিং-বেল বজালে৷ নিপনৰ মাকে দৰ্জাখন খুলি দিলে৷
-"অ’ ৰিকু, আহা" এক গহীন মাতেৰে মাকে তাক মাতি বহিবলৈ দিলে৷ "তুমি ভালে আছানে?"-মাকে বহিব দি ৰিকুক সুধিলে৷
-"অ, মই ভালেই আছো, খুড়ী৷"
-"চাহ খাবা নে গৰমত ঠাণ্ডা চৰপত এগিলাছ দিওঁ?"
-"খুড়ী, আপুনি সেইবোৰ একো কৰিব নালাগে৷ মই নিপনৰ লগত কিবা কথা এটা পাতিবলৈহে আহিছো৷ সি ক’ত?"
নিপনৰ মাক ৰিকুৰ প্ৰশ্নত থমকি ৰ’ল৷ এক বিস্ময়ভৰা চাওনিৰে ৰিকুৰ ফালে চাই তেখেতে সুধিলে - "কি? তুমি নিপনৰ খবৰ নোপোৱা নেকি?"
-"কি খবৰ? নিপনৰ লগতটো মই প্ৰায়েই কথা...."
ৰিকুও থমকি ৰ’ল৷ সি মনেই কৰা নাছিলে - সি বহি থকা চ’ফাখনৰ সন্মূখৰ সৰু টেবুলখনত নিপনৰ ফুলৰ মালাৰে সজ্জিত এখন ফটো৷ ওচৰতে প্ৰজ্বলিত এগছি চাকি৷ তেন্তে গৱেষণাগাৰত লগ পোৱা, তাৰ লগত সদায় কথা পতা সেই 'নিপন'টো কোন? ৰিকুৱে  একো বুজি নাপালে৷ কি হৈছৈ এইবোৰ ???

নিপনৰ মাকে কৈ গ’ল - "আজি ছমাহমানেই হ’ল৷ সি এই সংসাৰ এৰি বহুদূৰলৈ গুছি গ’ল৷ এক অজান ৰোগে পাইছিলে৷ ডাক্তৰে ব্ৰেইন টিউমাৰ এটা ধৰা পেলাইছিলে৷ কিন্তু কৰ্কট-ৰোগ বোলে নহয়৷ শেষমুহূৰ্তলৈকে সি কিন্তু বেছ ফুৰ্তিতেই আছিল৷ একো কষ্ট পোৱা নাছিল হয়তো৷”

কৌতুহলবশত ৰিকুৱে সুধিলে - "কি হৈছিল তাৰ? মানে মুৰৰ বিষ, নে কি?"
-"নাই সেইবোৰ একো নাই৷ দিনে-ৰাতি কেবল স্মাৰ্টফোনডালত কিবা টিপা-টিপি কৰি থাকে৷ একেবাৰে আসক্ত৷ টোপনি নাই, ভোক নাই৷ তাৰ শৰীৰটো শুকাই- এদিন হঠাৎ তাৰ চাল-চলন বন্ধ হৈ গ’ল৷ এতিয়ালৈকে পৃথিৱীত মাত্ৰ দুটা কেচ হে পোৱা গৈছে৷ সি যোৱাৰ কেইদিনমানৰ পিছত অভ্ৰমিকা নামৰ গাভৰু ছোৱালী এজনীও..."
ৰিকু জিকাৰ খাই উঠিল - "কি? অভ্ৰমিকা সঁচা ছোৱালী আছিল?"
-"অ’ কিয়? এজনী বৰ ধুনীয়া ছোৱালী আছিল৷ তাইক মই নিজে দেখিছোঁ, নিপনৰ দৰেই তাইক সেই অজান ৰোগে পাইছিলে৷ তাই ---"

