Friday, August 21, 2015

অন্তিম জন (কল্প-কাহিনী)

ড. নাকাচাৰি অতি উৎকণ্ঠাৰে এই মূহুৰ্তলৈ বাট চাই আছিল৷ আজি তেওঁ লগ ধৰিব "শ্ৰীব" বুলি জনাজাত এজন অসাধাৰণ ব্যক্তিক৷ জীৱণৰ বিয়লীবেলাত শ্ৰীবই বুকুৰ মাজত লৈ ফুৰিছে এক আপুৰুগীয়া সম্পদ৷ তেওঁৰ বয়স বাঢ়ি আহিছে৷ স্বাস্থ্যটো ক্ৰমে বেয়া হৈ আহিছে৷ তেওঁৰ শংকা জীৱণ চাকি হঠাৎ এদিন নুমাই যাব, তাৰ লগতে চিৰদিনলৈ বিলুপ্ত হৈ যাব এই বিৰল সম্পদ৷ 

প্ৰখ্যাত ভাষাবিদ ড. নাকাচাৰিয়ে "শ্ৰীব"ৰ বিষয়ে জানিব পাৰি অতি আগ্ৰহেৰে তেওঁৰ সেই আপুৰুগীয়া সম্পদ সযতনে সংৰক্ষণ কৰি ৰাখিবলৈ দ্বায়িত্ব ল’লে৷ সেয়ে তেওঁ অ’ত দূৰ নিজে সকলো সা-সঁজুলি লগত লৈ "শ্ৰীব"ক লগ কৰিবলৈ আহিছে৷ বিমানৰ পৰা নামি মোবাইটো অন কৰাৰ ল’গে ল’গে কেইবাটাও "মিচ কল" তেওঁ দেখিবলৈ পালে৷ "শ্ৰীব"ৰ মোবাইলৰ পৰা আহিছে৷ তেওঁৰ বুকুখন চিৰিং কৈ গ’ল - কিয় ইমান "মিচ কল" ? তেওঁ কল-বেক কৰিলে৷ 

"হেল্লো ড. নাকাচাৰি?" ইটো ফলাৰ পৰা কোনোবাই ক’লে৷ এইটো শ্ৰীবৰ মাত নাছিল, আন কৰোবাৰ মাত৷ 
- "হয়, মই ড. নাকাচাৰিয়ে কৈছো, আপুনি কোন?" - তেওঁ সুধিলে৷
- "মই শ্ৰীবৰ বৰপুত্ৰ৷ দেউতাৰ স্বাস্থ্য একেবাৰে বেয়া৷ আপুনি কোনখিনি পালে?" - মানুহজনে "এক্স’মিজ"ত কথাখিনি ক’লে৷ ই এই অঞ্চলৰ বৰ্তমান প্ৰচলিত ভাষা৷ ঠিক ভাষা বুলিব নোৱাৰি, এক প্ৰকাৰৰ খিছিৰি দোৱান বুলিলেহে হয়তো শুদ্ধ হ’ব৷ ৭০% ইংৰাজী, ২০% হিন্দী বা বঙালী, ১০% অসমীয়া আৰু আন স্থানীয় ভাষা যেনে কাৰ্বী-বড়ো-মিছিং আদিৰ শব্দ ভাণ্ডাৰেৰে গড় লৈ উঠা এক সান-মিহলি দোৱান৷ কিন্তু  "এক্সম"ৰ প্ৰায় সকলোৱে বৰ্তমান এই দোৱানতে কথা পাতে৷ 

-"ভাল বাৰু, মই যিমান পাৰো সোনকালে আহি আছো৷" বুলি কৈ ড. নাকাচাৰিয়ে খৰ-ধৰ কৰিলে৷ তেওঁৰ লগত আছিল বহুতো অত্যাধুনিক যন্ত্ৰ-পাতি৷ সেইবোৰ লৈ তেওঁ কোনোমতে শ্ৰীবৰ ঘৰ পালেহি৷ শ্ৰীবৰ ইতিমধ্যে নৰিয়া-পাতিত৷ মানুহজনে কেকাই আছে৷ ড. নাকাচাৰিক দেখি তেওঁ অলপ প্ৰাণ পাই উঠিল৷ বহু কষ্ট কৰি হাঁহি এটা মাৰি সম্ভাষণ জনালে৷ ড. নাকাচাৰিয়ে তেওঁৰ ওচৰতে বহি ল’লে৷ যন্ত্ৰ-পাতিবোৰ মেলি সক্ৰিয় কৰি ল’লে৷  যন্ত্ৰ-পাতিবোৰৰ সহায়ত তেওঁ শ্ৰীবৰ কথাবোৰ ধ্বনিবদ্ধ কৰি লোৱাৰ লগতে মষ্টিষ্কৰ মানচিত্ৰ এখনো তৈয়াৰ কৰিব৷ ইয়াৰ সহায়ত অতি কম সময়ৰ ভিতৰত যন্ত্ৰটোৱে শ্ৰীবৰ মষ্টিষ্কত সযতনে সংৰক্ষিত সেই অপুৰুগীয়া আৰ অমূল্য সম্পদবিধ আয়ত্ব কৰি ল’ব৷
ড. নাকাচাৰিয়ে তেওঁক ভঙা ভঙা অসমীয়াত যি পাৰে, যি মন যাই কৈ যাবলৈ ক’লে৷ তেওঁ আৰম্ভ কৰিলে -

"মই সৰু থাকোতে মোৰ বন্ধু-বান্ধৱ, আই-পিতাই, বাই-ভণী, ককাই-ভাই সকলোৰে লগত অসমীয়াতে কথা পাতিছিলোঁ৷ স্কুলৰ মাধ্যম ইংৰাজী হোৱাৰ কাৰণে দুই-এজনৰ বাহিৰে বাকীবোৰৰ লগত ইংৰাজীতে কথোপ-কথন হৈছিল৷ কলেজত সম্পূৰ্ণ ইংৰাজীতে অধ্যয়ন হৈছিল যদিও লগীয়াহঁতৰ লগত হিন্দীত মাজে-সময়ে কথা পাতিছিলোঁ৷ তাৰ পিছত চাকৰি - ইয়াতো সকলো কাম-কাজ ইংৰাজীতে হৈছিল৷ বিয়া কৰালোঁ এজনী অসমীয়া ছোৱালীক, কিন্তু তাই অসমীয়া ক’ব নাজানিছিলে৷ গতিকে মোৰ সন্তান কেইটায়ো অসমীয়া নিশিকিলে৷ এটা সময়ত লক্ষ্য কৰিলোঁ, কেৱল মোৰ সন্তান কেইটাই নহয়, মই যাৰ যাৰ লগত অসমীয়াত কথা পাতোঁ যেনে বাই-ভণীহঁত আৰু স্কুলীয়া দিনৰে বন্ধু-বান্ধবীহঁত কাৰো সন্তান-সন্ততিয়ে অসমীয়া নিশিকিলে৷ ভাষাতো আবদ্ধ হৈ থাকিল - সেই পুৰণি প্ৰজন্মটোতে৷ নতুন প্ৰজন্মটোলৈ ই প্ৰবাহিত নহ’ল৷ মোৰ প্ৰজন্মটোৰ এজনৰ পিছত আনজন ইহ লীলা সম্বৰণ কৰিলে৷ এতিয়া থাকিলো কেৱল মই৷ বুকুখনে কেতিয়াবা হাহকাৰ কৰি উঠে - এতিয়া মোৰ লগত অসমীয়াত কথা পাতিবলৈ দ্বিতীয়জন নাই৷ মই তেনেই অকলশৰীয়া হৈ পৰিলোঁ৷ তেনেতে এদিন তোমাৰ কথা জানিব পাৰিলোঁ, ড. নাকাচাৰি৷ সুদূৰ জাপানত বোলে তুমি অসমীয়া ভাষাৰ চৰ্চা কৰি আছা৷ মই অলপ শান্তি পালো - অন্ততঃ কোনোবা এজন আছে যাক মই এই আপুৰুগীয়া সম্পদ গতাই যাব পাৰোঁ....."

