Thursday, August 19, 2021

Pratyahbartan (Original Prantik Pages)

Page-1



Page-2



Page-3



Page-4



Page-5



The Challenge - Pratyahban (প্ৰত্যাহ্বান)

A science-fiction story authored by me published in famous Assamese fortnightly Prantik 1-15 May 2001. In this story, I am talking about averting a major earth-quake by countering it with controlled thermonuclear reactions.


Page-1


Page-2


Page-3


Page-4


Page-5










Sunday, June 6, 2021

গণতন্ত্ৰ, প্ৰশাসন আৰু কৃত্ৰিম বুদ্ধিমত্তা

আমি প্ৰায়ে শুনিবলৈ পাওঁ‌, কৃত্ৰিম বুদ্ধিমত্তা থকা ৰবটে বা যন্ত্ৰ-মানৱে তেজ-মঙহৰ মানুহৰ কামবোৰ কঢ়ি ল’ব, তেওঁলোক কৰ্মহীনতাত ভুগিব৷ আমোজনকভাৱে চাকৰি হেৰুৱাবলগীয়া লোকসকলৰ ভিতৰত হয়তো প্ৰথম হ’ব ৰাজনীতিজ্ঞসকল অৰ্থাৎ আমাৰ সাংসদ, বিধায়কসকল !!


ইণ্টাৰনেটত বিচৰণ কৰি ফুৰোতে শেহতীয়কৈ এক আমোদজনক নিবন্ধত চকু পৰিল৷  স্পেইনত অৱস্থিত আই-ই বিশ্ববিদ্যালয়ৰ “চেণ্টাৰ ফৰ দা গভাৰ্ণেন্স অৱ চেঞ্জ” বা “প্ৰশাসন সংশোধন কেন্দ্ৰ”ৰ  গৱেষকসকলে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ১১খন দেশৰ ২৭৬৯জন বিশেষজ্ঞক সুধিছিলে, তেওঁলোকে দেশৰ সাংসদসকলৰ আসন,  কিছুমান কৃত্ৰিম বুদ্ধিমত্তাক গতাই দিয়া কথাটোৰ বিষয়ে কি ভাৱে? এই সমীক্ষাৰ ফলাফল অলপতে প্ৰকাশ পাই৷ দেখিবলৈ পোৱা গ’ল, বৰ্তমানৰ কৃত্ৰিম-বুদ্ধিমত্তাৰ বহুতো সীমাবদ্ধতা থকা স্বত্তেও, ইউৰোপৰ সঁহাৰি দিওঁতাসকলৰ ৫১% ই এই পদক্ষেপক সমৰ্থন কৰে৷ ইউৰোপৰ বাহিৰত, চীনদেশত ৭৫%ই এই প্ৰস্থাৱ সমৰ্থন কৰে, কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰত ৬০%ই ইয়াক বিৰোধ কৰে৷ 

Ref:

আই-ই বিশ্ববিদ্যালয়ৰ “প্ৰশাসন সংশোধন কেন্দ্ৰ”ৰ শৈক্ষিক সঞ্চালক আৰু প্ৰতিবেদনখনৰ অন্যতম মুখ্য গৱেষক শ্ৰী অস্কাৰ জনছনে কৈছিল যে “সমীক্ষাৰ এনে ফলাফলৰ মূল কাৰক হৈছে যোৱা কেই দশকমান ধৰি প্ৰশাসনৰ এক প্ৰকাৰ ৰূপে 'গণতন্ত্ৰ'ত মানুহৰ বিশ্বাস হ্ৰাস পাই অহাটো।”


কাৰকসমূহ সম্ভবতঃ ক্ৰমবৰ্ধিত ৰাজনেতিক মেৰুকৰণ, মিথ্যাচাৰ, সীমিত আৰু ভ্ৰান্তিকৰ তথ্য প্ৰচাৰ আদিৰ লগত সম্পৰ্ক থাকিব পাৰে৷ শ্ৰী জনছনে আৰু কয়, “আজি প্ৰতিজন নাগৰিকৰ ধাৰণা হ’বলৈ ধৰিছে যে ৰাজনীতিৰ ক্ৰমান্নয়ে অৱনতি ঘটিছে, আৰু তাৰ বাবে জগৰীয়া কৰা হৈছে ৰাজনীতিবিদসকলক৷ গতিকে, মই ভাৱো, জনগণই তেওঁলোকৰ সাংসদজনক কিমান চিনি পাই, কিমান জনে সাংসদজনৰ লগত সম্পৰ্কত থাকে অথবা কিমানজনে সাংসদজনে কি কৰি আছে তাৰ ভু লয় আদিৰ পৰিপেক্ষিতত এই প্ৰতিবেদনখনে হয়তো সৰ্বসাধাৰণৰ উমৈহতীয়া মনোভাৱ প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছে৷”

