Thursday, January 25, 2018

নিদ্ৰা / ৩

"হাই কনক!!" - বগা ডাক্টৰী কোট পিন্ধা সেই মহিলা গৰাকী মানে ডা মালতী৷ হাতখন আগ বঢ়াই দিলে৷
-"হাই" বুলি কৈ কনকে হাতখন আগ বঢ়াই দিলে৷
-"আহক, মোৰ লগত আহক৷"
মালতিয়ে কনকক পোছাকযোৰ সলাবলৈ দিলে৷ পাতল নীলা পোছাক এযোৰ তাইক পিন্ধিবলৈ দিলে৷  নিজেও বিন্ধিলে৷ তাৰ পিছত দীঘল কৰিড’ৰ এটাইদি গৈ এটা হল ঘৰত সোমালেগৈ৷

এখন যেন হাস্পিতালৰ আই-চি-ইউ কোঠা৷ অসংখ্য যন্ত্ৰপাতিৰ মাজত পাতল নীলা সাজ পিন্ধা কেইবাজন ডাক্তৰ-নাৰ্চ কামত ব্যস্ত৷ কোঠাটোৰ সোঁমাজত বিচনাখন৷ বিচনা ঠিক নহয়৷ এটা সজাই থোৱা কভিন  বুলি ক’লেহে বেছি ৰিজাব৷ মালতিৰ ইংগিত মতে তাই কফিনটোৰ একেবাৰে ওচৰ পালে৷ ওপৰৰ ঢাকনিখন স্বচ্ছ কাছৰ৷ ভিতৰত সেইয়া দীৰ্ঘ-দিনিয়া গভীৰ নিদ্ৰাত - "স্বপ্না"৷ এদিন নহয়, দুদিন নহয়, সম্পূৰ্ণ ১৫০ বছৰ তেওঁৰ শৰীৰৰ বিপাকসমূহ (metabolism) স্তব্ধ কৰি ৰখা হৈছে এই যন্ত্ৰ-পাৰি আৰু বিশেষ ৰাসায়সসমূহৰ সহায়ত৷ এটি মৃদু মিচিকিয়া হাঁহিও যেন "স্বপ্না"-ৰ সতেজ মুখমণ্ডলত স্তব্ধ হৈ থাকিল ডেৰ শতিকা ধৰি৷ অবিশ্বাস্য!!

সচাঁই সম্ভৱ কৰি তুলিছেনে? মালতিলৈ চাই কনকে ক’লে - "ইমান সতেজ হৈ আছে৷ অবিশ্বাস্য, নহয়নে?"
ডা মালতিয়ে হয়ভৰ দি ক’লে - "হয়, ইয়েই বিজ্ঞানৰ মহিমা৷ তোমাৰ আইতা স্বপ্না কিন্তু তোমাৰ দৰেই দেখিবলৈ৷ মানুহে যজা বাই-ভণী বুলিয়েই ক’ব৷"
কনকৰ অবিশ্বাস্যৰে ভৰা মূখখনত হাঁহি বিৰিঙি উঠিল- "হয় নেকি? সচাইনে?"
-"সাইলাখ!!"
-"বাৰু, স্বপ্নাৰ বয়স আচলতে কিমান?"
-"জৈৱিক বয়স (Biological Age) প্ৰায় তোমাৰ সমান,  অৰ্থাৎ ২৭ বছৰ৷ কিন্তু যোৱা ডেৰ শতিকা শুই থকাৰ বাবে সময়-ক্ৰমিক বয়স (Chronological Age) ১৭৭ বছৰ৷"
-"বেছ আমোদজনক৷ আজি বিজ্ঞানে যে কি কি যে সম্ভৱ কৰি তুলিছে !!"
-"আচলতে সম্ভৱ হয় নে নহয় এতিয়াও আমি গম নাপাও৷ এই পৰীক্ষা সফল হৈছে নে নাই আমি  এতিয়ালৈকে নাজানো৷ 'স্বপ্না' সফলতাৰে শাৰ পাই উঠিলেহে আমি ক’ব পাৰিম৷" 
-"অ’ বুজিলো, ঠিকেই৷ তথাপি কথাবোৰ ভাবিয়েই বৰ কিবা কিবা লাগিছে৷ ভয়ো লাগিছে৷ জানোচা শাৰ পাই নুঠে?"
-"সেই একেই উৎকণ্ঠাত আমি বৈজ্ঞানিকসকলো ভুগিছো৷ বৈজ্ঞানিক তত্ব মতে সকলো কৰা হৈছে৷ শাৰ পাব বুলি সকলোৱে আশাবাদী৷ কিন্তু পৰীক্ষাৰ ফলা-ফল নোপোৱা লৈকে একো কব নোৱাৰি৷"
-"বাৰু এনে অদ্ভুত পৰীক্ষা  কিয় কৰা হৈছিল?"
-"মহাকাশ যাত্ৰাৰ কাৰণে৷"
-"মহাকাশ যাত্ৰাতো মানুহে ইতিমধ্যে বহুত কৰিছে৷ এনে পৰীক্ষা নোহোৱাকৈয়ে৷"
-"হয় কৰিছে৷ কিন্তু আমি আন তাৰকা ৰাজ্যলৈ যাবলৈ বহু বছৰৰ প্ৰয়োজন হ’ব৷ কেইবাশ বছৰ৷ এনে যাত্ৰাৰ বাবে আমাক এনে দীৰ্ঘ দিনীয়া নিদ্ৰাৰ প্ৰয়োজন হ’ব৷ সেয়ে এই 'শীতল নিদ্ৰা'ৰ পদ্ধতি উৎভাৱন কৰা হৈছে৷ 'স্বপ্না'ই তাইৰ কন্যা কেছুৱাজনী দুবছৰ থাকোতেই নিজকে এই পৰীক্ষাৰ বাবে উচ্চৰ্গা কৰিছিলে৷"
-"মানে মোৰ মা?"
-"হমমম, আচলতে নহয়৷"
-"মানে?"
-"তুমি আচলতে তেখেতৰ পঞ্চম প্ৰজন্মৰ (fifth generation) সন্তান৷ মানে আজু-আজু-আজু আইতা৷"
-"হা, হা, হা --- আজু-আজু-আজু আইতা 'স্বপ্না' !!"
 (আগলৈ)


No comments:

Post a Comment