শ্ৰীবই কৈ গ’ল, কেৱল কৈ গ’ল বহুতো কথা - জীৱন-দৰ্শণৰ কথা, ৰাজনীতিৰ কথা, মূলতঃ শ্ৰীবৰ জীৱন অভিজ্ঞতাৰ বিভিন্ন কথা - শেষ নিশ্বাসটিলৈ.... ড. নাকাচাৰিৰ যন্ত্ৰবোৰে সকলো অহৰ্নিশে নথীভূক্ত কৰি গ’ল সকলোবোৰ৷

এসময়ত সেই অন্তিম বন্তি গছা নুমাই গ’ল৷ লগতে নোহোৱা হৈ গ’ল - এটা ভাষা, এটা জাতি --- এইদৰেই এক দীৰ্ঘদিনীয়া গৌৰবময় ইতিহাসৰ সামৰণী পৰিল - চিৰদিনলৈ৷

Monday, July 20, 2015

ভিয়েটনাম আৰু কম্বোডিয়া - যা-যোগাৰ

এইবাৰ গ্ৰীষ্মৰ (লগতে ঈদৰ) বন্ধত ভিয়েটনাম আৰু কম্বোডিয়া ভ্ৰমণ কৰিম বুলি ভাবিলোঁ৷ ২০১৫ চনৰ মাৰ্চ মাহৰ মাজ মানত পৰিকল্পনা কৰিবলৈ আৰম্ভ কৰিলোঁ৷ ইণ্টাৰনেটত মাধ্যমেৰে কেইবাটাও tour operator-ৰ লগত যোগাযোগ কৰিলোঁ৷ ভ্ৰমণৰ কাৰ্যসূচীৰ প্ৰস্তাৱ আৰু খৰচ-পাতিৰ সবিশেষ খুজি পঠিয়ালোঁ৷ উত্তৰবোৰ চালি-জাাৰি "ভিয়েটনাম স্তেই" (Vietnam Stay)-এ আগবঢ়োৱা ১০ দিনীয়া কাৰ্যসূচী মোৰ পচন্দ হ’ল৷ 

মই তেওঁলোকলৈ ভ্ৰমণ নিশ্চিত কৰি (confim) আগ-ধন ই-বেংকিঙৰ যোগেদি পঠিয়ালোঁ৷ ভিয়েটনাম স্তেইৰ "মিষ্টাৰ ফাম" (Mr. Pham) নামৰ এজন ব্যক্তিয়ে ভ্ৰমণসূচীৰ সবিশেষ, প্ৰবেশ-পত্ৰ বা ভিজা (visa) আদিৰ যাবতীয়াল তথ্য মোলৈ পঠিয়ালে৷ তেওঁলোকে পঠিওৱা ভ্ৰমণসূচীৰ লগত মিলাই মই আমাৰ কৰ্মস্থান আৰু বাস কৰা কোৱালালামপুৰৰ পৰা যোৱা আৰু ঘুৰি অহাৰ বিমানৰ টিকট কিনিলোঁ৷

মে’ মাহত ভিয়েটনামৰ ভিজা আবেদন কৰা হ’ল৷ সকলো কাগজ-পত্ৰ থকা কাৰণে দুদিন মানৰ ভিতৰতে সকলোৰে ভিজা পালোঁ৷ কম্বোডিয়াৰ ভিজা আগতীয়াকৈ নকৰিলেও হয়৷ বিমান-বন্দৰত আগমনতে ভিজা পোৱা যায় (visa-on-arrival)৷

লাহে লাহে যাত্ৰা কৰাৰ সময় আহি পালেহি৷ যাত্ৰাৰ এসপ্তাহ মানৰ আগতৰ পৰা শেষ যা-যোগাৰ আৰম্ভ কৰি দিলোঁ -

  • মি. ফামৰ লগত আকৌ এবাৰ ই-মেলেৰে reconfirm কৰিলোঁ৷ কিছুমান কথা সুধিবলৈ ফোনতো কথা পাতিলোঁ৷ তেওঁলৈ আমাৰ ভিজা আৰু অহা-যোৱা বিমানৰ সবিশেষ  তথ্য পঠিয়ালোঁ৷
  • গোটেই পৰিয়ালৰ কাপোৰ-কানি জাপিলোঁ৷ কিছুমান যাবতীয়াল ঔষধ-পাতি যোগাৰ কৰি, বান্ধি ল’লো৷
  • অলপ USD সলনি কৰি ল’লো (exchange)৷
  • বিদেশত ব্যৱহাৰ কৰিবলৈ  Credit Card/ATM কাৰ্ড সক্ৰিয় কৰি ল’লোঁ৷

Sunday, July 19, 2015

দিন-১ (১১-জুলাই/শনিবাৰ): হানৈ

পুৱতি নিশা ২:৩০ বজাত এলাৰ্ম লগাই উঠিলোঁ৷ ৰাতিপুৱাই ৬:৩০ বজাতেই বিমান৷ সময়টো বেয়া, কিন্তু কোৱালালামপুৰৰ পৰা হানৈ মহানগৰলৈ পোণপতীয়াকৈ যোৱা আন বিমান সস্তাত নাপালো কাৰণে এইখনতেই টিকট ল’লো৷

তিনিটা বজাত আগতে বুক কৰি থোৱা টেক্সিখন আহিলে৷ 
চাৰিমান বজাত বিমানবন্দৰ পালোগৈ৷ চেক-ইন কৰি, অভিবাসন দ্বাৰ (Immigration Gate) পাৰ হৈ, বিমান বন্দৰৰ ভিতৰতে সকলোৱে পুৱাৰ ভোজন কৰিলোঁ৷ উৰা-জাহাজ ৬:৩০ মানবজাত এৰিলে৷ প্ৰায় তিনি ঘণ্টাৰ উৰণৰ পিছত স্থানীয় সময় ৮:৩০ মান বজাত হানৈ আন্তঃজাৰ্তিক বিমান বন্দৰৰ অবতৰণ কৰিলোঁ৷

ইমিগ্ৰেচন, কাষ্টম আদি সমাপ্ত কৰি বয়-বস্তু লৈ বিমান বন্দৰৰ বাহিৰ হওঁ মানে ১০ মান বাজিল৷ বাহিৰত ট্ৰেভেল এজেণ্ট মি. ফামে জনোৱাৰ দৰে মোৰ নামফলক লৈ ড্ৰাইভাৰ এজন ৰখি আছিল৷ নিজকে চিনাকি দিয়াত "Welcome to Vietnam" বুলি সম্ভাষন জনাই আমাক মিনি ভান এখনলৈ লৈ গ’ল৷ ভানত সকলো বয়-বস্তু উঠাই দি আমাক সি চহৰলৈ লৈ গ’ল৷ কিন-কিনীয়া বৰষুন দিছিলে৷এনেকৈ বৰষুন দি থাকিলে আমাৰ ভ্ৰমণ পণ্ড হ’ব বুলি শংকা হ’ল৷  ড্ৰাইভাৰজনক এইকেইদিন বৰষুন দি আছে নেকি ইংৰাজীতে সুধিলোঁ৷ মোৰ ফালে মিচিকিয়াই হাঁহি "Sorry sir, no speak English" বুলি বিনম্ৰ উত্তৰ আহিল৷ আৰু কিবা-কিবি ক’লে৷ মুঠতে বুজিলোঁ, তাৰ নাম চমুকৈ "ডন", বাকি তাৰ মালিকৰ লগত কথা পাতি ল’ব লাগিব৷ হানৈ মহানগৰীৰৰ ভিৰ ৰাষ্টাত এঘণ্টামান মিনি-ভানখন গৈ থাকিল৷ দিল্লী, মুম্বাইৰ দৰেই গাড়ী-বাছ-বাইকৰ ভিৰ৷ অৱশেষত সি এঠাইত মিনিভানখন ৰখালে৷ মিনিভানৰ দৰ্জা খুলি এজন ৩০-৩৫ বছৰীয়া মান মানুহে আমাক "Hello Mr. Bikram. Welcome" বুলি আদৰণি জনালে৷ নিজকে মি. ফাম বুলি চিনাকি দিলে৷ ই-মেইল আৰু ফোনত ইমান দিনে যোগা-যোগ কৰি থকা ট্ৰেভেল এজেণ্ট মি. ফাম এইজনেই৷