Saturday, June 20, 2020

আনালেম্মা


আনালেম্মা

টিভিৰ পৰ্দাত আহি থকা চলচিত্ৰখন চাই ৰেণুয়ে মাক ভানুক ক’লে, “মা, আমাৰ পৃথিৱীখন এসময়ত ইমান ধুনীয়া আছিল৷”
“অ, মাজনী৷ সেউজীয়া গছ-গছনি, নীলা পানী আৰু শুকুলা ডাৱেৰে আমাৰ গ্ৰহটো এটা সময়ত বৰ ধুনীয়া আছিল৷”
“এতিয়া চোৱাচোন সেইটো গ্ৰহ - মাটীয়া মৰুভূমি, বেঙুণীয়া সাগৰ আৰু ধোৱা বৰণীয়া ডাৱৰ দেখিলেই ভয় লাগি যায়৷”, ৰেণুয়ে কাচৰ খিৰিকীখনেৰে অদূৰৰ গ্ৰহটোলৈ আঙুলিয়াই দি দুখ মনেৰে ক’লে৷
“এৰা সেই কাৰণেই আমি তাত এতিয়া থাকিব নোৱাৰা হৈ গ’লো আৰু আমি এই আনালেম্মা নামৰ গ্ৰহাণুত থাকিব লগা হৈছে৷”
“এই পুৰণি ভিডিঅ’বোৰত থকা বিভিন্ন আকাৰ-প্ৰকাৰৰ গছ-গছনী, জীৱ-জন্তু, মাছ-কাছ আদি সঁচাকৈ আছিলনে?”
“অ’ আছিলতো?”
“এতিয়া কি হ’ল সেইবোৰ?”
“সকলো মৰি গ’ল৷ নিঃশেষ হৈ গ’ল৷ কেইবিধমান প্ৰজাতি আমাৰ আনালেম্মা জৈৱিক-সংগ্ৰাহলায়ত আছে৷ এদিন আমি সেইবোৰ চাবলৈ যামদেই৷”
দহ-বছৰীয়া ৰেণুৰ বৰ দুখ লাগিল৷ তাইৰ কৌতূহল আৰু বাঢ়ি গ’ল৷ তাই মাকক সুধিলে, “কেনেকৈ? কেনেকৈ মৰি গ’ল? কি হ’ল?”
“প্ৰদুষণৰ কাৰণে জলবায়ু সলনি হৈয়ে এনে হ’ল৷ প্ৰদূষণৰ বাবে বায়ুমণ্ডল বিষাক্ত হৈ পৰিল৷ সাগৰৰ পানী বিষাক্ত হৈ আহিল৷ এটি এটি কৈ প্ৰজাতিবোৰ বিলুপ হ’বলৈ ধৰিলে৷ হাবি-জংঘলবোৰত জুই জ্বলিব ধৰিলে৷ বৰফবোৰ গলি গ’ল৷ সাগৰৰ পানীৰো বাষ্প হৈ উৰি হ’ল৷ তুফানবোৰ অধিক শক্তিশালী হৈ উঠিল৷ মুঠতে এক গোলকীয় বিভীষিকা হ’ল আৰু সমগ্ৰ জৈৱমণ্ডল ধ্বংস হৈ গ’ল৷”
মাকৰ কথাবোৰত ৰেণু উচুপি উঠিল৷ ইমান ধুনীয়া ধৰণীখনি শেষ হৈ গ’ল৷ এতিয়া মানৱ জাতিয়ে প্ৰাণ হাতত লৈ এই গ্ৰহাণুত আশ্ৰয় ল’ল লগা হৈছে৷ পৃথিৱীৰ পৃষ্ঠৰ পৰা প্ৰায় ৪০০০ কিমি দূৰৰ এক কক্ষপথত অৱস্থিত আনালেম্মা নামৰ এই গ্ৰহাণুত মানুহে বসতি পাতিবলৈ বাধ্য হ’ল৷ এই গ্ৰহাণু-চহৰৰ বাসিন্দাসকলক আনালেম্মান বুলি কোৱা হ’ল আৰু তেওঁলোকৰ উমৈহতিয়া ভাষাক আমালেমিজ বুলি কোৱা হ’ল৷ মানৱ জাতিক প্ৰতিনিধি কৰি পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জন-গোষ্ঠিৰ এটা-দুটা পৰিয়াল এই গ্ৰহাণুত আশ্ৰয় লৈছেহি৷ আমালেমিজ ভাষাটোও নানান ভাষা যেনে – ইংৰাজী, ৰুছ, আৰৱী, জাপানী, চীনা, হিন্দী, শ্বোহেলী আদিৰ সংমিশ্ৰনেৰে গঢ়ি তোলা হৈছে৷
ৰেণুয়ে আমালেমিজ ভাষাতে আকৌ সুধিলে, “মা, তুমি মাজে মাজে আমি পৃথিৱীৰ যিডোখৰ ঠাইৰ পৰা অহা বুলি কোৱা, এতিয়া আছেনে? কি নাম আছিলে?”
ভানুয়ে খিৰিকীখনেৰে চাই পঠিয়ালে৷ খিৰিকীৰে দেখা পোৱা মটীয়া আৰু ক’লা ৰঙৰ গ্ৰহটোৰ এটা নিৰ্দিষ্ট অংশলৈ আঙুলীয়া দি তাই ক’লে, “সেইখন আমাৰ উপৰিপুৰুষৰ বসতিস্থল – অসম৷ আমি নিজকে ‘অসমীয়া’ বুলি কৈছিলো আৰু ‘অসমীয়া’ বুলি এটা ভাষাও কৈছিলো৷”
“ৱাও, মাজত দীঘল ডাঠ ধোৱা ৰঙৰ সেইডাল এখন নদী নেকি?”
‘হয়, ব্ৰহ্মপুত্ৰ নদী৷ গছৰ পাতৰ শিৰা-উপশিৰা দৰে সেই নদীৰো বহু উপনদী শাখা-প্ৰশাখা আছে এসময়ত সেইবোৰত বিশুদ্ধ পানী বৈছিলে, বিভিন্ন মাছ-কাছৰে ভৰি আছিল৷ আজি তাত বয় পানী বুলি কোৱাৰ অনুপযোগী বিষাক্ত জুলীয়া ৰসায়ন৷” কথাযাৰ কৈ ভানুৰ চকুলো ওলাই আহিল৷
ৰেণুৰো মনটো চলচলিয়া হৈ গ’ল৷
“মা, আমি কিবা কৰিব নোৱাৰো নে?”
ভানুৰ চকুযোৰী উজলি উঠিল৷ কেই মুহূৰ্তমান কিবা এটা চিন্তা কৰি ভানুয়ে ৰেণুক ক’লে, “আজি তুমি মোৰ লগত মোৰ গৱেষণাগাৰলৈ ওলোৱা৷ আমি কি কৰি আছো তোমাক দেখুৱাম৷”
“আৰে ৱাহ৷ বঢ়িয়া কথা৷ মই এতিয়াই ওলাইছো৷”
মাক-জীয়েক গৱেষণাগাৰলৈ ওলাল৷ ইতিমধ্যে যানখন আহি তেওঁলোকৰ ঘৰৰ প্ৰস্থানদ্বাৰত ৰ’লহি৷ দুয়ো স্বয়ংচালিত যানখনত উঠি যাত্ৰা আৰম্ভ কৰিলে৷ প্ৰায় ১০০ ব্যায়ৰ আনালেম্মা গ্ৰহাণুটিৰ আনটো অংশত ভানুৰ গৱেষণাগাৰ৷ যানখন আকাশী ঘাইপথেদি আন উৰণিয়া যানসমূহৰ সৈতে ১৫ মিনিটমান যাত্ৰা কৰাৰ পিছত গৱেষণাগাৰটো পালেগৈ৷ মধ্যাকৰ্ষণ শক্তি বহুত কম কাৰণে ইয়াত যান-বাহনবোৰ সহজতে মহাকাশলৈ উৰা মাৰিব পাৰে৷ গোটেই গ্ৰহাণুটোৱেই মানুহৰ বসতি থকা এখন বৃহত মহানগৰ৷ মহানগৰখনৰ এটা অংশৰ পৰা আনটো অংশলৈ যাত্ৰা কৰিবলৈ ব্যৱহাৰ কৰা যানসমূহ পোণেই কক্ষপথ পাইগৈ আৰু গন্তব্যস্থানত অৱতৰণ কৰে৷