ৰিকুৱে আৰু সেইবোৰ শুনি থাকিব নোৱাৰিলে৷ সি নিপনৰ মাকক বিদাই দি ঘৰ মুখে খোজ দিলে৷ তাৰ মনত বহু কথাই তোল-পাৰ লগাবলৈ ধৰিলে৷ সি এবাৰ ভাৱিলে পুলিচক এজেহাৰ দি অহাটো ভাল হ’ল – হয়তো এক বিৰাট ষড়যন্ত্ৰ চলি আছে৷ কথাবোৰ ভাৱি ভাৱি আহি সি ঘৰেই পালেহি৷ পুলিচ থানালৈ যোৱা নহ’ল৷ ইতিমধ্যে আন্ধাৰো হ’ল৷ তাৰ ভাগৰো লাগিল৷ অলপ জিৰণি লৈ পিছত যাব বুলি যি ঘৰত সোমাল৷ বিচনাত পৰি সি অলপ শুবলৈ চেষ্টা কৰিলে৷

***

কোনোবাই দোৱাৰত টোকাৰতহে সি আকৌ সাৰ পালে৷ সাৰ পাই দেখিলে প্ৰায় মাজ-ৰাতি হৈছে৷ কোন আহিলে এই ৰাতিখন? সি দোৱাৰখন খুলি দিলে৷ দোৱাৰ মুখত নিপন আৰু অভ্ৰমিকা৷ দুয়ো সোমাই আহিল৷ দুয়োৱে মুখত আঙুলি দি মনে মনে থাকিবলৈ ইংগিত দিলে৷ তাক চ’ফাখনত বহিবলৈ ইংগিত দিলে৷

সি চ’ফাত বহাৰ পিছত নিপনে ক’বলৈ ধৰিলে -“ৰিকু, আমাক দেখি তুমি আচৰিত হৈছা? তুমি অনুমান কৰাৰ দৰেই, হয়, আমি দুয়ো "হ’ম’ চাইবাৰ-চেপিয়েঞ্চ"....”

ৰিকুৱে নিঃশব্দই শুনি গ’ল৷ অভ্ৰমিকাইও নিপনৰ কথাৰ মাজে মাজে দুআষাৰ ক’লে৷"চোৱা ৰিকু, মানৱ শৰীৰ অস্থায়ী, মৰণশীল৷ ইয়াৰ আন কিছুমান প্ৰতিবন্ধতাও আছে৷ আমি যদি এটা উন্নত শৰীৰৰ গৰাকী হ’ব পাৰো, আপত্তি কিহৰ? যিটো শৰীৰৰ ভাগৰ নালাগে, টোপনি নধৰে – ২৪ ঘণ্টাই অহৰহ কাম কৰিব পাৰে, বেমাৰ-আজাৰ নহয়, লোভ-মোহ নাই, খং-ৰাগ নাই, যৌন অনুৰাগ নাই, চিৰ-যৌৱন হৈ থাকে৷ ভাবি চোৱাচোন আমি কিমান মনোযোগ দি কাম কৰিব পাৰিম, ব্যৱসায়-বাণিজ্য, গৱেষণা, ৰাজনীতি, দেশ-সেৱা আদি যি কামেই নকৰো, কিমান ক্ষিপ্ৰতাৰে উন্নতি কৰিব পাৰিম? হ’ম’ চাইবাৰ-চেপিয়েঞ্চ --- ইয়েই মানৱ জাতিৰ পৰবৰ্তী ক্ৰম-বিবৰ্তন আৰু একমাত্ৰ  ভবিষ্যৎ৷ এই বিবৰ্তনে মানৱ-সভ্যতাক দ্ৰুত গতিত আগবঢ়াই লৈ যাব৷ এটা জাতি-বিবাদহীন, ধৰ্ম-বিবাদহীন, ৰাষ্ট্ৰ-বিবাদহীন এক সাৰ্ব-জনীন (acceptable to all) মানৱ সভ্যতাৰ বাবে এই প্ৰযুক্তিগত বিবৰ্তন বৰ্তমান অতি প্ৰয়োজন হৈ পৰিছে৷ সেয়ে এক গোপন গৱেষণাকাৰত আমাক সাঁজি উলিওৱা হৈছে, মানে এই জৈৱ-যান্ত্ৰিক বা বায়’-মেকানিকেল অৱয়ববোৰ৷ যিবোৰ কোনো আচল শৰীৰৰ পৰাই নকল কৰা হয়৷ সেইবোৰৰ সৈতে এইবোৰ জৈৱ-যান্ত্ৰিক ৰবটবোৰ দেখাই-শুনাই হুবহু একেই৷ আনকি আমি মানস-পটো নকল কৰি উলিয়ালৈ সক্ষম হৈছো৷ মুঠতে এইবোৰ মূল মানুহজনৰ প্ৰতিবৰ্ধিত-প্ৰতিমূৰ্ত্তি৷"