আমাক মি. ফামে তেওঁৰ কাৰ্যালয়লৈ লৈ গ’ল৷ কিছুমান কাগজ-পত্ৰ চহী কৰিবলৈ দিলে৷ মই বাকী দিবলগীয়া পইছাখিনি দিলোঁ৷ তেওঁ ক’লে "ডন" বুলি ড্ৰাইভাৰজন আৰু এই মিনিভানখনেই অহা তিনিদিন আমাক ফুৰাব৷ আমাক দুপেকেট ভিয়েটনামী কফি আৰু ল’ৰাহঁতক স্থানীয়ভাৱে নিৰ্মিত পুতলা দুটামান উপহাৰ দি বিদায় দিলে৷

ডনে আমাক আকৌ ১০ মিনিটমান গাড়ী চলাই হোটেললৈ  গ’ল৷ হোটেলৰ ল’বিত আমাক এৰি দি সি ভঙা ভঙা ইংৰাজীত ক’লে (নে বুজালে)- "See you tomorrow 8:30 AM here"৷

হোটেলত চেক-ইন কৰি নিজ কোঠাত বয়-বস্তু থৈ, তলৰ ৰেষ্টোৰাখনত খাবলৈ আহিলোঁ৷ খাই মেলি হোটেলৰ কোঠাত সকলো শুলোঁ৷ ৰাতি টোপনি ভাল হোৱা নাছিল৷ গতিকে সকলোৱে নাক বজাই ভালকৈ শুলোঁ৷

সন্ধ্যা হোটেলৰ ওচৰতে ফুৰিবলৈ ওলাই আহিলোঁ৷ হোটেলৰ ল’বিৰ পৰা সংগ্ৰহ কৰা মেপখন চাই চাই ওচৰ-পাজৰৰ বজাৰবোৰ ফুৰিলোঁ৷ বহুতো সৰু সৰু দোকান৷ শাৰী, শাৰীকৈ কাপোৰৰ দোকান, জোতাৰ দোকান, চামৰাৰ বস্তু আদিৰ দোকান৷ মানুহবোৰ খুব দাম-দৰ কৰি বস্তু কিনিছে৷ ইউৰোপ, অষ্ট্ৰেলিয়াৰ বহুতো ভ্ৰমণকাৰী দেখিবলৈ পালো৷ মেপত এটা হ্ৰদ দেখিলোঁ৷ হ্ৰদটো বিচাৰি বিচাৰি উলিয়ালোঁ৷

হ্ৰদৰ মাজৰ এটা সুন্দৰ চীনা আৰ্হিৰ মন্দিৰ৷ হ্ৰদটোৰ নাম "হোৱান কিয়েম" (Hoàn Kiếm)৷ প্ৰবাদ মতে পোন্ধৰ শতিকাত ভিয়েটনামৰ সম্ৰাট "লে লৈ" ( Lê Lợi) য়ে নৌকা বিহাৰত যাওঁতে এই হ্ৰদটোৰ পাৰত এটা প্ৰকাণ্ড কাছ দেখা পালে৷ তেওঁ তৰোৱালখনেৰে কাছটো খেদি গ’ল৷ কিন্তু কাছটোৱে তেওঁৰ হাতৰ পৰা মৰমৰ আৰু মূলাবান তৰোৱালখন কাঢ়ি হ্ৰদটোৰ তলি পালেগৈ৷ সম্ৰাটে গোটেই হ্ৰদৰ পানী সিচাই পেলালে, কিন্তু কাছটো আৰু তৰোৱালখন বিচাৰি নাপালে৷ তেতিয়া সম্ৰাটে বুজি পালে যে তৰোৱালখন কাছৰ ভগৱান "কিম কুই" ( Kim Qui)-এ ঘুৰাই নিলে৷ সেয়ে তেওঁ হ্ৰদৰ মাজত এই কাছৰ মন্দিৰ নিৰ্মাণ কৰালে৷

ঘুৰি আহোতে এখন সৰু দোকানত মোবাইল চিম-কাৰ্ডৰ বিজ্ঞাপন দেখিলোঁ৷ এখন কিনিলোঁ৷ কোনো চিনাক্তকৰণ নথিপত্ৰ (ID)  নুখুজিলে, পইছা দিলোঁ আৰু চিমখন ল’লো৷ ফোনটোত ভৰাই লোৱাৰ ল’গে ল’গে স্থানীয় আৰু আন্তঃৰাষ্ট্ৰীয় কথোপকথনৰ লগতে ইণ্টাৰনেটো (3G) কৰিব পাৰিলো৷

তাৰ পিছত বজাৰৰে এখন ৰেষ্টোৰাণ্টত ৰাতিৰ আহাৰ খাই, নিজৰ হোটেললৈ ঘুৰি আহি শুই থাকিলোহি৷ কালি আচল ভ্ৰমণসূচী আৰম্ভ হ’ব, দিনটো বৰ ব্যস্তপূৰ্ণ হ’ব৷ 

Saturday, July 18, 2015

দিন-২ (১২-জুলাই/দেওবাৰ): হানৈ

হৌ ছি মিনৰ সমাধিৰ সন্মূখত৷
ইয়াত তেওঁৰ মৃতদেহ সংৰক্ষিত হৈ আছে৷
আমাৰ পিছফালে চাবলৈ অহা মানুহৰ শাৰী দেখিছেনে?
ৰাতিপুৱাই ৰ’দটো চোকাকৈ ওলাইছে৷ দিনটো গৰম হ’ব৷ হোটেলত পুৱাৰ জলপান খাই ৮ঃ৩০ বজাত সপৰিয়ালে হোটেলৰ ল’বি পালোহি৷ ড্ৰাইভাৰ "ডন" আৰু এজন ২৫-২৬ বৰৰীয়ামান ব্যক্তি আমাৰ বাবে ৰৈ আছিল৷ তেওঁ সুন্দৰ ইংৰাজীত নিজকে "টনি" (আচল নাম বেলেগ) বুলি চিনাকী দি ক’লে যে আজি তেওঁ আমাৰ tour guide. আমি সকলো মিনি ভানখনত উঠিলোঁ৷ "টনি"য়ে ক’লে আজি আমি হানৌ মহানগৰৰ city tour কৰিম৷

প্ৰথমে আমি "হৌ চি মিন স্মৰণিকা" (Ho Chi Minh Mausoleum) লৈ ৰাওনা হ’লো৷ হোটেলৰ পৰা আধা ঘণ্টামান সময় লাগিল গৈ পাওতে৷ ভিয়েটনামৰ বিপ্লৱী নেতা "হৌ চি মিন"ৰ স্মৃতিত নিৰ্মিত এই প্ৰকাণ্ড চৌহদ কেইবাটাও ভিন ভিন অট্টালিকা, বাগিছা আদিৰে সমৃদ্ধ৷ তেওঁ থকা ঘৰৰ আৰ্হি, তেওঁ ব্যৱহাৰ কৰা সাজ-পোচাক, তেওঁ চলোৱা গাড়ী আদিৰে গোটেই চৌহদটো নেতাজনৰ নামত উৎসৰ্গিত৷

ইয়াৰ মূল সমাধিস্থলত হৌ চি মিনৰ মৃতদেহ সংৰক্ষিত হৈ আছে৷ দৈনিক দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ মানুহ আহি তেওঁৰ সমাধিত শ্ৰদ্ধা জনাই৷ আজিও বহু মানুহ, প্ৰায় দুই কিলোমিটাৰমান দীঘল লাইন৷ ভিতৰত সোমাবলৈ হ’লে আমি এই লাইনত আধা দিনমান ৰ’ব লাগিব, গতিকে বাহিৰৰ পৰাই চাও বুলি ঠিৰাং কৰিলোঁ৷ হৌ চি মিনৰ প্ৰতি জন-সাধাৰণৰ এই অগাধ ভক্তি দেখি আপ্লুত হ’লো৷ আজি-কালি ভাৰতৰ মহাত্মা গান্ধীৰ সমাধি বা স্মৰণিকাসমূহত মানুহৰ এনে ভিৰ দেখা পোৱা যায়নে?

