Sunday, May 29, 2016

হৰ্ন বজোৱাৰ নিয়মসমূহ

  • বিনা কাৰণত হৰ্ন নবজাব.
  • একে লেথাৰিয়ে, অপ্রয়োজনীয় বা আৱশ্যক নহ’লে  হৰ্ন নবজাব।
  • নীৰৱ এলেকাত  হৰ্ন নবজাব।
  • বিকট শব্দ আৰু তীব্ৰ শব্দযুক্ত হৰ্ন  নবজাব৷
উৎস: Guwahati Traffic Police

Saturday, May 28, 2016

গাড়ী পাৰ্ক কৰাৰ নিয়মসমূহ

আপোনাৰ গাড়ীখন তলত উল্লেখিত স্থানত পাৰ্ক নকৰিব:
  1. পথৰ সংযোগস্থলী, ভাঁজ লোৱা বা একা-বেঁকা পথত, পাহাৰৰ ওপৰত বা
  2. দলঙৰ ওপৰত।
  3. পদপথৰ (footpath) ওপৰত।
  4. ট্রেফিক ছিগনেল বা পথচাৰী অহা-যোৱা পথত।
  5. মূল ৰাস্তা বা যান-বাহন যাতায়াতৰ প্রধান পথ।
  6. ৰখাই থোৱা গাড়ীৰ বিপৰিত দিশ বা অন্য বাহন চলাচল কৰা পথৰ বিপৰীত দিশত।
  7. অন্য ৰখাহ থোৱা বাহনৰ সৈতে একে শাৰীতে।
  8. পথ বা যি ঠাইত একেৰাহে বগা ৰেখা অংকন কৰা  আছে
  9. বাছ ষ্টপৰ ওপৰত, বিদ্যালয় বা হাস্পতালৰ প্রৱেশ পথ বা যিকোনো চৌহদৰ প্রৱেশ পথ বা ট্রেফিক নির্দেশনা থকা ব’র্ড আঁৰ কৰি বা পথৰ ভুল দিশে আৰু পাৰ্কিং স্থানৰ বাহিৰে অন্য ঠাইত৷
উৎস: Guwahati Traffic Police

নেওচি যোৱাৰ (overtake) নিয়ম

  1. অপ্রয়োজনায়ভাৱে নেওচি নাযাব (overtake নকৰিব)
  2. এনে পৰিস্থিতিত নেউচি নাযাব :
  • পথৰ সংযোগস্তলীত, ঘূৰণীয়া বা ভাঁজ লোৱা পথ বা পাহাৰীয়া বা অন্য নির্দ্দেশনা থকা ঠাই, য’ত বিপৰীত দিশৰ গাড়ী দেখা নাযায়।
  • যেতিয়া বাহনৰ চালকে সন্মূখৰ পৰা নেওচি যোৱাৰ সংকেত নাপায়।
উৎস: Guwahati Traffic Police

পথত পালনীয় নিয়মাৱলী (Rules of the Road)

  1. পথত গাড়ী চলাওতে গাড়ীখন যিমান পাৰে বাওঁপিনে ৰাখিব আৰু সন্মূখৰ পৰা অহা গাড়ীবোৰ সোঁপিনেৰে পাৰ হৈ যাবলৈ দিব৷
  2. বাওঁপিনে ঘূৰিবলগীয়া হ’লেও পথৰ বাওঁকাষেৰে আগবঢ়াব আৰু কোনো পথৰ সোমাবলগীয়া হ’লেও বাওঁফালেৰেই আগবাঢ়িব৷
  3. সোপিনে ঘুৰিবলঘিয়া হ’লে পথৰ সোঁমাজভাগেৰে যাব যদিও পথত উঠাৰ পিছতেই বাওঁপিনে আগবাঢ়িবলৈ নাপাহৰিব৷
  4. সোঁপিনে ঘুৰিব বিচৰা এখন গাড়ী পথৰ সোমাজলৈ নিব লাগে আৰু পিছত থকা অন্য গাড়ীবোৰ বাওঁপিনেৰে পাৰ হৈ যাবলৈ দিব লাগে৷
  5. একে দিশে গৈ থকা গাড়ীবোৰে আগে আগে গৈ থকা গাড়ীক সোঁফালৰ পৰা অভাৰটেক কৰিব লাগে৷

Friday, May 27, 2016

অসম আৰক্ষীৰ যান-বাহন আইনসমূহ


আজি ফাচি-বজাৰৰ ফালে যাওতে আৰক্ষীৰ যান-বাহন বিভাগত সোমালোঁ৷ তাত পোৱা এখন প্ৰচাৰ-পত্ৰিকা ৰাইজৰ উপকাৰ হ’ব বুলি  ইয়াত উঠাই দিলোঁ৷ এইবোৰ ইউনিকোডত টাইপ কৰি উলিওৱা হ’ল৷


Sunday, December 27, 2015

শ/স/ষ আদিৰ বাবে 'X' কিয়?

