Saturday, August 4, 2018

‘টোল গেট’ৰ ‘ভঙা-চিঙা বাতৰি’ আৰু মোৰ ‘বেতাঁৰ নিগনি’টো

[এই প্ৰবন্ধ "নিয়মীয়া বাৰ্তা"ৰ ০৪-আগষ্ট-২০১৮ ত প্ৰকাশ পায়৷ স্কেন কপি ইয়াত পাব৷ প্ৰকাশৰ পিছত আন কিছু তথ্য পোৱা গ’ল আৰু তাৰ ভিত্তিত এই ব্লগত সংযোজিত/সংশোধিত কৰা হৈছে৷ ]

‘টোল-গেট’ক লৈ আজি ৰাজ্যত হৈ চৈ৷ ‘টোল-গেট’-ৰ ধাৰণাটো অসমৰ শেহতীয়া ইতিহাসত (recent history) হয়তো নতুন৷ অসমত ‘মাচুল দি ৰাজপথ ব্যৱহাৰ কৰা’-ৰ ধাৰণাটো নাভূত-নাশ্ৰুত৷ গতিকে ইয়াৰ উপযুক্ত অসমীয়া প্ৰতিশব্দ নাই৷

ভাষা প্ৰসংগৰ কথাবোৰ আলোচনা কৰাৰ আগতে ৰহাৰ ‘টোল-গেট’ৰ বিষয়ে মোৰ ব্যক্তিগত মতামত চমুকৈ কৈ লওঁ৷ আমাৰ প্ৰথম প্ৰশ্ন – “এই বিতৰ্কটো হ’বলৈ পালে কেনেকৈ? কৰ্তৃপক্ষই সকলো নিয়ম-কানুন / নীতি-নিয়ম মানি ইয়াক স্থাপন নকৰিলে নেকি (প্ৰতিবাদকাৰীসকলে কোৱা মতে)?” কেবল এই বিতৰ্কই নহয়, নাগৰিকত্ব আইন, তৈলক্ষেত্ৰ নিলাম, নদী বান্ধ নিৰ্মাণ আদি বিভিন্ন ‘ইছ্যু’ক লৈ যিবোৰ প্ৰতিবাদ হৈ আছে, মোৰ বোধেৰে এখন সুস্থ আৰু কাৰ্যক্ষম গণতন্ত্ৰত (healthy and functional democracy) এইবোৰ হ’বই নালাগে৷ আমি জানো যিকোনো প্ৰতিবাদ দেশ বা ৰাজ্যখনৰ অৰ্থনীতি তথা সামাজিক গতি-বিধিৰ অপকাৰী হেঙাৰ৷ প্ৰতিবাদ কৰাটো আমাৰ কাৰো নিশ্চয় ‘পেছা’ নহয়৷ খেতি কৰা, কল-কাৰখানাত কাম কৰা, দোকান দিয়া, ব্যৱসায় কৰা, নিৰ্মাণ কাৰ্য, সাংবাদিকতা, শিক্ষকতা, বিত্তীয় জীৱিকা (বেংক আদিৰ কাম), উকালতী, পঢ়া-শুনা/প্ৰশিক্ষণ আদি আমাৰ মৌলিক ‘পেছা’৷ এইকামবোৰ সুকলমে বিনা বিঘিনিৰে আমি সকলোৱে কৰিব বিচাৰো৷ ইয়াৰ বাবে প্ৰয়োজনীয় সুবিধা কৰি দিবলৈ এখন গণতন্ত্ৰত জন-গণে এখন চৰকাৰ তৈয়াৰ কৰি লয়৷ এখন সুস্থ আৰু কাৰ্যক্ষম গণতন্ত্ৰত নিৰ্বাচিত প্ৰতিনিধিসকলে জন-গণক প্ৰতিনিধি কৰি তেওঁলোকৰ এনে প্ৰয়োজনসমূহৰ বুজ লৈ বিধি-বিধান তৈয়াৰ কৰি চৰকাৰৰ বিভিন্ন বিভাগ, প্ৰতিস্থান, আয়োগ (আৰু সেইবোৰৰ লগত জৰিত বিশেষজ্ঞসকল) আদি ‘আহিলা’ (the apparatus of government) সমূহৰ জৰিয়তে জন-গণে সুচাৰোভাৱে নিজৰ কাম-কাজ কৰি যাবলৈ সুবিধা কৰি দিয়ে৷ গতিকে আদৰ্শগতভাৱে বা পাঠ্যপুথিগতভাৱে চৰকাৰৰ সকলো কাম বা নিৰ্ণয় জনগণৰ হিতৰ কাৰণে লোৱা হয় আৰু সেয়ে কোনো প্ৰতিবাদৰ সুৰুঙা থাকিবই নালাগে৷ কোনো অভিযোগ / আপত্তি থাকিলে তাক আঙুলিয়াই দিয়াৰ দ্বায়িত্ব ৰাইজে ‘বিৰোধী’ পক্ষক দি থৈছে৷ হয়তো কোনো ব্যক্তি বা অনুস্থানেও নিজা নিৰ্বাচিত প্ৰতিনিধিৰ জৰিয়তেই হওঁক বা আন কোনো প্ৰকাৰেই হওক (যেনে অন-লাইন) আঙুলিয়াই দিয়াৰ ব্যৱস্থা থাকিব লাগে৷