ভানুয়ে পোণেই ৰেণুক তাই কাম কৰা কোঠাটোলৈ লৈ গ’ল৷ বিভিন্ন যন্ত্ৰ-পাতিৰে ভৰি থকা গৱেষণাগাৰটো দেখি ৰেণু ৰুমঞ্চিত হৈ পৰিল৷ তাই সুধিলে, “ইয়াত তুমি কাম কৰা?”
“হয়৷ ইয়াতেই মই কাম কৰো৷”
“কি কৰা? কি কাম কৰা? কেনেধৰণৰ গৱেষণা কৰা?”
অলপ ভাবুক হৈ ভানুয়ে ক’লে, “তোমালোক যাতে পৃথিৱীলৈ আকৌ ঘুৰি যাব পাৰা, তাৰ বাবেই আমি কিছুমান পৰীক্ষা-নিৰীক্ষা কৰি আছো৷”
“মানে, মই নুবুজিলো৷ বুজাই দিয়াচোন৷”
দহ-বছৰীয়া ৰেণুক জটিল কথাবোৰনো কেনেকৈ বুজাব পৰি ভানুয়ে চিন্তা কৰিলে৷ তাই ৰেণুক অনুবীক্ষণ যন্ত্ৰ এটাৰ মাজেৰে চাবলৈ দিলে৷ কিছুমান ফিটাৰ দৰে অণুজীৱই লেও-লেও কৰি আছে৷
“কি সেইবোৰ?”
“এইবোৰ মই নিজে বিকশিত কৰি উলিওৱা কিছুমান অণুজীৱ৷”
“কি কৰে এইবোৰে? এইবোৰে আমাক কেনেকৈ আকৌ পৃথিৱীলৈ ঘুৰি যাবলৈ সহায় কৰিব?”
“আমি পৃথিৱীখনত ভৰি পৰা প্ৰদূষণ কৰা ৰসায়নবোৰ নিষ্কিয় কৰিবলৈ বিভিন্ন ব্যৱস্থা লৈছো৷ তাৰ ভিতৰত আমি এনে কিছুমান অণুজীৱ বিকশিত কৰিছো যি এই ৰসায়নবোৰ নিষ্কিয় কৰিব পাৰে৷ আমি সেইবোৰ পৃথিৱীলৈ পঠিয়াই দিম আৰু ক্ৰমান্নয়ে ই আকৌ বস-বাসৰ উপযুক্ত হৈ পৰিব৷ ইয়াকে টেৰ্ৰাফৰ্মং (Terraforming) বোলা হয়৷ আমাৰ পূৰ্ব-প্ৰজন্মসকলে ঔদ্যোগিকৰণৰ নামত ঋণাত্মক দিশত টেৰ্ৰাফৰ্মিং কৰি জগতখন বস-বাসৰ অনুপযোগী কৰি পলালে৷ আমি এতিয়া বিপৰিত দিশত টেৰাফৰ্মং কৰি ইয়াক আকৌ বস-বাসৰ উপযোগী কৰিবলৈ ওলাইছো৷”
“অ’ বুজিলো৷ কিন্তু, এইবোৰ ইতিমধ্যে প্ৰস্তুত হৈছে যদি পৃথিৱীলৈ পঠিয়াই নিদিয়া কিয়?”
“প্ৰস্তুতি সম্পূৰ্ণ হোৱা নাই৷ আমি যিমান পাৰো সোনকালে কৰিবলৈ চেষ্টা কৰি আছো৷ সম্পূৰ্ণ প্ৰস্তুতি হ’লেই আমি সেইবোৰ পৃথিৱীলৈ পঠিয়াই দিম৷”
***
কেইবাবছৰ পাৰ হৈ গ’ল৷ ৰেণু ডাঙৰ হ’ল৷ মাক ভানুৰ দৰে তায়ো বিজ্ঞানী হৈ একেই অভিযানত ব্ৰতী হ’ল – ধৰণী ধুনীয়া কৰাৰ৷ ৰেণুৰ জীয়েক বিনু, বিনুৰ জীয়েক অনুকেইবাটাও প্ৰজন্ম পাৰ হৈ গ’ল৷ কাণ্ডকোষ (Stem Cell) ডিম্বাণুৰ মিলন প্ৰযুক্তিৰে বিকশিত হোৱা কেৱল স্ত্ৰী প্ৰজন্মৰ এই গ্ৰহাণুৱৰ্তী সভ্যতাই আছিল মানৱ জাতিৰ একমাত্ৰ অৱশিষ্ট৷ সীমিত সম্পদৰ সৎ ব্যৱহাৰ কৰিবলৈয়ে এনে ব্যৱস্থা লোৱা হৈছিল৷
অৱশেষত এদিন বিজ্ঞানীসকলে তৈয়াৰ কৰি উলিওৱা বহুতো জৈৱ-যান্তিক সঁজুলি পৃথিৱীলৈ পঠিয়াই দিয়া হ’ল৷ অণূজীৱ, নেন’-ৰবট, বিভিন্ন ৰসায়ন আদিৰ কেইবাটাও ‘টোপোলা’ আনালেম্মাৰ পৰা পৃথিৱীলৈ পঠিওৱা হ’ল৷ লাহে লাহে গ্ৰহটোৱে আকৌ নীলা-সেইজীয়া বৰণ ঘুৰাই পাবলৈ ধৰিলে৷
মনু আৰু জীয়েক তনু পৃথিৱীলৈ ঘুৰি যাবলৈ যা-যোগাৰ কৰিলে৷ প্ৰথম চাম যাত্ৰীৰ তালিকাত তেওঁলোকৰ নাম আহিল৷ তনুৰ ফুৰ্তিত তত নাই৷ সেইখন জগতলৈ ঘুৰি যাবলৈ তাই সৰুৰে পৰা সপোন পুহি ৰাখিছিলে৷ আজি সেই সপোন পূৰণ হ’ব৷ মাকক কিন্তু উদাস হৈ থকা দেখি আচৰিত হ’ল৷
“মা, তোমাৰ আনন্দ লগা নাইনে? আমি পৃথিৱীলৈ ঘুৰি যাবলৈ ওলাইছো৷”
“আনন্দও লাগিছে৷ দুখো লাগিছে৷ তহঁতৰ চামক পৃথিৱীখন ঘুৰাই দিবলৈ পাই সঁচাকৈ বৰ উৎফুল্লিত হৈছো৷ পৃথিৱীখন ধ্বংস হৈছিল মাত্ৰ ২-৩ প্ৰজন্মৰ ভিতৰত৷ পৃথিৱীৰ জৈৱমণ্ডলৰ প্ৰায় সকলো বিনষ্ট হৈ গ’ল৷ মানৱ জাতিৰো মুষ্টিমেয় লোক নিজ নিজ সীমিত ভাষা-সংস্কৃতি বুকুত বান্ধি পলায়ণ কৰি এই গ্ৰহাণুত আশ্ৰয় লৈছিল৷ কিন্তু ইয়াক আকৌ বস-বাসৰ উপযুক্ত কৰি তুলিবলৈ আমাক প্ৰায় ৪০০ বছৰ আৰু ১৫টা প্ৰজন্ম লাগিল৷ আমি ইতিমধ্যে এক গ্ৰহাণুবৰ্তী জাতিত পৰিণত হ’লো৷ আমাৰ যোৱা ১৪টা প্ৰজন্ম এই গ্ৰহাণুত বসবাস কৰিছে৷ মোৰ ঘুৰি যাবলৈ একেবাৰে মন নাই৷”
মনু থাকি গ’ল৷ মনুক বিদায় দি তনু পৃথিৱীলৈ ঘুৰি আহিল৷ পৃথিৱীত অৱতৰণ কৰি তাইক দি পঠিওৱা লেফাফাটো খুলি চালে – এখন সৰু কাগজত লিখা আছিল – “পৰবৰ্তী অভিযান: ‘পুৰুষ’ পুণঃনিৰ্মাণ কৰা৷”
এক নতুন সপোনেৰে এক নতুন জীৱণ আৰম্ভ কৰিলে৷
----সমাপ্ত----

