Saturday, November 7, 2015

সৃষ্টিকৰ্তা, ধৰ্ম, বিজ্ঞান আৰু বহুতো....

বহু দিনৰ পৰা এই বিষয়ে কিবা এটা লিখিম লিখিম বুলি ভাৱি আছিলো৷ কেনেকৈ লিখিম, ক’ত আৰম্ভ কৰিম, কি কি লিখিম তাকে ভাৱি থাকোতে বহু সময় গুচি গ’ল৷ গতিকে এইবাৰ লিখিবলৈ আৰম্ভ কৰি দিলোঁ, কিবা এটা গঠনমূলক ওলাবই৷

ফেইচবুকত বিচৰণ কৰি ফুৰোঁতে কিছুমান পৃষ্ঠা, কিছুমান গোট আৰু কিছুমান ব্যক্তিৰ দেৱালত কোনৱে কোনোৱে জমা কৰা লিখনি, উদ্ধৃতি, আলোকচিত্ৰ, ব্যঙ্গচিত্ৰ, চিত্ৰাঙ্কণ আদিয়ে মোৰ দৃষ্টি আকৰ্ষণ কৰিলে৷ সেইবোৰে প্ৰকাশ কৰা ধাৰণাবোৰ যেন মোৰ মনতো বহুদিনৰ পৰা ঘূৰি-পৰি আছিল৷ কেৱল সেইবোৰে কোনো এক শৃঙ্খলবদ্ধভাৱে বাহিৰ ওলাব পৰা নাই৷ মূলতঃ এইসকলোবোৰক সাঙুৰি নাস্তিকতাবাদ (Atheism) বা যুক্তিবাদ (Rationalism) বুলিব পাৰি৷ ই এটা অতি বহল চিন্তাধাৰা আৰু ভিন ভিন লোকে ভিন ভিন ব্যাখ্যা দিব পাৰে, ভিন ভিন প্ৰকাৰে বুজি পাব পাৰে৷

বিশেষকৈ তলৰ উল্লেখিত উৎসসমূহৰ আলম লৈ মোৰ নিজৰ ব্যক্তিগত ধাৰণাসমূহৰ লগত সাল-মিহলি কৰি এই নিবন্ধটো লিখিবলৈ চেষ্টা কৰিলোঁ৷

উৎসসমূহ:
https://www.facebook.com/atheists.in
https://www.facebook.com/IndianAtheists/
http://indianatheists.org/
http://www.atheistrepublic.com/
https://www.facebook.com/AtheistsAgnosticsIndia
https://en.wikipedia.org/wiki/The_Grand_Design_(book)

https://www.facebook.com/justicekatju
https://www.facebook.com/ali.a.rizvi
https://www.facebook.com/hassan.nisar
https://www.facebook.com/pages/Tarek-Fatah


'ঈশ্বৰ' আছেনে?

এজন "ধাৰ্মিক" ব্যক্তিয়ে একে উশাহে ঈশ্বৰ / আল্লা / গ’ড (God) (ইয়াত মই কেৱল 'ঈশ্বৰ' বুলি ক’ম) 'আছে' বুলি উত্তৰ দিব৷
ধাৰণা-১:  কিন্তু যক্তিসংগত ভাৱে ভাৱিলে দেখা যায় যেতিয়াই কোনো পৰিঘটনাৰ ৰহস্য, দূ্ৰ্ঘটনা বা সৌভাগ্যৰ কাৰক আমি বুজি নাপাও অৰ্থাৎ মানৱ-জ্ঞানৰ এতিয়াও বাহিৰত, তেতিয়াই তাক ঈশ্বৰে কৰিছে বুলি কোৱা হয়৷ ই বাক্যত ব্যৱহাৰ কৰা নাম-পুৰক বা সৰ্বনাম মাঠোন৷ বীজগণিতৰ x -ৰ দৰে, যি আমি এতিয়া নাজানো বা কেনেকৈ হৈছে নাজানো, কিয় হ’ল নাজানো তাৰেই কৰ্তাজন 'ঈশ্বৰ'৷ কেতিয়াবা ই ভাগ্য (Luck), নিয়তি (Destiny) নামো লয়৷