এখুটিয়া পেগোডা (One Pillar Pagoda)

প্ৰায় এহাজাৰ বছৰপূৰ্বে নিৰ্মাণ কৰা এই পুৰণি বৌদ্ধ মন্দিৰটো হৌ চি মিন স্মৰণিকাৰ ওচৰতে৷  ই পদুম ফুলেৰে ভৰা এটা পুখুৰীৰ মাজত এটা খুটিত থিয় হোৱা অতি সুন্ধৰ বৌদ্ধ-মন্দিৰ৷

ইয়াৰ পৰা ওলাই আহি সকলো মিনি ভানত উঠি কিছু দূৰ গ’লো - আন এটা প্ৰসিদ্ধ বৌন্ধ মন্দিৰ দৰ্শণ কৰিবলৈ৷ 


ট্ৰান কৌক পেগোডা (Tran Quoc Pagoda)


আধা ঘণ্টামানৰ যাত্ৰাৰ অন্তত আমি হানৈ মহানগৰৰ সবাটোকৈ পুৰণি বৌদ্ধ-মন্দিৰ৷ ইয়াৰ কাষত থকা হ্ৰদটোও চহৰৰ সৰ্ব বৃহৎ৷ অতি মনোগ্ৰাহী দৃশ্য৷

সম্ৰাট "লাই নাম দে" (Lý Nam Đế)-এ পঞ্চম শতিকাত নিৰ্মাণ কৰা এই মন্দিৰৰ বয়স ১৪৫০ বছৰমান হৈছে৷ এই চৌহদত এজোপা প্ৰকাণ্ড বৰগছ (Banyan Tree) আছে৷ ১৯৫৯ চনত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড. ৰাজেন্দ্ৰ প্ৰসাদে ইয়ালৈ ভ্ৰমণ কৰিবলৈ আহোতে উপহাৰ হিচাপে দিয়া গৌতম বুদ্ধই বোধিলাভ কৰা আচল বৰগছ জোপাৰ ডালৰ পৰা এইজোপা গছ হৈছে৷ আমাৰ টু’ৰ গাইড 'টনি'য়ে কথাখিনি বহলাই কওঁতে কিবা এটা বৰ ভাল লাগি গ’ল৷ গছ জোপাৰ তলতে এখন্তেক বহিলোঁ৷

আকৌ সকলো মিনি ভানত উঠি কিছু দূৰ গ’লো৷ ভিয়েটনামৰ অধিকাংশ লোক বৌদ্ধ৷ কিন্তু ধৰ্ম কৰ্মতকৈ মানুহবোৰক দেশৰ নেতাসকলৰ সমাধি, শ্বহীদ বেদী, যুদ্ধৰ সংগ্ৰাহলয় আদিতহে বেছিকৈ দেখিলো৷  সেইবোৰত তেওঁলোকে অসীম সন্মান আৰু সম্পূৰ্ণ   নিস্থাৰে যেন "পূজা" কৰে৷

সাহিত্য মন্দিৰ (Temple of Literature)

স্থানীয় ভাষাত  "ভান মিয়েউ - কৌক টু গিয়াম" (Văn Miếu - Quốc Tử Giám) আৰু ইংৰাজীত "Temple of Literature"  জনাজাত এইখন এটা কন্‌ফুচিয়ান মন্দিৰ তথা প্ৰাচীন বিশ্ব-বিদ্যালয়৷   ১০২০ চনত "লেই ন্থান টং" (Lý Nhân Tông)-ৰ সময়ত নিৰ্মাণ কৰা হৈছিল৷ ইয়াত বিভিন্ন বিষয়ত প্ৰাচীন কালৰ পৰা শিক্ষা আৰু গৱেষণা চলিছিল৷ প্ৰতি ৪-৫ বছৰৰ মুৰে মুৰে কঠোৰ পৰিশ্ৰম কৰি কঠিন পৰীক্ষাসমূহত উত্তীৰ্ণ হোৱা চাত্ৰসকলক সন্মান জনোৱা হয় আৰু তেওঁলোকৰ নাম এখন শিলৰ ফলিত খোদিত কৰি থয়৷ প্ৰতিখন ফলি একোটা একোটা প্ৰকাণ্ড শিলৰ কাছই পিঠিত থিয়কৈ কঢ়িয়াই আছে৷

এই ফলিবোৰত চীনা চিত্ৰ-লিপি (logogram) দেখি 'টনি'ক সুধিলোঁ - "প্ৰাচীনকালত ভিয়েটনামত চীনা ভাষা চলিছিল নেকি?" তেওঁ উত্তৰ দিলে যে এনে নহয়৷ প্ৰাচীন কালত ভীয়েটনামত "প্ৰাচীন ভিয়েনামী ভাষা"ই চলিছিলি, কিন্তু "চীনা লিপি" ব্যৱহাৰ হৈছিল৷ ইয়াৰ ব্যৱহাৰ ১৫০০ শতিকাত ফৰাছীসকল আহি ৰোমান আখৰৰ প্ৰচলন কৰাৰ আগলৈকে আছিল৷ আজি-কালিও মঠ-মন্দিৰবোৰত এই লিপিয়েই প্ৰচলিত৷ অৱশ্যে চৰকাৰী কাম-কাজ, স্কুল-কলেজ, ব্যৱসায়-বানিজ্য আদি সকলোতে ৰোমান আখৰ ব্যৱহাৰ হয়৷ তেওঁলোকৰ সঠিক উচ্চাৰণ প্ৰকাশ কৰিবলৈ ৰোমান আখৰৰ স্বৰবৰ্ণসমূহত (vowel) কিছুমান উৰ্ধক’মা, ৰেফ আদিৰ দৰে চিহ্ণ ব্যৱহাৰ কৰে৷

সাহিত্য মন্দিৰৰ এটা কোঠাত কেইগৰাকীমান শিল্পীয়ে স্থানীয় বাদ্য যন্ত্ৰৰ বাদন পৰিবেশন কৰি আছিলে৷ কিছুসময় বহি উপভোগ কৰিলোঁ৷ মূলতঃ বাঁহেৰে তৈয়াৰ কৰা বাদ্য যন্ত্ৰবোৰ দেখি বৰ আমোদ পালো৷


এইদৰে দুপৰীয়া ২ মান বাজিল৷ ভোকো লাগিলে, ভাগৰো লাগিলে৷ দিনটো বৰ গৰম আছিল, অনুমানিক ৩৫-৩৬ ডিগ্ৰী চেণ্টিগ্ৰেড হ’ব৷ টনিয়ে আমাক ভিয়েটনামৰ স্থানীয় খাদ্য খাবলৈ প্ৰস্তাব ৰাখিলে৷ মই একে উশাহে হয়ভৰ দিলোঁ৷ মোৰ পৰিবাৰ মামুন আৰু ল’ৰাহতে নাক কোছালে৷ মই সকলোকে টনিয়ে প্ৰস্তাব কৰা ভিয়েটনামী ৰেষ্টোৰাখনলৈ যাবলৈ মনালোঁ৷ তাত আন খাদ্যও পোৱা যায়, গতিকে অসুবিধা হ’ব নালাগে৷ তাত মই আৰু টনিয়ে বুন চা (Bun Cha) খালো৷ বাঁহৰ চালনি এখনত পৰিবেশন কৰা চাউলৰ চাউচাউ (Rice Noodle), অলপ চুৰুহা আৰু এবিধ স্থানীয় শাক আৰু পুৰা গাহৰি মাংস৷ কি সোৱাদ!! 
Photo Source

লা-কাৰখানা (Lacquer Workshop)