এজন তৈল অভিযন্তা হিচাপে ক’ব বিছাৰো ---

বাঘজানৰ ঘটনাটোৱে সকলোকে আমনি কৰাৰ দৰে ই মোকো আমনি কৰিছে৷ বায়ু-জল-স্থল প্ৰদূষণ হোৱাৰ কাৰণে আন বহুতৰ দৰে মোৰ অন্তৰেও কান্ধিছে৷ আজি খাদটোত জুই জ্বলি উঠাৰ বাবে মৰ্মাহিত হৈছো৷ কিন্তু লগতে দুখ লাগিলে বহু লোকে এই উদ্যোগৰ লগত জড়িত সকলোকে গোৱাল গালি দিয়াৰ বাবে৷

তেওঁলোকে হয়তো নাজানে, এই অনিয়ন্ত্ৰিত হৈ পৰা খাদটোৰ দৰে আন বহু খাদ আজিও নিয়ন্ত্ৰিত হৈ আছে৷ সেই নিয়ন্ত্ৰিত খাদবোৰৰ পৰা উৎপাদিত খনিজ তেল, বহু প্ৰক্ৰিয়াৰ মাজেৰে শোধিত হৈ প্ৰস্তুত হোৱা পেট্ৰল-ডিজেলৰ দ্বাৰাই তেওঁলোকৰ গাড়ী চলিছে, কোৰোনা মহামাৰীৰ সময়ত এম্বুলেঞ্চ চলিছে, খোৱা যোগান ধৰা মাল বাহী গাড়ীবোৰ চলিছে৷ হয়তো বিজুলি চাকিও চলিছে এনে এটা খাদৰ পৰা ওলোৱা গেছ দহন কৰি চলোৱা এটা টাৰ্বাইনৰ সহায়তে৷

প্ৰকৃতিয়ে দিয়া এই সম্পদবোৰ আমি মানুহ জাতিয়ে নিজৰ কামত লগাব পৰাটোৱে আমাক জীৱশ্ৰেষ্ঠ বুলি প্ৰমাণ কৰিছে৷ প্ৰকৃতিৰ এই অপাৰ শক্তিক নিয়ন্ত্ৰণত ৰাখি নিজৰ কামত ব্যৱহাৰ কৰা কামটো এটা বৰ ডাঙৰ প্ৰত্যাহ্বান, বিশেষকৈ কোনো দুৰ্ঘটনা নোহোৱাকৈ, বায়ু-পানী প্ৰদূষণ নোহোৱাকৈ, পশু-পক্ষী কিম্বা মানৱ জীৱন ক্ষতি নোহোৱাকৈ, তৰু-লতাৰ কোনো হানি নোহোৱাকৈ কৰাটো৷ এই প্ৰত্যাহ্বান স্বীকাৰ কৰি অত্যাধুনিক প্ৰযুক্তি প্ৰয়োগ কৰি আমি তৈল-কাৰ্মীসকলে দিনে-ৰাতিয়ে কাম কৰি আহিছো৷

তাতে বিভিন্ন ভূ-ৰাজনৈতিক কাৰণত আৰু কোৰোনা মহামাৰীৰ বাবে চাহিদা কমি যোৱাৰ কাৰণে আন্তৰ্জাতিক বজাৰত খনিজ তেলৰ দাম কমি আহিছে৷ ফলত আমাৰ ওপৰত হেঁ‌চাও বহুত৷ সকলোতে উৎপাদন খৰচ কমোৱাৰ হেঁ‌চা৷ ইতিমধ্যে বহু তৈল-কোম্পানী দেৱলীয়া হৈছে, বহুজনে চাকৰি হেৰুৱাব লগাও হৈছে৷ বিশ্বৰ বহু তৈল কৰ্মী আজি কৰ্মহীনতাত ভুগিছে৷

সি যিকি নহওক, বাঘজানৰ দুৰ্ঘটনা কাৰোবাৰ গাফিলতি বা যান্ত্ৰিক বিজুতি বা যি কাৰণতেই নহওক, আমি আশাবাদী ই শীঘ্ৰেই নিয়ন্ত্ৰণত আহিব৷ সময় লাগিব পাৰে, কিন্তু ই নিশ্চয় অভিযন্তাসকলৰ হাতৰ মুঠিলৈ আহিব৷ ওচৰৰ গাওঁবাসীয়ে উচিত ক্ষতিপুৰণ পাব আৰু হাবি-বননি আকৌ সেউজ হৈ উঠিব৷ সেই সেউজীয়া গছ-গছনীৰে আৱৰা এই বাঘজান খাদৰ পৰাই উৎপাদিত গেছ আহি আমাৰ ৰান্ধনি ঘৰৰ চৌকা জ্বলাব৷

Thursday, December 20, 2018

Letter 20180706 Scancopy

Click here for UNICODE Version






পৰামৰ্শৰ বাবে চিঠি ...