কিন্তু ইমান সঘণাই বিভিন্ন কাৰণত ৰাইজে নিজেই ৰাজপথলৈ প্ৰতিবাদ কৰিবলৈ ওলাই আহিব লগাটোৱে কি সুচাই? আমাৰ গণতন্ত্ৰই সঁচাকৈ সুচাৰুভাৱে কাম কৰা নাই নেকি? নে আমাৰ সমাজত ‘মৌলিক পেছা’সমূহত ব্ৰতি নথকা, হাতত অজস্ৰ সময় থকা নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে?

***

ৰহাৰ ‘টোল-গেট’ বৈধ হয় নে নহয় বিচাৰ হৈ থাকিব৷ এতিয়া আমি আন এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম৷ প্ৰতিবাদ, আন্দোলন, বিভিন্ন কেলেংকাৰী, ধৰ্ষণ-হত্যা আদিৰ Breaking News সমূহৰ মাজতে যেন হেৰাই গৈছে আমাৰ এটা কৰ্তব্য - অসমীয়া ভাষাৰ শব্দবোৰ ব্যৱহাৰ কৰিবলৈ, নতুন শব্দ উৎভাৱন কৰিবলৈ, সেই শব্দবোৰ জনপ্ৰিয় কৰিবলৈ৷

আজি প্ৰতিটো অসমীয়া ব্যক্তিগত খণ্ডৰ বৈদ্যুতিন মাধ্যমত “Breaking News” ইংৰাজী বাক্যাংশই টিভিৰ পৰ্দাত বিভিন্ন নাটকীয় ভংগীমাৰে নৃত্য কৰিছে৷ অসমীয়া সাৱলিল ‘জলন্ত বাতৰি’, ‘বিস্ফোৰক বাতৰি’ আদি যেন এলাগী হ’ল৷ মোৰ কাণত কোনোবাই “Breaking News” বুলি ক’লে ‘ভঙা-চিঙা বাতৰি’ বুলিহে মনলৈ আহে৷

আগতে কৈ অহা ‘Toll Gate’ অসমৰ বাবে এটা নতুন ধাৰণা, সেয়ে ইয়াৰ প্ৰতিশব্দ অসমীয়াত ব্যৱহাৰ নাই৷ ইয়াৰ অসমীয়া এনে হ’ব পাৰিলেহেঁতেন – ‘মাচুল-দ্বাৰ’, ‘মাচুল-জপনা’, ‘শুল্ক-দ্বাৰ’, ‘শুল্ক-দোৱাৰ’ আদি৷ বৰ্তমান বাতৰি-কাকত, বৈদ্যুতিন মাধ্যম আদি সকলোতে ইয়াক পোনপটীয়াকৈ লিপ্যান্তৰ কৰি ‘টোল গেট’ বুলি ব্যৱহাৰ কৰাহে দেখা গৈছে৷ ইয়াত কোনো আপত্তি নাই৷ কিন্তু ….
 ই বৰ দুৰ্ভাগ্যজনক কথা যে আজিৰ দিনত ‘Toll Gate’ লৈ ইমান হৈ চৈ হৈ থকা সময়ত কোনো অসমীয়া বাতৰি-কাকত, বৈদ্যুতিন মাধ্যমে ইয়াৰ কোনো অসমীয়া প্ৰতিশব্দ উৎভাৱন কৰি জনপ্ৰিয় কৰিবলৈ চেষ্টা কৰা দেখা নগ’ল৷ এটা সোনালী  সুযোগ যেন হেৰাই গৈছে৷