বন্ধু-১: আজিকালি প্রায়ে দেখা গৈছে যে 'স', 'শ' 'ষ' এই শব্দ কেইটা লিখোতে ইংৰাজী 'X' আখৰটো ব্যৱহাৰ কৰে। এই 'X' আখৰৰ প্রয়োগ কিমানদূৰ সমীচিন?

বন্ধু-২: ইংৰাজী আখৰবোৰৰ একাধিক উচ্চাৰণ থাকিব পাৰে৷ যেনে put=পুট, but=বাট; apple = এপল, assam = আচাম৷ঠিক তেনে ধৰণে x আখৰটোৰ এটা উচ্চাৰণ 'জ'ৰ দৰে, আনটো 'ক্স'ৰ দৰে৷ 'xerox' শব্দটোতেই প্ৰথম x-ৰ উচ্চাৰণ 'জ'ৰ দৰে আনটোৰ 'ক্স'ৰ দৰে৷ অসমীয়া 'স'/'শ'/'ষ' ৰ উচ্চাৰণ ভাৰতীয় আন ভাষাবোৰত যেনেকৈ পোৱা নাজায়, ইংৰাজীতো পোৱা নাযায়৷ কিন্তু এই উচ্চাৰণ স্পেনিচ, ফৰাছী, গ্ৰীক, ৰুচ আদি বহুতো ভাষাত পোৱা যায়৷ তেওঁলোকে এই উচ্চাৰণৰ বাবে 'X' ব্যৱহাৰ কৰে৷ যেনে স্পেনিচত Mexico আৰু Texas ক মেসিকো আৰু টেসাচ বুলি উচ্চাৰণ কৰে৷ "International Phonetic Alphabet" মতেও 'X' ব্যৱহাৰ কৰিব লাগে৷ ইয়াত চাব পাৰে - http://en.wikipedia.org/wiki/Voiceless_velar_fricative 
সেয়ে অসমীয়াত স/শ/ষ - ৰ বাবে X ব্যৱহাৰ কৰিব লাগে বুলি মই ভাবোঁ৷

বন্ধু-১: স্পেনিচ, ফৰাছী, গ্ৰীক, ৰুচ আদি ভাষাৰ উচ্চাৰণ হুবহু অসমীয়া 'স'-ৰ দৰে হয় জানো?

বন্ধু-২: হুবহু বুলি ক’ব নোৱাৰি যদিও, প্ৰায় একেই৷
উদাহৰণ ১: মেক্সিক’ক "মেসিকো" বুলি কেনেকৈ উচ্চাৰণ কৰা হয় প্ৰখ্যাত ষ্টেণ্ড-আপ কমেডিয়ান গেব্ৰিয়েল ইংলেচিয়াই এইদৰে কয় --

বন্ধু-১: ইমান দিনে আমি মেস্কিকো বুলি শুণি আহিছো দেখোন৷
বন্ধু-২: আমি প্ৰায়েই ইংৰাজীৰ প্ৰিজমেৰে বস্তুবোৰ চাও৷ ইংৰাজীত মেক্সিক’ (Mexico) বুলি কয়, কাৰণে আমিও সেইবুলি শিকিলোঁ৷ অসমীয়া মানুহ কোনো মেক্সিকানৰ সম্পৰ্কলৈ অহাৰ আগতে শব্দটো হয়তো অসমলৈ আহিলে৷

বন্ধু-১: আমি 'স'-ৰ বাবে x লিখিলো বাৰু৷ শ আৰু ষ-ৰ বাবে কি লিখিম? xh, x এইদৰে নে কি?
বন্ধু-২: নহয়৷ মোৰ মাতে সকলো স-ৰ বাবে x লিখিলেই হ’ল৷ অসমীয়া ভাষাত স/শ/ষ-ৰ উচ্চাৰণৰ পাৰ্থক্য আছে বুলি নাভাবোঁ৷ আমি উচ্চাৰণটো অনুকৰণ কৰি কেৱল x লিখিলেই হ’ব৷

বন্ধু-১: আমি যদি "অসম"ক Axom বুলি লিখোঁ, অনা-অসমীয়া এজনে খুব সম্ভৱ "অক্সম" বা "অক্জম" এইদৰে পঢ়িব৷ তেওঁ কেনেকৈ জানিব যে X থাকিলে স-উচ্চাৰণ কৰিব লাগিব বুলি?