[ চৰকাৰী ভাষা প্ৰয়োগ সঞ্চালকালয়ৰ 'প্ৰয়োগ' আলোচনীৰ বিংশ সংস্কৰণত প্ৰকাশিত৷  Scanned Copy ইয়াত পাব]

06-জুলাই-2018
গুৱাহাটি
প্ৰতি,
সঞ্চালক,
চৰকাৰী ভাষা প্ৰয়োগ সঞ্চালকালয়
ৰাজনৈতিক বিভাগ, দিশপুৰ, অসম

মাননীয় মহোদয়,

এজন সচেতন নাগৰিক হিচাপে কেতবোৰ গুৰুত্বপূৰ্ণ কথালৈ আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ৷ অসমীয়া ভাষাত এক অনিয়ন্ত্ৰিত অৰাজক চলি থকা যেন অনুভৱ কৰিছোঁ৷ বাতৰি-কাকত, আলোচনী, বৈদ্যুতিন মাধ্যম আদিৰ যেন সহযোগিতা আৰু সমন্বয়ৰ অভাৱ – কোনো এটা ভাৱ বুজাবলৈ বিভিন্নজনে বিভিন্ন শব্দ প্ৰয়োগ কৰা দেখা যায়৷ বিভিন্নজনে একেটা শব্দ বিভিন্ন বানানেৰে লিখা দেখা যায়৷ লিপ্যান্তৰ কৰাৰো কোনো বিধি মানি চলা পৰিলক্ষিত নহয়৷  প্ৰচাৰ-মাধ্যমসমূহত প্ৰচাৰিত বিজ্ঞাপনসমূহৰ লগতে ৰাজহুৱা স্থানত লগোৱা বিজ্ঞাপনসমূহৰ ভাষাত বহু বিসংগতি দেখিবলৈ পোৱা যায়৷ ইয়াৰ ফলত, বেমেজালি সৃষ্টি হোৱাৰ ভয়ত, সকলোৱে নতুন অসমীয়া শব্দ উদ্ভাৱন কৰি জনপ্ৰিয় কৰাৰ পৰিবৰ্তে, প্ৰায়েই ইংৰাজী শব্দটোকে যেনে তেনে লিপ্যান্তৰ কৰি ব্যৱহাৰ কৰা দেখা যায়৷  বৰ্তমান অসম সাহিত্য সভা, গুৱাহাটী বিশ্ববিদ্যালয় আদি অনুষ্ঠানসমূহেও কোনো সক্ৰিয় পথ প্ৰদৰ্শকৰ দায়িত্ব পালন কৰা নাই বা কৰিব পৰা নাই৷

অসমীয়া ভাষাক এতিয়া এক সবল নেতৃত্বৰ প্ৰয়োজন৷ এই ক্ষেত্ৰত “চৰকাৰী ভাষা প্ৰয়োগ সঞ্চালকালয়ে” ভূমিকা ল’ব পাৰেনেকি? মোৰ সীমিত জ্ঞান আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি কেইটামান “প্ৰস্তাৱ” সন্মানীয় সঞ্চালকাললৈ আগবঢ়ালোঁ৷ প্ৰতিটো প্ৰস্তাৱৰ আৰম্ভণিতে কিয় বা কি “পৰিস্থিতি”ৰ বাবে এই প্ৰস্তাৱ আগবঢ়োৱা হৈছে তাৰ ব্যাখ্যা কৰা হ’ল৷ তাৰ পিছত ইয়াৰ কিছুমান সাম্ভাৱ্য “সমাধান” আগবঢ়োৱা হ’ল৷ 

প্ৰস্তাৱ নং-১: “পৰিভাষা ব্যৱস্থাপনা প্ৰণালী”

পৰিস্থিতি:
আজি আমাৰ মাজলৈ দৈনিক নতুন নতুন যন্ত্ৰ-পাতি, সা-সঁজুলি, বস্তু-বাহিনী অহাৰ লগতে বিভিন্ন সামাজিক, অৰ্থনৈতিক বা ৰাজনৈতিক ধাৰণাও আহি আছে৷ এইবোৰ বুজাবলৈ নিতৌ নতুন শব্দৰ উদ্ভাৱন হৈ আছে৷ প্ৰথমে ইংৰাজীত,  তাৰ পিছত হিন্দী, বাংলা আদি ভাষাৰ লগতে অসমীয়া ভাষাতো এই শব্দবোৰ ব্যৱহাৰ হ’বলৈ ধৰিছে৷
অসমীয়া ভাষাৰ পৰিভাষা উদ্ভাৱন আৰু ব্যৱহাৰত বিভিন্ন চৰকাৰী / বেচৰকাৰী প্ৰতিষ্ঠানৰ মাজত সহযোগিতা আৰু সমন্বয়ৰ অভাৱ পৰিলক্ষিত হয়৷ এই ক্ষেত্ৰত এনেবোৰ বিসংগতি দেখা যায়:
(ক) একেটা ভাৱ বুজাবলৈ বিভিন্নজনে বিভিন্ন শব্দ প্ৰয়োগ কৰে৷
(খ) একেটা শব্দ বিভিন্ন বানানেৰে লিখা হয়৷
(গ) কোনো অৰ্থ বহন কৰা সুন্দৰ অসমীয়া শব্দ থকা সত্ত্বেও, কোনো কোনোৱে তাক ব্যৱহাৰ নকৰি, হিন্দী বা ইংৰাজী শব্দটোকে ব্যৱহাৰ কৰা দেখা যায়৷
আনহাতে কোনো অসমীয়া শব্দ ব্যৱহাৰ কৰিলে, তাক লিখকে প্ৰকৃতাৰ্থত কি বুজাব বিচাৰিছে তাত প্ৰায়েই আউল লাগে৷ এনে বেমেজালিৰ পৰা হাত সাৰিবলৈ বন্ধনীত ইংৰাজী শব্দটো লিখি দিব লগা হয় বা তাক লিপ্যান্তৰ কৰি ব্যৱহাৰ কৰা হয়৷

সমাধান:
এই  পৰিস্থিতিৰ সমাধান হিচাপে এক “পৰিভাষা ব্যৱস্থাপনা প্ৰণালী” (Terminology Management System)-ৰ সহায় ল’ব পৰা যায়৷ ই হ’ল এটা কম্পিউটাৰৰ তথ্যভাণ্ডাৰ (Computer Database) আৰু তাৰ লগত জড়িত ছফ্টৱেৰ, ৱেবচাইট আদিৰ সমষ্টি৷
ইয়াক দুটা পৰ্য্যায়ত ৰূপায়ন কৰিব পৰা যায়৷