আজি বিজ্ঞান-প্ৰযুক্তিৰ যুগ৷ প্ৰতি দিনে আমি কোনো নতুন আহিলাৰ উৎভাৱনৰ সন্মূখিন হৈছো আৰু ক্ৰমান্নয়ে সেইবোৰ আমি ব্যৱহাৰ কৰিবলৈ লৈছো৷ মবাইল ফোন, কম্পিইটাৰ, কী-বৰ্ড, মাউছ, ছিম-কাৰ্ড, আৰু শেহতীয়াকৈ ‘টোল গেট’ আদিৰ দৰে কিছুমান বস্তু আমাৰ জীৱনত ওতঃপ্ৰোতঃ ভাৱে জৰিত হৈ পৰিছে৷ এই পাৰ্থিৱ বস্তুবোৰৰ লগে লগে কিছুমান অপাৰ্থিৱ ধাৰণায়ো আমাৰ জীৱনত প্ৰভাৱ পেলাব ধৰিছে৷ অনলাইন-আলোচনী, অনলাইন-বেংকিং, ৱেব-চাইট, ই-প্ৰশাসন, জি এছ টি  আদিৰ দৰে অপাৰ্থিৱ ধাৰণাসমূহো আমাৰ দৈনন্দিন জীৱনৰ অংগ হৈ পৰিছে৷
  
এইখিনিতে এটা প্ৰশ্নৰ উদয় হয়৷ এই আহিলাসমূহক বা ধাৰণাসমূহক আমি অসমীয়াত কি বুলি ক’ম? ইংৰাজী শব্দটোৱেই লিপ্যন্তৰ কৰি ব্যৱহাৰ কৰিম নে কোনো নতুন অসমীয়া শব্দ উদভাৱন কৰি তাক ব্যৱহাৰ কৰিম? সহজ উপায় প্ৰথমটো, অৰ্থাৎ ইংৰাজী শব্দটোকে লিপ্যান্তৰ কৰি ব্যৱহাৰ কৰা৷ এই ক্ষেত্ৰত আমাৰ দুটা কাম নকৰাকৈ হয় – (ক) কোনো নতুন শব্দৰ উৎভাৱন কৰিব নালাগে, (খ) নতুন শব্দটোৰ অৰ্থ সুনিৰ্দিষ্ট কৰি ৰাইজৰ মাজত প্ৰচাৰ কৰি জনপ্ৰিয় কৰি তোলাৰ প্ৰয়োজন নাই৷ ইংৰাজী শব্দটো ইতিমধ্যে মানুহে বুজি পায়৷

বৰ্তমান এই প্ৰথাই সঘণে অবলম্বন কৰা দেখিবলৈ পোৱা গৈছে৷ যেনে – টোল গেট, জি এছ টি আদি৷ কথিত ভাষাটো বাদেই, লিখিত ভাষাতো প্ৰায়েই ইংৰাজী শব্দ প্ৰতক্ষভাৱে ব্যৱহাৰ কৰা দেখা যায়৷ কিন্তু আমি সদায় এই সহজ উপায়টোকে লৈ থাকিলে হ’বনে? এনে কৰিলে অসমীয়া ভাষাটো ইংৰাজী ঋণ শব্দৰে ভৰি পৰিব৷ ইতিমধ্যে আমি এনে বাক্য ক’বলৈ লৈছোৱেই – “মাউচটোৱেদি ৱেবচাইটোৰ লিংকটোত ক্লিক কৰক৷” এইবাক্যটোৰ ৫টা শব্দৰ ৪টা ইংৰাজী শব্দত বিভিন্ন বিভক্তি যোগ গৈছে৷

কথাটো অলপ গমি চালে দেখা যায়, আমাৰ ২০শ শতিকাৰ মাজ ভাগত পৰা হয়তো শেষভাগলৈকে কিছুমান অতি সুন্দৰ অসমীয়া শব্দৰ উদভাৱন হৈছিলে৷ এনে কিছুমান শব্দ তালিকা-১ত দিয়া হ’ল৷
তালিকা-১:
অসমীয়া শব্দ
ইংৰাজী প্ৰতিশব্দ
গড়-কাপ্তানী
PWD
অনাতাঁৰ / আকাশবাণী
Radio
বেতাঁৰ
Wireless
আকাশী জাহাজ / উৰা জাহাজ
Aeroplane
দূৰদৰ্শন
Television
বিদ্যুৎ
Electricity
আলোকচিত্ৰ
Photograph
চলচিত্ৰ
Movie
মহাসাগৰ
Ocean
প্ৰশান্ত মহাসাগৰ
Pacific Ocean
মাটি তেল
Kerosene

এই শব্দবোৰ শুণিবলৈ সুমধুৰ, গঠনত খাতি অসমীয়া অথচ ভাৱত সম্পূৰ্ণ কাৰিকৰী৷ তাতকৈও ডাঙৰ কথা – এই শব্দবোৰৰ অৰ্থত কোনো খেলি-মেলি নাই, সকলোৱে সঠিককৈ অৰ্থ বুজি পায়৷