ধাৰণা-২: "ঈশ্বৰ" বুলি কোনো অস্তিত্ব থকাৰ কোনো বৈজ্ঞানিক প্ৰমাণ পোৱা নাযায় - যি আমি "প্ৰাৰ্থনা" বুলি আগবঢ়োৱা আবেদন, অনুৰোধ আদিক গ্ৰহণ কৰে৷ কিন্তু এনেও হ’ব পাৰে আমাৰ প্ৰাৰ্থনা তেওঁ নিজৰ ইচ্চা অনুসৰি বিবেচনা কৰে বা কেতিয়াবা নকৰে৷ গতিকে প্ৰমাণ নোপোৱা প্ৰৰ্যন্ত ঈশ্বৰ আছে বা নাই বুলি ডাঠি কব নোৱাৰি৷ যদি নাই ভাল কথা, যদি আছে তেওঁক আমি কেতিয়াবা অতি নিষ্ঠুৰ বুলি ক’ব লাগিব - নহ’লেনো ভূমিকম্প, বানপানী আদি কৰি নিৰিহ মানুহৰ ওপৰত ইমান অত্যাচাৰ কৰি কি ৰস পাই?

ধাৰণা-৩:  বিশ্ব-ব্ৰমাণ্ড অসীম আৰু অনন্ত৷ ইয়াৰ কোনো আদি নাই, ইয়াৰ কোনো অন্ত নাই৷ ইয়াৰ কেতিয়াও সৃষ্টি হোৱা নাছিল, কেতিয়াও অন্তও নহয়৷ ই হয়তো কিছুমান মাহনাদ (big bang), মহাসংকোচন (big crunch) আদিৰ দৰে কিছুমান নিৰবিচিণ্ণ পুণৰাবৃত্তিৰ মাজেৰে পাৰ হৈ গৈ আছে৷ গতিকে সৃষ্টি হোৱাই নাছিল যদি, সৃষ্টিকৰ্তাৰ ধাৰণাটিয়েই ভুল৷ (Stephen Howking)

তেন্তে আমাৰ এই বিশ্ব-ব্ৰহ্মাণ্ডখন কোনে সৃষ্টি কৰিলে?

ওপৰৰ ধাৰণা-১ আৰু ধাৰণা-২-ৰ আধাৰত উত্তৰ:
ঈশ্বৰে৷ অৰ্থাৎ আমি নাজানো৷ এই প্ৰশ্নবোৰ ধৰ্মীয় বা আধ্যাত্মিক যেন লাগিলেও এইবোৰ আচলতে অতি বৈজ্ঞানিক প্ৰশ্ন৷ আজিৰ বৈজ্ঞানিকসকলে ইয়াৰে উত্তৰ দিবলৈ বিভিন্নধৰণৰ পৰীক্ষা-নিৰিক্ষাত ব্ৰতি হৈ আছে৷ বৃহৎ হেড্ৰন অনুকণা সংঘৰ্ষক আদিৰ দৰে গৱেষণাসমূহৰ সহায়ত তেওঁলোকে সৃষ্টিৰ মৌলিক ৰহস্য বুজি পাবলৈ যি দৰে চেষ্টা চলাইছে, তেনে দৰে হ’বল দূৰবীক্ষণ, কেপলাৰ দূৰবীক্ষণ আদিৰ সহায়ত সৃষ্টিৰ আনটো ফাল অৰ্থাৎ বিশ্ব-ব্ৰহ্মাণ্ডৰ বিশাল সংৰচনাসমূহৰ অনুসন্ধান চলাই থকা হৈছে - একমাত্ৰ সেই সৃষ্টিকৰ্তাৰ সন্ধানতে৷

ধাৰণা-৩ৰ মতে কোনো সৃষ্টিকৰ্তাই নাই৷ গতিকে এই প্ৰশ্নৰ উদয় নহয়৷

আমাৰ ধৰ্ম?