পৰ্য্যায়-১: ইতিমধ্যে থকা পৰিভাষাসমূহ নিয়াৰিকৈ এই তথ্যভাণ্ডাৰৰ অন্তৰ্ভূক্ত কৰা৷ ইয়াৰ বাবে সঞ্চালকালয়ে প্ৰকাশ কৰা বিভিন্ন গ্ৰন্থৰ সহায় ল’ব পাৰি৷ যেনে- (ক) প্ৰশাসনীয় পৰিভাষা আৰু (খ) চলন্ত অভিধান৷

পৰ্য্যায়-২: নতুন প্ৰতিশব্দ উদ্ভাৱন আৰু প্ৰচলনৰ বাবে এক “প্ৰশাসনীয় ব্যৱস্থা” ল’ব পৰা যায়৷ এই “ব্যৱস্থা” এনে হ’ব পাৰে:

(ক) এখন “পৰিভাষা সমিতি” গঠন কৰা হওক৷ এই সমিতিত বিভিন্ন চৰকাৰী বিভাগ / বেচৰকাৰী  অনুস্থান / প্ৰতিস্থানৰ প্ৰতিনিধি থাকিব৷ যেনে – চৰকাৰী ভাষা সঞ্চালকালয়, শিক্ষা বিভাগ, তথ্য আৰু জনসংযোগ বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয় বা আন বিশ্ববিদ্যালয়সমূহ, অসম সাহিত্য সভা, অসম বিজ্ঞান সমিতি, অসমীয়া জনপ্ৰিয় বাতৰি-কাকত/আলোচনীৰ সম্পাদকসকল, বৈদ্যুতিন মাধ্যমৰ সম্পাদকসকল, প্ৰখ্যাত সাহিত্যিক/সাংবাদিক আদি৷

(খ) শব্দৰ প্ৰস্তাৱনা – ইংৰাজী বা হিন্দী ভাষাৰ কোনো নতুন শব্দৰ অসমীয়া প্ৰতিশব্দ “পৰিভাষা সমিতি”ৰ সদস্যসকলে উদ্ভাৱন কৰিব৷ নিজৰ মাজতে নিৰ্বাচন কৰি বা কোনো নিয়মাৱলী অনুকৰণ কৰি তেওঁলোকে এই কাম কৰিব৷ 

সমিতিত নথকা কোনো চৰকাৰী বিভাগ / বেচৰকাৰী প্ৰতিস্থান বা ব্যক্তিয়েও কোনো নতুন শব্দৰ প্ৰতিশব্দ বিচাৰি আবেদন কৰিব পাৰিব৷ 
এই সকলোবোৰ কাম ইন্টাৰনেটৰ যোগেদি “পৰিভাষা ব্যৱস্থাপনা প্ৰণালী”ৰ মাজতে হওক৷

(গ) শব্দৰ সংজ্ঞা – “পৰিভাষা সমিতি”ৰ দ্বাৰা অনুমোদিত প্ৰতিশব্দৰ সবিশেষ সংজ্ঞা, ব্যৱহাৰৰ উদাহৰণ আদি ৱেবচাইটত উপলব্ধ হওক৷ কেতিয়াবা কোনো ইংৰাজী শব্দৰ “সঠিক অৰ্থ”ৰ অসমীয়া প্ৰতিশব্দ পোৱা নাযায়৷ এনে পৰিস্থিতিত আমি প্ৰথমে সুন্দৰ শব্দ এটা নিৰ্বাচন কৰি লৈ তাক প্ৰয়োজনীয় অৰ্থবোৰ দি ল’লেই সমস্যাৰ সমাধান হয়৷ অৰ্থাৎ সঠিককৈ সংজ্ঞা লিখি তাক প্ৰচাৰ কৰাটো অতি প্ৰয়োজনীয়৷

(ঘ) সকলো চৰকাৰী কাৰ্য্যালয়ত এই প্ৰতিশব্দবোৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক হ’ব৷ বিশ্ববিদ্যালয়সমূহ, বাতৰি-কাকত / আলোচনীৰ সম্পাদকসকল, বৈদ্যুতিন মাধ্যমৰ সম্পাদকসকল আদি সকলোকে এই প্ৰতিশব্দবোৰ ব্যৱহাৰ কৰিবলৈ অনুৰোধ কৰা হওক৷
এইখিনিতে সকলোকে সোঁৱৰাই দিয়া উচিত যে আমি সকলোৱে সহযোগিতা নকৰিলে কেতিয়াও কোনো নতুন অসমীয়া শব্দ জনপ্ৰিয় হৈ উঠিব নোৱাৰে৷ আমি শব্দবোৰ “জন্ম” দিয়াৰ লগতে লালন-পালনো কৰিব লাগিব৷ এই ক্ষেত্ৰত কেবল অসমীয়া নহয়, বাংলা-বড়ো আদি অসমৰ আন চৰকাৰী ভাষাসমূহো সাঙুৰি লোৱা উচিত৷
Ref: https://www.andovar.com/terminology-management/

প্ৰস্তাৱ নং-২: লিপ্যান্তৰ বিধি

পৰিস্থিতি:
লিপ্যান্তৰ দুই ধৰণৰ হ’ব পাৰে –
(ক) অসমীয়া শব্দ ইংৰাজী বৰ্ণমালাৰে লিখা
(খ) ইংৰাজী শব্দ অসমীয়া বৰ্ণমালাৰে লিখা
এই দুই ক্ষেত্ৰতে কোনেও নিৰ্দিষ্ট নিয়ম বা বিধি মানি চলা দেখা নাযায়৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কিছুমান নিয়মাৱলী আছে, আৰু সেইবোৰ বহুতে মানি চলে৷ কিন্তু বহুতে এইবোৰৰ অৱজ্ঞ নহয় অথবা ব্যৱহাৰ কৰিবলৈ ইচ্ছুক নহয়৷ আনহাতে কিছুমানে এই নিয়মসমূহ “শুদ্ধ” বুলিও গণ্য নকৰে, গতিকে ব্যৱহাৰ নকৰে৷

উদাহৰণ-১: অসমীয়া স/শ/ষ-ৰ উচ্চাৰণৰ বাবে ইংৰাজী x-বৰ্ণ ব্যৱহাৰ কৰিব লাগে নে নালাগে তাক লৈ বহুতো তৰ্ক-বিতৰ্ক চলি আছে৷

উদাহৰণ-২: অসমীয়াত চ আৰু ছ-ৰ উচ্চাৰণৰ পাৰ্থক্য নাই৷ s/sh/ch-আদি ইংৰাজী উচ্চাৰণসমূহ অসমীয়াত যিকোনো এটা বৰ্ণৰে লিখিলেই হয়৷ কিন্তু হিন্দী/বাংলা আদিক অনুকৰণ কৰি স/চ/ছ আদি ব্যৱহাৰ কৰা দেখা যায়৷ 