আমি আজি-কালি এনেধৰণৰ নতুন অসমীয়া কাৰিকৰী শব্দ সৃষ্টি আৰু ব্যৱহাৰত ব্যৰ্থ হৈছো নেকি? অসম সাহিত্য সভা, অসম বিজ্ঞান সমিতি, গুৱাহাটি বিশ্ববিদ্যালয়, অসমৰ চৰকাৰী ভাষা প্ৰয়োগ আয়োগ আদি বহুতো প্ৰতিষ্ঠানে ভিন ভিন বিষয়ৰ অসমীয়া প্ৰতিশব্দৰ তালিকা প্ৰস্তুত কৰি আহিছে৷ কিন্তু সেইবোৰৰ বেছিভাগেই দৈনন্দিন কাম-কাজত, লেখা-মেলা, মেল-লিটিং বা কথোপকথনত ব্যৱহাৰ হোৱা দেখা নাযায়৷  ইংৰাজী শব্দটোকেই লিপ্যান্তৰ কৰি ব্যৱহাৰ কৰাহে বেছিকৈ দেখা যায়৷ তালিকা-২ত এনে কিছুমান জনপ্ৰিয় শব্দ দিয়া হ’ল৷
তালিকা-২:
অচলিত অসমীয়া শব্দ
চলিত ‘অসমীয়া’ শব্দ
ইংৰাজী প্ৰতিশব্দ
পৰিকলন যন্ত্ৰ
কম্পিউটাৰ
Computer
অম্ল
এচিড
Acid
পেচা/জীৱিকা
কেৰিয়াৰ
Career
কৰ্কট ৰোগ
কেন্‌চাৰ
Cancer
বিষয় / প্ৰসঙ্গ / সমস্যা
ইছ্যু
Issue
বন্ধ / ৰুদ্ধ
ছীল
Seal
স্থান
ৰেঙ্ক
Rank
ফলাফল
ৰিজাল্ট
Result
থলুৱা / স্থানীয়
ল’কেল (মাছ)
Local

মোৰ বেতাঁৰ নিগনিটো...

পৰিকলন যন্ত্ৰৰ নিৰ্দেশক আহিলাবিধক ইংৰাজীত "mouse" বুলি কোৱা হয়৷ অসমীয়াত তাক অনুবাদ কৰোতে ‘মাউছ’ বুলি লিখা দেখা যায়৷ এনে কৰাৰ প্ৰয়োজন আছেনে? আধুনিক প্ৰযুক্তিৰ এবিধ আহিলাক দেখিবলৈ নিগনিটোৰ নিচিনা কাৰণে ইংৰাজীত mouse-বুলি কোৱা হ’য়৷ ই একেবাৰে চহা মানুহৰ শব্দ৷ অসমীয়াত আমি তাক 'নিগনি'  বুলিয়ে ক’ব নোৱাৰোনে? আমেৰিকাৰ বা ইংলেণ্ডৰ নিগনি আৰু আমাৰ অসমৰ নিগনিটো দেখিবলৈ একেই - সেই আহিলাবিধৰ দৰে সৰু, নেজ থকা আৰু সাধাৰণতে ক’লা বৰণীয়া৷

বহুতে যুক্তি দিয়ে যে 'নিগনি' বুলি ক’লে বৰ হাঁহি উঠা হ’ব৷ এনে কাৰিকৰী শব্দবোৰ ইংৰাজীতেই থকা ভাল৷ কিন্তু 'I clicked the mouse' ও আচলতে এটা বৰ হাঁহি উঠা বাক্য৷ আমি অভ্যস্থ হৈ যোৱাৰ বাবে হাঁহি নুঠে৷ গতিকে 'মই নিগনিটো টিপা মাৰিলো'  বুলি ক’লেও হাঁহি উঠিবলৈ একো নাই৷  আমি ইয়াত কি নিগনিৰ কথা কৈছোঁ, কি টিপা মৰাৰ কথা কৈছোঁ, মানুহে যেতিয়া বুজি পাব, অভ্যস্ত হৈ পৰিব, তেতিয়া তাত হাঁহি উলিবলগীয়া একো নাথাকিব – ই 'I clicked the mouse'-ৰ দৰেই এটি কাৰিকৰী অৰ্থ থকা বাক্য হৈ পৰিব৷

পৃথিৱীৰ বিভিন্ন ভাষাত এই আহিলাবিধক mouse বুলি কোৱাৰ সলনি সেই ভাষাৰ নিগনিৰ সমাৰ্থ শব্দ ব্যৱহাৰ কৰা দেখা যায়৷