ধৰ্ম মানে religion আমাক লাগেনে? ঈশ্বৰক কৰা পূজা, আল্লাক কৰা নামাজ, গ’ডলৈ কৰা প্ৰাৰ্থনা আদিৰ প্ৰয়োজননে? অভিজ্ঞতাৰ পৰা দেখা যায়, যাৰ যি হ’ব ল’গা আছে, সি হ’বই -- পূজা-প্ৰাৰ্থনা আদি কৰি একো বদলি কৰিব পৰা নাযায়৷ যি বদলি হয় বা কৰিব পৰা যায়, যি মানুহৰ প্ৰত্যক্ষ হস্তক্ষেপতহে হয়৷ চিকিৎসা গ্ৰহণ কৰিহে কোনো ৰোগৰ পৰা নিৰাপয় পোৱাৰ সাম্ভৱনা বেছি, প্ৰাৰ্থনা কৰি নহয়৷ তেনেকৈ সাৱধানতা লৈহে দুৰ্ঘটনাৰ সম্ভৱনা কমাব পাৰি, প্ৰাৰ্থনা কৰি নহয়৷

ধৰ্মই বোলে মানুহক 'নৈতিকতা' শিকায়৷ হয়, কেতিয়াবা শিকায়৷ কিন্তু কেতিয়াবা কিছুমান ধৰ্মীয় শিক্ষা মই অৱলম্বন কৰিব বিচৰা নৈতিকতাৰ সম্পূৰ্ণ বাহিৰত৷ গতিকে মই 'নৈতিকতা'কো বৈজ্ঞানিক দৃষ্টিভংগীয়ে অৰ্থাৎ যুক্তি সহকাৰে চাব বিচাৰোঁ৷ সৰুতে স্কুলত "ম’ৰেল চেইঞ্চ" বুলি এটা বিষয় শিকোৱা হৈছিল৷ তাত কোনো ধৰ্মৰ আশ্ৰয় নোলোৱাকৈ কিছুমান নৈতিক শিক্ষা দিয়া হৈছিল - তেনে ধৰণৰ৷ এই বিষয়ে ইয়াত আৰু লিখিলো৷

আকৌ বহুতে কয়, সকলো ধৰ্ম গ্ৰন্থ বা ধৰ্ম আচলতে ভাল৷  কিছুমান মানুহে সেইবোৰৰ ব্যাখ্যা বুজুতে বা অৱলম্বন কৰোতে ভুলকৈ কৰে কাৰণেহে পৃথিৱীত ইমানবোৰ ধৰ্মৰ নামত হিংস-হত্যা চলি আহিছে৷ গতিকে দেখা গ’ল - ধৰ্ম গ্ৰন্থত যিয়েই লিখা নাথাকওক, কোনোৱে কেনেকৈ তাক বুজিলে তাৰ ওপৰতহে মানুহৰ কাম-কাজ নিৰ্ভৰ কৰে৷ গতিকে আমি অস্পষ্টকৈ লিখিত গদ্য (যাৰ বহুতো বিপৰিত অৰ্থ বা ব্যাখ্যা হ’ব পাৰে) কিছুমান বুজাৰ কামটো বাদ দিও কাম চলাব নোৱাৰোনে? আন কথাত আজি আমাক প্ৰয়োজন মানুহৰ সুস্থ বিবেকৰহে৷

"সংকতৰ সময়ত ধৰ্মই আমাক মানসিক শান্তি দিয়ে৷" --- এইদৰেও কিছুমানে ক’ব বিচাৰে৷ মই কিন্তু মানসিক শান্তি আন ধৰণেৰে লাভ কৰো - বাদাম কেইটামানৰ লগত এটুপি ৰঙাপানী খাই৷আন কিছুমানে গান গাই, কোনোৱে বাদ্য যন্ত্ৰ বজাই অথবা ৰন্ধা-বঢ়া কৰি মানসিক শান্তি পাব পাৰে৷ মানসিক শান্তিৰ বাবে মানুহক লাগে আমনি দিয়া চিন্তাবোৰৰ পৰা এটা চিত্তবিক্ষেপ (distraction)৷ ইয়াক ওপৰত কোৱা বিভিন্ন ধৰণে পাব পাৰি৷