উদাহৰণ-৩: Bank- শব্দটো অসমীয়াত “বেংক” আৰু বাংলাত “ব্যাংক” এইদৰে লিপ্যান্তৰ কৰা হয়৷ ইয়াৰ সুন্দৰ যুক্তি আছে৷ অসমীয়াত “য়”-কাৰে ইংৰাজী “y” -ৰ উচ্চাৰণ সবলতে বহন কৰে, কিন্তু বাংলাত নকৰে৷ একেই যুক্তি অসমীয়াত সকলোতে প্ৰয়োগ কৰা দেখা নাযায়৷

উদাহৰণ-৪: “বৰুৱা” উপাধিটো Baruah, Barua, Barooa, Barooah, Borua আদি বিভিন্ন ধৰণে লিখা দেখা যায়৷

উদাহৰণ-৫: আৰম্ভনিতে প্ৰধান মন্ত্ৰী “নৰেন্দ্ৰ মোদী”ৰ উপাধিটো অসমীয়াত কেনেকৈ লিখিব লাগে তাক লৈ বহুতো খেলিমেলি লাগিছিল৷ মদি, মোদি, ম’দী, মোডী আদি বিভিন্ন বানান প্ৰচলন হৈছিল৷

উদাহৰণ-৬: “অসম” শব্দটো কেনেকৈ লিপ্যান্তৰ কৰিব তাক লৈ বহুতো তৰ্ক-বিতৰ্ক চলি থাকে৷ ফলত Assam, Asom, Axom, Oxom আদি বিভিন্ন ৰূপ চলি আছে৷

সমাধান:
এখন “লিপ্যান্তৰ বিধি” (Transliteration Protocol) প্ৰণয়ন কৰিব লাগে৷ এই বিধিসমূহ কোনো এটা নিৰ্দিষ্ট “চিন্তাধাৰা”ৰ আধাৰত খেলি-মেলি নলগাকৈ প্ৰণয়ন কৰিব লাগে৷
এই বিধিৰ যুক্তিসমূহ সকলো ক্ষেত্ৰতে সকলো পক্ষই “শুদ্ধ” বুলি মানি নল’ব পাৰে, কিন্তু এবাৰ “গৃহীত” হোৱাৰ পিছত সকলোৱে যাতে এই বিধিসমূহৰ মাতেহে লিপ্যান্তৰ কৰে তাৰ ব্যৱস্থা কৰা অতি প্ৰয়োজন৷ তাৰ বাবে বহুল প্ৰচাৰ, প্ৰশিক্ষণ আৰু প্ৰশাসনিক ব্যৱস্থাৰ প্ৰয়োজন হ’ব৷
এবাৰ কোনো শব্দৰ লিপ্যান্তৰ ৰূপ গৃহীত হোৱাৰ পিছত, তাক “প্ৰস্তাৱ-১”ত উল্লেখ কৰা “পৰিভাষা ব্যৱস্থাপনা প্ৰণালী”তো অন্তৰ্ভূক্ত কৰা হওক৷

প্ৰস্তাৱ নং-৩: অৰ্হতা পৰীক্ষা

পৰিস্থিতি: 
(ক) বিজ্ঞাপন: বিভিন্ন সামগ্ৰীৰ বিজ্ঞাপন, কোম্পানীৰ প্ৰচাৰ-পত্ৰিকা আদি ইংৰাজী বা হিন্দীৰ পৰা অসমীয়ালৈ ভাঙনি কৰোতে বহুতো বিসংগতি দেখিবলৈ পোৱা যায়৷ লিখিত ৰূপৰ লগতে কথিত ভাষাতো বিসংগতি যথেষ্ট দেখিবলৈ পোৱা যায়৷ বাতৰি-কাকত, বৈদ্যুতিন মাধ্যম আদি সুদূৰ প্ৰচাৰী প্ৰভাৱ থকাৰ বাবে এই মাধ্যমসমূহত আমাৰ ভাষা বিকৃত নোহোৱাকৈ প্ৰচাৰ হোৱা অতি প্ৰয়োজন৷ 
এই ক্ষেত্ৰত দেখা যায়, ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কোম্পানীসমূহে কলিকাতা / দিল্লীত থকা কোনো ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ সহায়ত এই অনুবাদ কৰোৱাই আৰু সেইবোৰ অসমীয়াৰ সাম্যক জ্ঞান নথকা ব্যক্তিয়ে কৰা বুলি সহজে ধৰিব পাৰি৷ আনহাতে অসমীয়া বাতৰি-কাকত, বৈদ্যুতিন মাধ্যম আদিৰ সম্পাদকসকলৰ ওচৰলৈ এইবোৰ নাহে, গতিকে কোনো শুধৰণিৰ সুবিধা নাথাকে৷ তেওঁলোকৰ “বাণিজ্যিক বিভাগ”সমূহে মুনাফাৰ কাৰণে এই বিজ্ঞাপনবোৰ কোম্পানীসমূহে যেনেকৈ পঠিয়াই ভুলে-শুদ্ধই তেনেকৈয়ে প্ৰচাৰ কৰে৷

(খ) বাতৰি (উচ্চাৰণ) : আনহাতে বিশেষকৈ বৈদ্যুতিন মাধ্যমসমূহৰ সাংবাদদ্বাতাসকল, বাতৰি পৰিবেশন কৰোঁতাসকল উচ্চাৰণত বহুতো ভুল কৰা দেখা যায়৷

(গ) বাতৰি (শব্দ ব্যৱহাৰ): অসমীয়া প্ৰচাৰ মাধ্যমসমূহত বহু ক্ষেত্ৰত কোনো অৰ্থ ব্যৱহাৰ কৰিবলৈ সুন্দৰ / সুপ্ৰতিস্থিত শব্দ থকা সত্ত্বেও অনা-অসমীয়া শব্দ ব্যৱহাৰ কৰা দেখা যায়৷ যেনে – 
ব্যৱহাৰ কৰা শব্দ
সুপ্ৰতিস্থিত অসমীয়া শব্দ
 অৰ্থ
ৰেংক
স্থান
কোনো পৰীক্ষাৰ ফলাফল
পেলিকান
ঢেলা চৰাই
এবিধ চৰাই
দপ্তৰ
বিভাগ
মন্ত্ৰিত্ব