আন এটা শব্দ - "সতাঁৰ"৷ স+তাঁৰ অৰ্থাৎ “তাঁৰ থকা”৷ ইয়াক ‘বেতাঁৰ’, ‘অনাতাঁৰ’ৰ লগত ৰিজাই online শব্দটোৰ প্ৰতিশব্দ হিচাপে উৎভাৱন কৰিছিলোঁ৷ আমি যিমান বাৰ এই শব্দটো ব্যৱহাৰ কৰি প্ৰবন্ধ বা প্ৰেছ বিবক্তি আদি উলিয়াইছো (xobdo.org বা শব্দ.সংঘৰ বাবে), প্ৰতিবাৰ ই সলনি হৈ 'অনলাইন' হৈ বাতৰিত প্ৰকাশ পাইছে৷ আজিৰ পৰা হয়তো এশ বছৰ আগতে ‘অভিধান’ শব্দৰ সৃষ্টি হৈছিল৷ ই আজি বহুল ভাৱে প্ৰচলিত৷ আমি ‘online dictionary’ক ‘অনলাইন অভিধান’ বা ‘অনলাইন ডিকচনাৰি’ বুলি কোৱাতকৈ ‘সতাঁৰ অভিধান’ বুলি ক’ব নোৱাৰোনে? আমাৰ আগৰ প্ৰজন্মই সৃষ্টি কৰা এটা সুন্দৰ অসমীয়া শব্দৰ লগত আমি আন এটা সুমধুৰ অসমীয়া শব্দ সৃষ্টি আৰু সংযোজনত আপত্তি থাকিব নালাগে৷

বহুতে আপত্তি কৰে -এই শব্দবোৰে বেমেজালিৰ সৃষ্টি কৰে৷ ইংৰাজীত সকলোৱে বুজি পোৱা শব্দ এটা থাকোতে অসমীয়াত আন এটা শব্দৰ উৎভাৱন কৰিলে মানুহে বুজি নাপাব৷ আনহাতে বিভিন্ন কিতাপ-আলোচনীয়ে একেইটা অৰ্থৰ বাবে নিজা নিজা অসমীয়া শব্দ তৈয়াৰ কৰি ব্যৱহাৰ কৰিলে আৰু খেলি-মেলিৰ সৃষ্টি হ’ব৷ উদাহৰণ স্বৰূপে online শব্দটোক কোনোৱে ‘সতাঁৰ’, কোনোৱে ‘সংযোজীত’ (connected) আদি বিভিন্ন শব্দ তৈয়াৰ কৰি ব্যৱহাৰ কৰিব পাৰে৷

হয়, প্ৰথমতে মানুহে বুজি পোৱাত অসুবিধা হ’ব পাৰে৷ কিন্তু শব্দবোৰ বহুলভাৱে ব্যবহৃত হ’লে,  সকলোৱে বুজি পোৱা হৈ উঠিলে, বেমেজালিৰ ক্ৰমে কমি আহিব আৰু অৱশেষত নাইকিয়া হ’ব৷ পৃথিৱীৰ প্ৰায় প্ৰতিটো প্ৰান্ততে ইংৰাজী কিতাপ-আলোচনী প্ৰকাশ হয়৷ তথাপি নতুন ইংৰাজী শব্দ সৃষ্টি আৰু ব্যৱহাৰত কোনো বেমেজালি হোৱা দেখা নাযায়৷ অসমৰ দৰে এখন সৰু প্ৰদেশত তাৰ তুলনাত কেইখন কিতাপ-আলোচনী প্ৰকাশ পায়? যি কেইখন প্ৰকাশ পাই, বহুলভাৱে প্ৰচাৰ হয়, তেওঁলোকৰ সম্পাদক কেইগৰাকীয়ে মাহেকীয়া এখন সভা পাতি তাত একবদ্ধ হৈ প্ৰতিশব্দবোৰ থিৰাং কৰি সকলোতে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰি দিলেই এই সমস্যাৰ পৰা হাত সাৰিব পৰা যাব বুলি ভাৱোঁ৷ তাৰ বাবে হয়তো এখন ‘কমিটি’ পাতি ল’ব লাগিব৷ 