বন্ধু-২: যি এই উচ্চাৰণৰ লগত পৰিচিত নহয়, তেওঁক কেৱল লিখিত ৰূপত বুজোৱাৰ কোনো উপায় নাই৷ কেনেকৈ উচ্চাৰণ কৰিব লাগে তাক কোনোবাই নিজ কণ্ঠেৰে শিকাই দিব লাগিব৷ অথবা ডিজিটেল মাধ্যমত কোনো চাউণ্ড-ফাইলৰ সহায়ত শিকাই দিব লাগিব৷

বন্ধু-১: তেন্তে আমি "xerox" টো "সেৰস" বুলি ক’ম নেকি?
বন্ধু-২: নকওঁ৷ "জেৰক্স" বুলিয়েই কম৷ প্ৰসংগৰ পৰা জানিব লাগিব x-ৰ কেতিয়া কি হ’ব লাগে৷ xerox শব্দটোতেই প্ৰথম x-টোৱে জ-ৰ উচ্চাৰণ লৈছে, দ্বিতীয়টোৱে ক্স-ৰ উচ্চাৰণ লৈছে৷ থিক তেনেকৈ অসমীয়া শব্দ এটা ৰোমান বৰ্ণত লিখিলে x-এ স-ৰ উচ্চাৰণ লৈছে বুলি আমি জানিব লাগিব৷ যেনে - xobdo, xahitya, xondhan আদি৷

বন্ধু-১: এটা সময়ত ইয়াৰ বাবে বহুতে hkh, hsh আদি ব্যঞ্জনবৰ্ণৰ সমষ্টি কিছুমান ব্যৱহাৰ কৰা পৰিলক্ষিত হ’য়৷ যেনে - hkhagaroloi bohu door (সাগৰলৈ বহু দূৰ)৷ কেবল x ব্যৱহাৰ কৰাতকৈ এইবোৰে উচ্চাৰণটো বেছি শুদ্ধকৈ প্ৰতিনিধিত্ব কৰিব যেন লাগে৷

বন্ধু-২: hkh, hsh আদি ব্যঞ্জনবৰ্ণৰ সমষ্টিবোৰ কোনো মানক মাতে নিৰ্ধাৰিত নহয়৷ x-টো অন্ততঃ International Phonetic Alphabet মানক মতে শুদ্ধ৷ আন হাতে যি ব্যঞ্জনবৰ্ণ বা কোনো সমষ্টি ব্যৱহাৰ নকৰো লাগে, প্ৰকৃত উচ্চাৰণটো নজনাজনক শিকাই দিবই লাগিব৷

বন্ধু-৩: অসম সর্বশিক্ষা অভিযানতকৈয়ো আগতে নুনমাটি অসম জাতীয় বিদ্যালয়ে (কোনো অনুষ্ঠান/প্রতিষ্ঠান হিচাপে) 'স'ধ্বনি বুজাবলৈ 'X'লিখিছিল। এই 'X'লিখাটো অসমীয়া ভাষাত নতুন কথা নহয়। ড:নেওগ মহোদয়েও 'নিকা অসমীয়া ভাষা'ত 'স'ধ্বনিটো বুজাবলৈ 'X'-কে দিছিল।

বন্ধু-১: বাৰু স, শ, ষ ৰ বাবে X, কিন্তু স,স,ষ ৰ লগত জৰিত স্ক,ক্স,ষ্ক,ক্ষ এই বোৰতো x ব্যৱহাৰ কৰিব লাগে??কেনেকৈ কৰিব?
বন্ধু-২: নহয়৷ উচ্চাৰণ মতে যি হয়, তেনেকৈ লিখিব লাগিব। যেনে -  ক্ষমা = khyoma, পুৰস্কাৰ=puroskar আদি। যুক্তাক্ষৰত সাধাৰণতে স, ষ, শ আদিৰ উচ্চাৰণ সেই কোমল অসমীয়া স উচ্চাৰণ সলনি হৈ হিন্দী, বাংলাৰ স s-ৰ দৰে উচ্চাৰিত হয়। গতিকে সেইমতে s ব্যৱহাৰ কৰিলেহে শুদ্ধ হ’ব৷