সমাধান:
ইয়াৰ সমাধান কেইটামান পৰ্য্যায়ত হ’ব পাৰে:
পৰ্য্যায়-১: অনুবাদ আৰু উচ্চাৰণৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা আৰু “Short Certificate Course” প্ৰণয়ন কৰা৷ ইয়াত ওপৰোক্ত প্ৰস্থাৱ-১ আৰু প্ৰস্থাৱ-২-ৰ সমাধানসমূহত দিয়া বিধিসমূহৰ সবিশেষ প্ৰশীক্ষণ দিব লাগে৷

পৰ্য্যায়-২: “অনুবাদক অৰ্হতা পৰীক্ষা” (Translator’s Eligibility Test) আৰু “পৰিবেশনকাৰী অৰ্হতা পৰীক্ষা” (Presenter’s Eligibility Test)ৰ আয়োজন কৰিব লাগে আৰু সফল পাৰ্থীসকলক  সীমিত সময়-সীমাৰ ম্যাদ থকা অনুজ্ঞা-পত্ৰ (License) দিব লাগে৷ তেওঁলোকে সময়ে সময়ে (ধৰক প্ৰতি তিনি বছৰত এবাৰ) এই পৰীক্ষা দি অনুজ্ঞা-পত্ৰ নবীকৰণ কৰিব লাগিব৷

পৰ্য্যায়-৩: বাতৰিৰ সম্পাদন, বাতৰি পৰিবেশন তথা বিজ্ঞাপন/ দেৱাল লিখন /নামফলক আদি যাতে অনুজ্ঞা-পত্ৰ প্ৰাপ্ত ব্যক্তিহে কৰিব পাৰে তাৰ নিয়ম প্ৰণয়ন কৰিব লাগে৷ 

পৰ্য্যায়-৪: “ভাষা সঞ্চালকালয়”ৰ মঞ্চুৰী-পত্ৰ (Approval) হ’লেহে বিজ্ঞাপন/ দেৱাল লিখন / নামফলক আদি প্ৰচাৰ বা ব্যৱহাৰ কৰিব পাৰিব -এনে প্ৰশাসনিক নিয়ম প্ৰণয়ন কৰে যেন৷ এই মঞ্জুৰী-পত্ৰ অবিহনে GMC-ৰ Trade License আদি যাতে দিয়া নাযায় তাৰ ব্যৱস্থা কৰিব লাগে৷

প্ৰস্তাৱ নং-৪: ইউনিকোড ব্যৱহাৰ

পৰিস্থিতি: 
ইউনিকোড (UNICODE) এনে এটা ব্যৱস্থা যি আমাৰ ভাষাৰ সমলসমূহ বৈজ্ঞানিকভাৱে ইলেক্ট্ৰনিক মাধ্যমত প্ৰচাৰ আৰু জমা কৰি ৰাখিবলৈ সুবিধা কৰি দিয়ে৷
অসমৰ ছপা-মাধ্যমৰ খণ্ডটোত এতিয়াও ইউনিকোডত কাম কৰিবলৈ আৰম্ভ কৰা নাই৷ বহুকেইখনো অসমীয়া বাতৰি কাকত আৰু অসম চৰকাৰৰ কেইবাটাও বিভাগৰ ৱেবচাইট আৰু এপ্প আছে যদিও,  সেইবোৰ অনা-ইউনিকোড মাধ্যমত উপস্থাপন কৰাৰ বাবে কম্পিউটাৰৰ বিভিন্ন সঁজুলিয়ে বা ভাষা-বিজ্ঞানৰ গৱেষকসকলে ব্যৱহাৰ কৰিব নোৱাৰে৷  কিয়নো ছফ্টৱেৰসমূহে ছবি এখনত অসংখ্য আখৰ থাকিলেও সেইয়া ছবি বুলিয়েই ভাবিব৷ গতিকে Google/ Facebook / Yahoo আদিৰ লগতে IIT-Guwahati, Gauhati Universiyu, Tezpur University আদিৰ গৱেষক সকলে অসুবিধাত পৰি আছে আৰু বানান পৰীক্ষক (Spell-checker), যান্ত্ৰিক-অনুবাদ (Machine Translation) আদিৰ দৰে আজিৰ যুগত অতিকৈ প্ৰয়োজন হোৱা সঁজুলিসমূহ তৈয়াৰ কৰি উলিয়াব পৰা নাই৷ 

সমাধান:
পুৰণি ছফ্টৱেৰ/ হাৰ্ডৱেৰ উন্নীতকৰণ (upgrade) কৰি ইউনিকোড ব্যৱহাৰযোগ্য যন্ত্ৰ-পাতি চৰকাৰী বিভাগসমূহত ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰক৷ লগতে বেচৰকাৰী অনুস্থানসমূহলৈও তেনে কৰিবলৈ আহ্বান জনাওক৷  বাতৰিকাকতসমূহে দৈনিক ছবি হিচাপে আপলোড কৰাৰ সলনি ইউনিকোডত তৈয়াৰ কৰি বাতৰি বা প্ৰবন্ধসমূহ তেওঁলোকৰ ৱেবচাইটত প্ৰকাশ কৰিবলৈ আহ্বান জনাওক আৰু প্ৰয়োজন হ’লে তেনে কৰিবলৈ আৰ্থিক সাহাৰ্য বা আন সা-সুবিধা আগবঢ়াওক৷ ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণৰো ব্যৱস্থা কৰিব লাগিব৷ 

এই “প্ৰস্তাৱ”সমূহ নিশ্চয় বহু সংক্ষেপ৷ এইবোৰ বিজ্ঞজনৰ জ্ঞান আৰু অভিজ্ঞতাৰ ভিত্তিত বিস্তাৰ আৰু পৰিশোধন কৰাৰ বহু থল আছে৷ আপোনাৰ সঞ্চালকালয়ে এই প্ৰস্তাৱসমূহ গভীৰভাবে চিন্তা কৰি চাবলৈ আৰু সুনিৰ্দিষ্ট পদক্ষেপ ল’বলৈ প্ৰাৰ্থনা জনালোঁ৷ এই ক্ষেত্ৰত আমি যি পাৰো সঞ্চালকালয়ক সহায়-সহযোগিতা কৰিবলৈ সাঁজো থাকিম৷


বিনম্ৰ সম্ভাষণেৰে,

বিক্ৰম মজিন্দাৰ বৰুৱা
ঘৰ নং-২০, আশোক পথ, চাৰ্ভে বেলতলা, গুৱাহাটী-৭৮১০২৮
দূৰভাষ: ৭০৮৬০৯৪৮০৭; ই-পত্ৰ: bikram98@yahoo.com