ভোজন শেষ হোৱাৰ পিছত আমাক এটা কাৰখানালৈ লৈ গ’ল৷ "লা" বা lacquer-ৰ কাৰখানা৷ ইয়াত ধাতু, কাঠ বা চীনা-মাটিৰ বিভিন্ন বস্তু বনাই, তাৰ পিঠিত "লা"ৰ অতি মসৃণ প্ৰলেপ লগাই বিভিন্ন ধৰণৰ চিত্ৰাঙ্কণ কৰা দেখা গ’ল৷ চিত্ৰসমূহ অতি মনোগ্ৰাহী আছিল - কিছুমান ভাৱাত্মক (abstract), কিছুমান প্ৰকৃতি, মানুহ আদি বিষয়-বস্তু লৈ অঁকা৷ মসৃণ হ’বৰ বাবে কাৰিকৰসকলে স্বচ্ছ লাৰ ৫-১০টা প্ৰলেপ দিয়ে আৰু প্ৰতি প্ৰলেপ দিয়াৰ পাছত হাতেৰে ঘহি ঘনি সমান কৰে৷  ইয়াত কণীৰ চোকোৰাৰ ব্যৱহাৰো প্ৰচুৰ দেখিবলৈ পালো৷  বস্তুবোৰ দেখিবলৈ যেনেকৈ চকুত ল’গা, দামবোৰো তেনেকৈ আকাশচুম্বী আছিল৷  
ইয়াৰ পিছত গ’লো সেনা সংগ্ৰাহলয়লৈ৷

সেনা সংগ্ৰাহালয় (Army Museum)

এই দুই-তিনি মহলা ঘৰটোত ১৯৭০ দশকৰ ভিয়েটনাম যুদ্ধত ব্যৱহৃৎ বিভিন্নধৰণৰ অস্ত্ৰ, সামৰিক সাজ-পোছাক আদি সজাই থোৱা আছে৷ ১৯১০ দশকৰ ইন্দোচীনা যুদ্ধৰ বস্তুও দুই-এপদ আছে৷ বাহিৰৰ চোতালত কেইখনমন টেঙ্ক, যুঁজাৰু বিমান আদিও সজাই থৈছে৷


সংগ্ৰাহালয়ৰ প্ৰেক্ষাগৃহত এটা ভিডিঅ’ চলাই থোৱা দেখা পালো৷ ১৯৭০ দশকৰ ভিয়েটনাম যুদ্ধৰ কাহিনীবোৰ দেখুৱাই আছে৷ দৰ্শকসকলৰ মাজত ১৫-২০ গৰাকীমান সেনা-পোছাক পিন্ধা ৫০-৬০ বছৰীয়া পুৰুষ-মহিলা দেখিবলৈ পালো৷ থৰ লাগি ভিডিঅ’ চাই আছে৷ দুই-এজনে চকুলো টোকাও দেখিলোঁ৷ টনিয়ে মোক কাণে-কাণে ক’লে এওঁলোক সেই যুদ্ধত ভাগ লোৱা প্ৰাক্তন সৈনিক৷ নিজৰ জীৱন-যৌৱন ত্যাগ কৰি যি যুদ্ধত ভাগ লৈছিল, তাৰ স্মৃতি ৰোমন্থন কৰি তেওঁলোকক ভিডিঅ’ চাই থকা দেখি মোৰো অন্তৰ কঁপি উঠিল৷

চাইক্ল’ (Cyclo)

এইবাৰ আমাক টনিয়ে লৈ গ’ল, হানৈ চহৰৰ এটা ব্যস্ত অঞ্চললৈ৷ তাৰ এঠাইত ভানৰ পৰা নামি আমি উঠিলোঁ তিনিচকীয়া ৰিক্সাত৷ চাইক্ল’ বুলি জনা-জাত এই ৰিক্সাবোৰত চালকজন পিছফালে ব’হে৷ ব্যস্ত বজাৰবোৰৰ চাই চাই ল’ৰাহঁতে বৰ আমোদ পালে৷ আধা ঘণ্টামান গলি-গলিয়ে যাত্ৰা কৰাৰ পিছত আমি আহি পালোঁ এটা "পুতলা-নাচ"ৰ ঘৰলৈ৷ 

পানী-পুতলা নাচ (Water Puppet Show)

উত্তৰ ভিয়েটনামত প্ৰচলিত "পানী-পুতলা নাচ" বিশ্বৰ ভিতৰতে একমাত্ৰ এনে পৰম্পৰা৷ ধান খেতি পট-ভূমিত বিকশিত এই গাৱলীয়া পৰম্পৰা "Lotus Water Puppet Theater" বুলি এটা কোম্পানীয়ে হানৈ মহানগৰৰ মাজ-মজিয়ালৈ লৈ আহিছে৷ পানীৰ তলত লুকাই থকা লাঠিৰ সহায়ত নিয়ন্ত্ৰণ কৰা পুতলাবোৰৰ নাচ, যুদ্ধ আদিৰে ভৰ-পোৰ প্ৰদৰ্শনী চাই বৰ ভাল লাগিল৷

এটা অতি ব্যস্ত দিনৰ অন্তত, প্ৰায় সন্ধ্যা প্ৰায়  ৭টা বজাত আমাক হোটেলত এৰি দি টনি আৰু ডনে বিদায় ল’লে৷ 
হাত-মুখ ধুই হোটেলৰ ওচৰৰে এখন ৰেষ্টোৰাত ৰাতিৰ আহাৰ খাই শুই থাকিলো - পৰবৰ্তি দিনৰ ভ্ৰমণসূচীলৈ বাট চাই৷ 

Friday, July 17, 2015

দিন-৩ (১৩-জুলাই/সোমবাৰ): হা-লং উপসাগৰ


ৰাতিপুৱা আহাৰ খাই, হোটেল চেক আউট কৰিলোঁ৷ ড্ৰাইভাৰ ডন হোটেলৰ ল’বিতে আমাৰ বাবে ৰৈ আছিল৷ মিনি ভানখনত উঠি হানৈৰ পৰা "হা-লং উপসাগৰ’" (Ha Long Bay) অঞ্চললৈ ৰাওনা হ’লো৷ ৩ ঘণ্টামানৰ বাট৷ সুন্দৰ আহল-বহল ৰাজপথ৷ মাজবাটত এটা কাৰখানাত অলপ সময় কটালোঁ৷ এম্ব্ৰ’ডাৰি (embroidery) কৰা এই কাৰখানাত বিভিন্ন ধৰণৰ ডিজাইনৰ এম্ব্ৰডাৰি কৰে৷ এম্ব্ৰ’ডাৰিবোৰ ইমানেই নিখুঁত আছিল একবাৰে ফটো তোলাৰ দৰে দেখি৷ এজন কৰ্মীয়ে এজন ব্যক্তিৰ চেহেৰাৰ ফটো এখন চাই চাই এম্ব্ৰ’ডাৰিত তুলি থকা দেখিলোঁ৷ প্ৰশ্ন কৰোতে ক’লে এওঁ এজন জাপানী পৰ্যটক৷ তেওঁ নিজৰ ফটো দি থৈ গৈছে, এম্ব্ৰ’ডাৰি কৰি পঠিয়াই দিবলৈ৷ ইচ্ছা কৰিলে উচিত মূল্যত ময়ো এন কৰোৱাই ল’ব পাৰো - এমাহমান সময় লাগিব৷  কাৰিকৰ সকলৰ দক্ষতা দেখি আচৰিত হ’লো৷ একেইটা চৌহদতে এটা শিলৰ মূৰ্তি বনোৱা কাৰখানাও আছে৷ তাতে দুখনমান ফটো লৈ আকৌ ৰাওনা হ’লো৷


অৱশেষত জাহাজঘাট (harbor) পালোহি, প্ৰায় দুপৰীয়া ১২ বাজিছিল৷ সৰু মটৰ-চালিত নাও এখনে আমাক V'Spirit নামৰ ডাঙৰ জাহাজখনলৈ লৈ গ’ল৷ ইয়াত আমাৰ বাবে কোঠা আৰক্ষণ কৰি থোৱা আছিল৷ আমাৰ বস্তু-বাহিনীবোৰো লগতে অনা হ’ল৷ গোটেই অঞ্চলটোত পানীৰ মাজত অসংখ্য থিয় থিয় টিলা ! প্ৰতিটোৰে আকৃতি ভিন ভিন৷ অসীমলৈকে এশাৰী টিলাৰ পিছত আনশাৰী টিলা৷ তাৰ মাজে মাজে বহুতো সৰু-ডাঙৰ জাহাজ৷ কিছুমান পাল তৰা, আন কিছুমান মটৰ-চালিত৷ কিছুমান একেথৰে ৰৈ আছে, আন কিছুমান গতিমান৷ মাজে মাজে দুই-এটা সাগৰীয় চৰাই৷ এটা মায়াময়ী বাতাবৰণ৷ পিছত ইণ্টাৰনেটত গৱেষণা কৰি বুজি পালো এই শিলাৰ টিলাবোৰ চূণশিলৰ কাৰ্চট্‌চ (limestone karsts) নামৰ এক প্ৰাকৃতিক গঠন৷