আমাৰ খাদ্য

বৰ্তমান ভাৰতত গোমাংস, গাহৰী মাংস আদি খোৱা / নোখোৱাক কৈ বহু বিতৰ্ক চলি আছে৷
মোৰ মতে খোৱাৰ ক্ষেত্ৰত প্ৰথমে জিভা, দ্বিতীয়তে পেট, তৃতীয়তে স্বাস্থ্য, চতুৰ্থতে পকেটত থকা পইছাৰ নিৰ্দেশতহে চলা উচিত৷ আন কোনো অযুক্তিকৰ কাৰণত কোনো খাদ্য খোৱা-নোখোৱাটো নিয়ন্ত্ৰণ হ’ব নালাগে৷

এই ক্ষেত্ৰত ন্যয়াধিশ কাটচুৰ উপদেশ মোৰ আটাইটকৈ ভাল লাগিল৷ ন্যায়াধিশ কাটচুৱে হিন্দুসকলক গোমাংস আৰু মুছলমানসকলক গাহৰী মাংস খাবলৈ সংকুচ নকৰিবলৈ উপদেশ দিছে৷ ইয়াত সবিশেষ পাব - https://www.facebook.com/justicekatju/posts/1069077533132792

4 comments:

  1. এইটো মোৰ প্ৰিয় বিষয়। ধাৰণা-৩ সম্পৰ্কত কওঁ-- বিশ্ব-ব্ৰহ্মাণ্ডৰ সৃষ্টি হোৱাই নাছিল, সেয়েহে সৃষ্টি কৰ্তাৰ প্ৰয়োজন নাই।
    মোৰ কথা- সৃষ্টিৰ যদি আৰম্ভণি আছে বুলিও ধৰো, তথাপিও সৃষ্টি কৰ্তাৰ প্ৰয়োজন নহব পাৰে। "সকলো সৃষ্টিৰে এজন কৰ্তা থাকে"- এই দাৰ্শনিক উপপাদ্যটোৱেই ভুল হব পাৰে। মই ভুল বুলিয়েই ভাবো। চকি, মেজ, ঘৰ এইবোৰৰ কৰ্তা আছে। আমাৰ জন্ম মা-দেউতা। পাছে পৰ্বত, পাহাৰ নদী এইবোৰ ঠাণ্ডা-গৰম, বতাহ বৰষুণ আদিৰ দ্বাৰা ভূপৃষ্ঠৰ পৰিবৰ্তণৰ ত হৈছে। একোটা প্ৰক্ৰিয়া। সৌৰজগত আৰু বিশ্বজগতৰ আৰম্ভণি, বিকাশ, ভবিষ্যত সম্পৰ্কে আমি বহুখিনি জানিব পাৰিছোঁ।

    ReplyDelete
  2. "সকলো সৃষ্টিৰে এজন কৰ্তা থাকে" বুলি মানি ললেও আমি উজুঁটি খাওঁ। এই সকলোবোৰ ঈশ্বৰে স্ৰজিলে, পাছে ঈশ্বৰক কোনে স্ৰজিলে? আগৰ দিনত ডাঙৰক এই প্ৰশ্ন কৰিলে, উত্তৰ আছিল-- তঁহতি এই আজে-বাজে প্ৰশ্ন সোধোতেই যাব। তহঁতৰ উন্নতি নাই। লগৰ লৰা-ছোৱালিলৈ চা-- সিহঁতৰ ৰিজাল্টেই চাবি নে স্বভাৱ চৰিত্ৰই চাবি।

    ReplyDelete
  3. ধাৰণা-২: "যদি নাই ভাল কথা, যদি আছে তেওঁক আমি কেতিয়াবা অতি নিষ্ঠুৰ বুলি ক’ব লাগিব - নহ’লেনো ভূমিকম্প, বানপানী আদি কৰি নিৰিহ মানুহৰ ওপৰত ইমান অত্যাচাৰ কৰি কি ৰস পাই?
    এওঁ নিষ্ঠুৰেই নহয়, কুমতলবী আৰু তোষামোদ ভাল পাই। যি তোষামোদ নকৰে, উপঢৌকন লিদিয়ে, তেওঁক অপকাৰ কৰে। তেওঁ প্ৰতেক ব্যক্তিৰে সৰু বৰ সকলো কথাতে অগা-দেৱা কৰে।

    ReplyDelete
  4. @Contemporary Assam : ভাল লাগিল আপোনাৰ মতামত৷ ধন্যবাদ৷

    ReplyDelete