ৰিকুৱে কথাবোৰ শুনি গ’ল৷ কিন্তু একো বিশ্বাস কৰিব নোৱাৰিলে৷
নিপনে আৰু কৈ গ’ল – “এতিয়া সেই পাৰ্থিৱ শৰীৰৰ প্ৰয়োজন নাই৷ তোমাকো এনে এটা শৰীৰৰ গৰাকী হ’বলৈ আমন্ত্ৰণ জনালোঁ৷ তোমাৰ এই পৰিবৰ্তন আমাক, মানে নতুন মানৱ সভ্যতাক অতিকৈ প্ৰয়োজন৷ আমি কৰি থকা কোৱাণ্টাম-মেকানিক্সৰ গবেষণা আৰু ক্ষিপ্ৰতাৰে, অধিক মনোযোগেৰে কৰিব পাৰিম - মানৱ জাতিৰ মঙ্গলৰ বাবে৷ মই এই পৰিবৰ্তন আজি ছমান মান আগতেই কৰি ল’লো, এতিয়া তোমাৰ পাল৷ তুমি না নকৰিবা৷”

ৰিকুৱে সুধিলে -“তাৰ মানে তোমালোকে মোৰ হুবহু ৰবট এটা বনাব বিছাৰিছা?"
-"হয়৷ তুমি ঠিক বুজিছা৷ কিন্তু ৰবট নহয়, হ’ম’ চাইবাৰ-চেপিয়েঞ্চ৷"
-"তোমালোকে যি বুলি নোকোৱা, মুঠতে ৰবট৷ মোৰ হুবহু ৰবট এটা বনোৱা বাৰু, তাত মোৰ কোনো আপত্তি নাই৷ কিন্তু তাৰ বাবে মই কি কৰিব লাগিব?”
নিপনে উত্তৰ দিলে – “আচলতে কামটো ইমান সহজ নহয়৷ তোমাৰ হুবহু আৱয়ব তৈয়াৰ কৰাত অসুবিধা নাই৷ কিন্তু তোমাৰ দক্ষতা, জ্ঞান, অভিজ্ঞতা, চিন্তা সকলোবোৰৰ আমি প্ৰতিলিপি কৰিব লাগিব৷ তাৰ পিছত সেই প্ৰতিলিপি নতুন আৱয়বটোত স্থাপন কৰিব লাগিব৷ তেনে নকৰিলে তুমি কৰি থকা কোৱাণ্টাম মেকানিক্সৰ কামবোৰ সুকলমে কৰিব পৰা নাযাব৷ তাৰ বাবেই তোমাৰ অনুমতি লাগে৷ ”
-“তাৰ বাবে কি কৰিব লাগিব?”
-“তোমাৰ শৰীৰত আমি কিছুমান 'নেন’বট' এৰি দিব লগিব৷ মানে কিছুমান জীৱাণু সদৃশ ৰবট৷ এই নেন’বটবোৰে তোমাৰ মষ্টিস্কৰ পৰা তথ্যসমূহ সংগ্ৰহ কৰি আমালৈ পঠিয়াই দিব আৰু আমি সেইবোৰ তোমাৰ এই উন্নত-মানৰ নতুন শৰীৰটোত সুকলমে স্থাপন কৰি দিম৷"
-“মানে মোৰ ব্ৰেইনত---”
-“হয়, তোমাৰ ব্ৰেইনত এটা ‘টিউমাৰ’ আমি স্থাপন কৰিব বিচাৰিছো – এটা নেন’বট সমষ্টিৰ কৃত্ৰিম টিউমাৰ৷”
-“তেতিয়া মোৰ কি হ’ব?”
-“তুমি এটা নতুন জৈৱ-যান্ত্ৰিক শৰীৰ লাভ কৰিবা৷”
-“আৰু, এইটো শৰীৰ?”
-“সেইটো পৰিত্যক্ত হৈ যাব৷ তোমাক আৰু তাৰ প্ৰয়োজন নহ’ব৷ মানে সেইটোৰ মৃত্যু হ’ব৷”
নিপন আৰু অভ্ৰমিকাই ৰিকুৱে কিবা উত্তৰ দিয়ালৈ বাট চাই থাকিল৷