সহায়:
https://www.facebook.com/groups/xobdo.org/permalink/10153200569793391/
https://www.facebook.com/groups/xobdo.org/permalink/10151503324533391/
https://www.facebook.com/groups/xobdo.org/permalink/10153342467523391/

Tuesday, December 1, 2015

"ইছলাম-ভীতি" (Islamophobia) কেনেকৈ বিয়পে

তিনিটা পৰ্যায়ত "ইছলাম-ভীতি" (Islamophobia) কেনেকৈ বিয়পে ---


প্ৰথম পৰ্যায়: কিছুমান সন্ত্ৰাসবাদীয়ে পৃথিৱীৰ বিভিন্ন স্থানত তেওঁলোকৰ সৈতে মন নিমিলা কাৰোবাৰ মূৰ কাটি দিব, হাত কাটি দিব, শিলগুটি দলিয়াই-দলিয়াই মাৰিব বা বোমা ফুটাই বহু নিৰিহ-নিৰ্দুষী লোকক হত্যা কৰিব৷ কাকতালীয় ভাৱে এই সন্ত্ৰাসবাদীসকলে নিজকে "প্ৰকৃত ইছলামধৰ্মী" বুলি চিনাকি দিব আৰু এই অত্যাচাৰবোৰ তেওঁলোকৰ ধৰ্ম আৰু বিশ্বাসৰ নামত কৰা বুলি দাবী কৰিব - পবিত্ৰ কোৰান চহিবৰ হুবহু উক্তিৰে ঔচিত্য দেখুৱাই৷  এই উক্তিসমূহ যে পবিত্ৰ গ্ৰন্থখনিৰ পৰা হুবহু তোলা হৈছে তাৰ প্ৰমাণ বিজ্ঞসকলক সুধিলেই পোৱা যায়৷

দ্বিতীয় পৰ্যায়: নৰমপন্থী মুছলমানসকলে এই জঘণ্য অত্যাচাৰবোৰ বিপুলভাৱে গৰিহণা দিব, আনহাতে যি পবিত্ৰ গ্ৰন্থ আৰু বিশ্বাসৰ আধাৰত সন্ত্ৰাসবাদীবোৰে সন্ত্ৰাস কৰে সেইবোৰ সৰ্বশক্তিৰে ৰক্ষণাবেক্ষণ কৰিব৷ প্ৰায়ে দিয়া কিছুমান যুক্তি হ’ল:
(ক) পবিত্ৰ গ্ৰন্থৰ পদসমূহ (verse) বুজিবলৈ তাৰ ঐতিহাসিক সন্ধৰ্ভ জানিব/বুজিব লাগিব৷ যি নুবুজে সিয়ে এই সন্ত্ৰাসবাদী কামবোৰ কৰে৷ তেওঁলোক বিপথে চালিত৷
(খ) এইবোৰৰ আচল উদ্দেশ্য ৰাজনৈতিক বা অৰ্থনৈতিক৷ ধৰ্মৰ লগত কোনো সম্পৰ্ক নাই৷
(গ) ইছলামক বদনাম কৰিবলৈ এইবোৰ কাৰোবাৰ ষড়যন্ত্ৰ৷

তৃতীয় পৰ্যায়: আন মানুহবোৰ বিভ্ৰান্তিত পৰিব৷ তেওঁলোকে সেই সন্ত্ৰাসবাদীবোৰক ভয় কৰিবলৈ আৰম্ভ কৰাৰ লগতে যিটো ধৰ্ম বা বিশ্বাসে সিহঁতক চালিত কৰে তাকো ভয় কৰিবলৈ আৰম্ভ কৰে৷ বছ, "ইছলাম-ভীতি" আৰম্ভ হৈ যায়৷

মুছলমানসকলৰ প্ৰতি দুৰাচাৰ কৰাটো বেয়া কথা৷ কিন্তু অত্যাচাৰ- সন্ত্ৰাসক জন্ম দিয়া সেই বিকৃত বিশ্বাস, যি কোনো পধ্যে প্ৰকৃত "ইছলাম" নহয়, তাক ভয় কৰাটো স্বাভাৱিক৷