কিন্তু ই সম্ভৱনে? কোনে কাৰ কথা শুনিব? অসমীয়া ভাষাত এক অনিয়ন্ত্ৰিত অৰাজক চলি থকা যেন অনুভৱ কৰিছোঁ৷ বাতৰি-কাকত, আলোচনী, বৈদ্যুতিন মাধ্যম আদিৰ যেন সহযোগিতা আৰু সমন্বয়ৰ অভাৱ – কোনো এটা ভাৱ বুজাবলৈ বিভিন্নজনে বিভিন্ন শব্দ প্ৰয়োগ কৰাও দেখা যায়৷ বিভিন্নজনে একেটা শব্দ বিভিন্ন বানানেৰে লিখাও দেখা যায়৷ লিপ্যান্তৰ কৰাৰো কোনো বিধি মানি চলা পৰিলক্ষিত নহয়৷  প্ৰচাৰ-মাধ্যমসমূহত প্ৰচাৰিত বিজ্ঞাপনসমূহৰ লগতে ৰাজহুৱা স্থানত লগোৱা বিজ্ঞাপনসমূহৰ ভাষাত বহু বিসংগতি দেখিবলৈ পোৱা যায়৷ ইয়াৰ ফলত, বেমেজালি সৃষ্টি হোৱাৰ ভয়তেই হয়তো আগতে উল্লেখ কৰাৰ দৰে সকলোৱে নতুন অসমীয়া শব্দ উদ্ভাৱন কৰি জনপ্ৰিয় কৰাৰ পৰিবৰ্তে, প্ৰায়েই ইংৰাজী শব্দটোকে যেনে তেনে লিপ্যান্তৰ কৰি ব্যৱহাৰ কৰা দেখা যায়৷  বৰ্তমান অসম সাহিত্য সভা, গুৱাহাটী বিশ্ববিদ্যালয় আদি অনুষ্ঠানসমূহেও কোনো সক্ৰিয় পথ প্ৰদৰ্শকৰ দায়িত্ব পালন কৰা নাই বা কৰিব পৰা নাই৷

অসমীয়া ভাষাক এতিয়া এক সবল নেতৃত্বৰ প্ৰয়োজন৷ এই ক্ষেত্ৰত “চৰকাৰী ভাষা প্ৰয়োগ সঞ্চালকালয়ে” ভূমিকা ল’ব পাৰেনেকি? নে “অসম সাহিত্য সভাই” এই ভূমিকা ল’ব? নে আমাক এখন নতুন কমিটিৰ প্ৰয়োজন৷ “ইউনিকোড কনচৰ্টিয়াম”ৰ দৰে হয়তো এটা শক্তিশালী অনুস্থান৷ কেবল কাকত-আলোচনীৰ সম্পাদকসকলেই নহয়, ইয়াত অসমীয়া ভাষাৰ লগত জৰিত সকলোকে সন্নিবিষ্ট কৰাটো অতি প্ৰয়োজন হ’ব৷ এই কমিটিত বিভিন্ন চৰকাৰী বিভাগ / বেচৰকাৰী  অনুস্থান / প্ৰতিস্থানৰ প্ৰতিনিধি সকলো থাকিব লাগিব৷ যেনে – চৰকাৰী ভাষা সঞ্চালকালয়, শিক্ষা বিভাগ, তথ্য আৰু জনসংযোগ বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় বা আন বিশ্ববিদ্যালয়সমূহ, অসম সাহিত্য সভা, অসম বিজ্ঞান সমিতি, অসমীয়া জনপ্ৰিয় বাতৰি-কাকত/আলোচনীৰ সম্পাদকসকল, বৈদ্যুতিন মাধ্যমৰ সম্পাদকসকল, প্ৰখ্যাত সাহিত্যিক/সাংবাদিক ইত্যাদি৷

ইংৰাজী বা হিন্দী ভাষাৰ কোনো নতুন শব্দৰ অসমীয়া প্ৰতিশব্দ এই কমিটিৰ সদস্যসকলে উদ্ভাৱন কৰিব৷ নিজৰ মাজতে নিৰ্বাচন কৰি বা কোনো নিয়মাৱলী অনুকৰণ কৰি তেওঁলোকে এই কাম কৰিব৷ কমিটিত নথকা কোনো চৰকাৰী বিভাগ / বেচৰকাৰী প্ৰতিস্থান বা ব্যক্তিয়েও কোনো নতুন শব্দৰ প্ৰতিশব্দ বিচাৰি আবেদন কৰিব পাৰিব৷