কিছু সময় ভাৱি ৰিকুৱে ক’লে – “এইটো এটা বৰ ডাঙৰ সিদ্ধান্ত৷ অলপ অদ্ভূতো৷ মোক দুদিনমান সময় দিয়া৷”
-“সময় নাই৷ আমাক তোমাৰ সিদ্ধান্ত এতিয়াই লাগে৷”
-“তথাপি …”
ৰিকুৱে একো ক’বলৈয়ে নাপালে৷ নিপনে এটা সুহুৰি মাৰিলে৷ লগে লাগে গিৰিপ-গাৰাপ কৈ দুটা প্ৰকাণ্ড বাহুবান মানুহ, হয়তো "হ’ম’ চাইবাৰ-চেপিয়েঞ্চ" সোমাই আহিল৷ তাক গবা মাৰি ধৰিলে৷ অভ্ৰমিকাই এটা বাকচৰ পৰা বেজি এটা উলিয়াই ৰিকুৰ ডিঙিৰ পিছফালে কিবা জুলীয় পদাৰ্থ অলপ ভৰাই দিলে৷

“এইবোৰ কি ইনজেকচন্‌ দিলা মোক?” – ৰিকুৱে চিঞৰি সুধিলে৷ কোনেও একো নাপাতিলে৷ নিপন আৰু অভ্ৰমিকাই তাৰ ফালে কেবল এটা কপট চাওনি দিলে৷ আৰু সকলো খৰ-ধৰকৈ তাৰ কোঠাৰ পৰা ওলাই গুছি গ’ল৷

***

তাৰ ধুৱলি-কুৱলীও লাগিল, মুৰটো আচন্দাই গ’ল৷ সি চফাখনতে বহু সময় বহি থাকিল৷ সময়বোৰ কেনেকৈ পাৰ হৈ গ’ল, সি গমেই নাপালে৷ ইতিমধ্যে বাহিৰত পোহৰ হ’ল৷ সি কোনোমাতে উঠিলে৷ সি দৰ্জা খুলি বাহিৰলৈ চাই পঠিয়ালে৷  তাৰ যেন বিবেক আৰু আবেগৰ মাজত এক তোল-পাৰ যুদ্ধ লাগিছে৷ সি চিধাই ওচৰৰ পুলিচ-থানালৈ বুলি গতি কৰিলে৷ এখন এজাহাৰ দিবলৈ৷

থানাত তাৰ পুৰণি চিনাকী এচিপি গগৈক দেখা পালে৷ অন্ততঃ এজন চিনাকী মানুহ আছে৷
-“গগৈ দা, ভালনে?”
-“অ’ ৰিকু!! মোৰ ভালেই, তুমি কোৱাচোন৷ কি খবৰ৷”
-“গগৈ দা, যোৱা কালি এটা সংঘাটিক ঘটনা হৈ গ’ল৷ মই এখন এফ-আই-আৰ দিব বিছাৰিছোঁ৷”
-“অ’ কি হ’ল, কোৱচোন৷”
ৰিকুৱে সকলো কথা বৰ্ণনা কৰি ক’লে৷
গগৈয়ে এফ-আই-আৰ লিখিবলৈ আৰম্ভ কৰিছিলে যদিও, মাজতে ৰৈ গ’ল৷ ৰিকুৰ কথা শেষ হোৱাৰ পিছত কাণখন খজুৱাই খজুৱাই ৩২টা দাঁত উলিয়াও ক’লে – “ডেকা ল’ৰা৷ উত্তৰ-গুৱাহাটিৰ 'ব্ৰেইন-জ’ন'(brain-zone)-বুলি কোনো অঞ্চল নাই৷ তাত কোনো ‘ইন্সটিটিউত অৱ অৰ্টিভিচিয়েল ইন্টেলিজেঞ্চ' নামৰ অনুস্থানো নাই৷ তুমি কেবল তোমাৰ লেবৰেটৰিটোত সোমাই নাথাকিবা৷ অলপ ইফালে-সিফালে ঘুৰিবা৷ ছোৱালী এজনী পাৰিলে গোটাই লোৱা৷ অকলে অকলে থাকি থাকি তোমাৰ এইবোৰ সকলো মতিভ্ৰম হৈছে৷”
ছোৱালী গোটাবলৈ গৈয়েইতো সকলো লটি-ঘটি - তাৰ ক’বলৈ মন গৈছিল৷
-“গগৈ দা, মোক বিশ্বাস কৰক৷ সঁচালৈ এনে ঘটনা ঘটিছে৷”
গগৈ তাৰ কোনো কথাই বিশ্বাস নকৰিলে৷ সদাই তামুল খাই থকা এচিপি গগৈৰ দাঁত কেইটা একেবাৰে ৰঙচোৱা৷ আজি সি গগৈৰ একেবাৰে ধক-ধককৈ বগা দাঁত৷ আধা টপা মুৰটোতো চুলি অলপ বেছিকৈ দেখিলে ৰিকুৱে৷ তাৰ সন্দেহ হ’ল - জানোচা এচিপি গগৈয়ো  এটা ....

