Monday, January 15, 2018

নিদ্ৰা / ১

-"কনকৰ লগত কথা পাতিব পাৰোঁ নেকি?"
-"হয়, কনকে কৈছো৷"
-"আপোনালৈ এখন চিঠি পঠিওৱা হৈছিল৷ এ বি আৰ ছি-ৰ পৰা৷ পাইছেনে?"
-"এ বি আৰ ছি? মানে?"
-"উত্তৰ গুৱাহাটীৰ ব্ৰেইন-জ’নৰ এডভাঞ্চ বায়’মেটাবলিজম ৰিচাৰ্চ চেণ্টাৰৰ পৰা৷"
-"হমমম... নাই পোৱা৷ হয়তো মন নকৰিলো৷"
কনক অলপ আচৰিত হ’ল৷ এই নামৰ কোনো অনুস্থানৰ লগত তাইৰ কোনো সম্পৰ্ক নাই৷ কি চিঠি বা পঠিয়াইছে - তাই ভাৱি নাপালে৷
-"আমাৰ ডাটাবেচত আপোনাৰ ঠিকনাটো হয়তো শুদ্ধকৈ নাই৷"
-"অ’, হব পাৰে৷ কি বিষয়ে আছিল, বাৰু?"
-"কথাটো অলপ গুৰুত্বপূৰ্ণ - ফোনত কোৱা উচিত নহ’ব৷ আমাৰ প্ৰতিনিধি এজনে আপোনাক লগ ধৰি সকলো বুজাই দিব৷"

পিছদিনাখন নিৰ্ধাৰিত সময়ত এ বি আৰ ছি-ৰ প্ৰধিনিধিজন কনকৰ দুৱাৰ ডলিত উপস্থিত হ’লহি৷
"মই এ বি আৰ ছি ৰ পৰা আহিছো৷"
"অ আহক, বহক৷"
মানুহজনে হাতত এটা ব্ৰিভকেচ লৈ আহিছিল৷ সেইটো থৈ তেওঁ চ’ফাখনত বহিল৷ কনককো বহিবলৈ ইংগিত দি তেওঁ ক’লে - "আপুনিও বহক৷ মই কিছুমান কথা বুজাই দিব লাগিব৷"

কনক আনখন চফাত বহিল৷ এগৰাকী সম্পূৰ্ণ চিনাকি মানুহ৷ তাইৰ অচহুৱা লাগিল৷ 

ব্ৰিভকেচটো খুলি মানুহগৰাখিয়ে এখন ফটো আগ বঢ়াই দিলে - "এইয়া কোন, চিনি পাইছে?"

এগৰাকী গাভৰু ছোৱালীৰ ফটো৷ তাইৰ সমসাময়িকেই হ’ব হয়তো, মানে ২৬-২৭ বছৰীয়া৷  চেহেৰাটো বৰ চিনাকী লাগিছে৷ কিন্তু তাই সেইয়া কোন চিনিব নোৱাৰিলে৷ কোন বা ক’ত দেখিছিলে মনত পেলাব নোৱাৰিলে৷ 

-"চিনাকি চিনাকি লাগিছে৷  কিন্তু কোন ধৰিব পৰা নাই৷ কোননো এই গৰাকী"
মানুহ গৰাকীয়ে মিচিকিয়াই হাঁহিলে৷ 
-"এইয়া স্বপ্না৷ আপোনাৰ অতি আপোন সম্বন্ধিয়াই হয়৷"
-"হয় নেকি? মই হয়তো লগ পোৱা নাই৷"
-"নাই, আপুনি লগ পোৱা নাই৷ 'স্বপ্না'  বিষয়ে আপোনাক কোনেও কেতিয়াও কোৱা নাই?"
-"নাই কোৱা৷ সৰুতে কৈছিল যদিও মোৰ একো মনত নাই৷"
-"একেত মানে 'স্বপ্না' আপোনাৰ আজু-আইতা৷"
-"আজু-আইতা !!"
-"হয়, এই ফটোখন আজিৰ পৰা ১৫০ বছৰ আগৰ৷ মানে ২০৪০ চনত তোলা৷"
-"কি? সচাঁকৈ?"
 কনকৰ আজু-আইতাকৰ নাম 'স্বপ্না' ? সুন্দৰ নাম - তাই ভাৱিলে৷ কথাটো জানি অলপ আমোদো পালে৷ কিন্তু তাই এতিয়াও বুজি নাপালে এই মানুহজনে আচলিতে কিয় আহিছে৷ সেয়ে তাই সুধিলে - "এইয়া মোৰ আজু-আইতা, কথাটো বাৰু বুজিলো৷ কিন্তু আপুনি অহাৰ উদ্দেশ্যেটো?"
-"অ’ সেইটো ক’বলৈকে আহিছো৷"
-"সকলো ঠিকে থাকে গ’লে, আজিৰ পৰা এমাহৰ পিছত আপুনি 'স্বপ্না'ক সশৰীৰে লগ কৰিব পাৰিব!"
মানুহগৰাকীৰ কথাত কনক আচৰিত হোৱাই নহয়, ঠঠমঠ খালে -"কি? কেনেকৈ?"
-"সময়ত সকলো গম পাই যাবা৷ অ’ মই নিজকে চিনাকী দিবলৈ পাহৰি গৈছিলো - মই ডা মালতী৷ এ বি আৰ ছিৰ শ্ৰেষ্ঠ গৱেষক৷"
(আগলৈ)

No comments:

Post a Comment