এইখিনিতে এটা কথা কৈ থোৱা ভাল হ’ব৷ এটা ইংৰাজী শব্দৰ বাবে বহু প্ৰতিশব্দ ব্যাকৰণ বা যুক্তিগত ভাৱে শুদ্ধ হ’ব পাৰে৷ কেতিয়াবা, এটাও অসমীয়া শব্দই “সঠিক অৰ্থ” প্ৰকাশ কৰিব নোৱাৰিব পাৰে৷ এইক্ষেত্ৰত প্ৰতিশব্দ উৎভাৱন আৰু নিৰ্বাচন যিমান গুৰুত্বপূৰ্ণ, তাতকৈও বেছি গুৰুত্বপূ্ৰ্ণ শব্দটোক জনপ্ৰিয় কৰি তোলা আৰু সকলোবোৰ প্ৰয়োজনীয় অৰ্থ, ব্যৱহাৰৰ দ্বাৰা শব্দটোক প্ৰদান কৰা৷ সেয়ে আমি প্ৰথমে সুন্দৰ শব্দ এটা নিৰ্বাচন কৰি লৈ তাক প্ৰয়োজনীয় অৰ্থবোৰ দি ল’লেই সমস্যাৰ সমাধান হয়৷ অৰ্থাৎ সঠিককৈ সংজ্ঞা লিখি তাক প্ৰচাৰ কৰাটো অতি প্ৰয়োজনীয়৷ সেয়ে এই কমিটিৰ দ্বাৰা অনুমোদিত প্ৰতিশব্দৰ সবিশেষ সংজ্ঞা, ব্যৱহাৰৰ উদাহৰণ আদি ছপা আকাৰে প্ৰকাশ কৰাৰ লগতে ৱেবচাইটতো উপলব্ধ কৰিব লাগিব৷

এবাৰ গৃহীত হোৱাৰ পিছত সকলোৱে এই প্ৰতিশব্দবোৰ ব্যৱহাৰ কৰিব৷ ৰাইজে যেতিয়া একেইটা শব্দ একেইটা অৰ্থত ব্যৱহাৰ হোৱা দেখিব, বুজি পাব, শব্দটো জনপ্ৰিয় হৈ উঠিব আৰু বেমেজালিবোৰ ক্ৰমান্নয়ে দূৰ হৈ যাব৷

এইখিনিতে সকলোকে সোঁৱৰাই দিয়া উচিত যে আমি সকলোৱে সহযোগিতা নকৰিলে কেতিয়াও কোনো নতুন অসমীয়া শব্দ জনপ্ৰিয় হৈ উঠিব নোৱাৰে৷ আমি শব্দবোৰ “জন্ম” দিয়াৰ লগতে লালন-পালনো কৰিব লাগিব৷ এই ক্ষেত্ৰত কেবল অসমীয়াই নহয়, বাংলা-বড়ো আদি অসমৰ আন চৰকাৰী ভাষাসমূহো হয়তো সাঙুৰি লোৱা উচিত৷ 

কেতিয়াবা আমি লিপ্যন্তৰো কৰিব লাগিব৷ ‘লিপ্যন্তৰ’ শব্দই কোনো লিপিত লিখা শব্দ আন এটা লিপিত লিখাটোকে বুজাই৷ ইংৰাজীক ইয়াক Transliteration (noun), Transliterate (verb) বোলা হয়৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ‘লিপ্যান্তৰ’ৰ কিছুমান নিয়মাৱলী আছে, আৰু সেইবোৰ বহুতে মানি চলে৷ কিন্তু বহুতে এইবোৰৰ অৱজ্ঞ নহয় অথবা ব্যৱহাৰ কৰিবলৈ ইচ্ছুক নহয়৷ আনহাতে কিছুমানে এই নিয়মসমূহ শুদ্ধ বুলিও গণ্য নকৰে, গতিকে ব্যৱহাৰ নকৰে৷

সি যিকি নহওক, অসমীয়া-ইংৰাজী লিপ্যান্তৰক লৈ শেহতীয়াকৈ দেখিবলৈ পোৱা কিছুমান সমস্যা বা বিতৰ্ক ইয়াত চমুকৈ উল্লেখ কৰিলোঁ - 

১: অসমীয়া স/শ/ষ-ৰ উচ্চাৰণৰ বাবে ইংৰাজী x-বৰ্ণ ব্যৱহাৰ কৰিব লাগে নে নালাগে তাক লৈ বহুতো তৰ্ক-বিতৰ্ক চলি আছে৷

২: অসমীয়াত চ আৰু ছ-ৰ উচ্চাৰণৰ পাৰ্থক্য নাই৷ s/sh/ch-আদি ইংৰাজী উচ্চাৰণসমূহ অসমীয়াত যিকোনো এটা বৰ্ণৰে লিখিলেই হয়৷ কিন্তু হিন্দী/বাংলা আদিক অনুকৰণ কৰি স/চ/ছ আদি ব্যৱহাৰ কৰা দেখা যায়৷ 