আজি ১০ বছৰমানে আগতে হেনু ইয়াত দুখনমান স্থানীয় মাছমৰীয়াৰ সৰু তুলুঙা নাৱৰ বাহিৰে একো নাছিলে৷ পৰ্যটনৰ বৰ্তমান ইমানেই উৎকৰ্ষ সাধন ঘটিছে যে ইয়াত এতিয়া প্ৰায় ৬০০ মান জাহাজ দৈনিক ঘুৰি-ফুৰে৷
আমি ৰাতিটো থকা জাহাজখন
জাহাজৰ বাৰাণ্ডাৰ পৰা



জাহাজত আহি পাই, নিজ নিজ কোঠালীত থিতাপি লওঁ মানে আমাক দিনৰ ভোজনৰ বাবে মতা হ’ল৷ জাহাজৰ দ্বিতীয় মহলাত খোৱা-কোঠা৷

ইয়াৰ পিছত আমাক এটা গুহা চাবলৈ লৈ গ’ল৷ মূল জাহাজখনৰ পৰা সৰু মটৰ-চালিত নাৱৰ উঠাই আমি লৈ গ’ল৷ ১৫মিনিটমানৰ পিছত এটা দ্বীপ কাষত নামিলোঁ৷ সেই দ্বীপৰ সোঁমাজত এই প্ৰসিদ্ধ গুহা৷ তিনিটা প্ৰকাণ্ড গুহ্বৰৰ সমষ্টি এই গুহাটো চূণশিল অম্লজ পানীত ক্ষয় গৈ সৃষ্টি হোৱা৷ গুৱাৰ ভিতৰখন প্ৰাকৃতিকভাৱে অতি ঠাণ্ডা৷ 

তাৰ পিছত আন দ্বীপৰ পাৰত সাতুৰিলোঁ৷ সাতুঁৰ শেষ হোৱাৰ পিছত আমাৰ মূল জাহাজ V'Spirit লৈ ঘুৰি আহিলোঁ৷ তাৰ নিজ কোঠাত গা-পা ধুই, সতেজ হৈ একেবাৰে ওপৰৰ চান ডেকলৈ (Sun Deck) আহিলোঁ৷ সূৰ্যাস্তৰ সময় হৈছে৷ বেলিটোৱে ডাৱৰৰ মাজে মজে ক্ৰমে তললৈ নামি আহিছে৷ গোটেই আকাশখন সোমথিৰা বৰণীয়া হৈ আহিছে৷ সগৰৰ পানীত প্ৰতিবিম্ব পেলাই বেলিটোৱে এইবাৰ টিলাবোৰৰ মাজে মাজে লুকা-ভাকু খেলিলে৷ সূৰ্যাস্ত চাই চাই, কিছু পানীয় পান কৰি অন্য এখন পৃথিৱীলৈ গমণ কৰিলোঁ৷ 

জাহাজখনত ১৮টা কোঠালী৷ তাত মুঠ ৩০জনমান যাত্ৰী আৰু প্ৰায় ৭-৮জন মান কৰ্মী আছিলে৷ সহযাত্ৰীসকলৰ লগত চিনাকী হ’লো৷ সৰহবোৰ অষ্ট্ৰেলীয়াৰ পৰা অহা৷ মধু চন্দ্ৰিকা উপভোগ কৰিবলৈ অহা নৱ-বিবাহত দম্পতীৰ আৰম্ভ কৰি, অৱসৰ প্ৰাপ্ত দম্পতীৰ লৈকে বিভিন্ন বয়সীয়া পৰ্যটক৷

ৰাতিৰ আহাৰ ৭ঃ৩০টা মানতে দিলে৷ খাই উঠি ল’ৰাহঁতক বিচনাত শুৱাই, মই আৰু মামুন আকৌ চান ডেকত নিশাৰ সেই চালে চাই থাকিবলৈ মন যোৱা দৃশ্যবোৰ উপভোগ কৰিবলৈ গ’লো৷ গা শাত পৰি যোৱা এক মৃদু বহাত৷ ঘোপ মৰা আন্ধকাৰৰ মাজে মাজে তিৰবিৰাই আছিল বিলাশী-জাহাজবোৰৰ চাকি আৰু তাৰ লগত ঢোৰ লহৰে লহৰে নাছি আছিল পানীত পৰা প্ৰতিবিম্ববোৰ৷ পটভূমিত সেই মায়াবী টিলাবোৰৰ বৰ্ণছায়া৷

Sun Deck-ৰ পৰা ৰাতিৰ দৃশ্য



Thursday, July 16, 2015

দিন-৪ (১৪-জুলাই/মঙলবাৰ): হা-লং উপসাগৰ

ৰাতিপুৱা ৬:০০ বজাতেই ব্যায়ামৰ কাৰ্যসূচী আছিল৷ পূব এচিয়াত প্ৰসিদ্ধ "টাই চি" (Tai Chi) নামৰ ব্যায়াম শৈলী অনুশীলন কৰাৰ কথা আছিল - আমাৰ জাহাজৰ ওপৰৰ চান ডেকত৷ কিন্তু আমি নগ’লো - ভাগৰ লাগিছিল শুই থাকিলোঁ৷

৭:০০ বজাত ৰাতিপুৱাৰ জলপানৰ বাবে আমাক মাতি দিলে৷ জলপান খাই আঠমান বজাত মই আৰু বৰ পুত্ৰ প্ৰিতু কায়াকিং (kayaking) কৰিবলৈ ওলালো৷ আমাক আকৌ সৰু মটৰ চালিত নাৱত মূল জাহাজৰ পৰা কিছু দূৰৈৰ দ্বীপ এটালৈ লৈ গ’ল৷ দ্বীপটোত ঘাট (jetty) এটা আছে৷ আমাক তাতে নমাই দিলে৷ তাত আমি কায়াক ভাড়াত ল’লো৷ এজন বা দুজন বহিব পৰা সৰু সৰু কায়াক নাৱত উঠি আমি আন সহযাত্ৰীসকলৰ লগত ফুৰিবলৈ গ’লো৷ দ্বীপটোৰ আকৃতি শূন্য "০" আখৰটোৰ দৰে - মানে মাজডোখৰ এটা হ্ৰদৰ দৰে৷ ভিতৰৰ অংশলৈ যাবলৈ এটা সুৰংগ কাটি থৈছে৷ আমি সেইফালেদি কায়াকিং কৰি ফুৰিবলৈ গ’লো৷ পানীৰ মাজৰ পৰা ওলাই অহা শিলৰ ওখ ওখ টিলাবোৰ চাই, সেইবোৰৰ নিচেই কাষলৈ গৈ এক অদ্ভূত আনন্দ অনুভৱ কৰিলোঁ৷ বঠা বাই বাই প্ৰিতু আৰু মই দুয়ো একেবাৰে ভাগৰি পৰিলোঁ৷


কায়াকিং শেষ কৰি মূল জাহাজত গা-পা ধুই ঘুৰি যাবলৈ সাজু হ’লো৷ সেই সময়ত জাহাজখন জাহাজঘাটৰ পৰা প্ৰায় ১৫ কি মি দূৰত আছিল৷ ১০মান বজাত জাহাজখনে হা-লং উপসাগৰৰ টিলাবোৰৰ মাজে মাজে নৌকা-বিহাৰ কৰোৱাই মূল জাহাজ-ঘাটৰ ফালে গতি কৰিলে৷ ১১বজাত দুপৰীয়াৰ আহাৰ পৰিবেশন কৰিলে৷ ইতিমধ্যে আমি ঘাট পালোহি৷ ১২:৩০ মান বজাত সৰু মটৰ-চালিত নাওখনেৰে আমাক বয়-বস্তুৰে সৈতে ঘাটত এৰি দিলে৷ তাত আমাৰ চিনাকী ড্ৰাইভাৰ "ডন" ইতিমধ্যে আহি ৰখি আছিল৷ মিচিককৈ হাঁহি এটা মাৰি আমাৰ বয়-বস্তুবোৰ মিনিভানখনলৈ গ’ল৷  