একো বিশ্বাস কৰিব নোৱাৰি৷ গোটেইখন লাহে লাহে সলনি হৈ আহিছে৷ সি থানাৰ পৰা ওলাই আহিল৷

এইবাৰ সি তাৰ ঘৰুৱা ডাক্তৰ ডাঃ হুছেইনক লগ কৰি আহিবলৈ সিদ্ধান্ত ল’লে৷ তাৰ পৰিয়ালৰ বহু পুৰণি ডাক্তৰ৷ সি “চাচা” বুলিয়েই তেওঁক মাতে – সমন্ধতো কিবা এটা লাগে৷ দুজনমান ৰোগী যোৱাৰ পিছত তাৰ ডাক্তৰক লগ কৰাৰ পাল পৰিল৷

-“চালাম ৱালিকুম, ৰিকু জান, আহা৷”
-“ৱালিকুম চালাম, হুছেইন চাচা৷ মোৰ কিবা বেমাৰ হৈছে নেকি, চাওকচোন৷”
-“কি হ’ল? কি অসুবিধা পাইছা?”
-“এতিয়ালৈকে একো পোৱা নাই, কিন্তু…”
সি ডাক্তৰক যোৱা ৰাতি কি কি হ’ল থুলমুলকৈ ক’লে৷ অতি মনোযোগেৰে শুনিলে যদিও তেওঁৰ মুখৰ চাওনিত এক অবিশ্বাসৰ ভাৱ৷ তথাপি ডাক্তৰ হুছেইনে সি ডিঙিৰ পিছফালে য’ত বেজি দিয়া বুলি ক’লে তাত ভালকৈ চালে৷
-“মই চকুৰে একো ধৰিব পৰা নাই৷ তথাপি তুমি ব্লাড-টেষ্ট এটা কৰাই লোৱা৷ কিবা থাকিলে ওলাই যাব৷”


কেইসপ্তাহমান পাৰ হৈ গ’ল৷ ৰিকুৰ ব্ৰেইন-টিউমাৰ এটা ধৰা পৰিছে৷ ডাক্তৰে দিয়া ঔষধ পাতি খাই আছে৷ কিন্তু ভাল হোৱা নাই, লাহে লাহে বাঢ়িহে আহিছে৷ তাৰ সেই ৰাতিৰ ঘটনা কোনোৱেও বিশ্বাস নকৰিলে৷ তাৰ হাতত আন কোনো প্ৰমাণো নাই৷ তাৰ হয়তো মৃত্যু অনিৰ্বায্য৷ কিন্তু তাৰ প্ৰতিবিম্ব স্বৰূপ এটা ‘হ’ম’ চাইবাৰ চেপিয়েঞ্চ’ হয়তো কৰোবাত তৈয়াৰ হৈ আছে৷