৩: Bank- শব্দটো অসমীয়াত “বেংক” আৰু বাংলাত “ব্যাংক” এইদৰে লিপ্যান্তৰ কৰা হয়৷ ইয়াৰ সুন্দৰ যুক্তি আছে৷ অসমীয়াত “য়”-কাৰে ইংৰাজী “y” -ৰ উচ্চাৰণ সবলতে বহন কৰে, কিন্তু বাংলাত নকৰে৷ একেই যুক্তি অসমীয়াত সকলোতে প্ৰয়োগ কৰা দেখা নাযায়৷ থিক তেনেকৈ ‘The’ শব্দটো অসমীয়াত ‘দ্য’, ‘দ্যা’, ‘দা’, ‘দি’ আদি বিভিন্নধৰণে লিখা পৰিলক্ষিত হয়৷

৪: “বৰুৱা” উপাধিটো Baruah, Barua, Barooa, Barooah, Borua আদি বিভিন্ন ধৰণে লিখা দেখা যায়৷

৫: আৰম্ভনিতে প্ৰধান মন্ত্ৰী “নৰেন্দ্ৰ মোদী”ৰ উপাধিটো অসমীয়াত কেনেকৈ লিখিব লাগে তাক লৈ বহুতো খেলিমেলি লাগিছিল৷ মদি, মোদি, ম’দী, মোডী আদি বিভিন্ন বানান প্ৰচলন হৈছিল৷

৬: “অসম” শব্দটো কেনেকৈ লিপ্যান্তৰ কৰিব তাক লৈ বহুতো তৰ্ক-বিতৰ্ক চলি থাকে৷ ফলত Assam, Asom, Axom, Oxom আদি বিভিন্ন ৰূপ চলি আছে৷

৭. ছহিদ, ছহীদ, শ্বহীদ, চহিদ, চহীদ আদি বিভিন্ন বানান প্ৰচলিত দেখা যায়৷

এইদৰে বহুতো আছে৷ গতিকে আমাক এখন “লিপ্যন্তৰ বিধি” (Transliteration Protocol) প্ৰয়োজন৷ এই বিধিসমূহ কোনো এটা নিৰ্দিষ্ট “চিন্তাধাৰা”ৰ আধাৰত খেলি-মেলি নলগাকৈ প্ৰণয়ন কৰিব লাগিব৷ এই বিধিৰ যুক্তিসমূহ সকলো ক্ষেত্ৰতে সকলো পক্ষই শুদ্ধ বুলি মানি নল’ব পাৰে, কিন্তু এবাৰ গৃহীত হোৱাৰ পিছত সকলোৱে যাতে এই বিধিসমূহৰ মাতেহে লিপ্যন্তৰ কৰে তাৰ ব্যৱস্থা কৰা অতি প্ৰয়োজন৷ তাৰ বাবে বহুল প্ৰচাৰ, প্ৰশিক্ষণ আৰু প্ৰশাসনিক ব্যৱস্থাৰ প্ৰয়োজন হ’ব৷

ইংৰাজী বা আন ভাষাৰ পৰা শব্দবোৰ লিপ্যন্তৰ কৰি ধাৰলৈ লোৱাতলৈ, আমাৰ অসমীয়াত কিছুমান নিজস্ব শব্দ সৃষ্টি কৰিব নোৱাৰিনেকি? ভাষাটোৰ এটা নিজস্বতা থাকিব৷ আমি নতুন অসমীয়া শব্দ সৃষ্টি আৰু তাৰ বহুল ব্যৱহাৰত আকৌ উদ্যমী হ’বৰ সময় হ’ল৷ কিন্তু এই কাম কৰিবলৈ আমাক নেতৃত্ব কোনে দিব? সকলোৱে সেই নেতৃত্ব মানি ল’বনে? অন্যথা সেই নেতৃত্বৰ কোনো অৰ্থ নাই৷ সেনাপতি বিহীন সৈনিকৰ বিজয় যেনেকৈ দুৰুহ, সৈনিকে নমতা সেনাপতি থাকিলে যুদ্ধজয় তাতকৈও কঠিন৷ 
~~*~~
সহায় লোৱা হৈছে:
১) ‘প্ৰান্তিক’ (১জুলাই ২০১৪)-ত প্ৰকাশিত ‘নতুন শব্দ’ প্ৰবন্ধ৷
২) সঞ্চালক, চৰকাৰী ভাষা প্ৰয়োগ সঞ্চালকালয়লৈ প্ৰেৰণ কৰা অপ্ৰকাশিত চিঠি (জুলাই ২০১৮)৷ 

No comments:

Post a Comment