ভানত উঠি হানৈ চহৰলৈ ওভতিলোঁ৷ পোনে পোনে আমাক বিমান-বন্দৰলৈ লৈ গ’ল৷ ড্ৰাইভাৰ ডনক বকচিচ এটা দি বিমান-বন্দৰত বিদায় দিলোঁ৷ গধুলি ৫ বজাৰ ভিয়েটনাম এয়াৰ-লাইঞ্চৰ "হৌ চি মিন" (Ho Chi Minh City) মহানগৰলৈ যোৱা বিমানখন ধৰিলোঁহি৷  

সাত বজাত হৌ-চি-মিনত বিমানখনে অৱতৰণ কৰিলে৷ আমাৰ বাবে বাহিৰত ৰৈ আছিল আন এজন ড্ৰাইভাৰ৷ একেইটা ট্ৰেবেল এজেঞ্চিৰ৷ তেওঁ আমাক একেধৰণৰ ভানগাড়ী এখনত উঠাই হোটেললৈ লৈ গ’ল৷ ৰাতি আঠমান বজাত হোটেল পালোহি৷ ভাগৰ লাগিছিলে৷ হোটেলতে কিবা এটা খাই শুই থাকিলো৷ কালিলৈ আকৌ এটা অতি ব্যস্ত দিন যাব৷




Wednesday, July 15, 2015

দিন-৫ (১৫-জুলাই/বুধবাৰ): হৌ চি মিন চিটি

ৰাতিপুৱা ৮:৩০ বজাত হৌ চি মিনৰ হোটেলৰ ল’বিত কালি আমাক বিমান বন্দৰৰ পৰা অনা ড্ৰাইভাৰজন ৰৈ আছিল৷ তেওঁৰ লগত আন এজন ব্যক্তি৷ নিজকে 'মিষ্টাৰ টাইগাৰ' বুলি চিনাকি দিলে৷ খীন কায়ৰ মানুহজনৰ বয়স হয়তো ৪০-৪৫ৰ ভিতৰত হ’ব৷ তেওঁ আমাৰ অহা তিনিদিনৰ বাবে "টুৰ গাইড"৷ আচল নামটো সুধিছিলোঁ যদিও টুকি থবলৈ নহ’লে, পিছতো মনত পেলাব নোৱাৰিলো৷ পয্যাটকসকলে মাতিবলৈ সুবিধাৰ বাবে নিজকে 'টাইগাৰ' বুলি নিজৰ উপনামটোৱেদি চিনাকি দিয়ে৷ চীনা জ্যোতিষৰ মতে বাঘৰ বছৰটোত তেওঁৰ জন্ম হৈছিল বাবে এই নাম৷

ভ্ৰমণসূচী অনুযায়ী আমি পোন প্ৰথমে কু চি সুৰংগসসমূহলৈ (Cu Chi Tunnel Systems) গ’লো৷ চহৰৰ পৰা ৭০ কিমি উত্তৰ-পশ্চিম দিশে৷ গাড়ীত প্ৰায় ১:৩০ ঘণ্টামান সময় লাগিব৷ টাইগাৰে আমাক বাটে বাটে ভিয়েটনামৰ বুৰঞ্জী কৈ গ’ল৷ বহুতো কথা ক’লে৷ মানুহজনে ভালকৈ ভিয়েটনামৰ বুৰঞ্জী জানে৷ তেওঁ কোৱা কথাখিনি থল-মূলকৈ এনে -- 

১৮৬২ চনৰ পৰা ফৰাচীসকলে এখোজ-দুখোজকৈ সমগ্ৰ ভিয়েটনাম দখল কৰি আহে৷ তেওঁলোকে স্থানীয় ৰাজনৈতিক, সামাজিক আৰু ধৰ্মীয় কাম-কাজত হস্তক্ষেপ কৰিবলৈ লয়৷ এইবোৰ সহিব নোৱাৰি ফৰাচী শাসকসকলৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰাম আৰম্ভ হয়৷ ১৯৪৬ চনত মাৰ্ক্সিষ্ট-লেনিনিষ্ট চিন্তাধাৰাৰ নেতা হৌ চি মিনৰ নেতৃত্বত উত্তৰৰ হানৈ চহৰত কেন্দ্ৰ কৰি তেওঁলোকে স্বাধীনতা ঘোষণা কৰিলে৷ ফৰাচীসকলে দক্ষিণ ভিয়েটনামৰ চাইগন (Saigon, বৰ্তমান "হৌ চি মিন চিটি") চহৰক কেন্দ্ৰ কৰি "ঙ’ ডিন হু" (Ngô Đình Nhu) নামে এজনক ৰাষ্ট্ৰপতি পাতি পুতলা ৰাজ্য পাতিলে৷ আনহাতে তেওঁলোকে উত্তৰ ভিয়েটনাম আকৌ অধীনলৈ আনিবলৈ চেষ্টা কৰিলে৷ এই অৰিয়া-অৰি বহুদিনলৈকে চলি থাকিল৷ 


দক্ষিণ ভিয়েটনামত কেথলিক  ধৰ্মীয়, পুজীবাদত বিশ্বাসী "ঙ’ ডিন হু"ৰ পুতলা চৰকাৰৰ বিৰুদ্ধে বৌদ্ধ ধৰ্মীয় প্ৰজা আৰু কমিউনিষ্ট কৃষক-শ্ৰমিকসকলৰ বিদ্ৰোহ তীব্ৰ হৈ আহিল৷   উত্তৰ ভিয়েটনামৰ হৌ চি মিনৰ নেতৃত্বৰ কমিউনিষ্ট চৰকাৰৰ পৃষ্ঠপোষকতাত আৰু ৰুছিয়া, চীনা আদি দেশৰ সহায়ত এই বিদ্ৰোহ তীব্ৰতৰ হৈ উঠিল৷ ডিন হুৰ চৰকাৰক সহায় কৰিবলৈ ফৰাচীসকলৰ লগতে ১৯৬৪-৬৫ চনত আমেৰিকা আহি নিজে যুদ্ধত লিপ্ত হৈ পৰে৷ এইদৰেই কুখ্যাৎ America-Vietnam War-ৰ সুত্ৰপাত হয়৷ ১৯৭৫ চনলৈকে যুদ্ধ চলে৷ এই মাৰাত্মক যুদ্ধত দুই পক্ষৰ বহু হানি হ’ল৷ কিন্তু আমেৰিকাৰ শক্তি-শালী টেঙ্ক, বোমা, যুজাৰু বিমান আৰু সুপ্ৰশিক্ষিত সেনা-বাহিনীৰ বিপৰিতে ভিয়েটনামৰ মূলতঃ গাৱলীয়া ডেকা-গাভৰুৱে গঠিত বিদ্ৰোহীসকল কেনেকৈ বৰ্তী আছিল আৰু বিজয়ী হৈছিল ই এক বিষ্ময়কৰ কাহিনী৷ তেওঁলোকৰ নিপুন যুদ্ধ কৌশলত আমেৰিকাৰ সৈন্যও হাৰ মানিব ল’গা হ’ল৷ 

ভিয়েটনামী সকলৰ এই সফলতাত অৰিহণা যোগোৱা অন্যতম উপাদান হ’ল অতি জটিল কুশলী "কু চি সুৰংগ"সমূহ৷ "টাইগাৰ"-এ এই কথাবোৰ অতি মনোগ্ৰাহীকৈ কৈ গৈছিল৷ এনেতে মিনি ভানখন ৰ’ল, আমি "কু চি" আহি পালোহি৷ টিকট কিনি চৌহদটোৰ ভিতৰলৈ সুমাই গ’লো৷  