আজি কেইদিনমান তাৰ বৰ দুৰ্বল লাগি আছে৷ লেবৰ’টৰিলৈ সি যোৱা নাই৷ আজিও যাবলৈ বৰ এলাহ লাগিল৷ সি খবৰ দিবলৈ লেবলৈ ফোন কৰিলে৷ চেক্ৰেটেৰি হাজৰিকা বাইদেউৱে ধৰিলে – “হেল্ল, কুৱাণ্ট্‌-লেব৷”
-“হাজৰিকা বাইদেউ, মই ৰিকুৱে কৈছো৷ আজিও মই লেবলৈ নাযাও…”
-“আজিও নাযাও, মানে? তুমিতো লেবৰেটৰিতে আছা৷”
-‘নাই, মই ঘৰত৷ আজি কেইবাদিনো মই ঘৰতেই আছো৷”
তেনেতে ইফালৰ পৰা আন এটা মাত শুনা গ’ল – “বাইদেউ কোনে ফোন কৰিছে?”
-“কোনোবাই তোমাৰ নাম লৈ চুপতি কৰিছে৷”
-“চাও দিয়কচোন ফোনটো৷”
ফোনটো আনজন বক্তিয়ে কাঢ়ি লোৱাৰ দৰে লৈ ৰিকুক সুধিলে – “কোন এইটো?”
-“মই ৰিকু, মানে ৰকিবুল আহমেদ৷ আপুনি কোন?”
-“আপুনি কোন? ধেমালি কৰিবলৈ আহিছে – মোৰ নাম লৈ? এতিয়াই ফোন থওক৷ আকৌ এনেকৈ ধেমালি কৰিলে কথা বেয়া হ’ব৷”
ফোনটো কাট হৈ গ’ল৷ ৰিকুৰ ইতিমধ্যে ইমানেই দু্ৰ্বল লাগিল যে সি চ’ফাৰ পৰাই উঠিব নোৱাৰা হ’ল৷ তাৰ শ্বাস-নিশ্বাস লোৱাত সাংঘাটিক কষ্ট হ’ল৷

সি চ’ফাখনতে বহি থাকিল৷  এপাকত আই-পি-টিভিটো আপোনা-আপোনি বাজি উঠিল - সি হয়তো অজানিতে ৰিমোটটোত হেচা দিলে৷ 'নিতৌ-৩৬৫' চেনেলটো লাগি আছিল৷ নতুনকৈ পুণঃ নিৰ্বাচিত প্ৰধানমন্ত্ৰী ৰিজিজুৰ কৰ্ম-নিষ্ঠা আৰু জীৱনপঞ্জীৰ ওপৰত এখন চিত্ৰ-তথ্য দেখুৱাই আছে৷ তেওঁ হেনু প্ৰায় ২৪ ঘণ্টাই কাম কৰে - বিৰতি নোহোৱাকৈ৷ খোৱা-বোৱাতো বিশেষ ৰুচি নাই৷ কেবল কাম কাম আৰু কাম৷ এইবাৰৰ নিৰ্বাচনতো তেওঁ কূটনৈতিক পটুতা শলাবলগীয়া৷  মানুহজনৰ সাংঘাটিক স্মৃতিশক্তি - মুখৰ আগত প্ৰত্যেক সমষ্টিৰ জন-গাঠনিৰ সবিশেষ, আন্তঃগাঠনি বিকাশৰ প্ৰকল্পসমূহৰ সবিশেষ৷ প্ৰত্যেক অঞ্চলৰ ৰাইজৰ প্ৰয়োজনীয়তাসমূহ তেওঁৰ যেন জল-জল পট পট কৈ মুখস্থ৷ আনহাতে মানুহজনক এতিয়াও বসয়ৰ চাপে চুব পৰা নাই৷ ২০ বছৰ আগতে যেনে আছিল, এতিয়াও তেনে হৈয়ে আছে৷

ৰিকুৱে যেন সকলো বুজি উঠিলে৷ কিন্তু এতিয়া তাৰ একো কৰাৰ শক্তি নাই৷ এনেতে নিপনৰ লগত সেইদিনাখন ৰাতি অহা বাহুবলি চাইবাৰ-চেপিয়েঞ্চ দুটা আকৌ আহি ওলালহি৷ সিঁহতি ৰিকুৰ মৃতপ্ৰায় শৰীৰটো এম্বোলেঞ্চ এখনত ভৰাই লৈ গুছি গ’ল৷

No comments:

Post a Comment