কু চি সুৰংগ (Cu Chi Tunnels)

বিদ্ৰোহীসকলে এইদৰে এই সুৰংগবোৰত
সুমাই অন্তৰ্ধান হৈছিল৷
"কু চি" অঞ্চলেই ভিয়েটনাম যুদ্ধৰ অন্যতম কুৰুক্ষেত্ৰ স্বৰূপ আছিল৷ ই অৱশ্যে গোটেই দেশখন জুৰি থকা এক বৃহৎ মানৱ-নিৰ্মিত সুৰংগ প্ৰণালীৰ এটা অংশ৷ টাইগাৰে আমাক বুজাই গ’ল - প্ৰথমতে গাৱৰ প্ৰতি ঘৰে নিজ নিজ ঘৰৰ তলত যুজাৰু-বিমানৰ পৰা নিক্ষেপিত বোমাৰ পৰা বাছিবলৈ "বাংকাৰ" সাজিছিলে৷ সময়ত অহা-যোৱাত সুবিধা হ’বলৈ তেওঁলোকে এঘৰৰ বাংকাৰ আন ঘৰৰ বাংকাৰৰ লগত সংযোগ কৰি ল’লে৷ এইদৰে ক্ৰমে গোটেই গাওঁখন আৰু তাৰ পিছত গোটেই অঞ্চলটো সংযোগ হ’ল৷ ফৰাচী তলতীয়া চৰকাৰৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ সময়ত গাৱলীয়া চহা লোকে সাজিবলৈ আৰম্ভ কৰা এই সুৰংগসমূহ পিছলৈ কমিউনিষ্ট বিদ্ৰোহী ভিয়েট-কং সেনাসকলে আৰু জটিল আৰু কৌশলী কৰি তোলে৷ তিনিটা তৰপ থকা এই সুৰংগ প্ৰণালীত তেওঁলোকে যুদ্ধৰ সময়ত কেইবা সপ্তাহ লুকাই থাকিব ল’গা হৈছিল৷ সেয়ে তাৰ ভিতৰতেই ৰান্ধনীঘৰ, শোৱা কোঠা, শৌচালয় আদি সকলো আছিল৷ 
বিদ্ৰোহী ডকা-গাভৰুসকলৰ জীৱন-যাত্ৰা দেখুৱাই তৈয়াৰ কৰা প্ৰতিমূৰ্তিৰ লগত৷
"টাইগাৰ"-এ মোক ভীয়েট কঙৰ বিদ্ৰোহীসকলে কেনেকৈ নুফুটা বোমাৰ পৰা বাৰুদ উলিয়াই আমেৰিকাৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছিলে, তাক বাখ্যা কৰিছে৷
সুৰংগ ব্যৱস্থাটোৰ এটি প্ৰতিৰূপ

যুদ্ধৰ অৱশেষ সংগ্ৰহালয় (War Remnants Museum)

"কু চি" অঞ্চলৰ পৰা আমি হৌ চি মিন চহৰলৈ উভতি আহিলোঁ৷ এইবাৰ যুদ্ধৰ বিভিন্ন ফটো আৰু অৱশেষ থকা সংগ্ৰাহলয় এটালৈ গ’লো৷ কিছুমান ফটো অতি ভয়ংকৰ, কিছুমান বৰ দুখ লগা৷ সৰু ল’ৰাহঁতক দেখুৱাব নোৱাৰি৷ সেয়ে তাত এটা খেলা-ধুলা কৰা কোঠালী সাজি থৈছে৷ সৰু ল’ৰা-ছোৱালীহঁতক খেলিবলৈ দি মাক-বাপেকহঁতে যাতে শন্তিৰে সংগ্ৰাহলয় চাব পাৰে৷ আমিও তাকে কৰিলোঁ৷ সকলোৱে নিশব্দই ফটোবৰ চাই গৈছে৷ ফটোবোৰৰ কাষে কাষে ইংৰাজী, ফৰাছী আৰু ভিয়েটনামী ভাষাত বৰ্ণনা দি থৈছে৷ আমেৰিকা, ফৰাছী, জাপানী আদি বিভিন্ন দেশৰ আলোকচিত্ৰ গ্ৰহণকাৰীৰ (photographer) বৰঙণীত এই সংগ্ৰাহলয় সৃষ্ঠি হৈছে৷ তেওঁলোক আছিল সংবাদ মাধ্যমৰ ফটো জাৰ্নেলিষ্ট, সেনা-বাহিনীৰ ফটোগ্ৰাভাৰ, সমাজকৰ্মী, ৰেডক্ৰচ আদিৰ কৰ্মী আদি৷ তেওঁলোকৰ কেমেৰাত আবন্ধ ফটোবোৰত জীৱন্ত হৈ পৰিছে সেই যুদ্ধৰ অমানৱীয় বেদনাবোৰ --- মাকৰ মৃত শৰীৰৰ কাষত কান্ধি থকা পানী কেছুৱা, বোমাত বিকলংগ হোৱা ডেকা-গাভৰু, তেজেৰে লুতুৰি-পুতুৰি সৈনিক আৰু এনে বহুত অবৰ্ণনীয় আলোকচিত্ৰ৷ সকলো ফটো চবালৈ সময় নহ’ল৷ যি পাৰো চালো৷ পিছত বাহিৰত দুখনমান ফটো ল’লো৷


তেতিয়া প্ৰায় দুটা বাজিছিল৷ ভোক লাগিছিল৷ সকলোৱে চহৰৰে এখন ৰেষ্টোৰাত দুপৰিয়াৰ আহাৰ খালো৷ তাত চৰাইৰ আকৃতিত আনাৰসৰ মাজত মমবাতি জ্বলাই সজাই দিয়া "স্প্ৰিং ৰ’ল" বোৰ দেখি বৰ আমোদ পালো৷ 


Cathedral and Old Post Office

তাৰ পিছত হৌ চি মিন চহৰৰ আটাইতকৈ ডাঙৰ আৰু পুৰণি গীৰ্জাঘৰটো চাবলৈ গ’লো৷ পেৰিচৰ নৰ্টে-ডাম (Notre-Dame)  গীৰ্জাৰ আৰ্হিত নিৰ্মিত এই গীৰ্জাঘৰটো ফৰাচীসকলৰ ধৰ্ম প্ৰচাৰৰ কেন্দ্ৰস্থল আছিল৷ ওচৰতে ফৰাচীসকলেই সাজি থৈ যোৱা পুৰণি অট্টালিকা এটা আছে৷ ই কেন্দ্ৰীয় ডাক-ঘৰ হিচাপে ব্যৱহৃত হৈ আছে৷

ফৰাচী স্থাপত্যকলাৰে (architecture) নিৰ্মিত এই  দুই পুৰণি অট্টালিকা অতি মনোগ্ৰাহী আছিল৷

বেম থান কেন্দ্ৰীয়  বজাৰ (Bem Thanh Central Market)


আজিৰ অন্তিম গন্তব্যস্থান আছিল "বেম থান কেন্দ্ৰীয় বজাৰ" বুলি এখন বজাৰত৷ কাপোৰ, নকল মণি-মুকুতা, কাঠৰ বস্তু, চামৰ বস্তু আদি বিভিন্ন সামগ্ৰীৰ দোকান৷ মোৰ পৰিবাৰে দুডালমান মণি-মুকুতা আৰু হাতত লোৱা বেগ কিনিলে - কিছুমান নিজৰ বাবে, আন কিছুমান বন্ধু-বান্ধৱক উপহাৰ দিবলৈ৷ ময়ো অলপ সস্তাত পাই চেণ্ডেল-চু এযোৰ কিনিলো৷


ৰাতি মোৰ বন্ধু মহেন্দ্ৰ কুমাৰৰ লগত আহাৰ খালোঁ৷ আমি কলেজত একেলগে পঢ়া৷ সি এতিয়া হৌ চি মিন চহৰত চাকৰি ক’ৰে৷ এখন ভাৰতীয় আহাৰৰ ভোজনালয়ত নিশা সকলো মিলি আহাৰ খালোঁ৷